বাংলাদেশৰ প্ৰাণীজগত
এক অসম্পূৰ্ণ প্ৰতিৱেদন অনুসৰি বাংলাদেশৰ প্ৰাণীজগতে প্ৰায় ১৬০০বিধ প্ৰজাতিৰ মেৰুদণ্ডী প্ৰাণী আৰু প্ৰায় ১০০০বিধ প্ৰজাতিৰ অমেৰুদণ্ডী প্ৰাণী আছে। মেৰুদণ্ডী প্ৰাণীৰ ভিতৰত আছে প্ৰায় ২২বিধ প্ৰজাতিৰ উভচৰ, ৭০৮বিধ প্ৰজাতিৰ মাছ, ১২৬বিধ প্ৰজাতিৰ সৰীসৃপ, ৬২৮বিধ প্ৰজাতিৰ চৰাই আৰু ১১৩বিধ প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী।[1] অমেৰুদণ্ডী প্ৰাণীৰ ভিতৰত আছে ৩০বিধ প্ৰজাতিৰ এফিড, ২০বিধ প্ৰজাতিৰ মৌ, ১৭৮বিধ প্ৰজাতিৰ গুবৰুৱা, ১৩৫বিধ প্ৰজাতিৰ মাখি, ৪০০বিধ প্ৰজাতিৰ মকৰা, ১৫০বিধ প্ৰজাতিৰ লেপিডপ্টেৰা, ৫২বিধ প্ৰজাতিৰ ডেকাপড, ৩০বিধ প্ৰজাতিৰ কোপেপড, ২বিধ প্ৰজাতিৰ তৰামাছ আৰু কিছু প্ৰজাতিৰ বালি ডলাৰ, সামুদ্ৰিক কেটেলাপহু। বাংলাদেশৰ পৰিৱেশগত অৱস্থা বৈচিত্ৰ্যমজ়, দীঘলীয়া সাগৰীয় উপকূল, বহুতো নদী আৰু ইয়াৰ উপনৈ, হ্ৰদ, খাল-বিল, পুখুৰী আৰু অন্যান্য ধৰণৰ জলাশয়, নিম্নভূমিৰ গ্ৰীষ্মমণ্ডলীয় প্ৰকৃতি, প্ৰায় চিৰসেউজ অৰণ্য, পাহাৰীয়া অৰণ্য চিৰসেউজ অৰণ্য, আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য, জলাশয় আৰু ওখ ঘাঁহৰ সমতল সমভূমিয়ে দেশত পোৱা প্ৰজাতিৰ বৈচিত্ৰ্য নিশ্চিত কৰে।[2][3] কিন্তু অতিমাত্ৰা জনসংখ্যা, অপৰিকল্পিত নগৰায়ন, কৃষি আৰু উদ্যোগৰ সম্প্ৰসাৰণে বাংলাদেশৰ পৰিৱেশ গাঁথনিত যথেষ্ট প্ৰভাৱ পেলাইছে। ফলত কেইবাবিধো প্ৰজাতি বিলুপ্ত হোৱাৰ লগতে আৰু বহুতো প্ৰজাতি বিলুপ্তপ্ৰায় হৈ পৰিছে।[4]
অমেৰুদণ্ডী প্ৰাণী
[সম্পাদনা কৰক]বাংলাদেশত এতিয়ালৈকে লিপিবদ্ধ হোৱা অমেৰুদণ্ডী প্ৰাণীবোৰ প্ৰায় এক হাজাৰ প্ৰজাতিৰে গঠিত। ১৮বিধ প্ৰজাতিৰ মৌমাখি আৱিষ্কাৰ কৰা হৈছে। ইহঁতৰ শ্ৰেণী হৈছে মৌমাখি, যিটো ১১বিধ প্ৰজাতিৰে গঠিত। বাকীবোৰৰ ভিতৰত ৪বিধ মৌমাখি, ২বিধ ভোমোৰা আৰু একমাত্ৰ হুলবিহীন মৌমাখিৰ প্ৰজাতি ট্ৰিগোনা ফুস্কাবালটিয়াটা।[5]
