সমললৈ যাওক

বড়ো সংস্কৃতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বড়ো সংস্কৃতি অসমৰ বড়ো জনগোষ্ঠীৰ সংস্কৃতি। দীৰ্ঘদিন ধৰি বড়োসকল মীনপালন, হাঁহ-কুকুৰা, গাহৰি পালন, ধান-পাট খেতি, সুমথিৰা বাগিচাৰ প্ৰবল পৰম্পৰা থকা কৃষি সমাজত বাস কৰা কৃষক।[1] তেওঁলোকে নিজেই নিজৰ পৰম্পৰাগত সাজ-পোছাক ঘৰতে তৈয়াৰ কৰে। বড়ো সকলৰ সমাজ সংস্কাৰ হৈছিল ব্ৰহ্ম ধৰ্মৰ যোগেদি। বৰ্তমান খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰত কিছুমান বড়ো জনগোষ্ঠীয় অঞ্চল প্ৰভাৱিত হৈছে।

বড়োসকলে বাথৌ ধৰ্ম, ব্ৰহ্ম ধৰ্ম আৰু শৈৱ ধৰ্ম অনুসৰণ কৰে। কিছুমান বড়োই খ্ৰীষ্টান ধৰ্ম, প্ৰধানকৈ বেপ্টিষ্ট ধৰ্ম পালন কৰে।

সংগীত আৰু নৃত্য

[সম্পাদনা কৰক]

বাগুৰুম্বা

[সম্পাদনা কৰক]
পৰম্পৰাগত সাজ-পোছাকত বৈশাগু নৃত্য

বড়োসকলে পৰম্পৰাগতভাৱে বাগুৰুম্বা নৃত্য কৰে। এই নৃত্যৰ লগত বাগুৰুম্বা গীত পৰিৱেশন কৰা হয়।

তদুপৰি খেৰাই নৃত্য প্ৰায় ১৫/১৮ বিধ আছে, যেনে ৰানাচান্দি, গোৰাই ডাব্ৰাইনাই, দাও থ্ৱি লৱংনাই, খ্ৱিজেমা হান্নাই, মৱছাগলংনাই।

বাদ্যযন্ত্ৰ

[সম্পাদনা কৰক]

বহুতো ভিন্ন বাদ্যযন্ত্ৰৰ ভিতৰত বড়োসকলে ব্যৱহাৰ কৰে: খাম, ছিফুং, চেৰজা, জোথা, জবছৰিঙ, খোৱাং, বিংগী, ৰেগে।

ছিফুং : ই উত্তৰ ভাৰতীয় বাঁহীৰ দৰে, অৱশ্যে ইয়াত ছটা ফুটাৰ ঠাইত মাত্ৰ পাঁচটা ফুটা থাকে। আন বাঁহীতকৈ ই বহুত দীঘল, বহুত কম সুৰ উৎপন্ন কৰে।

চেৰজা : এইটো ভায়লিনৰ দৰে বাদ্যযন্ত্ৰ। ইয়াৰ দেহ ঘূৰণীয়া আৰু স্ক্ৰলটো আগলৈ বেঁকা কৰা হয়।

খোৱাং : হাত চাপৰি বজোৱাৰ বাবে দুটা আধাত বিভক্ত বাঁহৰ ব্লক।

খাম : ই কাঠ আৰু ছাগলীৰ ছালৰ পৰা তৈয়াৰী দীঘল ঢোল।[2]

ৰন্ধন প্ৰণালী

[সম্পাদনা কৰক]

ভাত হ'ল বড়ো সংস্কৃতিৰ মানুহৰ প্ৰধান খাদ্য।[3] মাছ বা গাহৰিৰ মাংসৰ দৰে আমিষ খাদ্যৰ সৈতে খোৱা হয়।

পৰম্পৰাগত খাদ্য

[সম্পাদনা কৰক]

