সমললৈ যাওক

বসুন্ধৰা কোমকলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বসুন্ধৰা কোমকলী

বসুন্ধৰা কোমকলীয়ে পদ্মশ্ৰী গ্ৰহণ কৰিছে
জন্ম ২৩ মে', ১৯৩১
জামচেদপুৰ, ঝাৰখণ্ড
মৃত্যু ২৯ জুলাই, ২০১৫ (৮৪ বছৰ)
দেৱাছ, মধ্যপ্ৰদেশ
সমাধিস্থল দেৱাছ
22°57′48.6″N 76°02′44.8″E / 22.9635°N 76.045778°E / 22.9635; 76.045778
অন্য নাম বসুন্ধৰা শ্ৰীখণ্ডে
পেচা শাস্ত্ৰীয় সংগীতজ্ঞ
সক্ৰিয় হৈ থকা সময় ১৯৪৩-২০১৫
জনা যায় হিন্দুস্তানী কণ্ঠ সংগীত
দাম্পত্যসঙ্গী কুমাৰ গন্ধৰ্ব
সন্তান কলাপিনী কোমকলী
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী
সংগীত নাটক একাডেমী বঁটা


বসুন্ধৰা কোমকলী (ইংৰাজী: Vasundhara Komkali ; ১৯৩১–২০১৫) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ আৰু গোৱালিয়ৰ ঘৰানাৰ অন্যতম প্ৰতিপাদক আছিল, যিটো হিন্দুস্তানী সংগীতৰ এটা পুৰণি খয়াল পৰম্পৰা। তেওঁ জনপ্ৰিয়ভাৱে বসুন্ধৰা তাঈ নামেৰে পৰিচিত। তেওঁ প্ৰখ্যাত সংগীতজ্ঞ কুমাৰ গন্ধৰ্বৰ পত্নী।[1] তেওঁ ২০০৯ চনৰ সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।[2] ভাৰতীয় শাস্ত্ৰীয় সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৬ ভাৰত চৰকাৰে চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[3]

১৯৩১ চনৰ ২৩ মে'ত ভাৰতৰ ঝাৰখণ্ড ৰাজ্যৰ সৰ্ববৃহৎ চহৰ জামছেদপুৰৰ এটা সংগীতপ্ৰেমী পৰিয়ালত বসুন্ধৰা কোমকলীৰ জন্ম হৈছিল। তেওঁৰ আৰম্ভণিৰ বছৰবোৰ কলকাতাত পাৰ হয়, য'ত তেওঁ ১২ বছৰ বয়সত সৰ্বভাৰতীয় সংগীত সন্মিলনত কুমাৰ গন্ধৰ্বক লগ পাইছিল আৰু বিখ্যাত সংগীতজ্ঞজনৰ অধীনত শাস্ত্ৰীয় সংগীত শিকিবলৈ তেওঁৰ ইচ্ছাৰ বিষয়ে জনাইছিল।[4] গন্ধৰ্ৱই তেওঁক মুম্বাইলৈ আহিবলৈ ক'লে কিন্তু ইতিমধ্যে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল, যাৰ বাবে তেওঁ মুম্বাইলৈ যাব নোৱাৰিলে। তেওঁ কলকাতাতে থাকি সংগীত শিকি অল ইণ্ডিয়া ৰেডিঅ’ৰ কলকাতা কেন্দ্ৰত সংগীত পৰিবেশন কৰিবলৈ আৰম্ভ কৰে। যুদ্ধৰ পিছত ১৯৪৬ চনত মুম্বাইলৈ গুচি যায় আৰু বিশিষ্ট কণ্ঠশিল্পী আৰু সংগীত বিজ্ঞানী বি আৰ দেওধৰৰ অধীনত প্ৰশিক্ষণ আৰম্ভ কৰে, কাৰণ সেই সময়ছোৱাত গন্ধৰ্বই তেওঁক শিকাবলৈ সময় নাপালে।[5] পিছলৈ তেওঁ প্ৰশিক্ষণৰ বাবে গন্ধৰ্বৰ ওচৰলৈ যায় আৰু ১৯৬২ চনত প্ৰখ্যাত সংগীতজ্ঞজনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

বসুন্ধৰাই পৰৱৰ্তী ত্ৰিশ বছৰ কুমাৰ গন্ধৰ্বৰ সৈতে কণ্ঠ সংগীত পৰিবেশন কৰিছিল।[6] ১৯৯২ চনত কুমাৰ গন্ধৰ্ৱৰ মৃত্যুৰ পিছতহে তেওঁ একক পৰিবেশন কৰিবলৈ লয়।[7] ১৯৯৮ চনত হিন্দুস্তানী কণ্ঠৰ বাবে সংগীত নাটক অকাডেমী বঁটা লাভ কৰে। ইয়াৰ ছবছৰৰ পাছত ভাৰত চৰকাৰে ২০০৬ চনত পদ্মশ্ৰীৰে তেওঁক পুনৰ সম্বৰ্ধনা জনায়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Business Standard report". Business Standard. Press Trust of India. 30 July 2015. http://www.business-standard.com/article/pti-stories/well-known-vocalist-vasundhara-komkali-passes-away-115073000450_1.html. 
  2. "Sangeet Natak Akademi Award". Sangeet Natak Akademi. 2015. http://sangeetnatak.gov.in/sna/awardeeslist.htm। আহৰণ কৰা হৈছে: 19 December 2015. 
  3. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015. 
  4. "Padma Shri Vasundhara Komkali, Kumar Gandharva's wife, dies". 31 July 2015. http://timesofindia.indiatimes.com/city/mumbai/Padma-Shri-Vasundhara-Komkali-Kumar-Gandharvas-wife-dies/articleshow/48289085.cms। আহৰণ কৰা হৈছে: 19 December 2015. 
  5. Ganesh, Deepa (29 July 2015). "In a musical space called faith". The Hindu. http://www.thehindu.com/news/national/vasundhara-komkali-obituary-in-a-musical-space-called-faith/article7477943.ece. 
  6. "Vasundhara Komkali, the Torch-Bearer of 'Kumar-Gayaki'". The Wire. 27 September 2015. Archived from the original on 20 February 2016. https://web.archive.org/web/20160220144254/http://thewire.in/2015/09/27/vasundhara-komkali-the-torch-bearer-of-kumar-gayaki-11742/। আহৰণ কৰা হৈছে: 19 December 2015. 
  7. "Vasundhara Komkali and Kumar Gandharva: a tribute to sangeet's golden couple". Catch News. 4 August 2015. http://www.catchnews.com/life-society-news/vasundhara-komkali-and-kumar-gandharva-a-tribute-to-sangeet-s-golden-couple-1438659729.html। আহৰণ কৰা হৈছে: 19 December 2015. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]