৮টা গোত্ৰৰ অন্তৰ্গত মুঠ ৩৫বিধ প্ৰজাতিৰ গুবৰুৱা আছে। আটাইতকৈ সাধাৰণ প্ৰজাতিটো হ’ল অণ্টোফেগাছ। আন ৩০বিধ প্ৰজাতিৰ পাত খোৱা স্কাৰাবিড পোৱা যায়। প্ৰায় ৯৩বিধ প্ৰজাতিৰ লেডিবাৰ্ড আছে, ইয়াৰে ৮০বিধ উপকাৰী। দেশখনত ২০বিধ প্ৰজাতিৰ জোনাকী-পৰুৱা আৱিষ্কাৰ কৰা হৈছে।[5]
ঘৰৰ ভিতৰৰ মাখিৰ ভিতৰত হাউচফ্লাই, লেছাৰ হাউচফ্লাই, ষ্টেবল ফ্লাই, নীলা বটল ফ্লাই, সেউজীয়া বটল ফ্লাই আৰু মাংস মাখি অন্যতম৷ সাধাৰণ বাহিৰৰ মাখিৰ ভিতৰত ক’লা মাখি, হৰিণ মাখি, ঘোঁৰা মাখি, হোভাৰ মাখি, ক্ৰেন মাখি আৰু কিছুমান মাস্কোইড আদি উল্লেখযোগ্য।[6] বাংলাদেশত আৱিষ্কাৰ হৈছে প্ৰায় ১১৩ প্ৰজাতিৰ মহ, আটাইতকৈ সাধাৰণ গোত্ৰসমূহ হ'ল এনোফিলিছ, কিউলেক্স, ইডিছ, মানছ'নিয়া, চ'ৰ'ফ'ৰা আৰু হেমাগ'গাছ।[7]
দেশখনত ১৩৪টা বংশ, আৰু ২২টা পৰিয়ালৰ অধীনত ৪০০ৰো অধিক প্ৰজাতিৰ মকৰা পোৱা যায়। আটাইতকৈ ডাঙৰ পৰিয়ালটো হৈছে আৰানেইডে, ই প্ৰায় ৯০টা প্ৰজাতিৰে গঠিত।[7]
প্ৰায় ১২৪ প্ৰজাতিৰ পখিলা আৱিষ্কাৰ কৰা হৈছে। ইয়াৰ অধিকাংশ প্ৰজাতি দেশৰ উত্তৰ-পূব আৰু দক্ষিণ-পূব অঞ্চলত বাস কৰে।[8] ইয়াৰ উপৰিও কিছু প্ৰজাতিৰ মথ আছে, সাধাৰণতে থুঁতৰিৰ মথ, স্কাৰপ'ফেগা ইনচেৰ্টুলাছ, চিলো পলিক্ৰাইছাছ, ক্নাফালোক্ৰ'চিছ মেডিনালিছ, এচাইৰা নুডালিছ, স্কাৰপ'ফেগা নিভেলা, লিউচিন'ডছ অৰ্ব'নালিছ, কৰ্চাইৰা চেফাল'নিকা, প্ল'ডিয়া ইন্টাৰপাংকটেলা আৰু ইত্যাদি অন্যতম।[9]
বাংলাদেশতো বহু প্ৰজাতিৰ সতেজ আৰু সাগৰীয় পানীৰ কেঁকোৰা, মিছামাছ আৰু লবষ্টাৰৰ তথ্য পোৱা গৈছে। ৪বিধ প্ৰজাতিৰ মিঠা পানী আৰু ১১বিধ প্ৰজাতিৰ সাগৰীয় কেঁকোৰা আৱিষ্কাৰ কৰা হৈছে। উপকূলীয় অঞ্চলৰ আটাইতকৈ ব্যৱসায়িকভাৱে শোষিত প্ৰজাতিটো হ’ল স্কাইলা চেৰাটা (বোকা কেঁকোৰা)। উপকূলীয় অঞ্চলত কমেও দুটা প্ৰজাতিৰ ৰজা কেঁকোৰা পোৱা যায়। প্ৰায় ১০ প্ৰজাতিৰ মিঠা পানীৰ মিছামাছ আৰু ১৯ প্ৰজাতিৰ সাগৰীয় মিছামাছ লিপিবদ্ধ কৰা হৈছে। বংগোপসাগৰত ছটা প্ৰজাতিৰ লবষ্টাৰ পোৱা গৈছে, পেনুলিৰাছ পলিফেগাছ আৰু থেনাছ অৰিয়েণ্টেলিছ হৈছে ব্যৱসায়িকভাৱে আটাইতকৈ গুৰুত্বপূৰ্ণ দুটা প্ৰজাতি৷ ২০টা কপেপড প্ৰজাতিৰ ভিতৰত ডাফনিয়া হৈছে মিঠা পানীৰ এটা সাধাৰণ প্ৰজাতি। ইয়াৰ উপৰিও দুবিধ প্ৰজাতিৰ ষ্টাৰফিছৰ তথ্য পোৱা গৈছে।[10][11]
মেৰুদণ্ডী প্ৰাণী
[সম্পাদনা কৰক]বাংলাদেশৰ মেৰুদণ্ডী প্ৰাণীজগতত প্ৰায় ১,৬০০ টা প্ৰজাতি অন্তৰ্ভুক্ত আছে। ইয়াৰ ভিতৰত মাছৰ প্ৰজাতিৰ সংখ্যাই আটাইতকৈ বেছি। ৭০৮ টা মাছৰ প্ৰজাতিৰ ভিতৰত ৪৪২ টা সাগৰীয় আৰু বাকীবোৰ নিৰ্মল পানী তথা লুণীয়া পানীৰ মাছ। সাগৰীয় মাছবোৰক ১৮ টা বৰ্গ আৰু ১২৩ টা পৰিয়ালত ভাগ কৰা হৈছে। এই প্ৰজাতিবোৰৰ ভিতৰত ৫৬ টা উপাস্থিময় মাছ আৰু ৩৮৬ টা অস্থিময় মাছ আছে। বাংলাদেশৰ ২৬৬ টা নিৰ্মল পানীৰ মাছৰ প্ৰজাতি ৬১ টা পৰিয়ালৰ অন্তৰ্গত, যাৰ ভিতৰত চাইপ্ৰিনিডি পৰিয়ালটো সৰ্ববৃহৎ (৬১ টা প্ৰজাতি)। ইয়াৰ উপৰিও বাংলাদেশৰ নিৰ্মল পানীত ৫৫ টা প্ৰজাতিৰ কেটফিছ পোৱা যায়।[13][14]
বাংলাদেশৰ উভচৰ প্ৰাণীৰ ভিতৰত কেৱল এনৰা বৰ্গৰ প্ৰজাতিবোৰহে অন্তৰ্ভুক্ত। ২২ টা উভচৰ প্ৰজাতিৰ ভিতৰত ৮ টা প্ৰজাতিক বিপদাপন্ন হিচাপে চিনাক্ত কৰা হৈছে।[14] সৰীসৃপ প্ৰজাতিৰ সংখ্যা হ’ল ১২৬ টা, য’ত ১০৯ টা বামৰ আৰু ১৭ টা সাগৰীয় প্ৰজাতি অন্তৰ্ভুক্ত। ১০৯ টা বামৰ সৰীসৃপৰ ভিতৰত ৩ টা ঘৰিয়াল জাতীয়, ২১ টা কাছ, ১৮ টা জেঠী জাতীয় আৰু ৬৭ টা সাপৰ প্ৰজাতি। সাগৰীয় সৰীসৃপৰ ভিতৰত ১২ টা সাপ আৰু ৫ টা কাছ আছে।[15]
বাংলাদেশত ১৬ টা বৰ্গ আৰু ৬৭ টা পৰিয়ালৰ অন্তৰ্গত ৬২৮ টা প্ৰজাতিৰ চৰাই পোৱা যায়, যাৰ ভিতৰত ২৭৬ টা পাচেৰিন বা গায়ক চৰাই। ইয়াৰ ভিতৰত ৩৮৮ টা থলুৱা প্ৰজাতি (১৭১ টা পাচেৰিনসহ) আৰু বাকী ২৪০ টা প্ৰজাতি (১০৫ টা পাচেৰিনসহ) পৰিভ্ৰমী চৰাই।[16] বাংলাদেশৰ স্তন্যপায়ী প্ৰাণীসমূহৰ ভিতৰত ১২ টা বৰ্গ আৰু ৩৫ টা পৰিয়ালৰ ১১০ টা বামৰ স্তন্যপায়ী প্ৰজাতি আৰু কেৱল চিটেচিয়া বৰ্গৰ তিনিটা সাগৰীয় স্তন্যপায়ী প্ৰজাতি আছে।[17]
