বাংলাদেশৰ সংগীত
বাংলাদেশৰ সংগীত (বঙালী: বাংলাদেশেব় সঙ্গীত) হ'ল সুদূৰ অতীতৰপৰাই বাংলাদেশত প্ৰচলিত হৈ অহা সংগীত। সুদূৰ অতীতৰপৰাই বাংলাদেশত সংগীতৰ ব্যাপক প্ৰচলন আছিল। সাধাৰণতে সংগীতক বিশ্লেষণ কৰিলে পোৱা যায়: সংগীত = ছন্দ + সুৰ অৰ্থাৎ সুৰত উচ্চাৰিত ছন্দযুক্ত বাক্যক গীত বা সংগীত বোলা হয়।
প্ৰাচীন বংগত সংগীত
[সম্পাদনা কৰক]প্ৰাচীন বংগত সাধাৰণ মানুহে চিঠি লিখিছিল পদ্যাকাৰে। কিন্তু উচ্চাৰণ কৰাৰ সময়ত সুৰ দি উচ্চাৰণ কৰিছিল। তেতিয়াৰপৰাই সঙ্গীতৰ প্ৰচলন আৰম্ভ হয়। তেতিয়াৰ বৌদ্ধ সমাজত চৰ্যাপদে এক বিশেষ ঠাই দখল কৰি আছিল। বৌদ্ধ ধৰ্মপ্ৰচাৰসকলে সেয়া গানৰ সুৰত উচ্চাৰণ কৰিছিল। ফলস্বৰূপে পাঠকৰ মন জয় কৰা সহজ হৈছিল তেনে এটি পদ্য হল:
“কা আ তৰুবৰ পাঞ্চ বি ডাল চঞ্চল চী এ পইঠা বি কাল”
তেতিয়াৰ হিন্দু সমাজতো দেৱীৰ পূজাত গান গাই সাধাৰণ মানুহে দেৱীক পূজা কৰিছিল।
মধ্যযুগত সংগীত
[সম্পাদনা কৰক]বাংলা সাহিত্যৰ ইতিহাসত ১২০০ চনৰপৰা ১৮০০ চনলৈকে এই সময়ছোৱা মধ্যযুগ হিচাপে চিহ্নিত কৰা হয়।[1] মধ্যযুগত এই দেশত সংগীত চৰ্চা উচ্চ মানৰ আছিল। মধ্যযুগৰ প্ৰধান গীতসমূহ হ'ল - বৈষ্ণৱ পদাৱলী, শাক্ত পদাৱলী, মঙ্গলকাব্য, ৰামায়ণ আৰু মহাভাৰত ভিত্তিক গীত ধৰ্মীয় গীত আৰু লোকগীত।[2] সেই সময়ত হিন্দু দেৱীসকলৰ বাবে কীৰ্তন ৰচনা কৰা হৈছিল। ইয়াৰ উপৰি ৰচিত হৈছিল বৈষ্ণৱ পদাৱলি। মূলতঃ কৃষ্ণ আৰু ৰাধাৰ কাহিনীক কেন্দ্ৰ কৰি এইবোৰ ৰচনা কৰা হৈছিল। এই বৈষ্ণৱ পদাৱলীৰসমূহৰ বিখ্যাত স্ৰষ্টাসকলৰ ভিতৰত বিদ্যাপতি, চণ্ডীদাস, জ্ঞানদাস, গোবিন্দ দাস আদি উল্লেখযোগ্য।[3] ১৩৫০ চনৰ পাছত বাংলা কবিতাৰ দুটা মূল ধাৰা দেখা যায়; তাৰে এটা হ’ল কাহিনীকাব্য আৰু আনটো গীতিকাব্য।[4] প্ৰথম ধাৰাটোৰ আখ্যান গাঁথনিত সংগীতময়তা লক্ষণীয় আৰু দ্বিতীয় ধাৰাটোত মূল লক্ষণসমূহ হ’ল সংগীতধৰ্মিতা আৰু আৱেগিকতা।[4]
মধ্যযুগীয় মুছলমান সমাজত সংগীত
[সম্পাদনা কৰক]বাংলা ভাষাৰ প্ৰথম মুছলমান কবি শাহ মুহম্মদ সগীৰৰ ‘ইউছুফ-জোলেখা’ বা দৌলত উজিৰ বাহৰাম খানৰ ‘লায়লি-মজনু’ ইত্যাদিৰ গল্পকাহিনী গাঁৱে গাঁৱে পালা আকাৰে গীত হিচাপে পৰিৱেশন কৰা হৈছিল অথবা পুঁথি পাঠৰ আসৰ হৈছিল; তেতিয়াৰ যুগত এইবোৰেই ইছলামি গান হিচাপে পৰিচিত আছিল।[2] গানৰ সুৰত পুঁথিসমূহ পাঠ কৰা হৈছিল। পুঁথিসমূহ আৰৱী উপন্যাস আৰু পাৰস্যত পোৱা বিভিন্ন আখ্যানৰপৰা লোৱা হৈছিল। তেনে কেইখনমান পুঁথি হ'ল -
- ইউছুফ-জোলেখা
- লায়লা-মজনু
- জংগনামা
- চয়ফুল মুল্ক বদিউজ্জামান ইত্যাদি।
তদুপৰি সেই যুগত বাদ্যযন্ত্ৰ অবিহনে সৃষ্টিকৰ্তাৰ প্ৰতি একপ্ৰকাৰৰ প্ৰশংসা কৰি গীত বা স্তুতি গোৱা হৈছিল, যিটো গজল বুলি জনা গৈছিল।
