সমললৈ যাওক

বহুবিশাৰদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেঞ্জামিন ফ্ৰেংকলিনৰ প্ৰতিকৃতি। শিল্পী: ডেভিড মাৰ্টিন, ১৭৬৭। 'বেঞ্জামিন ফ্ৰেংকলিন' আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ এগৰাকী বহুবিশাৰদ।ফ্ৰেংকলিন আছিল একধাৰে লেখক, বিজ্ঞানী, আৱিষ্কাৰক, ৰাজনীতিজ্ঞ, কূটনীতিবিদ, প্ৰকাশক, আৰু ৰাজনীতিৰ দাৰ্শনিক। তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনকসকলৰ এজন বোলা হয়।

বহুবিশাৰদ[টোকা 1][1] or polyhistor[টোকা 2][2] এনে এগৰাকী ব্যক্তি যাৰ বহুতো বিষয়ৰ জ্ঞান থকাৰ লগতে, সেই জ্ঞানৰ প্ৰয়োগ কৰি নিৰ্দিষ্ট কোনো সমস্যা সমাধান কৰিব পাৰে। বহুবিশাৰদসকলে প্ৰায়েই এটা বিশেষ প্ৰসংগ পছন্দ কৰে যাৰ যোগেদি তেওঁলোকে নিজৰ জ্ঞানৰ প্ৰকাশ কৰে, আনহাতে কিছুমানে বিমূৰ্তভাৱে বা সৃষ্টিমূলক কৰ্মেৰে নিজৰ জ্ঞানৰ প্ৰকাশ কৰে।[3]

নৱজাগৰণ-ৰ মানৱকেন্দ্ৰিক ধাৰণা অনুসৰি মানুহৰ নিজৰ বিকাশ কৰাৰ ক্ষমতা সীমাহীন। এই ধাৰণাৰ মতে মানুহে সকলো জ্ঞান আহৰণ কৰিব লাগে আৰু নিজৰ ক্ষমতা যিমানলৈ পাৰি বিকাশ কৰিব লাগে। এই ধাৰণাকে নৱজাগৰণ মানৱ (Renaissance man) বুলি কোৱা হয়, আৰু নৱজাগৰণৰ সময়ৰ কেবাগৰাকী প্ৰতিভাশালী ব্যক্তিৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়, তেওঁলোকে বৌদ্ধিক চিন্তা-চৰ্চা, কলা, সমাজতত্ব, পদাৰ্থবিদ্যা, আৰু আধ্যাত্মিকতা আদি বহুতো বিষয়ত ব্যুৎপত্তি লাভ কৰাৰ চেষ্টা কৰিছিল।

  1. (Greek: πολυμαθής, romanized: polymathēs, lit.'having learned much'; Latin: homo universalis, lit.'universal human')
  2. (Greek: πολυΐστωρ, romanized: polyīstor, lit.'well-learned')

প্ৰসংগ-সমল

[সম্পাদনা কৰক]