সমললৈ যাওক

বতুল বেগম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বতুল বেগম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা লোকসংগীতৰ গায়িকা
জনা যায় মাণ্ড আৰু ভজন গায়িকা
বঁটা, সন্মান, পুৰস্কাৰ আদি নাৰী শক্তি পুৰস্কাৰ (২০২১)
পদ্মশ্ৰী (২০২৫)

বতুল বেগম ভাৰতৰ ৰাজস্থান ৰাজ্যৰ জয়পুৰৰ এগৰাকী লোকসংগীত গায়িকা। তেওঁ মাণ্ড আৰু ভজন গীত গাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিখ্যাত হৈ পৰিছে।[1] তেওঁ ঢোল, ঢোলক, তবলা আদি বাদ্যযন্ত্ৰ বজায়।[2]

বতুল বেগমৰ জন্ম হৈছিলৰাজস্থানৰ দিদৱানা জিলাৰ কেৰাপ গাঁৱত।[3] পঞ্চম শ্ৰেণীতেই তেওঁ স্কুল এৰি দিয়ে।[4] তেওঁ ৰাজস্থানৰ মিৰাচী সম্প্ৰদায়ৰ ব্যক্তি।[3] মাণ্ড গোৱাৰ প্ৰতি তেওঁৰ আগ্ৰহ এটা পাৰিবাৰিক পৰম্পৰা। কিন্তু ভজনবোৰ তেনেকুৱা নহয়। আঠ বছৰ বয়সত তেওঁ প্ৰতিদিনে নগৌৰ কেৰাপ গাঁৱৰ ঠাকুৰ জীৰ মন্দিৰৰ সন্মুখত বন্ধু-বান্ধৱীৰ সৈতে গৈছিল, যাৰ ফলত ভজন গোৱাৰ প্ৰতি আকৰ্ষণ গঢ় লৈ উঠিছিল।[4] পিছলৈ তেওঁ নিজেই ভজন গাবলৈ আৰম্ভ কৰে।[4]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

বেগমে ১৬ বছৰ বয়সত বিবাহপাশত আবদ্ধ হয়।[4] ৰাজপথত কণ্ডাক্টৰ হিচাপে কাম কৰা ফিৰোজ খানৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু সিহঁতৰ তিনিজন পুত্ৰ সন্তান আছে।[4] তেওঁ সম্প্ৰতি পৰিয়ালসহ জয়পুৰৰ বিদ্যাধৰ নগৰত থাকে৷ [3]

কেৰিয়াৰ

[সম্পাদনা কৰক]

মাণ্ড আৰু ভজন শৈলীৰ লোকগীতৰ গায়িকা বেগমে ভাৰতীয় বাদ্যযন্ত্ৰ যেনে তবলা, ঢোলক, ঢোল আদিও বজায়।[5] মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিও হিন্দু ধৰ্মৰ ভজন গাবলৈ আৰম্ভ কৰা বেগমে গীতৰ জৰিয়তে সাম্প্ৰদায়িক ঐক্যৰ বাৰ্তা প্ৰেৰণ কৰে।[3]

তেওঁ ভাৰতৰ বিভিন্ন মঞ্চৰ উপৰিও ভাৰতৰ বাহিৰত ফ্ৰান্স, জাৰ্মানী, টিউনিছিয়া, ইটালী, ছুইজাৰলেণ্ড, আমেৰিকা, ব্ৰিটেইনকে ধৰি ৫৬খন দেশত অনুষ্ঠান পৰিৱেশন কৰিছে।[4] বিভিন্ন ধৰ্মৰ শিল্পীয়ে বিভিন্ন সংস্কৃতিৰ ফিউজন সংগীত পৰিবেশন কৰা আন্তঃৰাষ্ট্ৰীয় ফিউজন লোক সংগীত বেণ্ড বলীউড ক্লেজমাৰৰ তেওঁ সদস্য।[5][6]

ফ্ৰান্সৰ অলিম্পিকত তেওঁ বাছাণ্ট গ্ৰুপ আৰু অন্যান্য লোকশিল্পীৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰিছিল।[3] তেওঁ পেৰিছৰ টাউন হলত অনুষ্ঠান পৰিৱেশন কৰা ৰাজস্থানৰ একমাত্ৰ মহিলা৷[3]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

২০২২ চনৰ আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা তেওঁক ২০২১ চনৰ নাৰী শক্তি পুৰুষস্কাৰৰ সন্মানেৰে সন্মানিত কৰা হৈছিল।[7] ২০২৫ চনৰ জানুৱাৰী মাহত তেওঁ পদ্মশ্ৰী বঁটা লাভ কৰে।[8] তেওঁক ফ্ৰান্স আৰু টিউনিছিয়া চৰকাৰেও সন্মান জনাইছে।[4] ২০২১ চনৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত তেওঁ GOPIO Achievers Award - 2021 আৰু Certificate of Excellence Award লাভ কৰে।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. (en ভাষাত). 8 March 2022. https://www.dnaindia.com/hindi/india/report-who-batool-begum-nari-shakti-puraskar-2022-winner-president-kovind-shared-picture-4014607. 
  2. Kainthola, Deepanshu (8 March 2022). "President Presents Nari Shakti Puraskar for the Years 2020, 2021" (en ভাষাত). Tatsat Chronicle Magazine. https://tatsatchronicle.com/president-presents-nari-shakti-puraskar-for-the-years-2020-2021/. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 Bharat, E. T. V. (2025-01-25). "डीडवाना की मांड गायिका बतूल बेगम को पद्मश्री, मंदिर में भजन गाने से की शुरूआत" (hi ভাষাত). ETV Bharat News. https://www.etvbharat.com/hi/!state/padma-shri-to-folk-music-singer-batool-begum-she-was-also-given-nari-shakti-puraskar-rajasthan-news-rjs25012505989। আহৰণ কৰা হৈছে: 2025-01-26. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 4.6 4.7 "बचपन में मंदिर में गाया, अब यूरोप की शान:मांड-फाग गायिका बेगम बतूल के बिना यूरोप का सबसे बड़ा होली फेस्टिवल अधूरा, नारी शक्ति अवॉर्ड मिला". https://www.bhaskar.com/local/rajasthan/nagaur/news/begum-betul-used-to-sing-songs-in-thakur-ji-temple-gives-performance-in-biggest-holi-festival-129486724.html.  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name ":0" defined multiple times with different content
  5. 5.0 5.1 "Three from Raj get Padma Shri". 2025-01-26. https://timesofindia.indiatimes.com/city/jaipur/three-from-raj-get-padma-shri/articleshow/117562044.cms.  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name ":1" defined multiple times with different content
  6. . https://www.livehindustan.com/rajasthan/who-is-rajasthans-batool-begum-who-received-the-padma-shri-award-sings-bhajans-of-god-201737816637083.html. 
  7. Arora, Sumit (9 March 2022). "President Kovind Presents 'Nari Shakti Puraskar' for 2020 and 2021" (en-IN ভাষাত). Adda247. https://currentaffairs.adda247.com/nari-shakti-puraskar/. 
  8. "Padma Awards 2025: Centre announces seven Padma Vibhushan, 19 Padma Bhushan and 113 Padma Shri winners" (en ভাষাত). Deccan Herald. https://www.deccanherald.com/india/padma-awards-2025-centre-announces-seven-padma-vibhushan-19-padma-bhushan-and-113-padma-shri-winners-3372844। আহৰণ কৰা হৈছে: 2025-01-25.