ওমা বেদৰ : বেছিভাগ বড়ো লোকে অন্য জন্তুৰ বেদৰ(মাংস)তকৈ ওমা (গাহৰি)ৰ মাংস বেছি পছন্দ কৰে। এই মাংস বিভিন্ন সোৱাদ আৰু শৈলীত প্ৰস্তুত কৰা হয়; ইয়াক প্ৰধানকৈ ভাজি বা উতলাই ৰন্ধা হয়। ইয়াক কেৰাহীত ভাজি লৈ তাৰ পিছত ৰন্ধা হয়। দ্বিতীয় পদ্ধতিত কিছুদিন ৰ’দত শুকুৱাই বা ধোঁৱা দি মাংস প্ৰস্তুত কৰা হয়। তৃতীয় ৰন্ধন পদ্ধতি ওমা খাজী নামেৰে জনাজাত। এই ব্যৱস্থাই তেজ আৰু মাংস একেলগে মিহলাই ৰান্ধে, যাৰ ফলত চৰ্বি অধিক সোৱাদযুক্ত হয়।

অণ্ডলা : অণ্ডলা হৈছে চাউলৰ গুড়ি আৰু বাঁহৰ ঠাৰিৰ টুকুৰাৰে তৈয়াৰী মচলা। ইয়াক তেল আৰু মছলা দি লাহে লাহে সিজোৱা হয়। লগতে অণ্ডলাত কুকুৰা বা গাহৰিৰ মাংস যোগ কৰা হয়।

নাৰ্জী : শুকান পাটৰ পাত দি প্ৰস্তুত কৰা হয় আৰু সোৱাদত অলপ তিতা আৰু টেঙা হয়। গাহৰিৰ মাংস বা মিঠা পানীৰ মাছৰ সৈতে ৰান্ধিলে নাৰ্জিয়ে এক সুকীয়া সোৱাদ লাভ কৰে। [2]

পৰম্পৰাগত সুৰা

[সম্পাদনা কৰক]

জৌ গিছি : বড়ো মানুহে বিভিন্ন প্ৰকাৰৰ ধানৰ চাউলৰ পৰা পৰম্পৰাগত সুৰা প্ৰস্তুত কৰে। সাধাৰণতে উৎসৱ, বিয়া, সাম্প্ৰদায়িক সমাৱেশ আদি বিশেষ অনুষ্ঠানৰ সময়ত জৌ গিচি পান কৰাটো বড়ো সমাজৰ আচাৰ-ব্যৱহাৰৰ অন্তৰ্গত।

উৎসৱ-পাৰ্বণ

[সম্পাদনা কৰক]

নতুন বছৰৰ আগমনৰ সময়ত বড়ো ৰাইজে উদযাপন কৰা বসন্তকালৰ আটাইতকৈ আদৰৰ উৎসৱটো হ’ল বৈশাগু। আনন্দৰ এই উৎসৱ এপ্ৰিলৰ মাজভাগত উদ্‌যাপন কৰা হয়।

ৰাইজে উদ্‌যাপন কৰা আন আন উৎসৱসমূহ হ’ল হাপছা হাতৰনৈ, ৱংখাম গ্ৱৰলৱি জনাই, ডোমাছি। সকলোৰে ভিতৰত খেৰাই উৎসৱত গায়ন-বায়ন, নৃত্য আৰু ঢোল বজাই বহু আনন্দৰে উদযাপন কৰা হয়।

