বহুবৃত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বহুবৃত্ত (চলচ্চিত্ৰ)
পৰিচালক উৎপল দত্ত
ৰচনা স্বপ্না দত্ত ডেকা
চিত্ৰনাট্য উৎপল দত্ত
স্বপ্না দত্ত ডেকা
প্ৰযোজক স্বপ্না দত্ত ডেকা
অভিনয়ত প্ৰণামী বৰা
উদয়ন দুৱৰা
চিত্ৰগ্ৰহণকাৰী নগেন বৈশ্য
সম্পাদনা অসীম সিনহা
সংগীত পৰিচালক অমৃত প্ৰীতম
মুক্তি
২৪ জানুৱাৰী, ২০১৯
দৈৰ্ঘ্য
৯ মিনিট ৩ ছেকেণ্ড
দেশ ভাৰত
ভাষা অসমীয়া

বহুবৃত্ত (ইংৰাজী: Bohubritta (CIRCLES)) উৎপল দত্ত পৰিচালিত অসমীয়া ভাষাৰ এখন চুটিছবি। স্বপ্না দত্ত ডেকাৰ ”মই’ নামৰ কবিতাৰ আধাৰত নিৰ্মাণ কৰা এই ছবিখনৰ দৈৰ্ধ ৯ মিনিট ৩ চেকেণ্ড। ২০১৯ চনৰ ২৪ জানুৱাৰিত ছবিখনৰ প্ৰথম প্ৰদৰ্শন হয়[1] ২০১৯ৰ ৫০তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় পেনোৰামালৈ নন-ফিচাৰ ফিল্ম শাখাত বহুবৃত্ত নিৰ্বাচিত হয়।[2]

কাহিনী[সম্পাদনা কৰক]

এগৰাকী নাৰীৰ বিভিন্ন সপোন থাকে, বাস্তবত কিছু ফলিয়ায় কিছু অসম্পূৰ্ণ ৰৈ যায়। তেওঁৰ জীৱন আৰু চিন্তা আৱদ্ধ হৈ থাকে বিভিন্ন বৃত্তৰ মাজত। সেই কথাকে বহুবৃত্ত ছবিখনৰ মাজেৰে কোৱা হৈছে।

কলা-কুশলী[সম্পাদনা কৰক]

কবিতা ৰচনা আৰু পাঠ স্বপ্না দত্ত ডেকা, চিত্ৰনাট্য উৎপল দত্ত আৰু স্বপ্না দত্ত ডেকা, দৃশ্যগ্ৰহণ নগেন বৈশ্য, সম্পাদনা অসীম সিনহা, সংগীত আৰু শব্দ অমৃত প্ৰীতম, সহকাৰী পৰিচালক সীমান্ত বাৰ্মা, প্ৰযোজনা সহযোগী অনুপম হাজৰিকা, প্ৰযোজনা বেনাৰ অভীক আৰু ইউ ডি ফাউণ্ডেচন। অভিনয় প্ৰণামী বৰা আৰু উদয়ন দুৱৰা। ল’গ’ অংকন সৌৰীশ মিত্ৰ, পোষ্টাৰ ড॰ সঞ্জীৱ বৰা।

নিৰ্মাণ[সম্পাদনা কৰক]

২০১৭ চনৰ ৪ মে’ত পানীখাইতিত, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হয়। এখন বিলাসী ধাবাত ছবিখনৰ মেক আপ ৰূম, জিৰণি কোঠা আৰু খাদ্যৰ ব্যৱস্থা কৰা হৈছিল। দৃশ্যগ্ৰহণ সমাপ্ত হৈছিল সিদিনাই ৰাতি চচলৰ ভিআইপি ৰোডত থকা লেখক ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ এপাৰ্টমেণ্টত। ছবিখনৰ প্ৰাথমিক সম্পাদনা কৰা হৈছিল কাদম্বিৰী ক্ৰিয়েচনৰ ষ্টুডিঅ’ত। কামখিনি কৰিছিল সহকাৰী সম্পাদক কাৰ্তিক বৰুৱাই। মূল সম্পাদনা কৰিছিল অসীম সিনহাই তেখেতৰ মুম্বাইস্থিত ষ্টুডিঅ’ত। তাৰ পাছত ছবিখনৰ শব্দ আৰু সংগীতৰ কাম কৰে মুম্বাইত, অমৃত প্ৰীতমে। তেখেতে সংগীত পৰিচালনা কৰা এইখন প্ৰথম ছবি। ছবিখনৰ সমাপ্তিৰ সময়ৰ অলপ কাম আৰু দুটামান শ্বটৰ ৰঙৰ শুধৰণি কৰি দিয়ে সম্পাদক আৰু পৰিচালক ৰমেন বৰাই। পৰৱৰ্তী পৰ্যায়ত মহোৎসৱলৈ পঠিয়াবলৈ ছবিখনৰ ডিচিপি প্ৰস্তুত কৰি দিছিল সম্পাদক আৰু চিত্ৰ পৰিচালক ৰতন শীল শৰ্মাই। ছবিখনৰ ল’গ’টো কলকাতাৰ প্ৰসিদ্ধ শিল্পী সৌৰীশ মিত্ৰৰ পৰা কৰাই আনি দিছিল অভিনেতা হেমন্ত দেবনাথে[উদ্ধৃতিৰ প্ৰয়োজন]


মুক্তি আৰু প্ৰদৰ্শন[সম্পাদনা কৰক]

