সমললৈ যাওক

বগামাটি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বগামাটি
Country  ভাৰত

বগামাটি ভাৰত-ভূটান সীমান্তৰ সমীপত বাক্সা জিলাত উত্তৰ দিশত অৱস্থিত। ঘন অৰণ্যৰে আবৃত এই ঠাইডোখৰ ভ্ৰমণকাৰী আৰু স্থানীয়লোকৰ বাবে এক বিখ্যাত পৰ্যটকস্থলী লৈ পৰিণত হৈছে। বৰনদী মুখত অৱস্থিত বগামাটি ঠাইখন বৰ ধুনীয়া। ভূটান পাহাৰৰ মনোমোহা দৃশ্যই এই ঠাইলৈ মানুহক আকৰ্ষণ কৰে। এইখনৰ নিচেই কাষত সমগ্ৰ অসমৰ এক গুৰুত্বপূৰ্ণ তথা অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী মানস ৰাষ্ট্ৰীয় উদ্যান আছে। ইয়াত বিভিন্ন প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ প্ৰচুৰ পৰিমাণে আছে। চৰাই পৰ্যবেক্ষকৰ বাবেও ই এক স্বৰ্গ আৰু শীতকালত বহুতো পৰিভ্ৰমী চৰাই এই ঠাইলৈ আহে। ইয়াত বাঘ, নাহৰফুটুকী, হাতী, বাইছন, লেংগুৰ আদিও দেখা পোৱা যায়।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Bogamati picnic spot". https://suurojitpalmal.com. https://suurojitpalmal.com/bogamati-picnic-spot/। আহৰণ কৰা হৈছে: 15 December 2025.