সমললৈ যাওক

বনবীৰ সিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বনবীৰ সিং
ৰাণা

ৰাজত্ব ১৫৩৬-১৫৪০
পূৰ্বসূৰী বিক্ৰমাদিত্য সিং
উত্তৰাধিকাৰী দ্বিতীয় উদয় সিংহ
পিতৃ পৃথ্বীৰাজ ছিছোদিয়া

বনবীৰ সিং (মৃত্যু ১৫৪০), যাক ৱনবীৰ বুলিও কোৱা হয়, ১৫৩৬ চনৰ পৰা ১৫৪০ চনৰ ভিতৰত মেৱাৰৰ শাসক আছিল। ডাঙৰ ভাতৃ পৃথ্বীৰাজ আৰু উপপত্নীৰ ঘৰত জন্মগ্ৰহণ কৰা ৰাণা সংগ্ৰাম সিংহৰ ভতিজা।

১৫২৮ চনত ছাংগাৰ মৃত্যুৰ পিছত আৰম্ভ হোৱা ৰাজ্যখনৰ ৰাজনৈতিক অস্থিৰতাৰ যুগত বনবীৰ, মেৱাৰৰ সিংহাসনৰ উত্তৰাধিকাৰী হয়। ১৫৩৬ চনত মেৱাৰৰ মুখীয়ালসকলৰ সহায়ত বিক্ৰমাদিত্য সিংক হত্যা কৰি বংশৰ পৰৱৰ্তী শাসক হয়। প্ৰশাসনিক সংস্কাৰ সত্ত্বেও তেওঁ অবৈধ জন্মৰ বাবে মেৱাৰ সম্ভ্ৰান্ত লোকৰ সমৰ্থন লাভ কৰাত ব্যৰ্থ হয়। ১৫৪০ চনত তেওঁৰ পিছত মেৱাৰ ৰাজ্যৰ পৰৱৰ্তী শাসক হিচাপে অহা দ্বিতীয় উদয় সিংহৰ বিৰুদ্ধে মাৱলী যুদ্ধত পৰাজিত হৈ নিহত হয়।

বনবীৰৰ জন্ম হৈছিল ষোড়শ শতিকাৰ আৰম্ভণিতে ছিছোদিয়া ৰাজকুমাৰ পৃথ্বীৰাজ আৰু তেওঁৰ অনা-ৰাজপুত উপপত্নীৰ ঘৰত। তেওঁ প্ৰাক্তন ছিছোদিয়া ৰজা ৰাণা ছাংগাৰ (ৰাজত্ব.১৫০৯-১৫২৮) ভতিজা আছিল আৰু এইদৰে, ছাংগাৰ হত্যা আৰু দুৰ্বল শাসকসকলৰ উত্তৰাধিকাৰীত্বৰ পিছত তেওঁ সিংহাসনত নিজৰ দাবী উত্থাপন কৰিছিল।[1]

ৰাণা ছাংগাৰ মৃত্যুৰ পিছত আৰু ১৫৩৫ চনত বাহাদুৰ শ্বাহৰ দ্বাৰা চিত্তোৰৰ লুটপাতৰ পিছত মেৱাৰৰ সিংহাসনত বহা দুৰ্বল শাসকৰ ধাৰাবাহিকতাৰ পিছত ৰাজস্থানৰ আগশাৰীৰ ৰাজ্য হিচাপে মেৱাৰৰ মৰ্যাদাই আন এক বিপৰ্যয় লাভ কৰে।

সেই সময়ত মেৱাৰত শাসন কৰি থকা বিক্ৰমাদিত্য শাসক হিচাপে অযোগ্যতাৰ বাবে প্ৰজাৰ মাজত অপ্ৰিয় আছিল আৰু শেষত তেওঁৰ নিজৰ মুখীয়ালসকলে বনবীৰক উচটনি দি তেওঁক স্থানচ্যুত কৰি মেৱাৰৰ ৰাজত্ব গ্ৰহণ কৰিবলৈ প্ৰৰোচিত কৰিছিল। বিক্ৰমাদিত্যক অতি সোনকালেই ১৫৩৬ চনত তেওঁৰ বিদ্ৰোহী মুখীয়ালসকলৰ সহায়ত বনবীৰে হত্যা কৰে আৰু তেওঁ মেৱাৰৰ পৰৱৰ্তী শাসক হিচাপে উত্তৰাধিকাৰী হয়।

