সমললৈ যাওক

বঙালী নাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বাংলাভাষী দেশসমূহৰ ব্যক্তিৰ ব্যক্তিগত নামসমূহ এটা বা কেইবাটাও প্ৰদত্ত নাম আৰু এটা উপাধিৰে গঠিত। নামককৰণ কৰাতো সাধাৰণতে লিংগ নিৰ্দিষ্ট। সাধাৰণতে এটা নাম "প্ৰদত্ত নাম, উপাধি"ৰ "পশ্চিমীয়া ক্ৰমত" উল্লেখ কৰা হয় যদিও এই প্ৰথা পশ্চিমৰপৰাও গ্ৰহণ কৰা হোৱা নাই বা সৰ্বজনীন নহয়। ব্যক্তিৰ ব্যক্তিগত নাম সাধাৰণতে ব্যক্তিজনৰ ধৰ্মৰ ওপৰত নিৰ্ভৰশীল যদিও আন ভাষা যেনে আৰৱী, পাৰ্চী, সংস্কৃত আৰু পালিৰপৰা ইয়াৰ উৎপত্তি কিন্তু থলুৱা বাংলা ভাষা অনুসৰি ব্যৱহাৰ আৰু উচ্চাৰণ কৰা হয়।

প্ৰথম নাম

[সম্পাদনা কৰক]

বাংলাদেশ আৰু পশ্চিম বংগৰ বহু লোকৰ দুটা নাম থাকে: এটা "ভাল নাম", যিটো সকলো আইনী নথি-পত্ৰত ব্যৱহাৰ কৰা হয়, আৰু এটা "মতা নাম/ঘৰুৱা নাম" বা "ছদ্মনাম", যিটো পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীয়ে ব্যৱহাৰ কৰে।[1]

নাম দুটাৰ মাজত সম্পৰ্ক থাকিবও পাৰে বা নাথাকিবও পাৰে; উদাহৰণস্বৰূপে, "শ্বুমন" বা "চুমন" বা "সুমন" (বাংলা: সুমন) নামৰ মানুহ এজনক ঘৰত তেওঁৰ ঘৰুৱা নাম (যেনে, বাংলা: বুবাই) আৰু ক'ৰবাত তেওঁৰ ভাল নাম (বাংলা: সুমন) বুলি মাতিব পাৰে।

বহুতৰে ভাল নামৰ সংক্ষিপ্ত সংস্কৰণো আছে। উদাহৰণস্বৰূপে, দিপু (বাংলা: দীপু)ৰ বাবে দীপক (বাংলা:দীপক), আৰু ফাৰহানা (বাংলা: ফাৰহানা)ৰ বাবে ফাৰু (বাংলা: ফাৰু), ইয়াৰ উপৰি তেওেঁলাকৰ সম্পূৰ্ণ ভাল নাম আৰু ঘৰত মতা নাম আছে।

মধ্যম নাম

[সম্পাদনা কৰক]

বাংলাদেশত মধ্যম নাম অতি সাধাৰণ যদিও প্ৰতিজন ব্যক্তিৰ মধ্যম নাম নাথাকে; এই কথা পশ্চিম বংগৰ ক্ষেত্ৰতো প্ৰযোজ্য। শেহতীয়াকৈ বহুতে নিজৰ সম্পূৰ্ণ চৰকাৰী নামটোৰ মাজত বা শেষত নিজৰ ঘৰত মতা নামটো যোগ কৰিবলৈ আৰম্ভ কৰিছে, ফলত "সাইফুদ্দীন কাঞ্চন চৌধুৰী"ৰ দৰে নাম পোৱা যায়; য'ত "সাইফুদ্দীন" হ'ল মানুহজনৰ ভাল নাম, "কাঞ্চন" হ'ল তেওঁৰ ঘৰত মতা নাম আৰু "চৌধুৰী" হ'ল তেওঁৰ পৰিয়ালৰ উপাধ‍ি। "সাইফুদ্দীন কাঞ্চন চৌধুৰী"য়ে‍ শেষত "সাইফুদ্দীন চৌধুৰী কাঞ্চন" বুলিও লিখিব পাৰে, ইয়াত তেওঁৰ ঘৰত মতা শেষত ব্যৱহাৰ কৰিছে; ব্যক্তিজনৰ পছন্দৰ ওপৰত নিৰ্ভৰ কৰি, তেওঁ/তাই তেওঁলোকৰ নাম কেনেকৈ প্ৰদৰ্শন কৰিছে সেয়া নিৰ্ভৰশীল। এনে‍ পৰিস্থিতিত এই মানুহজনক শুদ্ধকৈ "চৌধুৰী ডাঙৰীয়া" বুলি সম্বোধন কৰা হ'ব, "কাঞ্চন ডাঙৰীয়া" বুলি নহয়।

