বন্দনা জৈন
অৱয়ব
বন্দনা জৈন | |
---|---|
জন্ম | নতুন দিল্লী, ভাৰত। |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয় (এমবিবিএচ) |
শিক্ষানুষ্ঠান | গুৰু নানক চকু কেন্দ্ৰ (বাসস্থান) এল ভি প্ৰসাদ চকু প্ৰতিষ্ঠান, হায়দৰাবাদ (ফেল’শ্বিপ) |
পেচা | কৰ্ণিয়া, কেটাৰেক্ট, আৰু লেচিক চকু বিশেষজ্ঞ |
জনা যায় | উন্নত চকু চিকিৎসালয় আৰু প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক সঞ্চালক। |
উল্লেখযোগ্য কৰ্ম | ৩০ খনতকৈও অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণা-পত্ৰ প্ৰকাশিত হৈছে |
বন্দনা জৈন (ইংৰাজী: Vandana Jain) এগৰাকী ভাৰতীয় কৰ্ণিয়া, কেটাৰেক্ট আৰু লেচিক চকু বিশেষজ্ঞ। নৱী মুম্বাইৰ এডভান্সড আই হস্পিতাল এণ্ড ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক সঞ্চালিকা।
চিকিৎসা প্ৰশিক্ষণ
[সম্পাদনা কৰক]বন্দনাৰ জন্ম আৰু লালন-পালন নতুন দিল্লীত হৈছিল। তেওঁ প্ৰতিষ্ঠিত মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতক চিকিৎসা প্ৰশিক্ষণ লাভ কৰে। তেওঁ তাৰ পিছত মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয়ৰ সৈতে জড়িত গুৰু নানক চকু কেন্দ্ৰৰ পৰা চকু বিজ্ঞানত ৰেচিডেন্সি গ্ৰহণ কৰে। ইয়াৰ উপৰিও মেডিকেলে আৰু অধিক হায়দৰাবাদৰ প্ৰতিষ্ঠিত এল ভি প্ৰসাদ চকু প্ৰতিষ্ঠানৰ পৰা এণ্টেৰিয়ৰ ছেগমেণ্ট সেৱাত দীৰ্ঘম্যাদী ফেল’শ্বিপ সম্পূৰ্ণ কৰে।
প্ৰকাশনসমূহ
[সম্পাদনা কৰক]- বন্দনাৰ ৩০খনতকৈ অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পিয়াৰ ৰিভিউ প্ৰকাশন আছে।[1]
- কৰ্ণিয়া ৰোগৰ ওপৰত বিশেষভাৱে প্ৰশিক্ষণ লাভ কৰা কেইখনমান চকুৰোগ বিশেষজ্ঞৰ ভিতৰত এগৰাকী হোৱাৰ বাবে তেওঁক প্ৰায়ে আগশাৰীৰ বাতৰি কাকত আৰু আলোচনীসমূহত উদ্ধৃত কৰা হয়।[2][3][4][5][6]
- তেওঁ ভাৰতৰ আগশাৰীৰ বাতৰি কাকত ডেকান হেৰাল্ডৰ এজন স্তম্ভলেখক।[7]
- তেওঁ এগৰাকী স্বাস্থ্য বিশেষজ্ঞ আৰু ডিএনএ-ডেইলী নিউজ এণ্ড এনালাইচিছৰ মুম্বাইস্থিত ইংৰাজী দৈনিক কাকতৰ স্তম্ভলেখক।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Dr. V. Jain's list of publications". bioinfo.pl. http://lib.bioinfo.pl/auid:1334699.[সংযোগবিহীন উৎস]
- ↑ "Children worst hit by eye injuries this Diwali - Indian Express". www.indianexpress.com. http://www.indianexpress.com/news/children-worst-hit-by-eye-injuries-this-diwali/380137/.
- ↑ "Conjunctivitis on the rise". expressindia.com. Archived from the original on 30 September 2012. https://web.archive.org/web/20120930070712/http://www.expressindia.com/latest-news/conjunctivitis-cases-on-the-rise-in-city/219807/। আহৰণ কৰা হৈছে: 23 February 2025.
- ↑ "Stem Cell Therapy: Medicine's Holy Grail". rutgers.edu. Archived from the original on 9 July 2012. https://archive.today/20120709105822/http://carecure.rutgers.edu/spinewire/forum/showthread.php?t=81578। আহৰণ কৰা হৈছে: 23 February 2025.
- ↑ "These eyes are dangerous". www.mid-day.com. http://www.mid-day.com/lifestyle/2008/oct/291008-new-research-contact-lenses-eye-concerns-dos-and-donts-health-lifestyle.htm.
- ↑ "Children suffer eye injuries while bursting crackers - Latest News & Updates at Daily News & Analysis". dnaindia.com. 2 November 2008. http://www.dnaindia.com/report.asp?newsid=1202606.
- ↑ "The Art of Contact lens Maintenance". deccanherald.com. http://www.deccanherald.com/content/Aug232008/living2008082285978.asp.