সমললৈ যাওক

বটেশ্বৰ স্থান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Bateshwar Sthan
বটেশ্বৰ স্থান

বটেশ্বৰ স্থানৰ গুহাৰ প্ৰৱেশদ্বাৰ
অৱস্থিতি কহলগাঁও, ভাগলপুৰ জিলা, বিহাৰ
অঞ্চল অংগ
স্থাপত্য
স্থাপত্যশৈলী হিন্দুধৰ্ম

বটেশ্বৰ স্থান ( সংস্কৃত: बटेश्वर स्थान ) হৈছে ভাৰতৰ বিহাৰ ৰাজ্যৰ ভাগলপুৰ জিলাৰ অন্তৰ্গত কহলগাঁও অঞ্চলত অৱস্থিত এক প্ৰাচীন ধৰ্মীয় স্থান।[1][2] এই স্থানটো ব্ৰহ্মৰ্ষি বশিষ্ঠৰ সৈতে সম্পৰ্কিত বুলি বিশ্বাস কৰা হয় আৰু ইয়াক ঋষি বশিষ্ঠৰ তপস্থলী হিচাপে গণ্য কৰা হয়। কিম্বদন্তী অনুসাৰে, বশিষ্ঠ ঋষিয়ে ইয়াত তপস্যা কৰি শিৱৰ উপাসনা কৰিছিল আৰু ইয়াত প্ৰতিষ্ঠা কৰা শিৱলিংগটো বটেশ্বৰ নাথ মহাদেৱ নামে পৰিচিত।[3][4]

বটেশ্বৰ স্থানত অৱস্থিত শিৱ আৰু কালী দেৱীৰ মন্দিৰ

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

এই স্থানটোৰ নাম ঋষি বশিষ্ঠৰ নামৰ পৰা উদ্ভৱ হৈছে। আগতে এই মন্দিৰটো বশিষ্ঠেশ্বৰ মহাদেৱ নামেৰে পৰিচিত আছিল, যি সময়ৰ সৈতে পৰিবৰ্তিত হৈ বটেশ্বৰ মহাদেৱ নাম লাভ কৰে। সেয়ে এই স্থানটো বটেশ্বৰ স্থান বুলি জনাজাত হয়।[3]

ধাৰণা কৰা হয় যে ঋষি বশিষ্ঠে এই স্থানত তপস্যা কৰি ভগৱান শিৱৰ উপাসনা কৰিছিল।[5] বটেশ্বৰ স্থানৰ প্ৰাঙ্গণত অৱস্থিত বাবা বটেশ্বৰ নাথ মহাদেৱ মন্দিৰটো গংগা নদীৰ উত্তৰমুখী প্ৰবাহৰ (উত্তৰবাহিনী গংগা) তীৰত, কোশী নদী আৰু গংগাৰ সংগমস্থলৰ ওচৰত অৱস্থিত। এই স্থানটো কহলগাঁওৰ পৰা প্ৰায় দহ কিলোমিটাৰ দূৰত অৱস্থিত।

পুৰাণসমূহত উল্লেখ অনুসাৰে, বটেশ্বৰ স্থানক এক সময়ত কাশী ধাম হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছিল যদিও ভূমিৰ অভাৱৰ বাবে সেই পৰিকল্পনা সম্পূৰ্ণ নহ’ল। কিম্বদন্তী মতে, ভগৱান শিৱ আৰু পাৰ্বতীৰ বিবাহৰ পাছত কৈলাস পৰ্ব্বতত বাস কৰাৰ সময়ত পাৰ্বতী দেৱীয়ে অস্বস্তি অনুভৱ কৰিছিল। তেতিয়া শিৱই গংগাৰ উত্তৰবাহিনী প্ৰবাহ থকা পবিত্ৰ স্থান বিচাৰি নাৰদ আৰু বিশ্বকৰ্মাক নিযুক্তি দিয়ে। তেওঁলোকে বটেশ্বৰ স্থান, দেওঘৰ আৰু বেনাৰস পৰীক্ষা কৰিছিল। শেষত বেনাৰসক কাশী হিচাপে নিৰ্বাচন কৰা হয় আৰু বটেশ্বৰ স্থান গুপ্ত কাশী নামে পৰিচিত হৈ থাকে।[2][4]

ইয়াত বুদ্ধদেৱেও বৰ্ষাবাস কালত তিনি মাহ ধ্যান কৰিছিল বুলি বিশ্বাস কৰা হয়।[6]