বঙালী মুছলমান পৰিয়ালসমূহে বেছিভাগেই আৰৱী মূলৰ নাম ব্যৱহাৰ কৰে, তাৰ পিছতে ফাৰ্চী আৰু বাংলা নাম ব্যৱহাৰ কৰে। বাংলাদেশৰ মুছলমানসকলৰ মাজত নামকৰণৰ কেইবাটাও ভিন্ন নিয়ম আছে। নামকৰণৰ কোনো নিৰ্দিষ্ট গাঁথনি‍ নাই।[2] বহুতে প্ৰকৃততে পৰিয়ালৰ নাম ব্যৱহাৰ নকৰে, গতিকে পৰিয়ালৰ সদস্য এজনৰ শেষ নাম বা উপাধি‍ বেলেগ হ’ব পাৰে। বঙালী হিন্দু পৰিয়ালত সংস্কৃত মূলৰ নাম ব্যৱহাৰ কৰা হয় আৰু তাৰ লগতে‍ ফাৰ্চী আৰু বাংলা নাম ব্যৱহাৰ কৰা হয়। তেওঁলোকে বহুতো উপাধি‍ ব্যৱহাৰ কৰে যিবোৰ তলত উল্লেখ কৰা হৈছে। ব্ৰিটিছৰ প্ৰভাৱৰ বাবে তেওঁলোকৰ কিছুমানৰ উপাধি‍ কিছু পৰিমাণে চুটি আৰু পৰিৱৰ্তন হৈছে, যেনে চেটাৰ্জী। কিছুমান উপাধি‍ সকলো ধৰ্মৰ মাজত সাধাৰণ হ'ব পাৰে, যেনে চৌধুৰী, সৰকাৰ আৰু বিশ্বাস।

কোনো ব্যক্তিৰ ধৰ্ম অনুসৰি উপাধিৰ তালিকা

[সম্পাদনা কৰক]

মুছলমান পৰিয়ালৰ নাম আৰু উপাধি

[সম্পাদনা কৰক]
ক্ৰমিক নং নাম (বাংলা বৰ্ণমালা) বাংলা ৰোমানীকৰণ সাধাৰণ অনুবাদ
1 সৈয়দ Sóíyod Syed
2 শেখ Shekh Sheikh
3 কোৰেশী Koreshee Quraishi
3 খন্দকাৰ Khondokar Khandakar
4 মীৰ Meer Mir
5 আকন্দ (সম্পৰ্কিত আৰো না- আকন, আখন্দ আৰু আখুন্দ) Akanda Akhund, Akan, Akhanda
6 প্ৰধান Prodhan Prodhan
7 মীৰ্জা (আধুনিক বানান- মিৰ্জা) Mirza Mirza
8 শাহ Shah Shah
9 মুন্সী/মুনশী (আধুনিক বানান- মুন্সি/মুনশি) Munshi Munshi
10 দেওয়ান Dewan Dewan
11 গাজী (আধুনিক বানান- গাজি) Gazi Gazi
12 কাজী (আধুনিক বানান- কাজি) Kazi Kazi
13 খাঁ (আধুনিক বানান- খান) Khą/Khan Khan
14 চৌধুৰী Cóúdhuree Chowdhury
15 সৰকাৰ Shorkar Sarkar
16 মুহুৰী Muhuree Muhuri
17 মল্ল Mollo Malla
18 পাটোয়াৰী Paŧowaree Patwari
19 মোল্লা Molla Molla
20 ফকিৰ Fokir Fakir
22 হাজাৰী Hazaree Hazari
23 শিকদাৰ Shikdar Sikdar
24 তালুকদাৰ Talukdar Taluqdar
25 মজুমদাৰ Mozumdar Majumdar
26 হালদাৰ Haldar Haldar
27 জোয়াৰ্দাৰ Jówardar/Jówaddar Joardar
28 ইনামদাৰ Inamdar Inamdar
29 মিয়া/ মিঞা Miya Miah
30 সৰদাৰ Shordar Sardar
31 চাকলাদাৰ Cakladar Chakladar
32 হাওলাদাৰ Haoladar Howlader
33 ডিহিদাৰ Đihidar Dihidar
34 ভূঁইয়া Bhųiya Bhuiyan
35 মুস্তাফী (আধুনিক বানান- মুস্তাফি) Mustafi Mustafi
36 মলঙ্গী Molongee Malangi
37 মাতুব্বৰ Matubbor Matubbar
38 গোমস্তা Gómosta Gomastha
39 পন্নী Khan Ponni Khan Panni
40 লোহানী (আধুনিক বানান- লোহানি) Khan Lóhani Khan Lohani
41 মুঘুল Khan Mughul Khan Mughal
41 কানুনগো Kanungó Kanungo
42 কাৰকুন Karkun Karkun
43 মল্লিক Mollik Mallik
44 মণ্ডল Monđol Mandal
45 বিশ্বাস Bish'ash Biswas
46 প্ৰামাণিক Pramaꞥik Pramanik
48 সাদিয়া Sadiya Sadia
49 মৃধা Mridha Mridha

