সমললৈ যাওক

বাংলাদেশৰ শিল্পকলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বাংলাদেশৰ শিল্পকলা (বঙালী: বাংলাদেশেব় শিল্পকলা) হ'ল বৰ্তমান বাংলাদেশত চৰ্চা হোৱা দৃশ্য কলাৰ এক ৰূপ। বাংলাদেশী শিল্পৰ এক বহুবছৰীয়া ইতিহাস আছে, যি ইতিহাস দুহাজাৰ বছৰতকৈও অধিক পুৰণি আৰু আজিও চলি আছে। ইয়াৰ যাত্ৰা আৰম্ভ হৈছিল সনাতন হিন্দু সভ্যতাৰপৰা। মাজত বৌদ্ধ, জৈন আৰু ইছলামকে ধৰি বহুতো নতুন সংস্কৃতি আৰু ঐতিহ্যৰ সৈতে মিলিত হোৱাৰ লাভ কৰিছিল। বাংলাদেশী শিল্পৰ বিভিন্ন ৰূপৰ ভিতৰত ফটোগ্ৰাফী, স্থাপত্য, ভাস্কৰ্য্য আৰু চিত্ৰকলা সবাতোকৈ প্ৰধান।

ৱাৰী-বটেশ্বৰেৰ প্ৰত্নতাত্ত্বিক নিদৰ্শনৰ সাম্প্ৰতিক খননৰপৰা অনুমান কৰিব পাৰি‍ যে বাংলাদেশী শিল্পৰ ইতিহাস ৪৫০ খ্ৰীষ্টপূৰ্বৰ।[1] এই খননসমূহে বাংলাদেশৰ প্ৰাথমিক নগৰীয়া সভ্যতাৰ অস্তিত্ব সম্পৰ্কীয় পূৰ্বৰ ধাৰণাসমূহৰ সৈতে অমিল হোৱাৰ বাবে এই বিষয়ে অধিক গৱেষণা কৰা হৈছে। বাংলাদেশৰ শিল্পকলাৰ প্ৰাৰম্ভিক বিকাশৰ সঠিক প্ৰমাণে মৌৰ্য যুগলৈ আঙুলিয়াই দিয়ে। বাংলাদেশত মৌৰ্য শিল্পৰ চহকী পৰম্পৰাক প্ৰতিফলিত কৰা কেইবাটাও ভাস্কৰ্য্য আৱিষ্কাৰ হৈছে।

বাংলাদেশী শিল্পৰ আটাইতকৈ উল্লেখযোগ্য বিকাশ হৈছিল পাল শাসনৰ সময়ত অৰ্থাৎ ৭৫০ খ্ৰীষ্টাব্দৰপৰা ১১৭৪ খ্ৰীষ্টাব্দলৈ। পালসকলে বাংলাদেশত বৌদ্ধ শিল্পৰ এক সুকীয়া ৰূপ সৃষ্টি কৰিছিল যিয়ে চীন, জাপানী, পূব এছিয়া আনকি তিব্বতী শিল্পকো প্ৰভাবিত কৰিছিল।[2] বাংলাদেশী শিল্পৰ এই অগ্ৰগতি একাদশ আৰু দ্বাদশ শতিকাতো সেন শাসনৰ সময়ত কিছু পৰিমাণে অব্যাহত আছিল।

একাদশ শতিকাত বংগলৈ মুছলমানসকলৰ আগমন ঘটে আৰু তেতিয়াৰপৰাই বাংলাদেশী শিল্পত ইছলামিক শিল্পৰ প্ৰভাৱ প্ৰত্যক্ষ কৰিব পাৰি। এই প্ৰভাৱৰ আৰম্ভণি হৈছিল বংগত চুলতানৰ ৰাজ্য প্ৰতিষ্ঠাৰ সময়ৰপৰা যিয়ে বৰ্তমানৰ বাংলাদেশৰ বেছিভাগ অঞ্চল সামৰি লৈছিল। মূলতঃ বাংলাদেশত ইছলামিক শিল্পৰ অধিকাংশই মোগল শাসনৰ সময়ত বিকশিত হৈছিল। মুছলমান ৰাজবংশসমূহে মূলতঃ স্থাপত্য নিৰ্মাণৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল। সমগ্ৰ বাংলাদেশত অৱস্থিত অসংখ্য মছজিদ আৰু মাজাৰত ইছলামিক স্থাপত্যৰ বিস্তৃত প্ৰভাৱ দেখা যায়।

