বংগ বিভাজন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
মানচিত্ৰত বিভাজিত হোৱা বংগক দেখিবলৈ পোৱা গৈছে। বিভাজনৰ পাছত বংগ প্ৰদেশ আৰু উত্তৰ বংগ আৰু অসম, ১৯০৫ চনত
মানচিত্ৰত আধুনিক সময়ৰ বাংলাদেশ আৰু বিভাজনৰ পূৰ্বৰ বিহাৰ, ঝাড়খণ্ড, উৰিষ্যা, অসম, মেঘালয়, অৰুণাচল প্ৰদেশকে প্ৰমুখ্য কৰি নাগালেণ্ড তথা মণিপুৰক দেখা গৈছে।

প্ৰথমটো বংগ বিভাজন (ইংৰাজী: Partition of Bengal, ১৯০৫; বংগ ভংগ) আছিল ব্ৰিটিছ শাসকৰ দ্বাৰা ঘোষিত হোৱা বংগ প্ৰদেশৰ এক পুনৰ্গঠন। এই পুনৰ্গঠনে পূৰ্বীয় সংখ্যাগৰিষ্ঠ মুছলমান বসতিপ্ৰধান অঞ্চলসমূহক পশ্চিমৰ সংখ্যাগৰিষ্ঠ হিন্দু বসতিপ্ৰধান অঞ্চলৰ পৰা পৃথক কৰিছিল। ভাৰতৰ তেতিয়াৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ দ্বাৰা ১৯০৫ চনৰ ১৯ জুলাইত এই বিভাজনৰ আদেশ জাৰী কৰা হৈছিল। আনহাতে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল ১৯০৫ চনৰ ১৬ অক্টোবৰত। ছবছৰৰ পাছত ইয়াক এই বিভাজনক অচল ঘোষণা কৰা হৈছিল আৰু পূৰ্বৰ অৱস্থালৈ ঘূৰাই অনা হৈছিল।

পশ্চিম বংগত থকা হিন্দুসকলে অভিযোগ কৰিছিল যে এই বিভাজনে তেওঁলোকক নিজৰ প্ৰদেশত সংখ্যালঘুৰ পৰ্যায়লৈ লৈ যাব। হিন্দুসকলে 'বিভাজন কৰা আৰু শাসন কৰা' নীতিটো লক্ষ্য কৰি অত্যন্ত ক্ষোভিত হৈ পৰিছিল।[1][2]:248–249 অৱশ্যে লৰ্ড কাৰ্জনে প্ৰশাসনীয় সুচলতাৰ কথাটোকেই জোৰ দি বুজাব খুজিছিল। এই বিভাজনটোৱে মুছলমানসকলক সম্প্ৰদায়ৰ ভিত্তিত নিজস্বভাৱে ৰাষ্ট্ৰীয় সংগঠন গঠন কৰিবলৈ উৎসাহিত কৰে। ব্ৰিটিছৰ নীতিৰ বিৰোধিতাৰে গঢ়ি উঠা স্বদেশী আন্দোলনৰ পৰিণামস্বৰূপে ১৯১১ চনত বংগীয় আৱেগক সমৰ্থন কৰিবলৈ লৰ্ড হেষ্টিংছে বংগৰ একত্ৰীকৰণ কৰে।

নেপথ্য[সম্পাদনা কৰক]

