বতাৰা কলা
বতাৰা কলাৰ এটা ৱায়াং(পুতলা) আকৃতি | |
| শ্ৰেণী | পৌৰাণিক কাহিনী |
|---|---|
| উপশ্ৰেণী | মৌখিক |
| পৰিয়াল | শিৱৰ সন্তান, দূৰ্গা |
| দেশ | ইণ্ডোনেছিয়া |
| স্থান | জাভা |
বতাৰা কলা পৰম্পৰাগত জাভা আৰু বালি পৌৰাণিক কাহিনীত মৃত্যুৰ দেৱতা, চেটেছুয়াৰাৰ সৈতে এটা গুহাৰ ওপৰত শাসন কৰে।[1] বতাৰা কলাক পোহৰ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা বুলিও অভিহিত কৰা হৈছে। তেওঁ সময়ৰ দেৱতাও, যি দুৰ্ভগীয়া মানুহক গ্ৰাস কৰে।
উৎপত্তি
[সম্পাদনা কৰক]কিংবদন্তি অনুসৰি বতাৰা কলা বতাৰা গুৰু (শিৱৰ জাভাত প্ৰচলিত ৰূপ)ৰ পুত্ৰ।[2] বতাৰা গুৰুৰ এগৰাকী অতি ধুনীয়া পত্নী আছে যাৰ নাম দেৱী উমা (পাৰ্বতী)। এদিন বতাৰা গুৰুৱে অনিয়ন্ত্ৰিত কামনাৰ জুইত জ্বলি উমা দেৱীৰ ওপৰত বলপূৰ্বক কামনা উপশম কৰিছিল। তেওঁলোকৰ যৌন সংগম ঐশ্বৰিক বাহন নন্দী নামৰ গৰুটোৰ ওপৰত সম্পন্ন কৰিছিল। এই আচৰণে উমাক লাজ দিছিল, যিয়ে দুয়োকে গালি পাৰিছিল যাতে তেওঁলোক ভয়ংকৰ আৰু কুৎসিত ৰাক্ষস হিচাপে দেখা দিয়ে। দেৱী উমাৰ এই উগ্ৰ ৰূপটো হিন্দু ধৰ্মত দুৰ্গা নামেৰেও জনা যায়। এই সম্পৰ্কৰ পৰাই বতাৰা কলাৰ জন্ম হৈছিল ৰাক্ষস ৰূপত।[2]
আন এটা উৎপত্তিৰ কাহিনী হ’ল শিৱৰ বীৰ্যৰ এটোপাল এটা মাছে গিলিবলৈ পাইছিল আৰু গৰ্ভধাৰণ কৰিছিল।[3]
বতৰা কলাৰ অতৃপ্ত ক্ষুধাতুৰ আৰু অতি অভদ্ৰ বুলি বৰ্ণনা কৰা হৈছে। মানুহৰ কু-অভ্যাসৰ শাস্তি দিবলৈ দেৱতাই তেওঁক পৃথিৱীলৈ পঠিয়াইছিল। অৱশ্যে বতাৰা কলাৰ আগ্ৰহ কেৱল মানুহৰ ভোক পূৰোৱাৰ বাবেহে আগ্ৰহী আছিল। তাৰ পিছত আতংকিত হৈ দেৱতাসকলে বতাৰা কলাক পৃথিৱীৰ পৰা পুনৰ ওভোতাই নিবলৈ আহ্বান কৰে।[1] পিছলৈ তেওঁ দেৱী চেটেছুয়াৰাৰ সৈতে মিলি পাতালৰ শাসক হয়।[4]
পৰম্পৰাগতভাৱে জাভা জনসাধাৰণে তেওঁৰ অনুকূলতা লাভ কৰিবলৈ চেষ্টা কৰে, সময় আৰু ধ্বংসৰ দেৱতা হিচাপে, বিশেষকৈ শিশুৰ দুৰ্ভাগ্য ৰোধ কৰিবলৈ।[5] ভূত-প্ৰেত নিৰ্বাসন অনুষ্ঠান, যাক ৰুটান বুলি কোৱা হয়, "দুৰ্ভাগ্যজনক" পৰিস্থিতিত জন্ম লোৱা যেনে ভৰি প্ৰথমে জন্ম হোৱা শিশুৰ বাবে অনুষ্ঠিত কৰা হয়। এনে শিশুক বতাৰা কলাৰ দ্বাৰা গ্ৰাস কৰিব নোৱাৰাকৈয়ে এনেদৰে কৰা হৈছে। এই অনুষ্ঠানত সাধাৰণতে ৱায়াং (জাভানিজ ছাঁৰ পুতলা) পৰিবেশন আৰু চেলামান ভোজ অনুষ্ঠিত কৰা হয়।[6][7]