বড়ো পোচাক

[সম্পাদনা কৰক]
হাজো (পাহাৰ) আগৰ (ডিজাইন)ৰ সৈতে এটা সেউজীয়া ৰঙৰ আৰনাই

বড়ো জনগোষ্ঠীৰ পুৰুষ-মহিলা উভয়ৰে বাবে গুৰুত্বপূৰ্ণ আৰনাই এক প্ৰকাৰৰ সৰু গামোচা।[4] বড়ো পৰম্পৰাৰ প্ৰতীক আৰোনাই অতিথিক সন্মান আৰু আদৰণি জনোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। শীতকালত শৰীৰ গৰম কৰিবলৈ ডিঙিত মেৰিয়াই লোৱা হয়। ইয়াৰ উপৰিও নৃত্য অনুষ্ঠানতো বড়ো পৰম্পৰাৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰাচীন কালত বড়ো যোদ্ধাসকলে যুদ্ধক্ষেত্ৰত আৰনাইক কঁকালৰ টঙালি হিচাপে ব্যৱহাৰ কৰিছিল। যুদ্ধৰ সময়তো বড়ো মহিলাসকলে ৰাতি আৰনাই বৈ যোদ্ধাসকলক উপহাৰ দিছিল, যিটো তেওঁলোকৰ ঐতিহ্য আৰু বীৰত্বৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল।

দোখোনা হৈছে বড়ো মহিলাৰ পৰম্পৰাগত সাজ-পোছাক। সাধাৰণতে দোখোনাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে ৩ মিটাৰ আৰু ১.৫ মিটাৰ। কেতিয়াবা শৰীৰৰ আকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াক বুকুৰ পৰা ভৰিলৈকে গোটেই শৰীৰটো ঢাকি ৰাখিবলৈ পৰিধান কৰা হয়। দোখোনাৰ ডিজাইন আৰু ৰং বিভিন্ন ধৰণৰ। দোখোনা মূলতঃ দুই প্ৰকাৰৰ - সাধাৰণ দোখোনা আৰু ডিজাইন কৰা দোখোনা।

জাম্ব্ৰা

[সম্পাদনা কৰক]

বড়ো মহিলাসকলে শৰীৰৰ ওপৰৰ অংশ (দৈৰ্ঘ্য - প্ৰায় ২.৫ মিটাৰ, প্ৰস্থ - প্ৰায় ১ মিটাৰ) ঢাকিবলৈ জাম্ব্ৰা (স্কাৰ্ফ) ব্যৱহাৰ কৰে। তেওঁলোকে নিজৰ সৌন্দৰ্য্য প্ৰকাশৰ বাবে বিভিন্ন ৰঙৰ আৰু ডিজাইনৰ জাম্ব্ৰা পিন্ধে।

গামছা বড়ো পুৰুষৰ পৰম্পৰাগত পোছাক। সাধাৰণতে ইয়াৰ দৈৰ্ঘ্য ২ মিটাৰ আৰু প্ৰস্থ ১.৫ মিটাৰ। গামছা বিভিন্ন ৰঙৰ হ’ব পাৰে, কিন্তু বড়ো গামোচাৰ ভিতৰত বগা-সেউজীয়া ৰং আটাইতকৈ বেছি। ভগৱান পূজাৰ সময়ত আৰু বড়ো দৰাৰ বাবে গামছা পৰিধান কৰাটো বাধ্যতামূলক।

ওপৰত উল্লেখ কৰা সাজ-পোছাকৰ বাহিৰেও বড়ো মহিলাসকলে বহু ধৰণৰ পৰম্পৰাগত কাপোৰ যেনে- ছিমা (বিছনাৰ আৱৰণৰ দৰে), উল (ডাঙৰ ঊলৰ গামোচা), জাম্ব্ৰা গিদোৰ (ডাঙৰ স্কাৰ্ফ) আৰু ফালি (ৰুমাল) ইত্যাদি বয়।

হাতেৰে নিৰ্মিত ডিজাইন

[সম্পাদনা কৰক]

