সমললৈ যাওক

বাঁকুৰাৰ ঘোঁৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাঁকুৰাৰ ঘোঁৰা
বাঁকুৰা পাঁচুমুৰা টেৰাকোটা শিল্প
ভৌগোলিক স্বীকৃতি

বাঁকুৰাৰ ঘোঁৰা
বৰ্ণনা বাঁকুৰাৰ পোৰামাটিৰ ঘোঁৰা
প্ৰকাৰ পশ্চিম বংগৰ কলা
অঞ্চল পাঁচমূৰা, বাঁকুৰা, পশ্চিম বংগ
দেশ  ভাৰত
পঞ্জীয়ন ২৮ মাৰ্চ ২০১৮; ৮ বছৰ আগত (28 March 2018)
উপাদান বোকামাটি
ৱেৱছাইট ipindiaservices.gov.in

বাঁকুৰাৰ ঘোঁৰা (ইংৰাজী: Bankura horse ) ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ বাঁকুৰা জিলাৰ পাঁচমুৰা গাঁৱত উৎপাদিত এবিধ পোৰামাটিৰ ঘোঁৰা। “ইয়াৰ মাৰ্জিত ভংগী আৰু মৌলিক মূল্যবোধৰ অনন্য বিমূৰ্ততাৰ বাবে” ইয়াক প্ৰশংসা কৰা হৈছে। মূলতঃ গাঁৱৰ আচাৰ-অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা এই বিধ শিল্প এতিয়া ভাৰতীয় লোক-শিল্পৰ প্ৰতীক হিচাপে বিশ্বৰ ড্ৰয়িং ৰুমসমূহৰ শোভা বঢ়ায়। বাঁকুৰাৰ ঘোঁৰা সৰ্বভাৰতীয় হস্তশিল্পৰ ল'গ'।[1]

পৰম্পৰা

[সম্পাদনা কৰক]

ভাৰতত আদিম যুগৰ পৰাই টেৰাকোটা বা পোৰামাটিৰ পৰম্পৰা পোৱা যায়। বহু ভাৰতীয় গাঁৱৰ বাহিৰৰ অঞ্চলত এটা আহত গছ আছে যাৰ তলত টেৰাকোটাৰ প্ৰাণীৰ মূৰ্তি পৰি আছে। সেইবোৰ গাঁৱৰ মানুহৰ আকাংক্ষা পূৰণৰ প্ৰতীক। আধুনিক বিশ্ব বজাৰৰ বাণিজ্যিক প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ গাঁৱৰ মৃৎশিল্পীয়ে প্ৰায়ে পৰম্পৰাগত গ্ৰাম্য বিমূৰ্ততাক পৰিশোধিত নগৰীয়া ৰুচিৰ সৈতে সংযুক্ত কৰি টেৰাকোটা শিল্পৰ নিদৰ্শন প্ৰদৰ্শন কৰে।[2]

টেৰাকোটা ঘোঁৰা আৰু হাতী উৎপাদন কৰা প্ৰধান কেন্দ্ৰসমূহ হ’ল পাঁচমুৰা, ৰাজাগ্ৰাম, সোণামুখী আৰু হামিৰপুৰ। প্ৰতিখন ঠাইৰ স্থানীয় শৈলী আছে। পঞ্চমুৰা শৈলীৰ মৃৎশিল্পক চাৰিওবিধৰ ভিতৰত শ্ৰেষ্ঠ আৰু উন্নত বুলি গণ্য কৰা হয়।[3]

ভৌগলিক নিৰ্দেশক

[সম্পাদনা কৰক]

বাঁকুৰাৰ ঘোঁৰা ২০১৮ চনৰ ২৮ মাৰ্চত পশ্চিম বংগৰ ভৌগোলিক নিৰ্দেশকৰ অধীনত পঞ্জীভূক্ত হৈছে, যাৰ নাম বাঁকুৰা পাঁচমুৰা টেৰাকোটা ক্ৰাফ্ট।[4][5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Bankura's Horses". bengalinet. Archived from the original on 2008-12-07. https://web.archive.org/web/20081207044729/http://www.bangalinet.com/art%26craft_bankura.htm আহৰণ কৰা হৈছে: 2009-06-22.
  2. "Terracotta Traditions". potteryindia. Archived from the original on 2002-07-06. https://web.archive.org/web/20020706173155/http://www.potteryindia.com/terracotta/introduction.htm আহৰণ কৰা হৈছে: 2009-06-22.
  3. "Arts". Bankura Pottery. Suni Systems (P) Ltd.. http://www.webindia123.com/westbengal/art/pottery3.htm আহৰণ কৰা হৈছে: 2009-06-22.
  4. "Details | Geographical Indications | Intellectual Property India" (en ভাষাত). ipindiaservices.gov.in. http://ipindiaservices.gov.in/GirPublic/Application/Details/453 আহৰণ কৰা হৈছে: 2018-08-05.
  5. "State Wise Registration Details of G.I. Applications". Intellectual Property India. August 8, 2023. https://ipindia.gov.in/writereaddata/Portal/Images/pdf/STATE_WISE_REGISTRATION_DETAILS_OF_G.I_APPLICATIONS_08-08-2023.pdf.