বগাপেটীয়া কোকলোঙা
| Dendrocitta leucogastra | |
|---|---|
| সংৰক্ষণ স্থিতি | |
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| অধিজগৎ: | সংকোষকেন্দ্ৰী |
| ৰাজ্য: | প্ৰাণী |
| পৰ্ব: | পৃষ্ঠদণ্ডী |
| শ্ৰেণী: | Aves |
| বৰ্গ: | Passerine |
| পৰিয়াল: | Corvidae |
| গণ: | Dendrocitta |
| প্ৰজাতি: | D. leucogastra |
| দ্বৈৰাশিক নামকৰণ | |
| Dendrocitta leucogastra Gould, 1833[2] | |
বগাপেটীয়া কোকলোঙা (ইংৰাজী: White-bellied treepie; বৈজ্ঞানিক নামঃ Dendrocitta leucogastra) দক্ষিণ ভাৰতৰ অৰণ্যৰ স্থানীয় কাউৰী পৰিয়ালৰ এবিধ চৰাই। কিছুমান অঞ্চলত কোকলোঙাৰ সৈতে ইহঁতৰ বিচৰণক্ষেত্ৰ ওপৰা-উপৰি যদিও চেহেৰা আৰু মাতৰ পৰা দুয়োটাকে পৃথক কৰাটো সহজ।
বিৱৰণ
[সম্পাদনা কৰক]মূৰ আৰু শৰীৰৰ বগা ৰঙৰ বাবে ইয়াক কোকলোঙাৰ পৰা সহজে পৃথক কৰিব পাৰি। এইবিধ চৰাই অধিক ঘন অৰণ্যত পোৱা যায় আৰু কোকলোঙাৰ দৰে মানুহৰ বাসস্থানৰ সৈতে ইয়াৰ সম্পৰ্ক কম।[3] বগাপেটীয়া কোকলোঙা দীঘলে ৪৮ চে.মি.(১৯ ইঞ্চি)।[4] ডিঙিৰ পিছফালৰ অংশ বগা, ডিঙি আৰু বুকু ক’লা। উৰু ক’লা, আৰু নেজৰ তলৰ অংশ বাদামী৷ বাকী তলৰ অংশবোৰ বগা। পিঠিখন বাদামী-মুগা ৰঙৰ। ডেউকাবোৰ ক’লা আৰু বগা ৰঙৰ দাগ থাকে। তপিনা বগা। নেজডালৰ কেন্দ্ৰীয় দুই তৃতীয়াংশ ৰূপালী ধূসৰ ৰঙৰ, আৰু নেজডালৰ মূৰৰ তৃতীয়টো অংশ ক’লা।নেজডালৰ আন পাখিবোৰ ক’লা। ঠোঁট ক’লা, আৰু ঠেং দুখন ধূসৰ ক'লা।[4]
বিতৰণ
[সম্পাদনা কৰক]ইয়াক প্ৰধানকৈ গোৱাৰ দক্ষিণে পশ্চিম ঘাটৰ অৰণ্যত পোৱা যায়।[5] ধৰ্মপুৰীৰ ওচৰৰ এৰিমলাইৰ[6] পৰা পোৱা এক অভিলেখ আৰু অন্ধ্ৰপ্ৰদেশৰ চুৰাট ডাংছ আৰু দক্ষিণ-পূব ঘাটৰ পৰা পোৱা প্ৰতিৱেদন ইয়াৰ মূল বিতৰণ ক্ষেত্ৰৰ বাহিৰত ই থকাৰ তথ্য দিছে। মধ্য ভাৰতৰ (চিকালদা, গৱিলগড়[7]) এটা অভিলেখক লৈ প্ৰশ্ন উত্থাপন হৈছে।[3]
আচৰণ আৰু পৰিৱেশ বিজ্ঞান
[সম্পাদনা কৰক]বগাপেটীয়া কোকলোঙাই ফল, বীজ, অমৃত, অমেৰুদণ্ডী প্ৰাণী, সৰীসৃপ, কৃন্তক, পোৱালি আৰু কণী খায়।[4] মাতিবৰ সময়ত চৰাইটোৱে প্ৰণাম কৰাৰ ভংগীমাত ডেউকা তললৈ নমাই দিয়ে। বাৰিষাৰ পূৰ্বৰ প্ৰজনন কালত (মূলতঃ এপ্ৰিল–মে’ কিন্তু কিছুমান ফেব্ৰুৱাৰী মাহৰ পৰাই) এজোপা গছত কেইবাটাও চৰাই আহি বহি লৈ বাৰে বাৰে মাতে৷ এই চৰাইবিধৰ বাহটো হৈছে মধ্যমীয়া আকাৰৰ গছৰ ওপৰত ডাল-পাতেৰে সজা মঞ্চসদৃশ৷ তিনিটা কণী পাৰে আৰু কণীবোৰত ছাই ধূসৰ, সেউজীয়া আৰু ধূসৰ ৰঙৰ দাগ থাকে।[8][7]
ইয়াক মিশ্ৰিত প্ৰজাতিৰ খাদ্য বিচাৰি ফুৰা চৰাইৰ জাকৰ সৈতে পোৱা যায় আৰু ইয়াক প্ৰায়ে ভীমৰাজৰ সৈতে পোৱা যায়।[3]
