সমললৈ যাওক

বাংলাদেশত সুৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বাংলাদেশত সুৰা ব্যৱহাৰ চৰকাৰীভাৱে নিয়ন্ত্ৰিত আৰু সীমিত। বিশ্ব ব্যাংকে ২০১৫ চনত প্ৰকাশ কৰা এখন প্ৰতিবেদন অনুসৰি বাংলাদেশত বিশ্বৰ সৰ্বনিম্ন সুৰা বিক্ৰী হয়।[1]

বৰ্তমানৰ বাংলাদেশত ১৮৮৭ চনত ৰ’বাৰ্ট ৰাছেল কেৰিউয়ে প্ৰথম ডিষ্টিলাৰী স্থাপন কৰিছিল। কোম্পানীটো আছিল Carew & Co (Bangladesh) Ltd নামৰ। ১৯৭৩ চনত বাংলাদেশ চৰকাৰে এই সংস্থাটোক ৰাষ্ট্ৰীয়কৰণ কৰে।[2] এই ডিষ্টিলাৰীখন বাংলাদেশ চুগাৰ এণ্ড ফুড ইণ্ডাষ্ট্ৰিজ কৰ্প’ৰেচনৰ মালিকানাধীন দৰ্শনা চুগাৰ মিলৰ অংশ। এই ডিষ্টিলাৰীখনে ৰ'ম, ব্ৰেণ্ডি, জিন আৰু হুইস্কি উৎপাদন কৰে।[3]

দৰ্শনা ডিষ্টিলাৰীৰ উৎপাদিত সামগ্ৰী

২০০৩ চনত বাংলাদেশ চৰকাৰে যমুনা গ্ৰুপৰ Jamuna Distillery Limited-ক সুৰা উৎপাদনৰ অনুমতি দিয়ে। ই বাংলাদেশৰ প্ৰথম বেচৰকাৰী সংস্থা হিচাপে অনুমতি লাভ কৰে, যাৰ ফলত চৰকাৰী Carew & Co (Bangladesh) Ltd-ৰ একচেটিয়া অধিকাৰ শেষ হয়। বাংলাদেশত পঞ্চতাৰকা হোটেল আৰু চৰকাৰী অনুমোদিতবাৰত সুৰা বিক্ৰী হয়।[4] ২০০৯ চনত যমুনা গ্ৰুপে হাণ্টাৰ নামৰ স্থানীয় বিয়েৰ আৰম্ভ কৰে।[5]

বাংলাদেশী আইনৰ অধীনত, ০.৫ শতাংশৰ ওপৰত এলক’হল থকা যিকোনো পানীয়ক “সুৰা” বুলি গণ্য কৰা হয়। বিক্ৰী, সংৰক্ষণ আৰু পৰিবহণৰ বাবে চৰকাৰী অনুমতি প্ৰয়োজন। বাংলাদেশত সুৰা পান কৰিবলৈ আইনসন্মত অনুমতি লাগে — প্ৰায় ক্ষেত্ৰত অমুছলমানক এই অনুমতি দিয়া হয়। মুছলমানসকলে চিকিৎসকৰ অনুমতি সাপেক্ষেহে অনুমতি পায়। চিকিৎসাজীত অনুমতি চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক বা চিভিল চৰ্জনজনে দিব পাৰে। অনুমতি পাবলৈ ন্যূনতম বয়স ২১ বছৰ হোৱা প্ৰয়োজন।[6] বিদেশীসকলে অনুমোদিতবাৰৰ ভিতৰত সুৰা পান কৰিবলৈ কোনো অনুমতিৰ প্ৰয়োজন নাই।[7]

২০২২ চনত বাংলাদেশৰ স্বগৃহ মন্ত্ৰণালয়ে সুৰা নিয়ন্ত্ৰণ বিধি (Alcohol Control Rules) প্ৰৱৰ্তন কৰে, যাৰ মাধ্যমেৰে বিক্ৰী, সংৰক্ষণ, উৎপাদন, প্ৰক্ৰিয়াকৰণ আৰু খৰচ নিয়ন্ত্ৰণ কৰা হয়।[8][9] এই বিধিসমূহৰ অন্তৰ্ভুক্ত — বিক্ৰীৰ ন্যূনতম বয়স ২১ বছৰ, অনুমতি আৰু নবীকৰণৰ মাচুল বৃদ্ধি, সকলো সুৰা বটলত স্বাস্থ্য সতৰ্কীকৰণ চিহ্ন, বিপণন সীমাবদ্ধতা আৰু ব্যৱহাৰৰ বাবে অনুমতিৰ প্ৰয়োজন।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Bangladesh among abstinent countries when it comes to drinking" (en ভাষাত). The Daily Star. 23 December 2017. http://www.thedailystar.net/world/asia/bangladesh-among-abstinent-countries-when-it-comes-drinking-alcohol-liquor-consumption-south-korea-pakistan-1509166। আহৰণ কৰা হৈছে: 25 December 2017. 
  2. "Carew: Serving liquor since 1897". dhakatribune.com (Dhaka Tribune). http://www.dhakatribune.com/bangladesh/2017/08/01/carew-serving-liquor-since-1897/। আহৰণ কৰা হৈছে: 25 December 2017. 
  3. "Carew: The discreet distillery". dhakatribune.com (Dhaka Tribune). http://www.dhakatribune.com/business/2017/08/01/carew-discreet-distillery/। আহৰণ কৰা হৈছে: 25 December 2017. 
  4. "Bangladesh grants private liquor licence". 3 June 2002. https://news.bbc.co.uk/2/hi/business/2022883.stm. 
  5. "First local beer debuts" (en ভাষাত). The Daily Star. 2009-10-12. http://www.thedailystar.net/news-detail-109468. 
  6. "Bangladesh’s Once-In-A-Century Alcohol Reforms". https://asiabrewersnetwork.com/insight/bangladeshs-once-in-a-century-alcohol-reforms. 
  7. "Law and Our Rights". thedailystar.net (The Daily Star). http://www.thedailystar.net/law/2010/03/04/advocate.htm। আহৰণ কৰা হৈছে: 25 December 2017. 
  8. 8.0 8.1 "Bangladesh Introduces New Alcohol Policy Measures, Including Alcohol Age Limit and Health Warnings" (en-US ভাষাত). Movendi International. 24 February 2022. https://movendi.ngo/news/2022/02/24/bangladesh-introduces-new-alcohol-policy-measures-including-alcohol-age-limit-and-health-warnings/। আহৰণ কৰা হৈছে: 9 January 2025. 
  9. "Bangladesh's home ministry sets new alcohol consumption rules" (en-US ভাষাত). The Financial Express. https://thefinancialexpress.com.bd/national/bangladeshs-home-ministry-sets-new-alcohol-consumption-rules-1644979724। আহৰণ কৰা হৈছে: 2025-01-09.