বগেজাৰী গীত
এই প্ৰবন্ধ বা অংশটো সম্ভৱত কোনো কিতাপ নাইবা ৱেবছাইটৰ পৰা প্ৰতিলিপি কৰা হৈছে, যিটোৱে ৱিকিপিডিয়া কপিৰাইট নীতি উলংঙ্ঘা কৰা সূচাইছে। অনুগ্ৰহ কৰি এইটো পৰিষ্কাৰ অথবা প্ৰবন্ধটোৰ প্ৰতিলিপি কৰা তথ্য সম্পাদনা কৰি অ-মুক্ত কপিৰাইটযুক্ত সমলসমূহ আঁতৰ অথবা বিলোপ জাননী প্ৰদান কৰি ৱিকিপিডিয়াক সহায় কৰক। |
বগেজাৰী গীত হৈছে পাতি ৰাভাসকলৰ মাজত প্ৰচলিত এক প্ৰকাৰৰ গীত। পুৰণি কামৰূপ জিলাৰ (বৰ্তমান দক্ষিণ কামৰূপ) ঔগুৰি, বামুনীগাওঁ, বকো, বনগাওঁ আৰু বগে ৰাজ্যত ৰচিত হৈছিল বগেজাৰী গীত।[1]
পৰিচয়
[সম্পাদনা কৰক]অসমীয়া সংস্কৃতি বাৰেৰহনীয়া। এই বাৰেৰহনীয়া অসমীয়া সংস্কৃতিৰ মূলতে বিভিন্ন জাতি-জনজাতিৰ অৱদান | এই বিভিন্ন জনজাতিৰে অন্যতম ৰাভাসকল | এই ৰাভাসকলৰে পাতি ৰাভাসকলৰ এক মূল্যৱান সম্পদ বগেজাৰী গীত। এই বগেজাৰী গীতসমূহ 'বহুৰঙী 'গীত বুলিও জনা যায়।[2] এই বগেজাৰী বা বহুৰঙী গীতবিলাক পাতি ৰাভাসকলৰ মাজত প্ৰচলিত।
উদ্ভৱ
[সম্পাদনা কৰক]বগেজাৰী গীতৰ উদ্ভৱ সম্পৰ্কে সঠিক তথ্য পোৱা নাযায় যদিও বগেজাৰী গীতৰ উদ্ভৱ সম্পৰ্কত জনশ্ৰুতি বা কিম্বদন্তীৰ প্ৰচলন আছে। প্ৰচলিত কিম্বদন্তীৰ অনুসৰি গুৱাহাটীৰ পৰা দৰঙলৈ আহোঁতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পূৰ্বতে 'বগে' নামৰ এখন ৰাজ্য আছিল। সেই ৰাজ্যৰ এগৰাকী ৰাজকন্যাৰ নাম আছিল জাৰী। বগে ৰাজ্যত জন্মা কাৰণে মানুহে বুলিছিল ‘বগেজাৰী’।[1] এই বগে ৰাজকন্যাৰ বিবাহ হৈছিল পাঁচালী কবি মনকৰৰ সৈতে। পৰবৰ্তী সময়ত মনকৰে কোঁচ ৰাজ্যৰ ৰাজকবিৰ পদলাভ কৰাত সেই ৰাজ্যলৈ যাবলৈ ওলায়। কিন্তুু 'বগে ' নিজৰ ৰাজ্য এৰি সেই ৰাজ্যলৈ যাবলৈ অমান্তি হয়। পিচত মনকৰে 'বগে'ক এৰি থৈ কোঁচৰাজ্যলৈ গুচি যায়। এই বিচ্ছেদ সহিব নোৱাৰি বগেৰ মুখেৰে কিছুমান গীত সৃষ্টি হৈছিল আৰু পৰৱৰ্তী সময়ত এই গীতবোৰকে 'বগেজাৰী গীত' বুলি জনা যায়।[2]
বিষয়বস্তু
[সম্পাদনা কৰক]বগেজাৰী গীতৰ বিষয়বস্তু বিৰহাত্মক।[2]
বাদ্য
[সম্পাদনা কৰক]বগেজাৰী গীতত ঢোল, পেপা, ডুণ্ডৰী, থৰকা, খুটিতাল আদি বাদ্য সমূহ বজোৱা দেখিবলৈ পোৱা যায়।[2]
পৰিবেশন শৈলী
[সম্পাদনা কৰক]বগেজাৰী গীত এবিধ দলীয় পৰিৱেশ্য কলা। বগেজাৰী গীত পৰিবেশনত মহিলাসকলেই প্ৰধান ভূমিকা গ্ৰহণ কৰে যদিও পুৰুষসকলেও অংশগ্ৰহণ কৰে। এই গীত নৃত্য পৰিবেশনৰ সময়ত মহিলাসকলৰ চুলি বন্ধা থাকে আৰু পুৰুষসকলে গেঞ্জী পিন্ধাৰ লগতে আঁঠুৰ ওপৰত গামোচা আৰু মূৰত গামোচাৰ পাগ মাৰে।
ৰচনাশৈলী
[সম্পাদনা কৰক]এই গীতৰ ৰচনাশৈলী ছন্দোময়, ভাবঘন আৰু প্ৰণয়াত্মক। গীতৰ সুৰ বিহুসুৰীয়া।[2]
‘আকাশত তৰা নাই জোন দেখ্ং পুৱা। মনে চিতে নিমিলিলে দেহা নকৰ্ং চুৱা।
সম্প্ৰতি এই বগেজাৰী গীতবোৰ পাতিৰাভাসকলৰ মাজতেই সীমাবদ্ধ হৈ নাথাকি অসমৰ বিভিন্ন জাতি তথা বাৰেবৰণীয়া স্ংস্কৃতিত স্থান পাবলৈ সক্ষম হৈছে। এই বগেজাৰী গীতবোৰ কেৱল বগেজাৰীয়েই যে ৰচনা কৰিছিল তেনে নহয়, হয়তো ইয়াৰ পিছতো বহুতো লোকেই এই বগেজাৰী গীত বোৰৰ ৰচনা কৰিছিল।
বগেজাৰী বাই অ’ তোৰে গিত খাং…
এই বগেজাৰী গীতসমূহে পাতিৰাভাসকলৰ ৰাভা সংস্কৃতিক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 মৃণাল কুমাৰ মিশ্ৰ, গৌতম চৌধুৰী (১৬ ডিচম্বৰ ২০১৮). "লোক সংস্কৃতিৰ বিশিষ্ট গৱেষক শ্ৰীযুত ভূবিন ৰাভা". মণিকূট অসমীয়া ই-আলোচনী. Archived from the original on 2019-02-27. https://web.archive.org/web/20190227101946/http://monikut.com/?p=2578। আহৰণ কৰা হৈছে: ২৭ জুলাই ২০১৯.
- ↑ 2.0 2.1 2.2 2.3 2.4 উজ্জিৱন কুমাৰ দত্ত, দৈনিক অসম।. "বগেজাৰী গীত বা বহুৰঙী গীত". বিকাশপেডিয়া. http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9ac9979c799c9be9f09c0-9979c09a4-9ac9be-9ac9b99c19f09999c0-9979c09a4। আহৰণ কৰা হৈছে: 27 July 2019.