সংৰক্ষণ প্ৰচেষ্টা
[সম্পাদনা কৰক]
বৰ্তমানলৈকে দেশখনৰ পৰা কেইবাটাও প্ৰাণী সম্পূৰ্ণৰূপে নিৰুদ্দেশ হৈছে আৰু আন ২০১টা প্ৰজাতিৰ অস্তিত্ব বিপদাপন্ন হৈ পৰিছে। এছীয় বনৰীয়া কুকুৰ বুলিও জনাজাত ঢোল বৰ্তমান বাসস্থান আৰু চিকাৰযোগ্য প্ৰজাতিৰ অভাৱ তথা মানুহৰ উৎপীড়নৰ বাবে বিলুপ্তিৰ গৰাহত পৰিছে। বাংলাদেশৰ পৰা বিলুপ্ত হোৱা উল্লেখযোগ্য প্ৰাণীবোৰৰ ভিতৰত আছে এশিঙীয়া গঁড়, এছীয় দ্বি-শৃংগ গঁড়, বেণ্টেং, দল-হৰিণা, ভাৰতীয় কুকুৰনেচীয়া বাঘ, বনৰীয়া ম’হ আৰু সাধাৰণ মৰা চৰাই।[1] জনসংখ্যাৰ গৰিষ্ঠসংখ্যক অংশ ডাঙৰ চহৰসমূহৰ ভিতৰত বা আশেপাশে বাস কৰে, যিয়ে কিছু পৰিমাণে বনধ্বংস সীমিত কৰাত সহায় কৰিছে। যি কি নহওক, জনসংখ্যা বৃদ্ধিৰ হাৰ অব্যাহত থকাৰ বাবে পৰিৱেশৰ ওপৰত অধিক হেঁচা পৰিছে আৰু ইয়াৰ ফলত অসংখ্য প্ৰাকৃতিক আৱাসস্থল ধ্বংস হৈছে। যদিও কেইবাটাও অঞ্চল আইনৰ দ্বাৰা সুৰক্ষিত, তথাপিও এই বৃদ্ধিৰ বাবে বাংলাদেশৰ বন্যপ্ৰাণীৰ এটা বৃহৎ অংশ ভাবুকিৰ সন্মুখীন হৈছে।
২০১৬ চনত চট্টগাম পাৰ্বত্য জিলাৰ গ্ৰামাঞ্চলত জৰীপ চলোৱা সংৰক্ষণবিদসকলে দেশখনত পোনপ্ৰথমবাৰৰ বাবে সূৰ্য-ভালুক আৰু গৌৰৰ ছবি সংগ্ৰহ কৰে। তদুপৰি, দলটোৱে হিমালয়ৰ চেৰো, এছীয় সোণালী মেকুৰী, শৰ পহু, সুগৰী পহু, চিতা মেকুৰী আৰু ঢোলৰ ছবিও বন্দী কৰে। চট্টগাম পাৰ্বত্য জিলাৰ স্থানীয় লোকসকলে সংৰক্ষণবিদসকলক আৰাকান বনৰীয়া কাছৰ এটা নতুন গোটৰ সন্ধান দিছিল। এসময়ত বিলুপ্ত হোৱা বুলি ভবা এই অতিশয় বিপদাপন্ন প্ৰজাতিটো কেৱল চুবুৰীয়া দেশ ম্যানমাৰতহে জীয়াই থকা বুলি ধাৰণা কৰা হৈছিল।[18]
অলিভ ৰিডলী সাগৰীয় কাছবোৰে বাংলাদেশৰ উপকূলত কণী পাৰে, য’ত ইহঁত সামুদ্ৰিক প্লাষ্টিক প্ৰদূষণৰ দ্বাৰা ভাবুকিৰ সন্মুখীন হয়।[19]
