ববী (১৯৭৩ চলচ্চিত্ৰ)
ববী | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | ৰাজ কাপুৰ |
কাহিনী | খাজা আহমেদ আব্বাছ |
প্ৰযোজক | ৰাজ কাপুৰ |
অভিনয়ত | ঋষি কাপুৰ ডিম্পল কপাড়িয়া প্ৰেম নাথ প্ৰাণ |
চিত্ৰগ্ৰহণকাৰী | ৰাধু কৰ্মকাৰ |
সম্পাদনা | ৰাজ কাপুৰ |
সংগীত পৰিচালক | লক্ষ্মীকান্ত-প্যাৰেলাল |
মুক্তি |
২৮ ছেপ্টেম্বৰ ১৯৭৩ |
দৈৰ্ঘ্য |
১৬৯ মিনিট |
দেশ | ভাৰত |
ভাষা | হিন্দী |
সৰ্বমুঠ আয় | est. ৩১ কোটি |
ববী (ইংৰাজী: Bobby ) ১৯৭৩ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন সংগীতমধুৰ ৰোমাঞ্চ ছবি। পৰিচালনা আৰু প্ৰযোজনা ৰাজ কাপুৰৰ আৰু ৰচনা খাজা আহমদ আব্বাছৰ।[1] ছবিখনত ৰাজ কাপুৰৰ পুত্ৰ ঋষি কাপুৰে ডিম্পল কপাড়িয়াৰ প্ৰথম মুখ্য চৰিত্ৰত অভিনয় কৰিছে।[2] ববীয়ে ১৯৭৩ চনৰ সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবিৰ স্থান নিশ্চিত কৰি এই ছবিখন ব্লকবাষ্টাৰ হৈ পৰে,[3] ভাৰতীয় বক্স অফিচত ১৯৭০ দশকৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ছবি[4] আৰু সৰ্বকালৰ শীৰ্ষ ২০খন সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবিৰ ভিতৰত অন্যতম (যেতিয়া মুদ্ৰাস্ফীতিৰ সৈতে সামঞ্জস্য ৰাখি)।[5] ইয়াৰ উপৰিও এইখন ভাৰতৰ বাহিৰত, ছোভিয়েট ইউনিয়নতো ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হয়, য'ত ছবিখনে ৬২.৬ মিলিয়ন দৰ্শকক আকৰ্ষণ কৰে[6] আৰু ফলস্বৰূপে এইখন ছোভিয়েট ইউনিয়নৰ সৰ্বকালৰ শীৰ্ষ ২০খন বক্স অফিচ হিট ছবিৰ ভিতৰত অন্যতম হ’ব পাৰিছে।[7][8]
ছবিখন ট্ৰেণ্ড-চেটাৰ হৈ পৰিছিল। এইখন সাংঘাটিক লোকপ্ৰিয় হৈছিল আৰু ব্যাপকৰূপত অনুকৰণ কৰা হৈছিল। এইখনে বলীউডত ধনী-দুখীয়াৰ সংঘৰ্ষৰ পটভূমিত কিশোৰ ৰোমাঞ্চ শৈলীটোৰ পৰিচয় কৰাই দিছিল। ইয়াৰ পৰৱৰ্তী বছৰ আৰু দশকবোৰত অসংখ্য ছবিয়ে এইখনৰ কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। ইণ্ডিয়াটাইমছ মুভীজে ববীক 'বলীউডৰ শীৰ্ষ ৩০ খন চাবলগীয়া ছবি'ৰ ভিতৰত স্থান দিছে।[9] ১৯৮০ চনত পৰৱাজ দৰ গাফাছ নামেৰে পাৰ্চী ভাষাত পুনৰ নিৰ্মাণ কৰা এই ছবিখন আছিল ডিম্পল কপাড়িয়াৰ ৭০ৰ দশকৰ প্ৰথম আৰু একমাত্ৰ ছবি। তেওঁ কম বয়সতে বিয়া কৰাই ছবি উদ্যোগ এৰি দিছিল আৰু ৮০ৰ দশকৰ মাজভাগত পুনৰ ছবি জগতলৈ উভতি আহিছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Fashion Friday: Crop tops to two-piece bikini, 16-year-old Dimple Kapadia was a style icon in Bobby". https://www.indiatoday.in/lifestyle/fashion/story/fashion-friday-crop-tops-to-two-piece-bikini-16-year-old-dimple-kapadia-was-a-style-icon-in-bobby-1685872-2020-06-05.
- ↑ "Box Office 1973". Boxofficeindia.com. Archived from the original on 2011-07-21. https://web.archive.org/web/20110721044326/http://boxofficeindia.com/showProd.php?itemCat=179&catName=MTk3Mw%3D%3D%2F1973.htm। আহৰণ কৰা হৈছে: 2011-06-01.
- ↑ "Top Earners 1970–1979". Boxofficeindia.com. Archived from the original on 2013-10-14. https://web.archive.org/web/20131014062240/http://boxofficeindia.com/showProd.php?itemCat=124&catName=MTk3MC0xOTc5। আহৰণ কৰা হৈছে: 2011-06-01.
- ↑ Kanwar, Rachna (3 October 2005). "25 Must See Bollywood Movies". Indiatimes movies. Archived from the original on 22 August 2008. https://web.archive.org/web/20080822132837/http://movies.indiatimes.com/Special_Features/25_Must_See_Bollywood_Movies/articleshow/msid-1250837,curpg-11.cms.
- ↑ "Proud of Ranbir's choice of roles: Rishi Kapoor – Latest News & Updates at Daily News & Analysis". 15 September 2012. http://www.dnaindia.com/entertainment/report_proud-of-ranbir-s-choice-of-roles-rishi-kapoor_1741229। আহৰণ কৰা হৈছে: 14 June 2017.
- ↑ "Shah Rukh Khan ek kamre mein band in Kashmir". Archived from the original on 4 April 2014. https://web.archive.org/web/20140404062106/http://movies.ndtv.com/bollywood/shah-rukh-khan-ek-kamre-mein-band-in-kashmir-262823। আহৰণ কৰা হৈছে: 28 February 2014.
- ↑ সাঁচ:Google maps
- ↑ With RK Studios up for sale in Mumbai, here is how Pune still hangs on to Raj Kapoor’s memories Archived 12 July 2020 at the Wayback Machine, Hindustan Times, Sep 02, 2018.
- ↑ Raj Kapoor Memorial Archived 5 July 2020 at the Wayback Machine, mitsft.in.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Bobby সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ৰ'টেন টমাট'জ ৱেবছাইটত Bobby।