ব্ৰিটিছ শাসনে বাংলাদেশৰ শিল্পত বিৱৰ্তনৰ এক নতুন ঢৌৰ সূচনা কৰিলে। বাংলাদেশৰ দৃশ্য কলাৰ প্ৰায় প্ৰতিটো দিশতে ব্ৰিটিছে প্ৰভাৱ পেলাইছিল। আধুনিক শিল্পকলাৰ প্ৰৱৰ্তনৰ যোগেদি‍ বাংলাদেশী শিল্পক শক্তিশালী কৰা হৈছে। এই সময়ছোৱাত মহান শিল্পী জয়নুল আবেদিনকে ধৰি বাংলাদেশৰ বহু বিখ্যাত শিল্পীৰ জন্ম হয়।

ফটোগ্ৰাফী

[সম্পাদনা কৰক]

ফটোগ্ৰাফী হ'ল সেই সমসাময়িক কলা য’ত বাংলাদেশে সঁচাকৈয়ে নিজৰ চাপ থ'বলৈ সক্ষম হৈছে। গুলাম কাছেম দাদী, মনজুৰ আলম বেগ, নৱাজেশ আহমেদ আৰু নাইবুদ্দিন আহমেদৰ দৰে অগ্ৰগামীসকলে প্ৰথমে এই কাম কৰিছিল। প্ৰথম মহিলা ফটোগ্ৰাফাৰৰ ভিতৰত অন্যতম আছিল ছাইদা খানুম। আনোৱাৰ হোছেইনে সত্তৰৰ দশকৰ শেষৰফালে শক্তিশালী মানৱীয় কামৰ জৰিয়তে এক পৰিৱৰ্তন আনিছিল। তথ্যচিত্ৰ ফটোগ্ৰাফীৰ অনুশীলনৰ পথ-প্ৰদৰ্শক শ্বাহিদুল আলমে দৃক পিকচাৰ লাইব্ৰেৰী, পাঠশালা, দক্ষিণ এছিয়ান মিডিয়া ইনষ্টিটিউটৰ স্থাপন কৰিছিল; এতিয়া বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফটোগ্ৰাফী বিদ্যালয় বুলি গণ্য কৰা ছবি মেলা; ফটোগ্ৰাফীৰ অতি সন্মানীয় দ্বিবাৰ্ষিক উৎসৱ আৰু মেজৰিটি ৱৰ্ল্ড এজেন্সি। সমসাময়িক ফটো মিডিয়াত মহম্মদ ৰকিবুল হাছানে এক বৃহৎ অৱদান আগবঢ়াইছে।

তাছলিমা আখতাৰ আৰু জান্নাতুল মাৱাই ব্যক্তিগত প্ৰকল্পৰ কাম কৰি আছে আৰু মহিলা ফটোগ্ৰাফাৰসকলেও এই বৃত্তিটো গ্ৰহণ কৰিছে। যদিও বাংলাদেশী ফটোগ্ৰাফীক বিশ্বজুৰি প্ৰশংসা কৰা হয়, তথাপি বাংলাদেশত ই পৰ্যাপ্ত স্বীকৃতি পোৱা নাই। চাৰুকলা অনুষদ (চাৰুকলা ইনষ্টিটিউট) বা চাৰুকলা বিভাগ (শিল্পকলা অকাডেমি)ত ফটোগ্ৰাফী পঢ়ৱা নহয়। এছিয়ান আৰ্ট বিয়েনালেৰ প্ৰৱেশ নিয়মত ফটোগ্ৰাফী বা ভিডিঅ’ জমা দিয়াৰ অনুমতি দিয়া হোৱা নাই যদিও আন্তঃৰাষ্ট্ৰীয় শিল্পীসকলে ফটোগ্ৰাফী জমা দিছে আৰু ইয়াৰ বাবে বঁটা লাভ কৰিছে।