বংগ প্ৰদেশত বংগ, বিহাৰ, ছত্তিশগড়ৰ একাংশ, উৰিষ্যা, আৰু অসম অন্তৰ্ভুক্ত হৈ আছিল।[3]:157 এই প্ৰদেশৰ জনসংখ্যা আছিল ৭৮.৫ মিলিয়ন (৭ কোটি ৮৫ লাখ) আৰু এইখন আছিল ব্ৰিটিছশাসিত ভাৰতৰ সৰ্ববৃহৎ প্ৰদেশ।[3]:280 ব্ৰিটিছসকলে দশকজুৰি ভাবি আহিছিল যে, ইমান বৃহৎ আকাৰৰ প্ৰদেশ এখনৰ প্ৰশাসনীয় কামকাজ সুচলভাৱে চলাবলৈ কিছু অসুবিধা হয়।[3]:156[4]:156 যাৰ ফলত পূৰ্বাঞ্চলৰ দৰিদ্ৰ ৰূপটো অৱহেলিত হৈ আছে।[3]:156–157 বংগ বিভাজনৰ সিদ্ধান্তটো সেয়েহে প্ৰশাসনীয় কাৰণৰ বাবেহে লোৱা হৈছে।[5]:280 সেয়েহে,[4] :156 লৰ্ড কাৰ্জনে উৰিষ্যা আৰু বিহাৰক বিভক্ত কৰি বংগৰ পোন্ধৰখন জিলা অসমৰ লগত সংযোজন কৰাৰ পৰিকল্পনা তৈয়াৰ কৰে। পূৰ্বীয় অংশটোৰ জনসংখ্যা আছিল তিনি কোটি দহ লাখ, যিখন প্ৰদেশৰ সৰ্বাধিকসংখ্যক মানুহেই আছিল মুছলমান। ইয়াৰ কেন্দ্ৰ আছিল ঢাকাত।[3]:157 বংগ বিভাজন সম্পন্ন হৈ উঠাৰ পাছত লৰ্ড কাৰ্জনে নতুন প্ৰদেশখনক মুছলিম বুলি ভবাৰ কথাটো আঙুলিয়াই দিছিল।[5]:280 লৰ্ড কাৰ্জনৰ পোনপটীয়া উদ্দেশ্য হিন্দু আৰু মুছলমানৰ মাজত বিভাজন সৃষ্টি কৰাটো নাছিল। তেওঁৰ উদ্দেশ্য আছিল কেৱল বঙালীসকলক বিভাজন কৰাহে।[6]:148পশ্চিমৰ জিলাসমূহে উৰিষ্যা আৰু বিহাৰৰ লগত অন্যান্য প্ৰদেশসমূহ গঠন কৰিছিল।[5]:280 উৰিষ্যা আৰু বিহাৰৰ লগত পশ্চিম বংগৰ সংযোজন ঘটাৰ পাছত বংগভাষীসকল সংখ্যালঘুলৈ পৰ্যবসিত হৈ পৰে।[7]:280 ঢাকাৰ নৱাব ছালিমুল্লাহে নেতৃত্ব দিয়া মুছলমানসকলে এই বিভাজনক সমৰ্থন কৰিছিল আৰু হিন্দুসকল বিৰোধিতা কৰিছিল।[8]:39

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Indian history: Partition of Bengal". Encyclopædia Britannica. 2009-02-04. https://www.britannica.com/event/Partition-of-Bengal। আহৰণ কৰা হৈছে: 2018-11-23. 
  2. Bipan Chandra (2009). History of Modern India. ISBN 978-81-250-3684-5. 
  3. 3.0 3.1 3.2 3.3 3.4 David Ludden (2013). India and South Asia: a short history. Oneworld Publications. 
  4. 4.0 4.1 Barbara Metcalf; Thomas Metcalf (2006). A Concise History of Modern India (2nd সম্পাদনা). Cambridge University Press. http://apnaorg.com/books/english/concise-history-india/concise-history-india.pdf. 
  5. 5.0 5.1 5.2 Hermann Kulke; Dietmar Rothermund. A History of India (4th সম্পাদনা). Routledge. http://www.ahandfulofleaves.org/documents/A%20History%20of%20India_Kulke.pdf. 
  6. Peter Hardy (1972). The Muslims of British India. Cambridge University Press. ISBN 978-0-521-09783-3. https://books.google.com/books?id=RDw4AAAAIAAJ. 
  7. Burton Stein (2010). A History of India (2nd সম্পাদনা). Wiley Blackwell. 
  8. Craig Baxter (1997). Bangladesh: from a nation to a state. WestviewPress. ISBN 978-0-8133-3632-9. https://books.google.com/books?id=BjBuAAAAMAAJ.