বঙালী হিন্দু পৰিয়ালৰ নাম আৰু উপাধি

[সম্পাদনা কৰক]
ক্ৰমিক নং নাম (বাংলা বৰ্ণমালা) বাংলা ৰোমানীকৰণ সাধাৰণ অনুবাদ
1 ভট্টাচাৰ্য্য (আধুনিক বানান- ভট্টাচাৰ্য) B́oŧŧacar̀j̄o Bhattacharya (Bhottacharjo)
2 বন্দ্যোপাধ্যায় (আৰু ব্যানাৰ্জী) Bænar̀ɉy

(Bondḑópad́ḑ́aj)

Banerjee (Bondopaddhay)
3 দেব Deb / Dew Deb (Deba)
4 বণিক Boꞥik Bonick (Bonik)
5 দে De Dey (De)
6 দত্ত Dotto Dutt (Dotto/Dutta)
7 নস্কৰ Noškor Naskar (Noshkor)
8 ব্যাপাৰী Bæpary Bapary (Baepari)
9 বিশ্বাস Biśṣ́aš Biswas (Bishshash)
10 ভৌমিক B́óúmik Bhowmick (Bhoumik)
11 বসু Bošu Bose (Boshu)
12 চক্ৰবৰ্তী Cokrobor̀ty Chakraborty (Chokrobort)
13 চট্টপাধ্যায় (আৰু চ্যাটাৰ্জী) Cæŧar̀ɉy Chatterjee (Chottopaddhay)
14 চৌধুৰী Cóúd́ury Chowdhury (Choudhuri)
15 দাস Daš Das (Dash)
16 গায়েন Gajen Gain (Ga'en)
17 গুহ Guho Guha (Guho)
18 গঙ্গোপাধ্যায় (আৰু গাঙ্গুলী) Gaɲguly Ganguly (Gonggopaddhay)
19 গুপ্ত Gupto Gupta (Gupto)
20 ঘোষ Ǵós̊ Ghosh
21 গোস্বামী Góṣ̌amy Goswami (Goshami)
22 প্ৰভুপাদ Prob́upado Prabhupada (Probhupado)
23 মজুমদাৰ Mozumdar Mazumdar/Majumder (Mojumdar)
24 মিত্ৰ Mitro Mitra (Mitro)
25 মুখোপাধ্যায় (আৰু মুখাৰ্জী) Muḱar̀ɉy Mukherjee (Mukhopaddhay)
26 নাথ Nat́ Nath
27 পুৰকায়স্থ Purkajost́o Purkait (Puroka'ostho)
28 পাল Pal Paul/Pal (Pal)
29 ৰায় Raj Roy/Ray (Ra'i)
30 সাহা Šaha Saha (Shaha)
31 সৰকাৰ Šorkar Sarker/Sarkar (Shorkar)
32 সিংহ Šiṅġho Singha
33 সিংহ ৰায় Šiṅġho Ray Singha Roy/Sinha Roy (Singho Ray)
34 সেন Šen Sen (Shen)
35 ঠাকুৰ Ŧ́akur Tagore (Thakur)
36 চন্দ Condo Chanda (Chondo)
37 বাগচী Bagcy Bagchi
38 লস্কৰ Loškor Laskar (Loshkor)
39 ধৰ Dhor Dhar ( Dhor)
40 মৈত্ৰ Maitra Maitra (Moitra)
41 কৰ Kor Kar (Kor)
42 ভাদুড়ী Bhadury Bhadury (Bhadury)
43 সান্যাল Sanjal Sanyal (Sannal)
44 ঘোষাল Gósál Ghoshal (Ghoshal)
45 পাল চৌধুৰী Pal Cóúdúry Pal Chowdhury (Pal Choudhury)
46 মাইতি Máity Maity (Maity)
47 দেবনাথ Débnát Debnath (Debnath)
48 ভট্টশালী Bháttåsháli Bhattashali (Bhattashali)
49 চট্টৰাজ Cóttóráj Chattaraj (Chottoraj)
50 কানুনগো Kánûngo Kanungo (Kanungo)
51 লাহিড়ি Láhîri Lahiri (Lahiri)
52 দাশগুপ্ত Dásgûpto Dasgupta (Dashgupto)
53 সেনগুপ্ত Séngûpto Sengupta (Shengupto)
54 দত্তগুপ্ত Dottogûpto Duttagupta (Dottogupto)
55 দত্ত মজুমদাৰ Dottomazumdar Dattamajumder (Dattamajumder)