বেঙ্গল ফাউণ্ডেচনৰ সহযোগত ইটালীৰ প্ৰকাশক স্কাইৰাৰদ্বাৰা প্ৰকাশিত বাংলাদেশী চাৰুকলা বিষয়ক ৪০খন গ্ৰন্থৰ এটা ছেটৰ ভিতৰত ছাহিদুল আলমৰ গ্ৰন্থ আমাৰ যাত্ৰা সাক্ষী গ্ৰন্থ হিচাপে প্ৰথম। কাজী গিয়াছুদ্দিন, ছফিউদ্দিন আহমেদ আৰু মহান শিল্পী জয়নুল আবেদিনৰ গ্ৰন্থও প্ৰকাশ পাইছে।

স্থাপত্য

[সম্পাদনা কৰক]

প্ৰাচীন প্ৰত্নতাত্ত্বিক স্থানৰ অৱশিষ্টই এই কথাৰ যথেষ্ট সাক্ষ্য দিয়ে যে বাংলাদেশত স্থাপত্যৰ চৰ্চা ইয়াৰ ইতিহাসৰ অতি প্ৰাৰম্ভিক সময়ৰপৰাই আৰম্ভ হৈছিল। বাংলাদেশৰ পাহাৰপুৰত পাল শাসক ধৰ্মপাল সৃষ্ট সোমপুৰ মহাবিহাৰ ভাৰতীয় উপমহাদেশৰ আটাইতকৈ ডাঙৰ বৌদ্ধ মঠ আৰু ইয়াক "বিশ্বৰ দৃষ্টিনন্দন" ঠাই হিচাপে অভিহিত কৰা হয়।[2]

নৱৰত্ন শৈলীত নিৰ্মিত দিনাজপুৰৰ কান্তজিউ মন্দিৰটো শিল্পৰ শেষ যুগৰ টেৰাকোটা সজ্জাৰ অন্যতম উত্তম উদাহৰণ।[3]

বাগেৰহাটৰ ষাঠিটা গম্বুজযুক্ত মছজিদক “সমগ্ৰ ভাৰত উপমহাদেশৰ আটাইতকৈ আকৰ্ষণীয় মুছলমান নিদৰ্শন” বুলি অভিহিত কৰা হয়।[4] লালবাগ দুৰ্গক মোগল স্থাপত্যৰ অন্যতম নিদৰ্শন হিচাপে গণ্য কৰা হয়।

দেশৰ কেইবাটাও ঔপনিৱেশিক কীৰ্তিচিহ্ন আৰু গীৰ্জাত ইউৰোপীয় স্থাপত্যৰ প্ৰভাৱ লক্ষণীয়। আটাইতকৈ উল্লেখযোগ্য হ’ল ঢাকাৰ নবাবসকলৰ পূৰ্বৰ বাসগৃহ আহছান মনজিল, যিটো পাছলৈ সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হয়।[5]

আধুনিক প্ৰেক্ষাপটত সমসাময়িক স্থাপত্যৰ বৈশিষ্ট্য, নান্দনিক, কলাত্মক আৰু প্ৰযুক্তিগত উন্নত ৰূপেৰে বাংলাদেশৰ স্থাপত্য অধিক বৈচিত্ৰ্যমজ় হৈ পৰিছে। আৰম্ভণিৰপৰাই অৰ্থনৈতিক প্ৰগতিয়ে বাংলাদেশৰ স্থাপত্যক ইয়াৰ পৰম্পৰাগত ৰূপৰপৰা সমসাময়িক প্ৰেক্ষাপটলৈ উন্নীত কৰিছে। বৰ্ধিত নগৰায়ন আৰু আধুনিকীকৰণৰ লগে লগে স্থাপত্যৰ ৰূপটোও ইয়াৰ পৰম্পৰা আৰু ঐতিহ্যৰ এক বিস্তৃত পৰিসৰক আঁকোৱালি লৈ আধুনিক হৈ পৰিছে।[6]

ভাস্কৰ্য

[সম্পাদনা কৰক]

ভাৰতীয় উপমহাদেশৰ আন আন অঞ্চলৰ বিপৰীতে‍ বাংলাদেশত ভাস্কৰ্য্য শিল্পৰ সূচনা হৈছিল টেৰাকোটাৰ জৰিয়তে, এনে হোৱাৰ কাৰণ শিলৰ অভাৱ আৰু কোমল মাটিৰ প্ৰচুৰতা। ইয়াক খ্ৰীষ্টপূৰ্ব দ্বিতীয় বা তৃতীয় শতিকাৰ কথা বুলি ধৰা হয়।

