সমললৈ যাওক

বদৰুন্নেসা ডালিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বদৰুন্নেসা ডালিয়া

বাংলাদেশ শিল্পকলা একাডেমীত গীত পৰিবেশন কৰা অৱস্থাত বদৰুন্নেসা ডালিয়া (২০২৪)
জন্ম ০১ মাৰ্চ, ১৯৭০ (৫৬ বছৰ)
নৰসিংড়ি, বাংলাদেশ
ৰাষ্ট্ৰীয়তা বাংলাদেশ
পেচা গায়িকা
সক্ৰিয় হৈ থকা সময় ১৯৮৩-বৰ্তমান
দাম্পত্যসঙ্গী আল-নুৰী ফাইজুৰ ৰেজা (বিবাহ. ১৯৮৮-বৰ্তমান)
সন্তান তামিন ৰেজা, ওমেৰ ৰেজা
বঁটা, সন্মান, পুৰস্কাৰ আদি বাংলাদেশ শিশু একাডেমী ৰাষ্ট্ৰীয় বঁটা (১৯৮৩, ১৯৮৪)[1]

বদৰুন্নেসা ডালিয়া (ইংৰাজী: Badrunnesa Dalia; জন্ম ১ মাৰ্চ ১৯৭০) এগৰাকী মূলসুঁতিৰ নজৰুল সংগীত,[2] ৰবীন্দ্ৰ সংগীতৰ গায়িকা, অভিনেত্ৰী আৰু সংগীত শিক্ষয়িত্ৰী।[1] ডালিয়া নামেৰে পৰিচিত এই শিল্পী গৰাকী বিভিন্ন ধাৰাৰ সংগীত গোৱা গায়িকা হিচাপে বহুমুখী প্ৰতিভাৰ বাবে জনাজাত।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৭০ চনৰ ১ মাৰ্চত বাংলাদেশৰ নৰসিংড়িত বদৰুন্নেসা ডালিয়াই জন্মগ্ৰহণ কৰিছিল৷ ডালিয়াৰ ডাঙৰ ভাতৃ আছিফুল হুদা বাংলাদেশৰ এজন কাৰ্টুন শিল্পী।[3] কনিষ্ঠ ভাতৃ সুমন ৰাহত এগৰাকী গায়ক। ১৯৮৮ চনত ডালিয়াই বিচিএছৰ আমোলা আল-নুৰি ফৈজুৰ ৰেজাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ডালিয়া দুজন পুত্ৰ হৈছে তমিম ৰেজা আৰু ওমেৰ ৰেজা। তেওঁ উস্তাদ মফিজুল ইছলাম আৰু অবিনাশ গোস্বামীৰ পৰা শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। পিছলৈ তেওঁ সুধিন দাস আৰু সোহৰাব হোছেইনৰ পৰা নজৰুল সংগীত শিকিছিল।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৯৬ চনৰ পৰা ডালিয়াই বাংলাদেশ বেটাৰৰ (Bangladesh Betar) জৰিয়তে সংগীত পৰিবেশন কৰি আহিছে।[1] ১৯৮৮ চনত তেওঁ বাংলাদেশ দূৰদৰ্শনৰ পঞ্জীভূত শিল্পী হিচাপে পৰিগণিত হয়৷ তেওঁ বাংলাদেশৰ বিভিন্ন সাংস্কৃতিক সংগঠন, প্ৰতিষ্ঠান আৰু একাডেমীৰ দ্বাৰা আয়োজিত বহু অনুষ্ঠানৰ গীত পৰিৱেশন কৰি আহিছে৷

বদৰুন্নেসা ডালিয়াই নজৰুল গীত (১৯৮৩) আৰু ৰবীন্দ্ৰ সংগীতৰ (১৯৮৪) বাবে দুবাৰ বাংলাদেশ শিশু একাডেমী ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে৷[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]