সমললৈ যাওক

বলধাৰোহী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বলধাৰোহী  
লেখক প্ৰকল্প ৰঞ্জন ভাগৱতী
প্ৰচ্ছদ শিল্পী সচ্চিদানন্দ শইকীয়া
দেশ ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ কবিতা
প্ৰকাশক অসম পাবলিচিং কোম্পানী
প্ৰকাশ ২੦২১
মিডিয়া প্ৰকাৰ মুদ্ৰিত (পকাবন্ধা)
পৃষ্ঠা সংখ্যা ৬৪
আই.এচ.বি.এন. 978-93-90043-09-5

বলধাৰোহী (ইংৰাজী: Baladharohi) (২০২১) প্ৰকল্প ৰঞ্জন ভাগৱতীৰ একমাত্ৰ অসমীয়া কবিতা-সংকলন। ২০২১ চনৰ জানুৱাৰী মাহত অসম পাবলিচিং কোম্পানীয়ে সংকলনটি প্ৰকাশ কৰে।[1][2][3]

বিষয়বস্তু

[সম্পাদনা কৰক]
‘বলধাৰোহী’ৰ প্ৰচ্ছদ

কবিতা-সংকলনটিত মুঠ আঠত্ৰিছটা কবিতা সন্নিৱিষ্ট হৈছে। প্ৰথম ছটা কবিতাৰ ৰচনাকাল ১৯৯৭-২০১৫ আৰু বাকীখিনি কবিতাৰ ৰচনাকাল ২০১৯-২০২০।[1] সংকলনটিৰ আগকথা লিখিছে বিশিষ্ট সাহিত্যিক হৰেকৃষ্ণ ডেকাই।[1] আগকথাত ডেকাই ভাগৱতীৰ কবিতাৰ বৈশিষ্ট্য সম্পৰ্কে ক’বলৈ গৈ কৈছে-- “অলংকাৰৰ অযথা প্ৰয়োগ পৰিহাৰ কৰিব পৰাটো তেওঁৰ আত্মবিশ্বাসৰ পৰিচায়ক৷”[1] সংকলনটিৰ শেষৰ ফালে সমালোচক আনন্দ বৰমুদৈৰ 'প্ৰকল্প ৰঞ্জন ভাগৱতীৰ কবিতা' শীৰ্ষক এটি সমালোচনা সন্নিৱিষ্ট হৈছে, য’ত তেওঁ কৈছে যে ভাগৱতীৰ একাধিক কবিতাত সমাজ-জীৱন কলুষিত কৰা অমংগলৰ সূক্ষ্ম বিদ্ৰূপ আৰু সমালোচনা সোমাই আছে।[1] সমালোচক মুনীন বায়নৰ মতে বুদ্ধিদীপ্ত ব্যংগ আৰু পৰিহাসময়তাই ভাগৱতীৰ কবিতাক নাগৰিক জীৱনৰ ওচৰ চপাই আনিছে৷[1] কবি অনুভৱ তুলসীৰ মতে ভাগৱতীৰ কবিতা ‘এক চিন্তাশীলৰ আকৰ্ষণীয় কৰ্ষণ৷’[1] লেখক কুমাৰ বিভূতিৰ মতে সংকলনটোৰ কবিতাবোৰ অনাড়ম্বৰ, অথচ হৃদয়ভেদ্য৷[4] সমালোচক সিদ্ধাৰ্থ গোস্বামীৰ মতে কবিতাবোৰত প্ৰচ্ছন্ন হৈ আছে সমাজ সমালোচনা, ব্যৱস্থাৰ প্ৰতি ব্যংগ, বিদ্ৰূপ, শ্লেষ৷[2] কবি, সমালোচক ৰাজীব বৰাই কৈছে, “ইয়াত সন্নিৱিষ্ট কবিতাখিনিৰে তেওঁ সাম্প্ৰতিক অসমীয়া কবিতাৰ এটা গুৰুত্বপূৰ্ণ স্বৰ হৈ ধৰা দিয়া যেন অনুভৱ হৈছে৷”[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 বলধাৰোহী, প্ৰকল্প ৰঞ্জন ভাগৱতী, অসম পাবলিচিং কোম্পানী, গুৱাহাটী, ২੦২১, ISBN 978-93-90043-09-5
  2. 2.0 2.1 ‘বলধাৰোহীৰ কবিতাবোৰ: এক নতুন সোৱাদ’, সিদ্ধাৰ্থ গোস্বামী, অসম আদিত্য, ২২ মে’, ২੦২২৷ (https://epaper.asomaditya.com/epaper/m/226330/6289afe7dfb46?fbclid=IwZXh0bgNhZW0CMTEAAR0PhzOHL-a9xE94V3eGcq-cnalDA_PwgI2F43xsaOkLZv8mfwRDTWFCGzY_aem_oVl-Bz7X_vPb13KyB94FpQ)
  3. https://poetrywithoutfear.com/baladharohi-aru-anyanya-kabita-of-prakalpa-ranjan-bhagawati-by-mridul-bordoloi/
  4. কুমাৰ বিভূতি, সাতসৰী, ছেপ্টেম্বৰ, ২੦২১
  5. ৰাজীব বৰা, অসমীয়া খবৰ, ৩੦ অক্টোবৰ, ২੦২১