বড়ো পৰম্পৰাগত সাজ-পোছাকত শ শ হাতেৰে নিৰ্মিত ডিজাইনৰ বৈশিষ্ট্য আছে, যিয়ে তেওঁলোকৰ সংস্কৃতি আৰু ঐতিহ্যক প্ৰতিফলিত কৰে। বড়ো শিপিনীৰ মতে তেওঁলোকৰ সাজ-পোছাকত হাজ আগৰ আৰু পাৰো মেগনৰ ডিজাইন আটাইতকৈ সাধাৰণ আৰু গুৰুত্বপূৰ্ণ। বড়ো মহিলাসকলে সাধাৰণতে তেওঁলোকৰ সাজ-পোছাক সজোৱাৰ বাবে বিভিন্ন জনপ্ৰিয় হস্তনিৰ্মিত ডিজাইন ব্যৱহাৰ কৰে, যিয়ে তেওঁলোকৰ সংস্কৃতিৰ অনন্য দিশসমূহ প্ৰতিফলিত কৰে। বড়ো পৰম্পৰাগত আগৰসমূহ এনেধৰণৰ[5][6] -

  • হজ আগৰ (পাহাৰৰ ডিজাইন)
  • বন্ধুৰাম আগৰ (বন্ধুৰাম কছাৰীৰ ডিজাইন)
  • ফেৰিও মেগন (পাৰ চৰাইৰ চকুৰ দৰে ডিজাইন)
  • দাওৰাই মুখৰেব (ময়ূৰৰ পাখিৰ ডিজাইন)
  • ফুল মোব্লা (ফুল ফুলৰ জাত)
  • ডিংখিয়া মোহৰ (ফাৰ্ণ পাতক প্ৰতিনিধিত্ব কৰা ডিজাইন)
  • বিগ্ৰি বিবাৰ (বগৰী ফুলৰ ডিজাইন)
  • মুফুৰ আফা (ভালুকৰ ভৰিৰ খোজৰ ডিজাইন)
  • আগৰ গিদিৰ (হীৰা আকৃতি দৰে ডিজাইন)
  • গোৰ্খা গংব্ৰুই আগৰ (টুইলৰ প্ৰতিনিধিত্ব কৰা ডিজাইন)

ৰ’দ আৰু বৰষুণৰ পৰা ৰক্ষা পাবলৈ বড়ো খেতিয়কসকলে মূৰত খোফ্ৰি পিন্ধে।

চিত্ৰ গেলাৰী

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  • Bhuyan, Biman; Baishya, Krishna (2013). "Ethno medicinal value of various plants used in the preparation of traditional rice beer by different tribes of Assam, India". Drug Invention Today খণ্ড 5 (4): 335-341. doi:10.1016/j.dit.2013.09.002. 
  • Brahma, Banabina (2016). "Introduction of the Bodos". Incorporation of the eastern duars to the colonial rule the socio political and ethnic transformation of the bodos 1866-1993 (PhD). University of North Bengal. 
  • Kachary, Gwgwm Brahma (2017). Material culture of the bodos a descriptive analysis (PhD). Gauhati University. 
  1. (Kachary 2017:251) বড়ো খেতিয়কে ম’হ আৰু কেতিয়াবা ম’হৰ সহায়ত কাঠৰ নাংগল-জোংগল (নাঙল-জুঁৱলি) আদি সঁজুলি ব্যৱহাৰ কৰি মূলতঃ ভিজা খেতি পদ্ধতিৰে মাটি হাল বাই জীৱন নিৰ্বাহ কৰে। আকৌ পাট, সৰিয়হৰ গুটি, মচুৰ দাইল, দালি, আশু ধান ইত্যাদি ৰবি শস্যৰ ব্যৱহাৰো অভ্যাস কৰে।
  2. 2.0 2.1 "HOME". udalguri.gov.in. Archived from the original on 10 April 2017. https://web.archive.org/web/20170410212956/http://www.udalguri.gov.in/bodo.htm। আহৰণ কৰা হৈছে: 1 October 2017.  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "auto" defined multiple times with different content
  3. Kachary 2017, পৃষ্ঠা. 244.
  4. sachin (2015-06-08). "D'source Design Gallery on Motifs on Silks of Assam". D'Source. http://www.dsource.in/gallery/motifs-silks-assam। আহৰণ কৰা হৈছে: 2020-11-30. 
  5. Brahma 2016.
  6. Kachary 2017.