কালক্ৰমত বাংলাদেশৰ ভাস্কৰ্য্য শিল্পত উত্তৰ আৰু মধ্য ভাৰতৰ প্ৰভাৱ বাঢ়িবলৈ ধৰে আৰু শিলৰ ভাস্কৰ্য্যৰ প্ৰচলন আৰম্ভ হয়। সাধাৰণ যুগৰ প্ৰথম তিনিটা শতিকাৰপৰাই স্থানীয় ভাস্কৰ্য শিল্পীসকলে উত্তৰ ভাৰতত বসবাস কৰা শিল্পীৰ দৰে‍ কুষাণ শৈলীত ক'লা শিলত ভাস্কৰ্য্য নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। এই ভাস্কৰ্য্যসমূহ সেই সময়ৰ তিনিটা প্ৰধান ধৰ্মৰ অনুগামীসকলে পূজা কৰা দেৱ-দেৱীৰ প্ৰতিমূৰ্তি আছিল, যথা - ব্ৰাহ্মণ, বৌদ্ধ আৰু জৈন ধৰ্ম।

ব্ৰঞ্জৰ ভাস্কৰ্য্যসমূহৰ নিৰ্মাণ মূলতঃ চট্টগ্ৰাম অঞ্চলৰপৰাই খ্ৰীষ্টীয় সপ্তম শতিকাত আৰম্ভ হ’বলৈ ধৰে। আদিম এনে ভাস্কৰ্য্যত বৌদ্ধ বিশ্বাসৰ চিত্ৰণ আছিল যদিও পাছলৈ এই শিল্প হিন্দু শিল্পৰ সৈতে মিলি যায়।

আধুনিক যুগৰ ভাস্কৰ্য শিল্পৰ প্ৰেক্ষাপটত কিছুমান ঐতিহাসিক পৰিঘটনা, মূলতঃ বাংলাদেশ মুক্তি যুদ্ধই আধিপত্য বিস্তাৰ কৰি আহিছে। অপৰাজেয় বাংলা, চাব্বাছ বাংলাদেশ এই ধাৰাৰ কেইটামান উল্লেখযোগ্য উদাহৰণ।

লোকশিল্প

[সম্পাদনা কৰক]

পৃথিৱীৰ আন দেশৰ দৰে গ্ৰাম্য আৰু আদিম মানসিকতাৰ লোকসকলে বাংলাদেশতো লোকশিল্পৰ বিকাশ ঘটাইছিল। এই কাৰণেই বাংলাদেশত লোকশিল্পৰ গঠন আৰু বিকাশ বিশুদ্ধ আৰু সৰল সজীৱতাৰে পৰিপূৰ্ণ আৰু গ্ৰাম্য বাংলাদেশী জনসাধাৰণৰ আশা, আকাংক্ষা আৰু সৌন্দৰ্য্যবোধৰ প্ৰতীকী প্ৰতিনিধিত্ব। পৰিৱেশ আৰু কৃষি কাৰ্য্যই বাংলাদেশৰ পৰম্পৰাগত লোককলাক সমৃদ্ধ কৰাত যথেষ্ট সহায় কৰিছে। ইয়াত ভূমি আৰু ইয়াৰ মানুহক প্ৰতিফলিত কৰা পৰম্পৰাগত মটিফ ব্যৱহাৰ কৰা হৈছে। লোকশিল্পৰ বিভিন্ন ৰূপে এই সাধাৰণ মটিফবোৰ পুনৰাবৃত্তি কৰে। উদাহৰণস্বৰূপে, পদুম, সূৰ্য্য, গছৰ জীৱন, ফুল ফুলা লতা আদি চিত্ৰ, এম্ব্ৰয়ডাৰী, বয়ন, খোদিত শিল্পকৰ্মত দেখা যায়। আন আন সাধাৰণ মটিফবোৰ হ’ল মাছ, হাতী, ঘোঁৰা, ময়ূৰ, বৃত্ত, ঢৌ, মন্দিৰ, মছজিদ ইত্যাদি। এই মটিফবোৰৰ বহুতো প্ৰতীকী অৰ্থ আছে। উদাহৰণস্বৰূপে, মাছে উৰ্বৰতা, ধানে সমৃদ্ধি, পদুমে বিশুদ্ধতাক প্ৰতিনিধিত্ব কৰে। এই অঞ্চলৰ শিল্প-সংস্কৃতিক প্ৰভাবিত কৰা আন এটা গুৰুত্বপূৰ্ণ কাৰক আছিল ছয় ঋতু।