আলোকচিত্ৰ
[সম্পাদনা কৰক]- জন গ'ল্ডৰ চিত্ৰকল্পটি তেওঁৰ প্ৰজাতি সম্পৰ্কীয় বৰ্ণনাৰ সৈতে সংযুক্ত
- ক্ল'জ-আপ
- পৃষ্ঠীয় দৃশ্য, পৰম্বিকুলাম বাঘ সংৰক্ষিত বনাঞ্চলত।
- বগাপেটীয়া কোকলোঙা
- বগাপেটীয়া কোকলোঙা
- বগাপেটীয়া কোকলোঙা
- বগাপেটীয়া কোকলোঙা
- বগাপেটীয়া কোকলোঙা
- বগাপেটীয়া কোকলোঙা
| ৱিকিমিডিয়া কমন্সত Dendrocitta leucogastra সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
বগাপেটীয়া কোকলোঙাৰ মাত
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Dendrocitta leucogastra সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ BirdLife International (2020). Dendrocitta leucogastra. 2020. doi:10.2305/IUCN.UK.2020-3.RLTS.T22705846A177284821.en.
- ↑ Gould, J. (1835). "X. On a new Genus in the Family of Corvidae". Transactions of the Zoological Society of London খণ্ড 1: 87–90. doi:10.1111/j.1096-3642.1835.tb00606.x. https://archive.org/stream/transactionsofzo01zool#page/n123/mode/1up.
- 1 2 3 Rasmussen, PC; JC Anderton (2005). Birds of South Asia: The Ripley Guide. Volume 2. Smithsonian Institution & Lynx Edicions. পৃষ্ঠা. 596.
- 1 2 3 Madge, Steve (2010). Crows and Jays. A&C Black. পৃষ্ঠা. 116. ISBN 978-1-4081-3169-5.
- ↑ Daniels, R J Ranjit; NV Joshi; Madhav Gadgil (1992). "On the relationship between bird and woody plant species diversity in the Uttara Kannada district of south India". Proc. Natl. Acad. Sci. খণ্ড 89 (12): 5311–5315. doi:10.1073/pnas.89.12.5311. PMID 11607298. PMC 49281. http://www.pnas.org/content/89/12/5311.full.pdf?ck=nck.
- ↑ Daniels, R.J.R.; MV Ravikumar (1997). "Birds of Erimalai". Newsletter for Birdwatchers খণ্ড 37 (5): 80–82. https://archive.org/stream/NLBW37_5#page/n11/mode/2up/.
- 1 2 Baker, ECS (1922). The Fauna of British India, Including Ceylon and Burma. Birds. Volume 1 (2nd সম্পাদনা). Taylor and Francis, London. পৃষ্ঠা. 51–52. https://archive.org/stream/faunaofbritishin01bake#page/52/mode/2up.
- ↑ Hume, A O (1889). The Nests and Eggs of Indian Birds. Volume 1. R H Porter, London. পৃষ্ঠা. 22. https://archive.org/stream/nestseggsofindia01humerich#page/22/mode/2up/search/leucogastra.