বহুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ভাওনাৰ দুগৰাকী বহুৱা।

বহুৱা অসমৰ অংকীয়া নাট-ভাওনাৰ এক উল্লেখযোগ্য চৰিত্ৰ। বহুৱা শব্দৰ অৰ্থ, সাধাৰণতে চাৰ্কাছৰ সৈতে জড়িত এজন শিল্পী যি খুঁহুতীয়া কথা আৰু অভিনয়েৰে দৰ্শকক হাঁহিৰ খোৰাক যোগায়।[1] বহুৱাৰ এই চৰিত্ৰ অক্ষুণ্ন ৰাখি অংকীয়া নাট ভাওনাত শ্ৰীশ্ৰীশংকৰদেৱে তেওঁৰ নাটসমূহত পোন প্ৰথমবাৰৰ বাবে বহুৱা চৰিত্ৰ সন্নিৱিষ্ট কৰি দৰ্শকক আমোদ দিয়াৰ ব্যৱস্থা কৰিছিল। পাৰিজাত হৰণ নাটত নাৰদৰ সৈতে বহুৱাৰ প্ৰৱেশ হৈছে, কিন্তু বচন নাই। মাথোঁ অভিনয়েৰে দৰ্শকক মনোৰঞ্জন দিছে। নাটত বহুৱা শব্দৰ ঠাইত ’বাসুয়া’ শব্দ প্ৰয়োগ কৰা হৈছে। সূত্ৰ: তদনন্তৰ ’বাসুয়া’ চয়ড়ি পাৰল, মুনি আসন ভিড়ি তথি বৈঠল[2] অংকীয়া নাটসমূহত ’মানুহৰ মনত ৰং লগাবলৈ বিবিধ প্ৰকাৰৰ ভাও লোৱা আৰু অনেক প্ৰকাৰে কথা কোৱা মানুহ, বহুৰূপী’ [3]অৰ্থত বহুৱা চৰিত্ৰ সৃষ্টি কৰা হৈছে।

বহুৱা চৰিত্ৰৰ উৎস[সম্পাদনা কৰক]

অংকীয়া নাট বা তাৰ পাছৰ ভাওনাসমূহত ওলোৱা বহুৱা চৰিত্ৰটোৰ আঁতিগুৰি বিচাৰিলে আমি সংস্কৃত নাটকৰ ’বিদুষক’ৰ চৰিত্ৰটোলৈ আঙুলিয়াব পাৰোঁ।[4] বিদুষকৰ চৰিত্ৰটো সংস্কৃত নাটত নায়কৰ ঘনিষ্ঠ সহযোগী হিচাপে দেখুওৱা হয়। বিদুষকজন ভোজন বিলাসী আৰু কথা-বতৰাত হাস্যৰস দিব পৰা। নাটসমূহত এওঁৰ ৰাজসভাৰ পাৰ অন্তেষপুৰলৈ সকলোতে অবাধ গতি। ক’ব পাৰি, সংস্কৃত নাটত গতিময়তা অনা এক বিশেষ চৰিত্ৰ। কিন্তু লোকৰঞ্জনৰ হেতু অংকীয়া নাটত বহুৱাৰ অন্তৰ্ভুক্তি কৰি নাট ৰচোঁতাই এই চৰিত্ৰটোক কেৱল হাস্যৰস যোগান ধৰিবলৈকে সৃষ্টি কৰিছে। বহুৱা নোহোৱা হৈ গ’লেও নাটৰ কাহিনীভাগ আগবাঢ়ি যাওঁতে কোনো হানি-বিঘিনি নহয়। এই কথাটো অৱশ্যে দৰঙৰ খুলীয়া ভাওনাৰ ক্ষেত্ৰত নাখাটে। দৰঙৰ খুলীয়া ভাওনাতো বহুৱা চৰিত্ৰ থাকে। এই ভাওনাবোৰৰ সফলতা নিৰ্ভৰ কৰে মূল তিনিটা কাৰকৰ ওপৰত, বহুৱা, বায়ন আৰু ওজা। [5] ভাৰতৰ বিভিন্ন ঠাইৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত বহুৱা চৰিত্ৰৰ উল্লেখ আছে। মৈথিলী কীৰ্তনীয়া নাটত বহুৱা চৰিত্ৰক ’বিকটা’ বা ’বিপতা’ নামে জনা যায়। এওঁ নাৰদ মুনিৰ আলধৰা হিচাপে আত্মপ্ৰকাশ কৰে। গুজৰাট, ৰাজস্থান আদি ঠাইৰ নাট্যানুষ্ঠানৰ বহুৱা চৰিত্ৰক ’ৰংগলো’ নামে জনা যায়। মহাৰাষ্ট্ৰ, কৰ্ণাটকৰ নাট্যানুষ্ঠানৰ বহুৱা চৰিত্ৰক ’সোগাড়িয়া’ আৰু কংকণ অঞ্চলত এওঁলোকক ’মহাদেৱী’ নামেৰে জনা যায়। [6] উজনি অসমৰ সোণোৱাৰ কছাৰীসকলৰ মাজত বহুৱা নাচ বুলি এক লোকনৃত্য প্ৰচলিত। অৱশ্যে এই নৃত্য ধেমেলীয়া হোৱাৰ বিপৰীতে, যথেষ্ট ভাবগধূৰ।

বহুৱা চৰিত্ৰৰ বৈশিষ্ট্য[সম্পাদনা কৰক]