২০১৯ চনৰ ২৪ জানুৱাৰিত ছবিখনৰ প্ৰথম প্ৰদৰ্শন হয় গুৱাহাটীত অনুষ্ঠিত গুৱাহাটী আন্তৰ্জাতিক তথ্যচিত্ৰ চুটিছবি এনিমেচন চলচ্ছিত্ৰ মহোৎসৱত। তাত ছবিখনৰ প্ৰতি সমালোচকৰ সঁহাৰি আছিল সেমেকা। তাৰ পাচত ছবিখন প্ৰদৰ্শিত হয় গোৱাত অনুষ্ঠিত ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ ইণ্ডিয়ান পেন’ৰামা শিতানত, ২০১৯ চনৰ ২২ নবেম্বৰত।[2] তেতিয়াই ছবিখনে দৰ্শক অাৰু সমালোচকৰ পৰা বিপুল সমাদৰ লাভ কৰে। তাৰ পাছত ছবিখন ৰাজস্থান আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, কলিংগ গ্লোবেল ফিল্ম ফেষ্টিভেল[3], কৌটিক ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল, মুম্বাই ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হয়।[1][4] ৬৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ২০১৯ ভাৰতীয় পেনোৰামা চলচ্চিত্ৰ মহোৎসৱত দিল্লীৰ চিৰি ফোৰ্ট প্ৰেক্ষাগৃহত ২৮ ফ্ৰেব্ৰুৱাৰী ২০২০ তাৰিখে ছবিখনৰ এটা প্ৰদৰ্শনী হৈ যায়।[5] আন কেইবাটিও চলচ্চিত্ৰ মহোৎসৱলৈ ছবিখন আমন্ত্ৰিত হৈছিল যদিও কৰ’ণা মহামাৰীৰ বাবে সেই মহোৎসৱবোৰ অনুষ্ঠিত নহ’ল।


সন্মান তথা স্বীকৃতি[সম্পাদনা কৰক]

ছবিখনে বিভিন্ন সমালোচকৰ পৰা বিভিন্ন ধৰণৰ প্ৰশংসা লাভ কৰিছিল।
The poem, and the film, is also very evocative, sensuous and erotic, as the shot draws the viewers into the visual play of words inviting them to the inner recess and sanctum sanctorum of the poet’s mind and what she is seeking to state. In sum, Bohubritta, truly is visual poetry in motion.
Vishnath Subramanium[উদ্ধৃতিৰ প্ৰয়োজন]

It is a rare film in a genre that amalgamates the use of spoken words, poetry, visual images and sound to create a strong presentation and interpretation of the meaning being conveyed.
Meghachandra Kongbam[উদ্ধৃতিৰ প্ৰয়োজন]

The film is a tribute to Assam’s heritage and rich tradition of worshipping the Tree and River, unique to this northeastern state. It is a vivid portrayal of the symbolic nuggets and nuances of the poetess’ words and flawlessly conveys to the viewer the deeper meanings and symbolisms.
Manu Shrivastava[উদ্ধৃতিৰ প্ৰয়োজন]

আনুষংগিক[সম্পাদনা কৰক]

ছবিখনৰ কোনো মুহূৰত আয়োজন কৰা হোৱা নাছিল। এগচি জ্বলি থকা চাকিৰ শ্বটেৰে ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰা হৈছিল। এই ছবিখনৰ আনুষ্ঠানিক সামৰণি মৰা হৈছিল ২০২০ চনৰ ২৪ জানুৱাৰি তাৰিখে গুৱাহাটীৰ এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ এটা প্ৰেক্ষাগৃহত একেলগে তিনিখন পৰ্দাত ছবিখন প্ৰদৰ্শন কৰা অনুষ্ঠান এটিৰে। ছবিখনৰ ল’গ’টো অঁকাই অনা অভিনেতা হেমন্ত দেবনাথে পৰিচালক উৎপল দত্তৰ পৰবৰ্তী ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰে। মই নামৰ কবিতাটি পাচত কবিৰ কাব্যগ্ৰন্থ ’প্ৰেম অলকানন্দা’ত সন্নিবিষ্ট হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Bohubritta picturisation of a poem: Utpal Dutta". pib.gov.in. https://pib.gov.in/PressReleasePage.aspx?PRID=1593281। আহৰণ কৰা হৈছে: 31 May 2020. 
  2. 2.0 2.1 "Indian Panorama 2019 Press Release". DIRECTORATE OF FILM FESTIVALS (Ministry of I&B). http://dff.nic.in/images/News/1083_Indian_Panorama_2019_Final_Press_Release.pdf। আহৰণ কৰা হৈছে: 1 June 2020. 
  3. "Assamese short film to be screened at Odisha fest". Assam Tribune. 18-1-2020. Archived from the original on 19 January 2020. https://web.archive.org/web/20200119160057/http://www.assamtribune.com/scripts/detailsnew.asp?id=jan1920/city055। আহৰণ কৰা হৈছে: 1 June 2020. 
  4. "3 films from Northeast selected to be screened at IFFI 2019". Northeast Now. https://nenow.in/north-east-news/assam/3-films-from-northeast-selected-to-be-screened-at-iffi-2019.html। আহৰণ কৰা হৈছে: 1 June 2020. 
  5. "66th National Film Award & Indian Penorama, 2019 Film Festival". DIRECTORATE OF FILM FESTIVALS (Ministry of I&B). https://dff.gov.in/images/News/1084_NFA_IP.pdf। আহৰণ কৰা হৈছে: 1 June 2020. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

ডেইলীহাণ্ট নিউজ পোৰ্টেলত বহুবৃত্তৰ বিষয়ে প্ৰকাশিত প্ৰবন্ধ