সমললৈ যাওক

ববী এলয়চিয়াছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ববী এলয়চিয়াছ

২০১৮ চনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ববী এলয়চিয়াছক ধ্যানচান্দ বঁটা প্ৰদান কৰিছে
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ২২ জুন, ১৯৭৪ (৫২ বছৰ)
চেম্পেৰী, কান্নুৰ, কেৰালা, ভাৰত
ক্ৰীড়া
দেশ  ভাৰত
ক্ৰীড়া এথলেটিক্স

ববী এলয়চিয়াছ (জন্ম: ২২ জুন ১৯৭৪) কেৰালাৰ এগৰাকী ভাৰতীয় এথলীট, যিয়ে ওখ জাঁপ (high jump) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। বৰ্তমান তেওঁ কেৰালাৰ তিৰুৱনন্তপুৰমত বাস কৰে। ১৯৯৫ চনৰ পৰা ২০১২ চনলৈকে তেওঁ ১.৯১ মিটাৰ উচ্চ জম্পৰ সৈতে ভাৰতীয় আৰু দক্ষিণ এছিয়াৰ অভিলেখ গঢ়িছিল।[1] ববীয়ে ২০০৪ চনৰ এথেন্স অলিম্পিকত অংশগ্ৰহণ কৰিছিল,[2] ২০০২ চনৰ বুছান এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰিছিল আৰু জাকাৰ্টা এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰিছিল।[3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ববীৰ জন্ম হৈছিল ভাৰতৰ কেৰালাৰ কান্নুৰৰ চেম্পেৰীত।[4] তেওঁ কেইবাবাৰো বিশ্ব ভ্ৰমণ কৰিছে আৰু ২০০৯ চনলৈকে যুক্তৰাজ্যৰ শ্ৰুচবেৰীত বাস কৰিছিল। ২০১৩ চনলৈকে তেওঁ তিৰুৱনন্তপুৰমত কেৰালা ৰাজ্যিক ক্ৰীড়া পৰিষদৰ সহকাৰী সম্পাদক (কাৰিকৰী) হিচাপেও কাম কৰিছিল। তেওঁ 'মৰুনাদান টিভি' নামৰ এটা অনলাইন চেনেলৰ প্ৰতিষ্ঠাপক তথা মুখ্য সংবাদ পাঠক ছাজন স্কাৰিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ তিনি সন্তান— ষ্টিফেন হোম স্কাৰিয়া, গংগোত্ৰী স্কাৰিয়া আৰু ঋত্বিক স্কাৰিয়া। তেওঁ কালিকট বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী।[5]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ববীয়ে ২০০৪ চনত চেন্নাইত অনুষ্ঠিত অলিম্পিক যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতাত মহিলাৰ উচ্চ জম্পত ১.৯১ মিটাৰৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল।[6] ২০১১ চনত মহাৰাজ ষ্টেডিয়ামত দিয়া এটা সাক্ষাৎকাৰত তেওঁ কৈছিল, "মই অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ খুবেই বিচাৰিছিলোঁ আৰু চেন্নাইৰ সেই জম্পটোত মই মোৰ সকলো শক্তি প্ৰয়োগ কৰি ১.৯১ মিটাৰ অতিক্ৰম কৰিছিলোঁ।"[7] ২০১২ চনত লণ্ডন অলিম্পিকৰ বাবে চাহানা কুমাৰীয়ে ১.৯২ মিটাৰ অতিক্ৰম নকৰা পৰ্যন্ত তেওঁৰ এই ৰাষ্ট্ৰীয় অভিলেখ অপৰাজিত হৈ আছিল।[8] আন্তৰ্জাতিক বিজয়ৰ উপৰিও ববীয়ে ২০০৩ চনত চেন্নাইত অনুষ্ঠিত নেশ্যনেল ডমেষ্টিক চাৰ্কিট মিটৰ মহিলা উচ্চ জম্প প্ৰতিযোগিতাতো জয়ী হৈছিল।[9]

