সমললৈ যাওক

বাংলাদেশী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাংলাদেশী
বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকা
মুঠ জনসংখ্যা
সাঁচ:Estimate 200 million
প্ৰায় ১৭ কোটি
বিশ্বৰ জনসংখ্যাৰ ২.৪%
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
 ভাৰত ১৫ লাখ (২০০৯) [1]
 পাকিস্তান ২০ লাখ (২০১২) [2]
 চৌদি আৰৱ ১২ লাখ (২০১০) [3]
 সংযুক্ত আৰৱ আমিৰাত ৭ লাখ (২০১৩) [4]
 মালয়েছিয়া ৫ লাখ (২০০৯) [5]
 যুক্তৰাজ্য ৫ লাখ (২০০৯) [6]
ভাষাসমূহ

বাংলা আৰু আদিবাসী সংখ্যালঘু ভাষা[7]

ধৰ্ম

সংখ্যাগুৰু:
ইছলাম[8]
সংখ্যালঘু:
হিন্দুধৰ্ম, বৌদ্ধ ধৰ্ম, খ্ৰীষ্টান ধৰ্ম[9] আৰু অন্য (যেনে সৰ্বপ্ৰাণবাদী, নাস্তিক, অজ্ঞেয়বাদী, ঔদাসীন্যবাদী আদি)[10]

বাংলাদেশী শব্দটোৱে সাধাৰণতে দক্ষিণ এছিয়াৰ বাংলাদেশ দেশত বসবাস কৰা বা সেয়া মূলত আৱাসস্থল হোৱা জনগণক বুজায়। ইয়াত বাঙালী আৰু কিছুমান উপজাতীয়ো অন্তৰ্ভুক্ত। বাংলাদেশৰ সংবিধানৰ ধাৰা ৬(২)-ত কৈছে — “বাংলাদেশৰ জনগণ জাতি হিচাপে বাঙালী, আৰু নাগৰিকসকল বাংলাদেশী বুলি পৰিচিত হ’ব।”[11]

বাংলাদেশী বুলি মূলত বাংলাদেশৰ আদিবাসী বাঙালী আৰু উপজাতি নাগৰিকসকলক (সকলো নাগৰিকক) বুজোৱা হয়; তেওঁলোকে দেশৰ ভিতৰতে থাকক বা অন্য দেশত প্ৰৱাসী হওক। কোনো ব্যক্তিৰ বাংলাদেশী নাগৰিকত্ব আইনত নিৰ্ধাৰিত শৰ্তৰ অধীনত স্থিৰ কৰা হয়। বাংলাদেশৰ সংবিধানৰ ধাৰা ৬(১)-ত কৈছে — “বাংলাদেশৰ নাগৰিকত্ব আইনৰদ্বাৰা নিৰ্ধাৰিত আৰু নিয়ন্ত্ৰিত হ’ব।”[12]

ভিন্ন দেশৰ নাগৰিক সংশ্লিষ্ট আইন আৰু বিধি অনুসৰি, আৰু চৰকাৰৰ অনুমোদন লাভ কৰি বাংলাদেশৰ নাগৰিকত্ব লাভ কৰিব পাৰে আৰু নিজকে বাংলাদেশী বুলি পৰিচয় দিব পাৰে। বাংলাদেশত দ্বি-নাগৰিকত্বৰ সুযোগো আছে।

