বম্বে টকীজ
| উদ্যোগ | মনোৰঞ্জন |
|---|---|
| স্থাপিত | ২২ জুন ১৯৩৪ |
| বন্ধ হয় | ১৩ অক্টোবৰ ১৯৫৩ |
| মুখ্য কাৰ্যালয় | মালাদ, মুম্বাই, মহাৰাষ্ট্ৰ |
| দেশ/অঞ্চল | ব্ৰিটিছ ভাৰত |
| পণ্য | চলচ্চিত্ৰ নিৰ্মাণ |
বম্বে টকীজ (ইংৰাজী: Bombay Talkies) ১৯৩৪ চনত প্ৰতিষ্ঠা হোৱা এটা ফিল্ম ষ্টুডিঅ' আছিল। ভাৰতৰ বম্বে চহৰৰ উপকণ্ঠ অঞ্চল মালাদত অৱস্থিত বম্বে টকীজে নিজৰ কাৰ্যকালত ৪০ খন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।
১৯৩৪ চনত হিমাংশু ৰায় আৰু দেৱীকা ৰাণীয়ে এই ষ্টুডিঅ’টো প্ৰতিষ্ঠা কৰিছিল। ১৯৪০ চনত ৰায়ৰ মৃত্যুৰ পিছত ৰাণীয়ে ষ্টুডিঅ’টোৰ দায়িত্ব লয়। অশোক কুমাৰে ১৯৪৩ চনলৈকে ষ্টুডিঅ’টোৰ আগশাৰীৰ অভিনেতা হিচাপে কাম কৰে আৰু তাৰ পিছত শশধৰ মুখাৰ্জীৰ সৈতে ফিল্মিষ্টান নামৰ আন এটা ষ্টুডিঅ’ প্ৰতিষ্ঠা কৰে। ৰাণীৰ অৱসৰৰ পিছত কুমাৰ আৰু মুখাৰ্জীয়ে বম্বে টকীজৰ দায়িত্ব লয়। ১৯৫৩ চনত কোম্পানীটোৰ ব্যৱসায় বন্ধ হৈ যায়। ১৯৫৪ চনৰ জুন মাহত ষ্টুডিঅ'টোৱে নিৰ্মাণ কৰা শেষৰখন ছবি মুক্তি পায়।[1][2]
ইতিহাস
[সম্পাদনা কৰক]ই প্ৰতিনিধিত্ব কৰা চলচ্চিত্ৰ ইতিহাসৰ সময়ছোৱাত বম্বে টকীজক এক অভিনৱ আৰু অতি সম্পদশালী চলচ্চিত্ৰ ষ্টুডিঅ’ হিচাপে গণ্য কৰা হৈছিল। আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সৈতে সংগতি ৰাখি ষ্টুডিঅ’ৰ সুবিধাসমূহৰ ভিতৰত আছিল শব্দ আৰু প্ৰতিধ্বনি-ৰহিত মঞ্চ, পৰীক্ষাগাৰ, সম্পাদনা কক্ষ আৰু এটা পূৰ্বাৱলোকন থিয়েটাৰ। অভিজ্ঞ ইউৰোপীয় কাৰিকৰী লোকক নিয়োগ কৰি বম্বে টকীজৰ সুনাম আৰু অধিক বৃদ্ধি পাইছিল আৰু এই সকলৰ ভিতৰত আটাইতকৈ বিশিষ্ট আছিল ফ্ৰেঞ্জ অষ্টেন।
বম্বে টকীজে ভাৰতত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে উচ্চ কাৰিকৰী মানদণ্ড নিৰ্ধাৰণ কৰিছিল আৰু চলচ্চিত্ৰ নিৰ্মাণ আৰু অভিনয় মাধ্যমত পেছাদাৰিত্বৰ ক্ষেত্ৰত এনে এক স্তৰ প্ৰৱৰ্তনৰ কৃতিত্ব লাভ কৰিছিল, যিটো প্ৰতিদ্বন্দ্বী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাণ কোম্পানীয়ে নিৰ্ধাৰণ কৰা মানদণ্ডতকৈ উচ্চ বুলি কোৱা হয়। ভাৰতীয় ছবিৰ সৈতে পৰম্পৰাগতভাৱে জড়িত নান্দনিকতা আৰু প্ৰযুক্তিৰ পৰিৱৰ্তনৰ বাবে বম্বে টকীজে সুনাম অৰ্জন কৰিছিল। ইয়াৰ উপৰিও তেতিয়াৰ বিতৰ্কিত বিষয়, যেনে এগৰাকী অস্পৃশ্য নিম্নবৰ্ণৰ ছোৱালী আৰু এজন উচ্চ বৰ্ণৰ হিন্দু ব্ৰাহ্মণ ল’ৰাৰ মাজৰ প্ৰেমৰ ছবি, অছুৎ কন্যা নিৰ্মাণৰ বাবেও বিখ্যাত আছিল।
