বন্দনা সিং
বন্দনা সিং | |
|---|---|
| বিধায়ক, ১৭তম বিধানসভা | |
| কাৰ্যকাল মাৰ্চ ২০১৭ – মাৰ্চ ২০২২ | |
| পূৰ্বসূৰী | অভয় নাৰায়ণ |
| সমষ্টি | সাগৰ, আজমগড় |
| ব্যক্তিগত তথ্য | |
| জন্ম | ০৭ অক্টোবৰ, ১৯৮১ (৪৪ বছৰ) টেগনা, মৌ, উত্তৰ প্ৰদেশ। [1] |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি (২০২১-বৰ্তমান) |
| দাম্পত্যসঙ্গী | সাঁচ:বিবাহিত |
| সমন্ধ | যশ ঠাকুৰ (ভতিজা) |
| সন্তান | কৃতিকা সিং ৰাথৌৰ, সমৰ্থ সিং ৰাথৌৰ, ধৈৰ্য্য সিং ৰাথৌৰ |
| পিতৃ-মাতৃ | ৰবীন্দ্ৰ নাথ সিং (পিতৃ) [2] |
| বাসস্থান | বিধায়ক নিৱাস, লক্ষ্ণৌ উত্তৰ প্ৰদেশ |
| শিক্ষানুষ্ঠান | বীৰ বাহাদুৰ সিং পূৰ্বাঞ্চল বিশ্ববিদ্যালয় [3] |
| পেচা | বিধায়ক |
| জীৱিকা | ৰাজনীতিবিদ, কৃষি otherparty = বহুজন সমাজ পাৰ্টি (২০২১ চনলৈকে) |
বন্দনা সিং ইংৰাজী: :Bandana Singh ; এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ আজমগড় জিলাৰ ১৭ নং বিধানসভাৰ সদস্য। তেওঁ উত্তৰ প্ৰদেশৰ ছাগৰী সমষ্টিক প্ৰতিনিধিত্ব কৰে আৰু বহুজন সমাজ পাৰ্টিৰ সদস্য।[2]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]সিংহৰ জন্ম ১৯৮১ চনৰ ২৪ মাৰ্চ তাৰিখে উত্তৰ প্ৰদেশৰ মাউ জিলাৰ টেগনা গাঁৱত হৈছিল। তেওঁৰ পিতৃৰ নাম শ্ৰী ৰবীন্দ্ৰ নাথ সিংহ। ২০০৩ চনত তেওঁ সৰ্বেশ সিংহ চিপুৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। চিপু ছাগৰীৰ প্ৰাক্তন বিধায়ক আছিল। ২০১৩ চনত কিছুমান অজ্ঞাত বন্দুকধাৰী তেওঁৰ ঘৰতে তেওঁক গুলীয়াই হত্যা কৰিছিল।[4] তেওঁলোকৰ দুজন পুত্ৰ আৰু এজনী কন্যা সন্তান আছে। তেওঁ ক্ষত্রিয় পৰিয়ালৰ সদস্য।
তেওঁ ২০০৩ চনত বীৰ বাহাদুৰ সিংহ পূৰ্বাঞ্চল বিশ্ববিদ্যালয়ৰ পৰা কলাস্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ২০০৯ চনত বি.এড.সম্পন্ন কৰে।[1]
ৰাজনৈতিক জীৱন
[সম্পাদনা কৰক]সিংহ উত্তৰ প্ৰদেশৰ ১৭তম বিধানসভাৰ সদস্য আছিল। ২০১৭ চনৰ পৰা, তেওঁ ছাগৰী বিধানসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰি আহিছে আৰু বহুজন সমাজ পাৰ্টিৰ (BSP) সদস্য। [2]তেওঁ সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী জয়ৰাম পটেলক ৫,৪৭৫ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল।[5]
পদসমূহ
[সম্পাদনা কৰক]মাৰ্চ ২০১৭ ৰ পৰা মাৰ্চ ২০২২লৈ- সদস্য পদ- ১৭তম উত্তৰ প্ৰদেশ বিধানসভা।[6]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Member Profile". official website of Legislative Assembly of Uttar Pradesh. http://www.upvidhansabhaproceedings.gov.in/member?memberId=20601। আহৰণ কৰা হৈছে: 9 December 2018.[সংযোগবিহীন উৎস]
- ↑ 2.0 2.1 2.2 "Candidate affidavit". my neta.info. http://www.myneta.info/uttarpradesh2017/candidate.php?candidate_id=4558। আহৰণ কৰা হৈছে: 9 December 2018.
- ↑ "Bandana Singh(Bahujan Samaj Party(BSP)):Constituency- SAGRI(AZAMGARH) - Affidavit Information of Candidate". http://myneta.info/uttarpradesh2017/candidate.php?candidate_id=4558.
- ↑ Zanane, Anant (19 July 2013). "Former MLA Sarvesh Singh shot dead by gunmen on bikes at his home, violence in Azamgarh". NDTV. https://www.ndtv.com/india-news/former-mla-sarvesh-singh-shot-dead-by-gunmen-on-bikes-at-his-home-violence-in-azamgarh-528844.
- ↑ "Assembly result 2017". Elections.in. http://www.elections.in/uttar-pradesh/assembly-constituencies/sagri.html। আহৰণ কৰা হৈছে: 9 December 2018.
- ↑ "Uttar Pradesh 2017 Result". Election Commission of India. https://eci.nic.in/eci_main/archiveofge2017/UP/10.Detailed%20Results.pdf। আহৰণ কৰা হৈছে: 9 December 2018.