বৌদ্ধধৰ্মী বঙালীৰ উপাধি

[সম্পাদনা কৰক]

বৰুৱা

খ্ৰীষ্টান বঙালীৰ উপাধি

[সম্পাদনা কৰক]

বহুতো বঙালী খ্ৰীষ্টান লোকে পৰম্পৰাগত উপাধিৰ লগতে ইংৰাজী আৰু পৰ্তুগীজ উপাধিও ব্যৱহাৰ কৰে। বেছিভাগ কেথলিক বঙালী খ্ৰীষ্টানৰ উপাধি পৰ্তুগীজ, যেনে: গোমেছ, ৰ’জাৰিয়া, ডি’কোষ্টা, গনছালভেজ, ক্ৰুজ, ডায়াছ, ডি’চিলভা আৰু ডি’ছ’জা।

আৰম্ভণি আৰু উপসৰ্গ

[সম্পাদনা কৰক]

মোহাম্মদ, মোহাম্মেদ, মোহামদ, মহম্মদ বহু মুছলমান পুৰুষৰ নামৰ আগত ব্যৱহৃত এটা সাধাৰণ উপসৰ্গ আৰু ইয়াক প্ৰায়ে পুৰুষক বুজাবলৈ ব্যৱহাৰ কৰা হয়। বহু ক্ষেত্ৰত "মহম্মদ" উপসৰ্গটো চুটি কৰি মোঃ বা মঃ কৰা হয়। আন সাধাৰণ উপসৰ্গবোৰ পদ্ধতিগত নহয়। উপসৰ্গটোৱে প্ৰায়ে প্ৰথম নাম হিচাপে কাম কৰে আৰু দিয়া নামটো মধ্যম নাম বা শেষ নাম হিচাপে দেখা যায়৷[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Banerjee, Rohan (June 29, 2024). "What's in a name? Forget Shakespeare, just ask a Bengali". The Times of India. https://timesofindia.indiatimes.com/blogs/voices/whats-in-a-name-forget-shakespeare-just-ask-a-bengali/. 
  2. Understanding Communities:Bangladeshi Community[সংযোগবিহীন উৎস], Cheshire County Council, October 2003.
  3. Khaleeli, Homa (1 December 2014). "Muhammad: the truth about Britain's most misunderstood name" (en ভাষাত). the Guardian. https://www.theguardian.com/uk-news/2014/dec/01/muhammad-truth-about-britains-most-misunderstood-baby-name.