দক্ষিণ এছিয়াত ইংৰাজৰ শাসনৰ শেষৰ ফালে দুটা জাতিৰ তত্ত্বৰ ভিত্তিত ভাৰত উপমহাদেশ বিভাজন হোৱাৰ আগতে বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ একে ভূখণ্ড আছিল, আৰু দুয়োটা অঞ্চলৰ অধিক সংখ্যক মানুহে বাংলা ভাষা কয়। সেয়ে এই জাতিটো বাঙালী বুলি বিশ্ববাসীয়ে পৰিচিত হৈছিল। কিন্তু পাছলৈ দুটা জাতিৰ তত্ত্বৰ আধাৰত বিভাজনৰ জৰিয়তে ভাৰতৰ পশ্চিম বংগৰ পৰা বাংলাদেশৰ ভূখণ্ড পৃথক কৰি পাকিস্তানৰ নিয়ন্ত্ৰণত দিয়া হ’ল। তাৰ পৰাই ১৯৭১ চনত ৰক্তাক্ত যুদ্ধৰ জৰিয়তে বাংলাদেশে স্বাধীনতা লাভ কৰে৷ আৰু তেতিয়াৰ পৰাই নিজৰ সুকীয়া জনগোষ্ঠীৰ সূচক হিচাপে এই দেশৰ বাসিন্দা বা জন্মসূত্ৰে এই দেশৰ লগত সম্পৰ্ক থকা কোনোবা ব্যক্তিক বিশ্বজুৰি "বাংলাদেশী" বুলি অভিহিত কৰা হৈছে। এই অৰ্থত যদিও সকলো বাংলাদেশী বাঙালী, কিন্তু সকলো বাঙালী বাংলাদেশী নহয় আৰু য'ত বাঙালী শব্দটো এটাতকৈ অধিক দেশৰ লগত জড়িত, বাংলাদেশী শব্দটো মাত্ৰ এখন দেশ (বাংলাদেশ)ৰ লগত জড়িত আৰু সেই এখন দেশৰ পৃথক জাতি-জনগোষ্ঠীৰ সূচক।

অন্যান্য ব্যৱহাৰ

[সম্পাদনা কৰক]

বাংলাদেশী শব্দটোৰ অৰ্থ "বাংলাদেশৰ" বা "বাংলাদেশী মূলৰ" বুলিও ব্যৱহাৰ কৰা হয়। যেনে বাংলাদেশী টাকা মানে বাংলাদেশৰ টকা। এইদৰে ই ‘বাংলাদেশী প্ৰডাক্ট’, ‘বাংলাদেশী চলচ্চিত্ৰ’ ইত্যাদি হ’ব পাৰে।

ভাষাসমূহ

[সম্পাদনা কৰক]

বাংলাদেশৰ সংবিধানৰ তৃতীয় অনুচ্ছেদ অনুসৰি বাংলাদেশৰ জাতীয় ভাষা আৰু চৰকাৰী ভাষা বাংলা[13] প্ৰায় ৯৯% বাংলাদেশীয়ে প্ৰথম ভাষা হিচাপে বাংলা ভাষা কয়।[14] বাংলা ভাষা ৰূপায়ণ আইন, ১৯৮৭ চনত বৈদেশিক সম্পৰ্কৰ ক্ষেত্ৰৰ বাহিৰে সকলো চৰকাৰী কামত বাংলা ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছিল।[15]২০২২ চনৰ লোকপিয়ল অনুসৰি দেশৰ ৯৯% জনসংখ্যাই প্ৰধানকৈ বাংলা ভাষা কয় আৰু ই জাতিটোৰ জাতীয় ভাষা হিচাপেও কাম কৰে। উত্তৰ আৰু দক্ষিণ-পূব বাংলাদেশৰ খিলঞ্জীয়া লোকসকলে বিভিন্ন ধৰণৰ থলুৱা ভাষা কয়। অধ্যাপক ছামীম ৰেজাৰ তথ্য অনুসৰি বাংলাদেশত ৪৪টা থলুৱা ভাষা আছে।[16]

সংস্কৃতি

[সম্পাদনা কৰক]

বাংলাদেশৰ সংস্কৃতি হৈছে দক্ষিণ এছিয়াভাৰত উপমহাদেশবংগ অঞ্চলৰ সংস্কৃতিৰ সৈতে জড়িত। যুগ যুগ ধৰি ইয়াৰ বিকাশ ঘটিছে আৰু ই বাংলাদেশৰ কেইবাটাও সামাজিক গোটৰ সাংস্কৃতিক বৈচিত্ৰ্যক সামৰি লৈছে। এই সংস্কৃতিৰ ওপৰত ইছলাম, হিন্দু, বৌদ্ধ আৰু খ্ৰীষ্টান ধৰ্মৰ প্ৰভাৱ পৰিছে। সংগীত, নৃত্য, নাটক, শিল্প, হস্তশিল্প, লোককথা, ভাষা, সাহিত্য, দৰ্শন, ধৰ্ম, উৎসৱ আৰু ৰন্ধনশৈলী আদিত এই প্ৰভাৱ প্ৰকাশ পায়।[17]