প্ৰাচীন শিলামূৰ্তিসমূহ
বটেশ্বৰ স্থানৰ প্ৰাচীন প্ৰতিমা

শিৱ মন্দিৰৰ সন্মুখত মা কালীৰ এটা মন্দিৰো অৱস্থিত। অতীতত এই স্থানটো তন্ত্ৰ বিদ্যাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল বুলি জনা যায়। ওচৰতে অৱস্থিত প্ৰাচীন বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ সৈতে এই স্থানটোৰ ঐতিহাসিক সম্পৰ্ক আছে।[5]

বটেশ্বৰ স্থানৰ গুহাসমূহ
পাহাৰৰ সৰু গুহাসমূহ

ইতিহাস অনুসাৰে, এই মন্দিৰটো খ্ৰীষ্টাব্দ এক হাজাৰ দুইশ ষোল্লত সেন বংশৰ এজন ৰজাই নিৰ্মাণ কৰিছিল। বংগীয়া কায়স্থ কুল পঞ্জিকা অনুসাৰে, সেন বংশৰ শাসনকালত বল্লাল সেনে ইয়াত উপস্থিত হৈ শিৱলিংগত পূজা কৰিছিল। পিছলৈ ১২৭২ খ্ৰীষ্টাব্দত বংগৰ হুগলী জিলাৰ বাসিন্দা মথুৰানাথ চট্টোপাধ্যায়ে মন্দিৰটো পুনৰ নিৰ্মাণ কৰে।[1][6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "अब पर्यटकों को लुभाने के लिए विकसित किया जाएगा बटेश्वर स्थान, कहा जाता है बिहार का काशी" (hi ভাষাত). Zee News. https://zeenews.india.com/hindi/india/bihar-jharkhand/bihar/bateshwar-sthan-kahalgaon-bhagalpur-will-be-developed-as-a-tourists-place-it-is-called-kashi-of-bihar/1142483 আহৰণ কৰা হৈছে: 2024-05-03.
  2. 1 2 (en ভাষাত) Puratan. Department of Archaeology and Museums, Madhya Pradesh. 1989. https://books.google.com/books?id=vi1uAAAAMAAJ.
  3. 1 2 "Sawan Somvar 2021: गंगा और कोसी के संगम तट पर स्थित बाबा बटेश्वरनाथ मंदिर में दूसरे राज्यों से भी पहुंचते हैं श्रद्धालु, भादो और माघ में हर साल लगता है मेला - Sawan Somvar 2021: Devotees from other states also reach Baba Bateshwarnath temple located on the confluence bank of Ganga and Kosi" (hi ভাষাত). Jagran. https://www.jagran.com/bihar/bhagalpur-sawan-somvar-2021-devotees-from-other-states-also-reach-baba-bateshwarnath-temple-located-on-the-confluence-bank-of-ganga-and-kosi-21887514.html আহৰণ কৰা হৈছে: 2024-05-03.
  4. 1 2 "हिन्दुस्तान स्पेशल: वशिष्ठ मुनि ने स्थापित किया यह मंदिर, महादेव के सामने विराजती हैं मां काली" (hi ভাষাত). Hindustan. https://www.livehindustan.com/bihar/story-hindustan-special-vashishtha-muni-established-this-temple-maa-kali-in-front-of-mahadev-lord-shiva-9457590.html আহৰণ কৰা হৈছে: 2024-05-03.
  5. 1 2 "बिहार: काशी धाम बनते-बनते रह गया कहलगांव का बटेश्वर, पुराणों में है उल्लेख" (hi ভাষাত). आज तक. 2021-06-29. https://www.aajtak.in/india/news/story/bihar-story-of-kahalgaw-bateshwar-the-place-where-kashi-was-to-be-established-1281871-2021-06-29 আহৰণ কৰা হৈছে: 2024-05-03.
  6. 1 2 "बटेश्वरनाथ मंदिर : यहां ऋषि वशिष्ठ ने किया था तप, भगवान शिव की आराधना, गौतम ब‍ुद्ध से भी जुड़ा है इतिहास - Bateshwarnath Temple: Rishi Vashisht did penance, worshiped Lord Shiva, history is also associated with Gautam Buddha" (hi ভাষাত). Jagran. https://www.jagran.com/bihar/bhagalpur-bateshwarnath-temple-rishi-vashisht-did-penance-worshiped-lord-shiva-history-is-also-associated-with-gautam-buddha-22899058.html আহৰণ কৰা হৈছে: 2024-05-03.

স্থানাংক: 25°19′41″N 87°15′36″E / 25.328°N 87.260°E / 25.328; 87.260