বাংলাদেশৰ লোককলাৰ নান্দনিক মূল্যৰ লগতে তেওঁলোকৰ কৰ্মৰ মানৰ বাবে গ্ৰাম্য মহিলাসকলে বহু পৰিমাণে অৱদান আগবঢ়াইছে। ইয়াৰ আঁৰৰ এটা মূল কাৰণ আছিল যে বেছিভাগ ক্ষেত্ৰতে তেওঁলোকৰ শিল্প অবাণিজ্যিক আছিল, আনহাতে পুৰুষৰদ্বাৰা উৎপাদিত লোকশিল্পৰ লগত ব্যাৱসায়িক মূল্য জড়িত হৈ থাকে।

এইদৰে কমাৰ, কুমাৰ, মুচি‍, চিত্ৰকৰ, স্বৰ্ণকাৰ, পিতলৰ কাম কৰা লোকসকল, তাঁতিসকলে‍ নিজৰ উৎপাদিত সামগ্ৰীৰপৰাই জীৱিকা উপাৰ্জন কৰিছিল যদিও পৰম্পৰাগতভাৱে অতীতত আল্পনা শিল্পী বা কঁথা সীয়া শিল্পৰ লগত জডি়ত মহিলাসকলে নিজৰ ঘৰত কাম কৰিছিল আৰু ইয়াৰ বাবে কোনো ধৰণৰ আৰ্থিক পাৰিশ্ৰমিক লাভ কৰা নাছিল। আল্পনা আৰু নক্সা কৰা কঁথা দুয়োটা বাংলাদেশৰ লোকশিল্পৰ আটাইতকৈ আকৰ্ষণীয় ৰূপ। মৃৎশিল্প এবং কৰিদন্ত শিল্পৰ জনপ্ৰিয় ৰূপ।[7][8]

আধুনিক শিল্পকলা

[সম্পাদনা কৰক]

বাংলাদেশত আধুনিক শিল্প আন্দোলনৰ সূচনা কুৰি‍ শতিকাৰ আৰম্ভণিত। সেই সময়ত বাংলাদেশত শিল্পৰ কোনো প্ৰশিক্ষণ বা শিক্ষানুষ্ঠান নাছিল। ঊনৈছ শতিকাৰ শেষৰফালে ব্ৰিটিছে তেতিয়াৰ বংগৰ প্ৰাদেশিক ৰাজধানী কলকাতাত কলা বিদ্যালয় প্ৰতিষ্ঠা কৰে আৰু ই স্থানীয় শিল্প অনুৰাগীসকলক এক বিশেষ শিল্পকলাৰ সন্ধানত অগ্ৰসৰ হ'বলৈ অনুপ্ৰাণিত কৰিলে। বাংলাদেশ বা তেতিয়াৰ পূব বংগৰ শিল্পপ্ৰেমীসকলো ইয়াৰদ্বাৰা অনুপ্ৰাণিত হৈছিল। এই কথাই বাংলাদেশত শিল্পকলা ক্ষেত্ৰত বহু বিশিষ্ট ব্যক্তিৰ জন্ম দিলে‍ আৰু তেখেতসকলৰ খ্যাতি কেৱল বাংলাদেশতে নহয়, সমগ্ৰ বিশ্বতে বিয়পি পৰিল। জয়নুল আবেদিন আছিল এই প্ৰজন্মৰ শিল্পী। তেখেতক বাংলাদেশৰ শিল্প আন্দোলনৰ পথিকৃৎ হিচাপে‍ বিবেচনা কৰা হয়।

