সমললৈ যাওক

বগা সাপৰ উপাখ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বগা সাপৰ উপাখ্যান
চীনৰ বেইজিঙৰ গ্ৰীষ্মকালীন প্ৰাসাদত অংকিত উপাখ্যানৰ প্ৰতিচ্ছবি
পৰম্পৰাগত চীনা লিপি 白蛇傳
সৰলীকৃত চীনা লিপি 白蛇传

বগা সাপৰ উপাখ্যান (en:The Legend of the White Snake) হৈছে ছু ছিয়ান নামৰ এজন পুৰুষ আৰু বাই ছুঝেন নামৰ এগৰাকী মহিলা সাপ-আত্মাৰ প্ৰেম-কেন্দ্ৰিক চীনা কাহিনী। এই কাহিনী চীনৰ চাৰিটা মহান জনপ্ৰিয় লোককাহিনীৰ অন্যতম বুলি গণ্য কৰা হয়। অন্য কেইটাৰ নাম হৈছে লেডী মেং জিয়াং(Lady Meng Jiang), বাটাৰফ্লাই লাভাৰচ(Butterfly Lovers), আৰু দি কাউহাৰ্ড এণ্ড দি উইভাৰ গাৰ্ল(The Cowherd and the Weaver Girl)[1]

প্ৰাৰম্ভিক সংস্কৰণ

[সম্পাদনা কৰক]
পশ্চিম হ্ৰদৰ তিনি শিলৰ পাগোডা

সৰ্প-কন্যাৰ কল্পনা সম্ভৱত ভাৰতীয় লোককাহিনীৰ পৰা আহৰণ কৰা বুলি বিশ্বাস কৰা হয়।[2] আটাইতকৈ প্ৰাচীন সংস্কৰণত শ্বেত সৰ্পক দুষ্ট দৈত্য ৰূপে উপস্থাপন কৰা হৈছিল। কিন্তু কালক্ৰমত এই কাহিনী ভৌতিক কাহিনীৰ পৰা পৰিবৰ্তিত হৈ নিষিদ্ধ প্ৰেমৰ ৰোমাঞ্চকৰ কাহিনীলৈ বিবৰ্তিত হয়।

"লি হোৱাং" ৰ কাহিনী

[সম্পাদনা কৰক]

টাং ৰাজবংশৰ যুগৰ অৰ্থাৎ নৱম শতিকাৰ আদিভাগৰ কাহিনীসংগ্ৰহ 'ব'য়ি ঝি'ত লি হোৱাং নামৰ এজন লোকৰ বিষয়ে উল্লেখ আছে। তেওঁ এগৰাকী বগা সাজ পৰিহিতা আকৰ্ষণীয় তৰুণীক লগ পাইছিল। তৰুণীৰ মাহীয়েকে পিন্ধিছিল নীলা-সেউজীয়া কাপোৰ। সুন্দৰীৰ লগত সহবাস কৰি লি হোৱাং তেওঁৰ ঘৰলৈ উভতি আহে আৰু অসুস্থ হৈ পৰে। তেওঁৰ দেহটো গলি গলি পানী হৈ যায়। তেওঁৰ পৰিয়ালে সেই মহিলাৰ সন্ধান কৰি অৱশেষত গম পায় যে তেওঁ প্ৰকৃততে এটা প্ৰকাণ্ড বগা ৰঙৰ সাপ আছিল।[2]

পশ্চিম হ্ৰদৰ তিনি পাগোডা

[সম্পাদনা কৰক]

মিং ৰাজবংশৰ সময়ত, ১৫৪৭ চনৰ পূৰ্বে হং পিয়েন নামৰ ব্যক্তিৰ দ্বাৰা প্ৰাচীন হুৱাবেন (huaben) কাহিনীৰ সংকলন মুদ্ৰণ কৰা হৈছিল। সেই সংকলনত "পশ্চিম হ্ৰদৰ তিনি পাগোডা" নামৰ কাহিনী অন্তৰ্ভুক্ত আছিল। চাউথাৰ্ণ ছঙৰ ৰাজধানী লিন'আন প্ৰিফেকচাৰ (আজিকালৰ হাংজাউ)ৰ‌ পটভূমিত লিখা এইটোৱেই সম্ভৱত: প্ৰথম কাহিনী আছিল।

এই কাহিনীত ছি ছংজং (Xi Xuanzan) নামৰ এজন লোকে এগৰাকী ছোৱালী, তাইৰ মাক আৰু আইতাকক লগ পায়। তেওঁ বগা পোছাক পৰিহিতা মাকৰ প্ৰেমত পৰে। কিন্তু ছোৱালীজনীয়ে তেওঁক সতৰ্ক কৰি দিয়ে যে তেওঁৰ মাকে পূৰ্বৰ সকলো প্ৰেমিকক হত্যা কৰিছে। এজন দাওবাদী ওজাই মাকক বগা সাপ, ছোৱালীজনীক ক’লা কুকুৰা আৰু আইতাকক এটা উদলৈ পৰিবৰ্তন কৰে। ওজাজনে পশ্চিম হ্ৰদত তিনিটা পাথৰৰ পাগোডা নিৰ্মাণ কৰে আৰু এই আছুতীয়া প্ৰাণীকেইটাক পাগোডাৰ তলত বন্দী কৰি‌ ৰাখে। ছি ছংজং পিছলৈ এজন ধৰ্মীয় সাধক হয়গৈ।[3]



তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Idema (2012), p. 26.
  2. 2.0 2.1 Chen, Dong (2019). Dialogues Between Two Worlds: Prophecy, Resurrection and the Imagination of the Otherworld (Ph.D. thesis). Scuola Normale Superiore. https://ricerca.sns.it/retrieve/e3aacdfd-eff7-4c98-e053-3705fe0acb7e/Chen-Dong-Thesis-Final.pdf। আহৰণ কৰা হৈছে: 6 January 2024. 
  3. Wang, Eugene Y. (2003). "Tope and Topos: The Leifeng Pagoda and the Discourse of the Demonic". In Zeitlin, Judith T.; Liu, Lydia H.; Widmer, Ellen. Writing and Materiality in China: Essays in Honor of Patrick Hanan. Harvard University Asia Center. পৃষ্ঠা. 496–497. http://www.chinaheritagequarterly.org/028/features/tope.pdf.