চিত্ৰভঁৰাল
[সম্পাদনা কৰক]- বেংগল টাইগাৰ বা ঢেঁকীয়াপতীয়া বাঘ বাংলাদেশৰ জাতীয় প্ৰতীক
- বাংলাদেশৰ চট্টগাম পাৰ্বত্য জিলাত ভাৰতীয় নাহৰফুটুকী বাঘ পোৱা যায়
- বাংলাদেশৰ পাহাৰীয়া অঞ্চলত বনৰীয়া ভাৰতীয় হাতী দেখিবলৈ পোৱা যায়
- বাংলাদেশত পোৱা যায় হূলোক গিবন বা লাজুকী বান্দৰ
- লোণাতিনীয়া ঘৰিয়াল হ’ল বৰ্তমানৰ সকলো সৰীসৃপৰ ভিতৰত আটাইতকৈ ডাঙৰ
- সুন্দৰবন আৰু অন্যান্য মেংগ্ৰোভ অৰণ্যত চিতল পহু ব্যাপকভাৱে দেখা যায়
- দক্ষিণ-পূব অংশত ডাৱৰীয়া নাহৰফুটুকী (Clouded leopard) পোৱা যায়
- Python reticulatus (জালি সাপ) পৃথিৱীৰ আটাইতকৈ দীঘল সাপ আৰু দীঘল সৰীসৃপ
- ৰাজফেটি হ’ল পৃথিৱীৰ আটাইতকৈ দীঘল বিষধৰ সাপ[20]
- ৰাজধনেশ (Great hornbill)
- ভাটৌ চৰাই (Rose-ringed parakeet)
- লাউৱাছৰা ৰাষ্ট্ৰীয় উদ্যানত টুপীমূৰীয়া বান্দৰ (Capped langur)
- বৰটোকোলা (Lesser adjutant)
- মেংগ্ৰোভ অৰণ্যত পোৱা এক ধুনীয় চৰাই মাস্কড ফিনফুট (Masked finfoot)
- বিন্তুৰং (Binturong)
- বেংগল শিয়াল
- পানী গুই (Water monitor); ই কোমোডো ড্ৰেগনৰ পিছতে পৃথিৱীৰ দ্বিতীয় বৃহত্তম গুই।[21]
- এছীয় সোণালী মেকুৰী
- চট্টগাম পাৰ্বত্য জিলাত সূৰ্য-ভল্লুক (Sun bear) পোৱা যায়
- গৌৰ (gaur) হ’ল আটাইতকৈ ডাঙৰ গো-জাতীয় প্ৰাণী, যিবোৰ দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ থলুৱা প্ৰাণী
- শৰ পহু (Sambar deer)
- আৰাকান বনৰীয়া কাছ (Arakan forest turtle)
- মগৰ ঘৰিয়াল (Mugger crocodile)
- আল বন্দৰ উপসাগৰত ডলফিন
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- 1 2 Khan, M. Monirul H. (2008). Protected Areas of Bangladesh - A Guide to Wildlife. Nishorgo Program, Bangladesh Forest Department. OCLC 795008978.