বৰ্ষ প্ৰতিযোগিতা খেলৰ স্থান স্থান টোকা
ভাৰতক প্ৰতিনিধিত্ব কৰি
২০০০ এছিয়ান এথলেটিক্স চেম্পিয়নশ্বিপ জাকাৰ্টা, ইণ্ডোনেছিয়া ১ম ১.৮৩ মিটাৰ
২০০২ কমনৱেলথ গেমছ মানচেষ্টাৰ, যুক্তৰাজ্য ৪ৰ্থ ১.৮৭ মিটাৰ
এছিয়ান এথলেটিক্স চেম্পিয়নশ্বিপ কলম্বো, শ্ৰীলংকা ২য় ১.৮৪ মিটাৰ
এছিয়ান গেমছ বুছান, দক্ষিণ কোৰিয়া ২য় ১.৮৮ মিটাৰ
২০০৩ এছিয়ান এথলেটিক্স চেম্পিয়নশ্বিপ মানিলা, ফিলিপাইন ৪ৰ্থ ১.৮০ মিটাৰ
আফ্ৰো-এছিয়ান গেমছ হায়দৰাবাদ, ভাৰত ২য় ১.৮৮ মিটাৰ
২০০৪ এছিয়ান ইনড’ৰ এথলেটিক্স চেম্পিয়নশ্বিপ তেহৰাণ, ইৰাণ ২য় ১.৮১ মিটাৰ
অলিম্পিক গেমছ এথেন্স, গ্ৰীচ ২৮তম ১.৮৫ মিটাৰ

ববীয়ে নিজৰ ৰাজ্যৰ ক্ৰীড়া উন্নয়নৰ বাবে কেৰালা চৰকাৰৰ সৈতে কাম কৰিছে। কেৰালা ৰাজ্যিক ক্ৰীড়া পৰিষদৰ সহকাৰী সম্পাদক (কাৰিকৰী) হিচাপে কৰ্মৰত অৱস্থাত ববীয়ে ২০১১ চনত তিৰুৱনন্তপুৰমত 'স্পৰ্টছ কাউন্সিল হাই জম্প কাৰ্নিভাল' আয়োজন কৰিছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "It's Bobby Aloysius' day". The Hindu (Chennai, India). 4 June 2002. Archived from the original on 27 October 2010. https://web.archive.org/web/20101027081710/http://www.hindu.com/2002/06/04/stories/2002060402852000.htm আহৰণ কৰা হৈছে: 22 January 2010.
  2. "The Olympics: 2004: Athletics: Newi student falls short in heats.". Daily Post (Liverpool, England). 27 August 2004. Archived from the original on 2 November 2012. https://web.archive.org/web/20121102231458/http://www.highbeam.com/doc/1G1-121352623.html আহৰণ কৰা হৈছে: 22 January 2010.
  3. Mohan, K. P. (30 August 2000). "Bobby Aloysius scales to a surprise gold". The Hindu (Chennai, India). Archived from the original on 4 June 2011. https://web.archive.org/web/20110604105540/http://www.hindu.com/2000/08/30/stories/07300113.htm আহৰণ কৰা হৈছে: 22 January 2010.
  4. "Bobby's Flop show is a big hit". The Indian Express. 22 July 1998. http://www.indianexpress.com/res/web/pIe/ie/daily/19980722/20350464.html আহৰণ কৰা হৈছে: 22 January 2010.
  5. "Department of Physical Education". University of Calicut. Archived from the original on 29 January 2009. https://web.archive.org/web/20090129231236/http://universityofcalicut.info/dpe/start.htm আহৰণ কৰা হৈছে: 22 January 2010.
  6. "The wait is over for Bobby - Times of India". 17 September 2018. https://timesofindia.indiatimes.com/sports/more-sports/athletics/the-wait-is-over-for-bobby/articleshow/65847587.cms.
  7. Rayan, Stan (2011-12-09). "Sport should be fun, says Bobby Aloysius" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/sport/athletics/sport-should-be-fun-says-bobby-aloysius/article2698409.ece.
  8. "Sahana Kumari qualifies for London Olympics". The Times of India. June 23, 2012. https://timesofindia.indiatimes.com/news/Sahana-Kumari-qualifies-for-London-Olympics/articleshow/14362687.cms আহৰণ কৰা হৈছে: 2019-07-27.
  9. "ATHLETICS: Kerala's Bobby Aloysius Who won the women's High Jump event at the National Domestic... | The Hindu Images". thehinduimages.com. Archived from the original on 2021-06-22. https://web.archive.org/web/20210622090229/https://thehinduimages.com/details-page.php?id=1440281 আহৰণ কৰা হৈছে: 2019-07-27.