বনমালী তুমি পৰজনমে হইয়ো ৰাধা (বাংলা গীত)
বনমালী তুমি পৰজনমে হইয়ো ৰাধা (বঙালী: বনমালী তুমি পব়জনমে হইয়ো ব়াধা) দীন শৰৎ ৰচিত এটি জনপ্ৰিয় ভক্তিমূলক বাংলা গীত।[1] বহুতে এই গীতটি ৰাধাৰমণ দত্তই ৰচনা কৰা বুলি বিশ্বাস কৰে।[2] গীতটিৰ ৰচনাকালৰ বিষয়ে জানিব পৰা হোৱা নাই। ১৯৯২ চনত মুক্তিপ্ৰাপ্ত বাংলাদেশী বাংলা ভাষাৰ চলচ্চিত্ৰখন ৰাধা কৃষ্ণত এই গীতটি ব্যৱহাৰ কৰা হৈছিল। এই গীতটিত কণ্ঠদান কৰাৰ বাবে ছাবিনা ইয়াছমিনে শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
তাৎপৰ্য
[সম্পাদনা কৰক]কৃষ্ণক নিজৰ দুখ অনুভৱ কৰাবলৈ ৰাধাৰ হেঁপাহ বৈঞ্চৱ বাউল আৰু সাধু কবি ৰাধাৰমণ দত্তই ৰচনা কৰা এই ভক্তিমূলক গীতটোত প্ৰতিফলিত হৈছে। এইকথা কোৱা হয় যে কৃষ্ণৰ বিৰহৰ প্ৰতি থকা আকুতি আৰু নোপোৱাৰ বেদনাৰ বাবেই ধামালী গীতৰ প্ৰৱৰ্তক ৰাধাৰমণ দত্ত সাধক হৈ পৰিছিল। তেওঁ হাজাৰ হাজাৰ গীত ৰচনা কৰিছিল, য’ত বাৰে বাৰে বেদনা আৰু দুখ ফুটি উঠিছে৷ নিজৰ হৃদয়ত অনুভৱ কৰা যন্ত্ৰণাৰ সহায়ত তেওঁ ৰাধিকাৰ হৃদয়ৰ যন্ত্ৰণাক গীতেৰে প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল। তেনেকুৱা এটা গীত - "বনমালী গো'"। এই গীতটোত ৰাধাই নিজেই পৰৱৰ্তী জন্মত কৃষ্ণৰ ৰূপ পোৱাৰ ইচ্ছা প্ৰকাশ কৰি কৃষ্ণক ৰাধিকাৰ জীৱন পোৱাটো বিচাৰিছে৷ অভিমানী ৰাধাই ভাবিছিল যে এইদৰেই কৃষ্ণই ৰাধাৰ হৃদয়ৰ বেদনা আৰু নাৰী জীৱনৰ কলংক অনুভৱ কৰিব পাৰিব।[2]
আধুনিক সংস্কৰণ
[সম্পাদনা কৰক]বোলছবিত ৰাধা কৃষ্ণ
[সম্পাদনা কৰক]১৯৯২ চনত মুক্তিপ্ৰাপ্ত ৰাধা কৃষ্ণ বোলছবিত গোৱা এই গীতটিৰ বাবে ছাবিনা ইয়াছমিনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
নয়নেৰ আলো বোলছবিত
[সম্পাদনা কৰক]১৯৯৮ চনত স্বপন সাহাৰ পৰিচালনাত নিৰ্মিত নয়নেৰ আলো ছবিত এই গীতটো ব্যৱহাৰ কৰা হৈছিল।
বাংলা স্বৰলিপি
[সম্পাদনা কৰক]২০১৯ চনৰ আশা অডিঅ' লেভেলত জয়তী চক্ৰৱৰ্তীয়ে গোৱা সংস্কৰণটিৰ স্বৰলিপি তলত দিয়া হ'ল:[1][3]
তুমি আমাৰি মতন জ্বলিও জ্বলিও
বিৰহ কুসুম হাৰ গলেতে পৰিও (x২)
তুমি যায়ো.. যমুনাৰ ঘাটে
না মানি ননদীৰও বাধা।
বনমালী তুমি পৰজনমে হয়ো ৰাধা
বনমালী তুমি পৰজনমে হয়ো ৰাধা।
তুমি আমাৰি মতন কান্দিও কান্দিও
কৃষ্ণ কৃষ্ণ নাম বদনে জপিও (x২)
তুমি বুঝিবে তখন.. নাৰীৰও বেদন
ৰাধাৰ ও প্ৰাণে কত ব্যথা।
বনমালী তুমি পৰজনমে হয়ো ৰাধা
বনমালী তুমি পৰজনমে হয়ো ৰাধা।
তুমি আমাৰি মতন মৰিও মৰিও
শ্যামও কলঙ্কেৰ হাৰ গলেতে পৰিও (x২)
তুমি পুড়িও তখম.. আমাৰি মতন
বুকে লইয়া দুখেৰ চিতা।
বনমালী তুমি পৰজনমে হয়ো ৰাধা
বনমালী তুমি পৰজনমে হয়ো ৰাধা।
ভাবিয়া সৰোজ কয় ওহে কৃষ্ণপদ
প্ৰেমেৰও মায়াডোৰে আমাৰে বাঁন্ধিয়ো (x২)
আমি মৰিয়া হইবো শ্ৰীনন্দেৰ নন্দন..
তোমাৰে বানাবো আধা।
বনমালী তুমি পৰজনমে হয়ো ৰাধা
বনমালী তুমি পৰজনমে হয়ো ৰাধা।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Narayan (2023-01-21). "Bonomali Tumi Lyrics (বনমালী তুমি) | Jayati Chakraborty" (en-US ভাষাত). Archived from the original on 2024-11-30. https://web.archive.org/web/20241130162809/https://www.lyric8.com/bonomali-tumi-lyrics-jayati-chakraborty/। আহৰণ কৰা হৈছে: 2025-11-03.সাঁচ:অকাৰ্যকৰ সংযোগ
- ↑ 2.0 2.1 সাঁচ:সাময়িকী উদ্ধৃতি
- ↑ .