ভাৰত বিভাজনৰ পাছত কলকাতা ভাৰতৰ পশ্চিম বংগৰ অংশ হৈ পৰে আৰু বৰ্তমানৰ বাংলাদেশৰ ভৌগোলিক অঞ্চলে পাকিস্তানৰ পূব পাকিস্তান প্ৰদেশ গঠন কৰে। গতিকে স্থানীয় শিল্পীসকলে বাংলাদেশত এটা কলা প্ৰতিষ্ঠানৰ বিশেষ প্ৰয়োজনীয়তা অনুভৱ কৰিলে। ১৯৪৮ চনত জয়নুল আবেদিন, কামৰুল হাছান, চাফিউদ্দিন আহমেদ, আনোৱাৰুল হক, খাজা শ্বফিকৰ দৰে অন্যান্য আগশাৰীৰ শিল্পীয়ে স্থানীয় শিল্পীৰ সৈতে বাংলাদেশৰ শিল্প ঐতিহ্যৰ বিকাশৰ বাবে সৰকাৰি শিল্প আৰু কাৰুকলা ইনষ্টিটিউট প্ৰতিষ্ঠা কৰে।

আৰ্ট ইনষ্টিটিউট প্ৰতিষ্ঠা হোৱাৰ পাছৰেপৰা বাংলাদেশৰ শিল্পীসকলে প্ৰয়োজনীয় পেছাদাৰিত্ব আহৰণ কৰিবলৈ আৰম্ভ কৰে আৰু ইয়াত ব্যাৱসায়িক মূল্য সংযোজন কৰে। ইয়াৰ ফলত তেওঁলোক নিজৰ কৰ্মৰাজি দৰ্শকৰ আগত প্ৰদৰ্শন কৰিবলৈ শিল্প প্ৰদৰ্শনীৰ আয়োজন কৰিবলৈ বাধ্য হয়। ১৯৬০ চনৰ ভিতৰত শিল্পীসকলে বিশ্বৰ অন্যান্য প্ৰান্তৰ শিল্প পৰম্পৰাৰ সৈতে জড়িত হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত তেওঁলোকে সেই দেশসমূহৰ সমসাময়িক শিল্পৰ বিষয়ে যথেষ্ট স্পষ্ট ধাৰণা অৰ্জন কৰিছিল। বহু শিল্পীয়ে ইউৰোপ আৰু জাপানলৈ প্ৰশিক্ষণৰ বাবে গৈছিল আৰু নতুন ধাৰণা আৰু শেহতীয়া কৌশল লৈ উভতি আহিছিল যদিও তেওঁলোক দেশীয় শিল্প ঐতিহ্যত নিমজ্জিত আছিল।[9]

বাংলাদেশে স্বাধীনতাৰ পাছত ১৯৭৪ চনত বাংলাদেশ শিল্পকলা একাডেমী প্ৰতিষ্ঠা কৰে আৰু ই পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিল্পীক জড়িত কৰি নিয়মীয়াকৈ শিল্প প্ৰদৰ্শনী আৰু উৎসৱৰ আয়োজন কৰিবলৈ আৰম্ভ কৰে। এই সময়ছোৱাত বাংলাদেশী শিল্পয়ো আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি আৰু প্ৰশংসা লাভ কৰিবলৈ আৰম্ভ কৰে।[10]

সমসাময়িক শিল্প

[সম্পাদনা কৰক]

