বঘৰা
বঘৰা, মৰিগাঁও জিলাৰ মধ্য ভাগত অৱস্থিত এখন অতি পুৰণি জনবসতি অঞ্চল। বঘৰা বুলিলে সধাৰণতে শিলসাঁকো, সোণাৰীগাঁও, অনন্তপুৰ (শালিকাবড়ি), মাজগাঁও, কল্যাণপুৰ (কাইণ্ডাগুৰি), উলুবাৰী, হাতীগড়, পানীবঘৰা, ঔজাৰী, ঘূলীগাঁও, যোৰআঁহত, শুখনাগোগ, মাণিপুৰ আৰু বাচনাঘাট নামৰ এই বাৰটা চুবুৰীক বুজায়।
বঘৰা নামৰ উৎপত্তি
[সম্পাদনা কৰক]বঘৰা নামৰ কেনেকৈ উৎপত্তি হ'ল এই বিষয়ে ভালেমান জনশ্ৰুতি তথা কিম্বদন্তি শুনা যায়। বঘৰাৰ আদি ৰজা শুভাঙ্কৰ বা শুকৰাঙ্ক বৈদ্যগড়ৰ পৰা আহি বঘৰাত ৰজা হয়। বৈদ্যগড় শব্দৰ পৰা বৈদ্যগড়ীয়া, বৈদ্যঘৰীয়া তাৰ পৰা বঘৰা নাম জনাজাত হয়।
বাঘ আগুৰা প্ৰথাৰ পৰা বঘৰা শব্দৰ উৎপত্তি হয় বুলিও জনা যায়। অতীজতে এই অঞ্চলত বহুত বাঘ আছিল। গৰু-গাই আদি পোহনীয়া জন্তু ৰক্ষাৰ কাৰণে ৰাইজে জাল-জৰী, যাঠি-জোং লৈ হাবিৰ মাজত বাঘ আগুৰি ধৰি তিনি দিন, সাত দিনলৈ নানা ৰং ধেমালি কৰি বাঘ মৰা হয়। তাৰ পাছত মৃত বাঘটো ৰজাৰ ঘৰলৈ নিয়া হয়। তাত মাহ-হালধীৰে নোৱাই ধূৱাই সিংহাসনত বহুৱাই ৰজা পাতি বিসৰ্জ্জন দিয়া হয়।
বৰ্তমান বঘৰা ৰাজ্যিক চিকিৎসালয় থকা ঠাইতে কাৰ্বিসকলৰ "বৰঘৰ" আছিল। এই বৰঘৰ শব্দৰ পৰাই বঘৰা হয়। অন্য এক জনশ্ৰুতি মতে, বৰ্তমানৰ গলচেপাত বছৰত এবাৰ সাতো ৰজাই একেলগে বহি দৰবাৰ পাতিছিল। বঘৰা ৰজাজন বৰ শকত-আৱত লোক আছিল। কিবা সংযোগত বঘৰা ৰজাৰ সিংহাসনৰ খুটি এটা ভাঙি ৰজা বাগৰি পৰিল। সেই কাৰণে "বাগৰা" শব্দৰ পৰাই মুখ বাগৰি "বঘৰা" হোৱা বুলিও কয়। [1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ কল্পতৰু চৌধুৰী. জোনাকীৰ বাটেৰে ই-আলোচনী.