সমললৈ যাওক

বখ্ট-উন-নিছা বেগম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বখ্ট-উন-নিছা বেগম(প্ৰায় ১৫৪৭ – ২ জুন ১৬০৮) এগৰাকী মোগল ৰাজকুমাৰী আৰু মোগল সম্ৰাট হুমায়ুনৰ কন্যা আছিল।

বখ্ট-উন-নিছা বেগমৰ জন্ম হৈছিল ১৫৪৭ চনত বদাখশানত। তেওঁৰ মাকৰ নাম মাহ চুচাক বেগম। জন্মৰ নিশা হুমায়ুনে এটা সপোন দেখিলে, আৰু তেওঁৰ মনলৈ আহিল যে সন্তানটিৰ নাম বখট-উন-নিছা (অৰ্থ:‘মহিলাৰ মাজত সৌভাগ্যৱান’) ৰখা হ’ব। তেওঁৰ ভাই-ভনীসকলৰ ভিতৰত আছিল মিৰ্জা মহম্মদ হাকিম, ফাৰৰুখ ফাল মিৰ্জা, ছাকিনা বানু বেগম আৰু আমিনা বানু বেগম।[1]

শ্বাহ আব্দুল মা'আলি

[সম্পাদনা কৰক]

কাবুলত মাহ চুচাক বেগমৰ শাসন কালত লাহোৰৰ কাৰাগাৰৰপৰা পলায়ন কৰা তেৰমেজৰ মহান ছয়ীদসকলৰ পৰিয়ালৰ অন্তৰ্গত শ্বাহ আবুল মা’আলি কাবুলত উপস্থিত হৈ আশ্ৰয় বিচাৰি তেওঁৰ ওচৰলৈ যায়। মাহ চুচাকে তেওঁক আদৰি লৈছিল, তেওঁৰ প্ৰতি উদাৰ আছিল আৰু তেওঁৰ কন্যা বখট-উন-নিছা বেগমৰ হাত তেওঁক দিছিল।[2] কিন্তু অতি সোনকালেই আব্দুল মা’আলি মাহ চুচাকৰ আধিপত্য আৰু হস্তক্ষেপকাৰী পদ্ধতিত ভাগৰি পৰিল। তেওঁ নিজৰ বাবে কাবুল বিচাৰিছিল। গতিকে তেওঁ ১৫৬৪ চনত মাহ চুচাকক হত্যা কৰে।[3] হাকিম মিৰ্জাক বদাক্সানৰ চুলেমান মিৰ্জাই উদ্ধাৰ কৰে আৰু আব্দুল মা'আলিক পৰাস্ত কৰি হত্যা কৰে আৰু মিৰ্জা হাকিমক কাবুলৰ ওপৰত নিজৰ দখল বজাই ৰাখিবলৈ সহায় কৰে।[4]

খোৱাজা হাছান

[সম্পাদনা কৰক]

আব্দুল মা'আলিৰ মৃত্যুৰ পাছত হাকিম মিৰ্জাই তেওঁক বদক্ষানৰ খোৱাজা হাছান নকশবন্দীৰ সৈতে বিবাহপাশত আবদ্ধ কৰে।[5][2] হাছানৰ লগত মিৰ্জা বাদি-উজ-জামান আৰু মিৰ্জা ৱালি নামৰ দুজন পুত্ৰ সন্তান জন্ম হয়। হাকিম মিৰ্জাৰ মৃত্যুৰ পাছত মিৰ্জা বাদি-উজ-জামান ট্ৰেন্সঅক্সেনিয়ালৈ পলায়ন কৰে আৰু তাতেই তেওঁৰ নিৰ্বাসনত মৃত্যু হয়। বখট-উন-নিছা বেগম আৰু তেওঁৰ পুত্ৰ মিৰ্জা ৱালীয়ে দৰবাৰত যোগদান কৰে আৰু আকবৰে তেওঁক সন্তুষ্ট কৰিবলৈ বহু কাম কৰে।[6] ১৬১৯ চনত জাহাংগীৰে আকবৰৰ পুত্ৰ ৰাজকুমাৰ ডানিয়েল মিৰ্জাৰ কন্যা বুলাকী বেগমৰ সৈতে মিৰ্জা ৱালিক বিয়া কৰায়।[7]