বম্বে টকীজৰ অন্যতম সফল অভিনেত্ৰী, ভাৰতৰ প্ৰথম চলচ্চিত্ৰ দেৱী হিচাপে পৰিগণিত হোৱা দেৱিকা ৰাণীয়ে জৱানী কি হাৱা (১৯৩৫) আৰু জীৱন নেইয়াৰ (১৯৩৬) লগতে কোম্পানীটোৰ আন কেইবাখনো অতি সফল প্ৰডাকচনত অভিনয় কৰিছিল। একেদৰেই এই ষ্টুডিঅ’ক দেৱিকা ৰাণী, অশোক কুমাৰ, লীলা চিটনিছ, মেহমুদ আলী, মধুবালা, দিলীপ কুমাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ভাৰতীয় চলচ্চিত্ৰ অভিনেতা-অভিনেত্ৰীৰ কেৰিয়াৰ আৰম্ভ কৰাৰ কৃতিত্ব দিয়া হয়। মধুবালা আৰু দিলীপ কুমাৰে বম্বে টকীজৰ চাৰিখন ছবিত অভিনয় কৰিছিল আৰু দীঘলীয়া, অতি গোপনীয় প্ৰেমৰ সম্পৰ্কত লিপ্ত হৈছিল।[3] ৰাজ কাপুৰ এজন প্ৰসিদ্ধ পৰিচালক হোৱাৰ পূৰ্বে বম্বে টকীজৰ অমিয়া চক্ৰৱৰ্তীৰ সহায়ক হিচাপে কাম কৰিছিল।[4]
অৱনমন
[সম্পাদনা কৰক]বম্বে টকীজৰ মুখ্য প্ৰযোজক হিচাপে দেৱিকা ৰাণী সফলতা লাভ কৰাৰ পিছতো ১৯৪৩ চনত তেওঁৰ আৰু তেওঁৰ প্ৰবন্ধক শশধৰ মুখাৰ্জী আৰু অশোক কুমাৰৰ মাজত বিভাজনৰ সৃষ্টি হয়। যদিও এই বিভাজনৰ কাৰণ কেতিয়াও ৰাজহুৱা হোৱা নাই আৰু চলচ্চিত্ৰ জগতৰ পৰ্যবেক্ষকসকলৰ বাবে বহুলাংশে অস্পষ্ট হৈয়েই থাকিল; তথাপি শশধৰ মুখাৰ্জী আৰু অশোক কুমাৰে বম্বে টকীজৰ আঁৰত নিজাকৈ প্ৰডাকচন হাউচ আৰম্ভ কৰাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ উঠে।
এফালে দেৱিকা ৰাণী আৰু আনফালে শশধৰ মুখাৰ্জী আৰু অশোক কুমাৰৰ মাজত হোৱা আলোচনাই কোম্পানীটোক একত্ৰিত কৰাত ব্যৰ্থ হয়। শশধৰ মুখাৰ্জী, অশোক কুমাৰ আদি কেইজনমানে ১৯৪৩ চনত কোম্পানী এৰি ফিল্মিস্তান প্ৰতিষ্ঠা কৰে। ১৯৪৫ চনত দেৱিকা ৰাণীয়ে ৰাছিয়াৰ চিত্ৰশিল্পী স্বেটোস্লাভ ৰোৰিকৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু বম্বে টকীজৰ নিজৰ শ্বেয়াৰ বিক্ৰী কৰি উদ্যোগটো এৰি দিয়ে। ষ্টুডিঅ’টোক পুনৰ একত্ৰিত কৰাৰ কেইবাবাৰো চেষ্টা কৰাৰ পিছত ইয়াক তোলাৰাম জালান নামৰ এজন ব্যৱসায়ীক বিক্ৰী কৰা হয় আৰু যিয়ে ১৯৫৩ চনত ইয়াৰ কাম-কাজ বন্ধ কৰাৰ সিদ্ধান্ত লয়।
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ Tejaswini Ganti (2013). Bollywood: A Guidebook to Popular Hindi Cinema. Routledge. পৃষ্ঠা. 17. ISBN 9780415583848. https://books.google.com/books?id=Elj3r-nAOFwC&pg=PA17.
- ↑ Christian Rogowski (2010). The Many Faces of Weimar Cinema. Camden House. পৃষ্ঠা. 169. ISBN 9781571134295. https://books.google.com/books?id=eR-H75ZxHnUC&pg=PA169.
- ↑ "The legend of Madhubala | Magazines | DAWN.COM". http://www.dawn.com/2011/06/05/non-fiction-on-screen-off-the-legend-of-madhubala.html.
- ↑ Madhu Jain (2009). Kapoors: The First Family of Indian Cinema. Penguin UK. ISBN 9788184758139. https://books.google.com/books?id=l3heZ8I-k9AC&pg=PT96.
অধিক পঠন
[সম্পাদনা কৰক]- Franz Osten and the Bombay Talkies: Journey from Munich to Malad by Amrita Ganger (Max Mueller Bhavan, Bombay, 2001)