বাংলাদেশতো কেইবাটাও শিল্প আন্দোলনৰ উত্থান ঘটিছিল আৰু শিল্পীসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শনী কৰিছিল; বাংলাদেশৰ সমসাময়িক শিল্প জগতত কেইবাটাও শিল্পীৰ দল গঠন হৈছিল। সমসাময়িক সৃষ্টিৰ সৈতে জড়িত হ’বলৈ কেইবাটাও প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল। দেশ এৰি ইউৰোপ, আমেৰিকা আৰু জাপানৰ আন্তঃশাখা সংবাদ মাধ্যমত অনুশীলন কৰিবলৈ কেইবাজনো শিল্পী গৈছিল। বাংলাদেশত জন্মগ্ৰহণ কৰা তৈয়বা বেগম লিপি, ৰুনা ইছলাম, হাছান এম এলাহি, নাঈম মোহাইমেন, ফিৰোজ মাহমুদ, ৰানা বেগম আৰু মহম্মদ ৰকিবুল হাছানে ভিডিঅ’, ইনষ্টলেচন, ফটোগ্ৰাফী, পাঠ, শব্দ, চিত্ৰকলা আৰু শিল্পৰ অন্যান্য নতুন মাধ্যমকে ধৰি বিভিন্ন মাধ্যমত অনুশীলন কৰিছে আৰু প্ৰদৰ্শনীত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। ব্ৰিটো আৰ্টছ ট্ৰাষ্ট হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো অলাভজনক শিল্পীৰদ্বাৰা পৰিচালিত কলা সংস্থা যিয়ে সমসাময়িক মাধ্যমত কেইবাটাও কলা অনুষ্ঠান আয়োজন কৰিছে। ১৯৯০ৰ দশকত শিল্পৰ স্থান আৰু শিল্প বিক্ৰী বৃদ্ধিৰ মাধ্যমেৰে শিল্পী আৰু তেওঁলোকৰ দৰ্শকৰ মাজত সংযোগ গঢ়া দেখা যায়। [11] ২০১০ চনৰ আৰম্ভণিতে ছামদানি আৰ্ট ফাউণ্ডেশ্যন প্ৰতিষ্ঠা হৈছিল আৰু ঢাকা কলা সন্মিলনৰ দৰে অনুষ্ঠানে সমসাময়িক শিল্প আৰু সংস্কৃতিৰ পৰিৱেশক ব্যাপক সলনি কৰিছে আৰু ই দক্ষিণ এছিয়াৰ "শিল্প আৰু স্থাপত্যৰ বাবে আন্তৰ্জাতিক, অবাণিজ্যিক গৱেষণা আৰু প্ৰদৰ্শনী মঞ্চ" আয়োজন কৰে।[12]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. সুফি মোস্তাফিজুৰ ৰহমান, মুহাম্মদ হাবিবুল্লা পাঠান, মিজানুৰ ৰহমান, মুৰ্শেদ ৰায়হান, শামীমা আক্তাৰ.  Unknown parameter |নিবন্ধ= ignored (help); Missing or empty |title= (help)
  2. 2.0 2.1 French, JC (1928). The art of the Pal empire of Bengal. Oxford University Press. https://archive.org/details/in.gov.ignca.23029. 
  3. Journey plus – Dinajpur সাঁচ:ওয়েব আৰ্কাইভ.
  4. এম.এ বাৰি.  Unknown parameter |নিবন্ধ= ignored (help); Missing or empty |title= (help)
  5. মোহাম্মদ আলমগীৰ.  Unknown parameter |নিবন্ধ= ignored (help); Missing or empty |title= (help)
  6. "Appealing Architecture – From Ancient Treasures to Contemporary Landmarks". Bangladesh.com. 12 January 2013. http://www.bangladesh.com/architecture/. 
  7. "Folk art of Bangladesh:In the eye of an American". The Independent. 14 January 2013. http://www.theindependentbd.com/index.php?option=com_content&view=article&id=139100:folk-art-of-bangladesh-in-the-eye-of-an-american-folklorist&catid=123:art-culture&Itemid=217. 
  8. জিনাত মাহৰুখ বানু.  Unknown parameter |নিবন্ধ= ignored (help); Missing or empty |title= (help)
  9. "Modern Art". 14 January 2013. http://www.ebanglapedia.com/en/article.php?id=3555&title=Modern-Art. 
  10. "Inauguration of the Pavilion of Bangladesh on 3rd June at Venice". venicebiennale. 14 January 2013. Archived from the original on 24 January 2019. https://web.archive.org/web/20190124025836/http://www.venicebiennale-bangladeshpavilion.org/। আহৰণ কৰা হৈছে: 11 November 2025. 
  11. Archive, Asia Art (14 November 2018). "Bangladeshi Art in the 1990s" (en ভাষাত). https://aaa.org.hk/en/ideas/ideas/bangladeshi-art-in-the-1990s/type/essays. 
  12. "Overview" (en-US ভাষাত). 14 November 2018. Archived from the original on 14 November 2018. https://web.archive.org/web/20181114100638/https://www.dhakaartsummit.org/overview/। আহৰণ কৰা হৈছে: 11 November 2025.