তেওঁৰ শাসনকালত বনবীৰে কেইবাটাও প্ৰশাসনিক পৰিৱৰ্তন আনিছিল য’ত ৰাজহুৱাৰ ওপৰত কৰত ৰেহাই দিয়া হৈছিল। চৰন আৰু ব্ৰাহ্মণৰ ওপৰত থকা শুল্ক কৰ বাতিলৰ লগতে ৰাজ্যৰ আগশাৰীৰ ব্ৰাহ্মণসকলক ভূমি অনুদান প্ৰদান কৰে। ১৫৩৭ চনত তেওঁ ককাক ৰাণা ছাংগাৰ স্মৃতিত এটা ষ্টেপ-ৱেল নিৰ্মাণৰ নিৰ্দেশ দিয়ে।[2]

উদয় সিঙৰ সৈতে সম্পৰ্ক

[সম্পাদনা কৰক]

বিক্ৰমাদিত্যক হত্যা কৰাৰ পাছত বনবীৰে ৰাজকুমাৰ উদয় সিংহক (ছাংগাৰ শেষৰটো জীয়াই থকা পুত্ৰ) হত্যা কৰাৰ পৰিকল্পনা কৰে, যাতে সিংহাসনত নিজৰ স্থান নিষ্কণ্টক হয়। কিন্তু উদয় সিঙক এই আক্ৰমণৰপৰা ৰক্ষা কৰে ছিছোদিয়াসকলৰ ধাত্ৰী পান্না ধাই আৰু তাৰ পৰিৱৰ্তে নিজৰ পুত্ৰক বলি দি ৰাজকুমাৰক কুম্ভলগড়ত নিৰাপদ স্থানলৈ লৈ যায়।[3][4]

কিছু বছৰৰ ভিতৰতে বনবীৰে গম পালে যে উদয় সিং আক্ৰমণৰপৰা ৰক্ষা পৰিল আৰু নতুন ৰাণা হিচাপে মেৱাৰৰ সম্ভ্ৰান্ত লোকৰ এটা ফৈদৰপৰা সমৰ্থন লাভ কৰিলে, তেওঁ নিজৰ বিদ্ৰোহক মষিমূৰ কৰিবলৈ এক অসফল পদক্ষেপ ল’লে। ইফালে উদয় সিঙে মেৱাৰৰ আনুগত্যৰ সহযোগত মৌভলীৰ সমীপত হোৱা তীব্ৰ যুদ্ধত বনবীৰক পৰাস্ত কৰি যুদ্ধক্ষেত্ৰত মৃত্যুবৰণ কৰে। এইদৰে ৰাজ্যৰ অস্থিৰতাৰ মাজতে ১৫৪০ চনত দ্বিতীয় উদয় সিংহই মেৱাৰৰ সিংহাসনত বহিল।[5][2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Rima Hooja 2006, পৃষ্ঠা 460 "Banbeer was a son of Sanga’s dead brother, the valiant Prithviraj by one of his non-Rajput concubines, and like other offspring of such unions, held a certain status and recognition. (Actually,‘concubine’ falls short of a suitable definition of terms like ‘pardayat’, ‘paswan’, etc. used for non-Rajput ‘wives’ of Rajput chiefs and rulers). According to some versions, it was Rana Vikramaditya who called Banbeer to his court, and subsequently placed the fullest of confidence in him. Banbeer, in his turn, waited for a suitable opportunity, and in 1536 murdered the Rana and staked his title to the throne of Mewar"
  2. 2.0 2.1 Ram Vallabh Somani 1976.
  3. Dasharatha Sharma 1990.
  4. Gopinath Sharma 1954.
  5. Rima Hooja 2006.