বহুৱা চৰিত্ৰৰ কেইটামান বৈশিষ্ট্য চকুত পৰে। (১) নাটত বহুৱা চৰিত্ৰৰ কোনো নিৰ্দিষ্ট বচন নাথাকে। নাটৰ পৰিৱেশ অনুযায়ী তেওঁলোকে খাপখোৱাকৈ বচন নিক্ষেপ কৰিব পাৰে। বহুৱাৰ সফলতা-বিফলতা প্ৰধানকৈ নিৰ্ভৰ কৰে নাটত খাপ খাই পৰাকৈ আৰু হাস্যৰসৰ সৃষ্টি কৰিব পৰাকৈ নিক্ষেপ কৰা বচনবোৰত। (২) বহুৱাৰ সাজ-পোছাকবোৰ কিম্ভূত কিমাকাৰ হয়। আজোখা আৰু ৰঙ-বিৰঙৰ। মুখত হাঁহি উঠা ধৰণৰ আঁক-বাঁক কৰি লয় বা কিছুমানে হাস্যকৰ মুখা পিন্ধি লয়। (৩) বহুৱাই কেতিয়াবা দূতৰ সহযোগী হিচাপে বা চৰিত্ৰ সহযোগী হিচাপে নাটত প্ৰৱেশ কৰে। (৪) বহুৱাৰ প্ৰৱেশ আৰু প্ৰস্থানৰ কোনো নিৰ্ধাৰিত সময় নাথাকে। নাটৰ মূল কাহিনীত ব্যাঘাত নজন্মোৱাকৈ যেতিয়াই তেতিয়াই এওঁলোকে প্ৰৱেশ কৰিব পাৰে। [7] দৰঙ নলবাৰী অঞ্চলত পাৰস্পৰিক বৈপৰীত্যৰ সহায়ত হাস্যৰস সৃষ্টি কৰা প্ৰচলিত খুলীয়া ভাওনাৰ বহুৱাৰ গীত এটিৰ উদাহৰণ তলত দিয়া হ’ল;

হায়ৰে মাও সৰস্বতী
ছাগলে নিলা হাতী ধৰি
ইন্দুৰ ভায়াই মেকুৰী ধৰি খায়।
শাল মাছে চাহ খায়
শিঙি মাছে গান গায়
নিছিলা মাছে খুঞ্জুৰী বজায়।[8]

বহুৱা চৰিত্ৰ গুৰুত্ব[সম্পাদনা কৰক]

যদিও প্ৰায়বোৰ নাটৰ কাহিনীত বহুৱা চৰিত্ৰৰ বিশেষ কোনো গুৰুত্ব নাথাকে, বা বহুৱা নহ’লেও কাহিনীত যতি নপৰে, তথাপি সমালোচকৰ দৃষ্টিৰে চালে বহুৱা চৰিত্ৰৰ গুৰুত্ব নাটসমূহত লক্ষ্য কৰা যায়। অংকীয়া নাটত সূত্ৰধাৰৰ বাহিৰে দূত আৰু বহুৱা উপৰুৱা চৰিত্ৰ। এই দুই চৰিত্ৰই নাটৰ পট পৰিৱৰ্তনৰ ইংগিত দিয়ে। নাটৰ মূল চৰিত্ৰসমূহৰ বক্তব্য বা সংঘাতৰ মাজত বহুৱা চৰিত্ৰই খুহুতীয়া কথাৰে পৰিৱেশ আনন্দময় কৰি তোলে। নাটত চৰিত্ৰৰ প্ৰস্থান আৰু প্ৰৱেশৰ মাজৰ সময়খিনিত বহুৱাই দৰ্শকক আমনি পোৱাৰ পৰা বচাই ৰাখে আৰু ইয়াৰ দ্বাৰা নাটৰ মূল চৰিত্ৰসমূহেও সকাহ পায়।[9] বহুৱাসকল তীক্ষ্ণ বুদ্ধিসম্পন্ন স্বভাৱ কবি। এওঁলোকে মুহূৰ্ততে গীত-পদ-বচন ৰচনা কৰি মাতি নাটৰ মূল কাহিনীত আঘাত নকৰাকৈ সমাজত প্ৰচলিত অন্যায় অবিচাৰৰ বিৰুদ্ধে মাত মাতিব পাৰে। খন্তেক বিৰতিৰ পাছত এওঁলোকে দৰ্শকৰ মনোযোগ ঘূৰাই আনিব পাৰে।[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "বহুৱা". Xobdo.org. http://www.xobdo.org/dic/%E0%A6%AC%E0%A6%B9%E0%A7%81%E0%A7%B1%E0%A6%BE। আহৰণ কৰা হৈছে: 19 মে' 2022. 
  2. পাৰিজাত হৰণ, শ্ৰী শ্ৰীশংকৰদেৱ,
  3. হেমকোষ অভিধান, হেমচন্দ্ৰ বৰুৱা, হেমকোষ প্ৰকাশন, পৃ:নং, ৯৩০
  4. অংকীয়া নাটৰ পৰম্পৰা, ড° দয়ানন্দ পাঠক,সত্ৰসূৰ্য,পৃ: নং; ৯৮, প্ৰকাশক: কলিয়াবৰ জিলা সত্ৰ মহাসভা, ১৯৯৭
  5. মঞ্চলেখা, অতুল চন্দ্ৰ হাজৰিকা, পৃ,নং, ২৬২
  6. 6.0 6.1 বৰা, গোলাপ. লোককথা. জাতীয় সাহিত্য মন্দিৰ. পৃষ্ঠা. ১১৪. 
  7. বহুৱা, ড° থুনু কলিতা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বাৰ্ষিক মুখপত্ৰ ’লেখিকা’; পৃ, নং, ৩২
  8. দৰঙৰ খুলীয়া ভাউৰীয়া, ড° নবীন চন্দ্ৰ শৰ্মা, ভাওনা ঐতিহ্য আৰু বিস্তৃতি, সম্পা: কমল দত্ত
  9. Sankardeva : Studies in Culture, Ed, B,P,Chaliha, 1978, page, 21