বড়ো পিপুলছ প্ৰগ্ৰেছিভ ফ্ৰণ্ট
অৱয়ব
| বড়ো পিপুলছ প্ৰগ্ৰেছিভ ফ্ৰণ্ট | |
|---|---|
| সভাপতি | ৰবিৰাম নাৰ্জাৰী |
| সংসদীয় সভাপতি | |
| লোকসভাত নেতা | |
| ৰাজ্যসভাত নেতা | |
| মূখ্য কাৰ্যালয় | কোকৰাঝাৰ, অসম |
বড়ো পিপুলছ প্ৰগ্ৰেছিভ ফ্ৰণ্ট (চমুকৈ বি পি পি এফ-BPPF) ২০০৫ চনৰ ১২ এপ্ৰিলত গঠন হোৱা এটা আঞ্চলিক ৰাজনৈতিক দল। ২০০৫ চনত প্ৰথমবাৰৰ বাবে হোৱা বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াজ ডিষ্ট্ৰিক্টৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্য এই দলটো গঠন কৰা হৈছিল।
বিভাজন
[সম্পাদনা কৰক]এই দলটোৰ উলম্ব বিভাজন ঘটি দুটা গোটৰ গঠন হৈছিল। ৰবিৰাম নাৰ্জাৰীৰ নেতৃত্বত বি পি পি এফ(ৰ) আৰু হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বি পি পি এফ(হ) এই দুটা দল গঠন হয়। [1].
বি পি পি এফ(হ)
[সম্পাদনা কৰক]২০০৬ চনৰ এপ্ৰিলত অসম বিধানসভাৰ নিৰ্বাচনত হাগ্ৰামা নেতৃত্বাধীন বি পি পি এফ-এ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জোঁট গঠন কৰি ১১ জন বিধায়ক নিৰ্বাচিত কৰিবলৈ সক্ষম হয়। কংগ্ৰেছৰ সৈতে ই অসম চৰকাৰৰ শাসনভাৰ গ্ৰহণ কৰে।
বি পি পি এফ(ৰ)
[সম্পাদনা কৰক]ৰবিৰাম নেতৃত্বাধীন বি পি পি এফ-এ অসম গণ পৰিষদৰ সৈতে মিত্ৰতা কৰি বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও এখনো অসন লাভ কৰিবলৈ সক্ষম নহ'ল।