প্ৰতীকবাদ
[সম্পাদনা কৰক]চাইমন মনবাৰনে লক্ষ্য কৰিছে যে, বতাৰা কলা আবেগৰ ঢৌত যৌন সম্পৰ্ক স্থাপন কৰাৰ নেতিবাচক প্ৰভাৱৰ প্ৰতীক। বতাৰা কলাৰ নেতিবাচক দিশবোৰক বিবাহ বহিৰ্ভূতভাৱে জন্ম হোৱা সকলো সন্তানৰ ভাগ্যৰ বিৰুদ্ধে সতৰ্কবাণী হিচাপে বৰ্ণনা কৰা হৈছে।[2] বতাৰা কলাৰ কাম বিশেষকৈ কীৰ্তিমুখ হিচাপে ভাৰতীয় আৰু বালি হিন্দু ধৰ্মত ভোমাৰ দৰেই বুলি গণ্য কৰা হৈছে।[3]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Khoon, Choy Lee (1999). A fragile nation: the Indonesian crisis. World Scientific. পৃষ্ঠা. 209. ISBN 978-981-02-4003-5. https://books.google.com/books?id=4Td0t9u-CmAC&pg=PA209.
- ↑ 2.0 2.1 2.2 Monbaron, Simon (1999). Subud the Coming New Age of Reality: The Most Complete Book on Subud. Peace. পৃষ্ঠা. 573. ISBN 978-0-9672753-1-4. https://books.google.com/books?id=XtevKh1IGd0C.
- ↑ 3.0 3.1 Emigh, John (1996). Masked performance: the play of self and other in ritual and theatre. University of Pennsylvania Press. পৃষ্ঠা. 100. ISBN 978-0-8122-1336-2. https://books.google.com/books?id=7TNTTi1-fJ8C&pg=PA100.
- ↑ Littleton, C. Scott (2005). Gods, Goddesses, and Mythology. 11. প্ৰকাশক New York: Marshall Cavendish. পৃষ্ঠা. 1324. ISBN 978-0-7614-7559-0. https://books.google.com/books?id=guVGBE9t5igC&dq=batara+kala&pg=PA1324। আহৰণ কৰা হৈছে: 2 August 2011.
- ↑ Geels, Antoon (1997). Subud and the Javanese mystical tradition. 0700706232, 9780700706235. পৃষ্ঠা. 75. ISBN 978-0-7007-0623-5. https://books.google.com/books?id=FOXnUJMknRAC&pg=PA75.
- ↑ Weintraub, Andrew Noah (2004). Power plays: wayang golek puppet theater of West Java. Ohio University Press. পৃষ্ঠা. 39. ISBN 978-981-230-249-6. https://books.google.com/books?id=5EIb_YWd_UIC&pg=PA39.
- ↑ "Gerhana Disambut Ritual Usir Batara Kala". okezone.com. June 16, 2011. http://news.okezone.com/read/2011/06/16/340/468934/gerhana-disambut-ritual-usir-batara-kala.