- ↑ Bio-ecological Zones of Bangladesh. IUCN. 2002. ISBN 9843110900. https://books.google.com/books?id=HT4p-7uG3cUC&dq=Fauna+of+Bangladesh&source=gbs_navlinks_s.
- ↑ Chowdhury, Quamrul Islam (2001). Bangladesh, State of Bio-diversity. Cornell University. ISBN 9847560129. https://books.google.com/books?id=myxFAAAAYAAJ&q=Fauna+of+Bangladesh&dq=Fauna+of+Bangladesh&hl=en&sa=X&ei=cnOjUYyVGoj1iQfwpoCwBw&redir_esc=y.
- ↑ Razzaque, Jona (2004). Public interest environmental litigation in India, Pakistan, and Bangladesh. Kluwer Law International. ISBN 9041122141. https://books.google.com/books?id=7E7al37aYBEC&dq=Fauna+of+Bangladesh&source=gbs_navlinks_s.
- 1 2 মো. আবদুল হান্নান. Unknown parameter
|নিবন্ধ=ignored (help); Missing or empty|title=(help) - ↑ Molla, Md Abdus Sattar (2012). "Fly". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. http://en.banglapedia.org/index.php?title=Fly.
- 1 2 Huda, KM Nurul (2012). "Mosquito". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. http://en.banglapedia.org/index.php?title=Mosquito.
- ↑ Ahmad, Monawar (2012). "Butterfly". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. http://en.banglapedia.org/index.php?title=Butterfly.
- ↑ Ahmad, Monawar (2012). "Moth". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. http://en.banglapedia.org/index.php?title=Moth.
- ↑ Islam, M. Rafiqul (2004). Where land meets the sea: a profile of the coastal zone of Bangladesh. University of California. ISBN 9840517198. https://books.google.com/books?id=O8AQAQAAIAAJ&q=Invertebrate%20fauna%20in%20Bangladesh.
- ↑ Kabir, SM Humayun (2012). "Fauna". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. http://en.banglapedia.org/index.php?title=Fauna.
- ↑ Kabir, SM Humayun (2012). "Hilsa". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. https://banglapedia.org.
- ↑ Sultana, P.; Thompson, P.; Ahmed, M.. Understanding livelihoods dependent on inland fisheries in Bangladesh and Southeast Asia: final technical report. The WorldFish Center. https://google.com.
- 1 2 Chakraborty, Subhash Chandra (2012). "Fish". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. https://banglapedia.org.
- ↑ Islam, Md Anwarul (2012). "Reptile". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. https://banglapedia.org.
- ↑ Islam, Md Anwarul (2012). "Bird". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. https://banglapedia.org.
- ↑ Islam, Md Anwarul (2012). "Mammal". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. https://banglapedia.org.
- ↑ Hance, Jeremy (1 March 2016). "Tiger country? Scientists uncover wild surprises in tribal Bangladesh" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/environment/radical-conservation/2016/mar/01/tiger-country-scientists-uncover-wild-surprises-in-tribal-bangladesh#img-7.
- ↑ "Race to rescue turtles entangled in plastic on Bangladesh beach". Aljazeera. 13 July 2020. https://www.aljazeera.com/news/2020/07/race-rescue-turtles-entangled-plastic-bangladesh-beach-200713043736541.html.
- ↑ Mehrtens, John (1987). Living Snakes of the World. প্ৰকাশক New York: Sterling. ISBN 0-8069-6461-8. https://archive.org/details/livingsnakesofwo00mehr.
- ↑ Wood, Gerald (1983). The Guinness Book of Animal Facts and Feats. ISBN 978-0-85112-235-9. https://archive.org/details/guinnessbookofan00wood.