বৰ্তমান বাঙালী জাতিৰ লোক স্বাধীন বাংলাদেশ আৰু ভাৰতপশ্চিমবংগ, ত্ৰিপুৰা তথা অসম, মেঘালয় আৰু মণিপুৰৰ কিছু কিছু অংশত বিয়পি আছে।[18]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Rudnick, Anja (2009). Working Gendered Boundaries: Temporary Migration Experiences of Bangladeshi Women in the Malaysian Export Industry from a Multi-Sited Perspective. Amsterdam University Press. পৃষ্ঠা. 49–51. ISBN 978-9056295608. https://archive.org/details/workinggenderedb00rudn.
  2. "Five million illegal immigrants residing in Pakistan". Express Tribune. http://tribune.com.pk/story/322325/five-million-illegal-immigrants-residing-in-pakistan/.
  3. Asians in the Middle East
  4. "Labor Migration in the United Arab Emirates: Challenges and Responses". Migration Information Source. 18 September 2013. http://www.migrationinformation.org/Feature/display.cfm?ID=965 আহৰণ কৰা হৈছে: 14 December 2013.
  5. Malaysia cuts Bangladeshi visas BBC News (11 March 2009). Retrieved 12 March 2009.
  6. Resident Population Estimates by Ethnic Group Archived 4 March 2016 at the Wayback Machine statistics.gov.uk
  7. Ethnologue. "Bangladesh". Ethnologue. http://www.ethnologue.com/country/BD/languages আহৰণ কৰা হৈছে: 6 July 2013.
  8. "Chapter 1: Religious Affiliation". The World’s Muslims: Unity and Diversity. Pew Research Center's Religion & Public Life Project. 9 August 2012.
  9. Bangladesh Archived 25 December 2018 at the Wayback Machine CIA World Factbook.
  10. Bangladesh: Country Profile Archived 6 July 2011 at the Wayback Machine Bangladesh Bureau of Educational Information and Statistics (BANBEIS)
  11. "Citizenship, Constitution of the People's Republic of Bangladesh". Government of Bangladesh. http://bdlaws.minlaw.gov.bd/act-957/section-29344.html আহৰণ কৰা হৈছে: 27 April 2015.
  12. "The Constitution of the People's Republic of Bangladesh: 6. Citizenship". Ministry of Law, Justice and Parliamentary Affairs. http://bdlaws.minlaw.gov.bd/sections_detail.php?id=367&sections_id=24554 আহৰণ কৰা হৈছে: 27 April 2015.
  13. "The Constitution of the People's Republic of Bangladesh". Ministry of Law, Justice and Parliamentary Affairs. Archived from the original on 2019-11-10. https://web.archive.org/web/20191110101626/http://bdlaws.minlaw.gov.bd/act-details-367.html আহৰণ কৰা হৈছে: 2019-04-25.
  14. Faquire, A.B.M. Razaul Karim (December 2010). "Language Situation in Bangladesh". The Dhaka University Studies খণ্ড 67: 63–77.
  15. "Bangla Bhasha Procholon Ain, 1987". Ministry of Law, Justice and Parliamentary Affairs. Government of Bangladesh. http://bdlaws.minlaw.gov.bd/bangla_pdf_part.php?id=705 আহৰণ কৰা হৈছে: 2019-04-25.
  16. "ULAB introduces Bangla and Literature Department". Dhaka Tribune. 2023-02-23. Archived from the original on 2023-02-23. https://archive.today/30223233104/https://www.dhakatribune.com/bangladesh/2023/02/23/ulab-introduces-bangla-and-literature-department আহৰণ কৰা হৈছে: 2023-02-26.
  17. "Culture of Bangladesh". Wikipedia. https://en.wikipedia.org/wiki/Culture_of_Bangladesh আহৰণ কৰা হৈছে: 2025-03-20.
  18. Khan, Muhammad Chingiz (15 July 2017). "Is MLA Ashab Uddin a local Manipuri?". Tehelka খণ্ড 14: 36–38.