সমললৈ যাওক

বকুল দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বকুল দেৱী (তেলুগু: వకుళా దేవి, ৰোমানীকৃত: Vakuḷā dēvi, সংস্কৃত: वकुलदेवी, ৰোমানীকৃত: Vakuladevī) বিষ্ণুৰ এটা অৱতাৰ হিন্দু দেৱতা ভেংকটেশ্বৰৰ পোষক-মাতৃ। তিৰুমালাৰ কিংবদন্তি অনুসৰি বকুলা দেৱীৰ আখ্যান দ্বাপৰ যুগৰ পৰাই আৰম্ভ হৈছে। কিংবদন্তি অনুসৰি বিষ্ণুৰ অৱতাৰ কৃষ্ণৰ সৈতে লক্ষ্মীৰ অৱতাৰ ৰুক্মিণীৰ বিবাহ দেখাৰ সৌভাগ্য লাভ নকৰিব বাবে পোষক মাতৃ যশোদাই তেওঁক অভিযোগ কৰিছিল। এই কথাত কৃষ্ণই মাতৃক আশ্বাস দিয়ে যে কলিযুগত লক্ষ্মীৰ এটা অৱতাৰৰ সৈতে তেওঁৰ বিবাহ চাবলৈ যশোদাই সুযোগ লাভ কৰিব।

কলিযুগত বিষ্ণুৱে ভেংকটেশ্বৰৰ ৰূপত অৱতাৰ গ্ৰহণ কৰে[1] আৰু কৃষ্ণৰ পোষক মাতৃ যশোদায়ো ভেংকটেশ্বৰৰ পোষক মাতৃ বকুল দেৱী হিচাপে পুনৰ জনম লাভ কৰে। কৃষ্ণই দিয়া প্ৰতিশ্ৰুতি অনুসৰি আকাশ ৰজা আৰু ৰাণী ধৰণীৰ কন্যা লক্ষ্মীৰ অৱতাৰ পদ্মাৱতীৰ[2] সৈতে ভেংকটেশ্বৰৰ বিয়াৰ ব্যৱস্থা কৰা হয়।[3]

বকুল দেৱী মন্দিৰ, তিৰুপতি

[সম্পাদনা কৰক]

অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি চহৰত বকুল দেৱীৰ মন্দিৰ আছে। ৩০০০ খ্ৰীষ্টপূৰ্বত প্ৰতিষ্ঠা হোৱাৰ তিৰুপতি চহৰত ৫০০০ বছৰ আগতে এই মন্দৰটো নিৰ্মাণ কৰা হৈছিল আৰু ৩০০ বছৰ আগতে ১৭ শতিকাত ইয়াক ধ্বংস কৰা হৈছিল[4] আৰু ২০১১ খ্ৰীষ্টাব্দৰ পৰা ২০২২ খ্ৰীষ্টাব্দৰ ভিতৰত মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হৈছিল। তিৰুমালাৰ পৰা ১০ কিলোমিটাৰ আৰু তিৰুচানুৰৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই মন্দিৰটোৰ বাবে ৫০ একৰ মাটি উচৰ্গা কৰা হৈছে। এই মন্দিৰটো এনেদৰে নিৰ্মাণ কৰা হৈছিল যে বকুল দেৱীৰ মুখখন সাতটা পাহাৰৰ ফালে মুখ কৰি থাকে, য’ত তেওঁৰ পোষক পুত্ৰ ভেংকটেশ্বৰ বাস কৰে।

তিৰুমালাত ভেংকটেশ্বৰৰ আগতে প্ৰথমে বকুলা দেৱীক নৈবদ্য অৰ্পণ কৰা হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Dalal, Roshen (2010). Hinduism: An Alphabetical Guide. New Delhi: Penguin Books India. p. 291. ISBN 978-0-14-341421-6. 
  2. South India handbook: the travel guide by Robert Bradnock, Roma Bradnock.
  3. Bhaduri, Ayushi (2021-12-29) (en ভাষাত). 21 Unique Stories of Hindu Mythology. StoryMirror Infotech Pvt Ltd. পৃষ্ঠা. 39. ISBN 978-93-92661-20-4. https://books.google.com/books?id=C-JWEAAAQBAJ&pg=PA38. 
  4. "Vakula matha temple - Tirupathi". http://wikimapia.org/30723884/Vakula-matha-temple.