কাবুলৰ ৰাজ্যপালৰ পদ

[সম্পাদনা কৰক]

বখট উন নিছা বেগমৰ ভাতৃ হাকিম মিৰ্জা কাবুলৰ গৱৰ্ণৰ আছিল। ১৫৮১ চনত তেওঁ কাবুলত বিদ্ৰোহ কৰে, আৰু বাটত পঞ্জাব আক্ৰমণ কৰি লাহোৰলৈ আগবাঢ়ি যায়। ইয়াত তেওঁক সেই সময়ত পঞ্জাৱৰ ৰাজ্যপাল মান সিঙে পৰীক্ষা কৰিছিল। আকবৰে তেওঁৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি নিজে কাবুললৈ গ’ল। মিৰ্জা হাকিম পাহাৰলৈ গ’ল। আকবৰে তেওঁক ক্ষমা কৰিলে, কিন্তু কাবুলৰ ৰাজ্যপালৰ পদ এতিয়া বাখত-উন-নিছা বেগমক দিয়া হ’ল। আকবৰে ভৱিষ্যতে হাকিমে অসৎ আচৰণ কৰিলে কোনো ধৰণৰ দয়া প্ৰদৰ্শন নকৰাৰ প্ৰতিশ্ৰুতিও দিয়ে। কাবুলৰপৰা আকবৰ উভতি অহাৰ পাছত হাকিমে পুৰণি পদটো পাইছিল যদিও সকলো চৰকাৰী আদেশ বখট-উন-নিছাৰ নামত জাৰি কৰা হৈছিল।[8][9][10]

১৬০৮ চনৰ ২ জুনত অপৰিমিত সেৱন আৰু প্ৰচণ্ড জ্বৰত বখট-উন-নিছা বেগমৰ মৃত্যু হয়।[11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Begum, Gulbadan (1902). The History of Humayun (Humayun-Nama). Royal Asiatic Society. পৃষ্ঠা. 185–186.
  2. 1 2 Mukhia, Harbans (April 15, 2018). The Mughals of India. John Wiley & Sons. পৃষ্ঠা. 142. ISBN 978-0-470-75815-1.
  3. Annemarie Schimmel (2004). The Empire of the Great Mughals: History, Art and Culture. Reaktion Books. ISBN 978-1-861-89185-3. https://archive.org/details/empireofgreatmug00anne.
  4. Beveridge, Henry (1907). Akbarnama of Abu'l-Fazl ibn Mubarak - Volume II. Asiatic Society, Calcutta. পৃষ্ঠা. 320–21.
  5. Beveridge, Henry (1907). Akbarnama of Abu'l-Fazl ibn Mubarak - Volume II. Asiatic Society, Calcutta. পৃষ্ঠা. 364.
  6. Jahangir, Emperor; Thackston, Wheeler McIntosh (1999). The Jahangirnama : memoirs of Jahangir, Emperor of India. Washington, D. C.: Freer Gallery of Art, Arthur M. Sackler Gallery, Smithsonian Institution; New York: Oxford University Press. পৃষ্ঠা. 303–4. ISBN 978-0-19-512718-8. https://archive.org/details/jahangirnamamemo00jaha.
  7. The Proceedings of the Indian History Congress. Indian History Congress. 2004. পৃষ্ঠা. 599.
  8. Greer, Margaret R.; Mignolo, Wapter D.; Quilligan, Maureen (September 15, 2008). Rereading the Black Legend: The Discourses of Religious and Racial Difference in the Renaissance Empires. University of Chicago Press. পৃষ্ঠা. 62. ISBN 978-0-226-30724-4.
  9. Walthall, Anne (2008). Servants of the Dynasty: Palace Women in World History. University of California Press. পৃষ্ঠা. 107. ISBN 978-0-520-25444-2. https://archive.org/details/servantsdynastyp00walt.
  10. Iftikhar, Rukhsana (June 6, 2016). Indian Feminism: Class, Gender & Identity in Medieval Ages. Notion Press. ISBN 978-9-386-07373-0.
  11. Jahangir, Emperor; Rogers, Alexander; Beveridge, Henry (1909). The Tuzuk-i-Jahangiri; or, Memoirs of Jahangir. Translated by Alexander Rogers. Edited by Henry Beveridge. London Royal Asiatic Society. পৃষ্ঠা. 144. https://archive.org/details/b29352423_0001.