বন্দিনী (চলচ্চিত্ৰ)
বন্দিনী | |
---|---|
![]() | |
পৰিচালক | বিমল ৰায় |
ৰচনা | নবেন্দু ঘোষ (চিত্ৰনাট্য) পল মহেন্দ্ৰ (সংলাপ) |
ভিত্তি | তামসী লেখক: চাৰুচন্দ্ৰ চক্ৰৱৰ্তী |
প্ৰযোজক | বিমল ৰায় |
অভিনয়ত | নূতন অশোক কুমাৰ ধৰ্মেন্দ্ৰ |
চিত্ৰগ্ৰহণকাৰী | কমল বসু |
সম্পাদনা | মধু প্ৰভালকৰ |
সংগীত পৰিচালক | শশীন দেৱ বৰ্মন |
মুক্তি |
১৯৬৩ |
দৈৰ্ঘ্য |
১৫৭ মিনিট |
দেশ | ভাৰত |
ভাষা | হিন্দী |
বন্দিনী' (ইংৰাজী: Bandini) ১৯৬৩ চনৰ বিমল ৰায়ৰ পৰিচালনা আৰু প্ৰযোজনাত নিৰ্মিত এখন হিন্দী নাট্যধৰ্মী ছবি। ইয়াত নূতন, অশোক কুমাৰ আৰু ধৰ্মেন্দ্ৰই অভিনয় কৰিছে । হত্যাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা ছবিখনত কাৰাবন্দী হৈ থকা এগৰাকী সৰ্বদুখী, নিস্বাৰ্থ, ত্যাগী আৰু শক্তিশালী, অথচ দুৰ্বল ভাৰতীয় মহিলাৰ কাহিনী বৰ্ণনা কৰা হৈছে। তেওঁ দুজন বেলেগ বেলেগ পুৰুষৰ মাজৰ পৰা এজন বাছনি কৰিব লাগে; ইয়াৰে এজন দেৱেন্দ্ৰ (ধৰ্মেন্দ্ৰ) যি এজন মৰমিয়াল ব্যক্তি আৰু কাৰাগাৰৰ চিকিৎসক। আনজন বিকাশ (অশোক কুমাৰ), তেওঁৰ অতীতৰ এজন পুৰুষ।[1]
এই ছবিখন জৰাসন্ধাৰ (চাৰু চন্দ্ৰ চক্ৰৱৰ্তী) বাংলা উপন্যাস “তামসী”ৰ আধাৰত নিৰ্মিত, যি এজন প্ৰাক্তন কাৰা-অধীক্ষক আছিল আৰু নিজ কৰ্মজীৱনৰ অধিকাংশ সময় অধীক্ষক ৰূপে উত্তৰ বংগৰ এখন কাৰাগাৰত কটাইছিল। উপন্যাসখনত তেওঁৰ অভিজ্ঞতাৰ কাল্পনিক ৰূপ বৰ্ণিত হৈছে।
বন্দিনী বছৰৰ দশম সৰ্বাধিক উপাৰ্জনকাৰী আছিল আৰু বক্স অফিচ ইণ্ডিয়াই ছবিখনত 'ছেমি হিট' হিচাপে ঘোষণা কৰিছল।[2] সমালোচকৰ প্ৰশংসা লাভ কৰাৰ উপৰিও সেই বছৰৰ শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাকে ধৰি মুঠ ছটা ফিল্মফেয়াৰ বঁটা লাভ কৰে। এতিয়াও ছবিখনত ১৯৬০ চনৰ এখন ঐতিহাসিক ছবি হিচাপে গণ্য কৰা হয়, বিশেষকৈ পৰিচালক বিমল ৰয়ৰ শেষ পূৰ্ণদৈৰ্ঘ্য ছবি হিচাপে।[3][4]
বঁটা
[সম্পাদনা কৰক]- একাদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- একাদশ ফিল্মফেয়াৰ বঁটা
- শ্ৰেষ্ঠ ছবি
- শ্ৰেষ্ঠ কাহিনী- জৰাসন্ধ** Best Actress: Nutan
- শ্ৰেষ্ঠ পৰিচালনা- বিমল ৰায়
- শ্ৰেষ্ঠ চিত্ৰগ্ৰহণ- কমল বসু
- শ্ৰেষ্ঠ শব্দগ্ৰহণ- দিনশ্ব বিলমৰীয়া
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ Chatterjee, Saibal; Nihalani, Govind; Gulzar (2003). Encyclopaedia of Hindi cinema. Popular Prakashan. পৃষ্ঠা. 599. ISBN 9788179910665. https://books.google.com/books?id=8y8vN9A14nkC&q=Bandini+.
- ↑ "Box Office 1963". Archived from the original on 12 February 2010. https://web.archive.org/web/20100212164010/http://www.boxofficeindia.com/showProd.php?itemCat=169&catName=MTk2Mw==। আহৰণ কৰা হৈছে: 16 February 2025. Box Office India.
- ↑ Bhagwan Das Garg (1996). So many cinemas: the motion picture in India. Eminence Designs. পৃষ্ঠা. 155. ISBN 81-900602-1-X. https://books.google.com/books?id=wXRZAAAAMAAJ&q=Bandini+.
- ↑ "Landmark films of the 60s: Bandini". RediffRediff.com. 26 November 2008. http://www.rediff.com/movies/2008/nov/26sd4-landmark-films-of-the-60s.htm। আহৰণ কৰা হৈছে: 4 October 2023.
- ↑ Tad Bentley Hammer (1991). International film prizes: an encyclopedia. Garland. পৃষ্ঠা. 223. ISBN 0-8240-7099-2. https://archive.org/details/internationalfil00hamm/page/223.
- ↑ "11th National Film Awards". International Film Festival of India. http://iffi.nic.in/Dff2011/Frm11thNFAAward.aspx। আহৰণ কৰা হৈছে: 13 September 2011.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Bandini at Bimal Roy Online Museum
- Bandini সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।