মধ্যযুগীয় হিন্দু সমাজত সংগীত
[সম্পাদনা কৰক]মধ্যযুগীয় হিন্দু সমাজত সংগীতৰ প্ৰচলন আছিল আটাইতকৈ বেছি। হিন্দুসকলে পূজাৰ সময়ত দেৱতাক উদ্দেশ্যি গীত গাইছিল। সেই সময়ৰ হিন্দু সমাজত কীৰ্তন গোৱা হৈছিল। ইয়াৰ উপৰি আছিল বৈষ্ণৱ পদাৱলি।
আধুনিক যুগত সংগীত
[সম্পাদনা কৰক]আধুনিক যুগত বাংলাদেশৰ সংগীতক বহু ভাগত বিভক্ত কৰা হৈছে:
লোকগীত
[সম্পাদনা কৰক]লোকসংগীত বাংলাদেশৰ সংগীতৰ অন্যতম প্ৰধান ধাৰা। এই গীতত গ্ৰাম্য বংগবাসীৰ জীৱন, তেওঁলোকৰ আনন্দ-দুখৰ প্ৰতিফলন ঘটিছে। ইয়াৰ বহু ভাগ আছে। ই এখন দেশ বা দেশৰ যিকোনো অঞ্চলৰ সংস্কৃতিক আলোকপাত কৰে। বাংলাদেশৰ লোকগীতসমূহ হ'ল ভাৱাইয়া,ভাটিয়লী,মুৰ্শিদি,গম্ভীৰা,বাৰম্যাসা,বাউলসঙ্গীত, নিৰ্বাণ সঙ্গীত ইত্যাদি। বাংলাদেশেৰ জাতীয় সঙ্গীত আমাৰ সোনাৰ বাংলা গীতটিৰ সুৰ লোৱা হৈছে এটি বাউলগানৰ সুৰৰপৰা লোৱা।
আধুনিক গীত
[সম্পাদনা কৰক]আধুনিক গীত হৈছে আধুনিক বাদ্যযন্ত্ৰ যেনে গীটাৰ, পিয়ানো, হাৰমনিয়াম, বাঁহী, ঢোল, ভায়লিন আদিৰ সহযোগত গোৱা গীত। এই গীতবোৰ বহু ধৰণৰ:
আধুনিক গীতৰ কেইজনমান শিল্পী হ'ল-
| ধাৰা | গায়ক |
|---|---|
| বেণ্ড সংগীত | জেমছ |
| পপ মিউজিক | ৰুণা লাইলা,ফিৰোজ চাই,ফকিৰ আলমগীৰ,আজম খান |
বেণ্ড মিউজিক
[সম্পাদনা কৰক]
| প্ৰতিষ্ঠিত | নাম | ধৰণ | ভাষা | শহৰ |
|---|---|---|---|---|
| ১৯৭০ | চ'লছ্ | পপ/ৰক | বাংলা | চট্টগ্ৰাম |
| ১৯৭০ | উচ্চাৰণ | পপ/ৰক | বাংলা | ঢাকা |
| ১৯৭২ | স্পন্দন | পপ/ৰক | বাংলা | ঢাকা |
| ১৯৭৬ | ফীডবেক | ৰক | বাংলা | ঢাকা |
| ১৯৭৮ | মাইলছ | পপ/ৰক | বাংলা | ঢাকা |
| ১৯৮০ | নগৰ বাউল | হাৰ্ড ৰক, সাইকেডেলিক ৰক | বাংলা | চট্টগ্ৰাম |
| ১৯৮০ | ডিফাৰেণ্ট টাচ | পপ ৰক | বাংলা | খুলনা |
| ১৯৮৪ | ওয়াৰফেজ | হাৰ্ড ৰক, হেভি মেটাল | বাংলা | ঢাকা |
| ১৯৮৫ | ৰকষ্ট্ৰেটা | হেভি মেটাল সঙ্গীত | বাংলা | ঢাকা |
| ১৯৮৬ | নোভা | ৰক সঙ্গীত, হাৰ্ড ৰক, সাইকেডেলিক ৰক | বাংলা | ঢাকা |
| ১৯৯১ | লাভ ৰান্স ব্লাইণ্ড (এলআৰবি) | অল্টাৰনেটিভ ৰক | বাংলা | চট্টগ্ৰাম |
| ১৯৯১ | আৰ্ক | পপ ৰক | বাংলা | চট্টগ্ৰাম |
| ১৯৯৩ | ক্ৰিপটিক ফেইট | প্ৰগেচিভ মেটাল | বাংলা | ঢাকা |
| ১৯৯৬ | শিৰোনামহীন | লোকসংগীত, বিকল্প ৰক, চাইকেডেলিক ৰক। | বাংলা | ঢাকা |
| ১৯৯৬ | দলছুট | ৰক | বাংলা | ঢাকা |
| ১৯৯৮ | অৰ্থহীন | ৰক, হেভি মেটাল | বাংলা | ঢাকা |
| ১৯৯৮ | ব্লেক | ৰক সংগীত, বিকল্প ৰক, গ্ৰাঞ্জ | বাংলা | ঢাকা |
| ১৯৯৮ | পইজন গ্ৰীণ | থ্ৰেছ/পাৱাৰ মেটাল | ইংৰাজী | ঢাকা |
| ১৯৯৯ | আৰ্টসেল | প্ৰগেচিভ মেটাল, প্ৰগেচিভ ৰক | বাংলা | ঢাকা |
| ১৯৯৯ | স্কেয়াৰক্ৰ'ৰো | থ্ৰাশ মেটাল, মেটাল কোৰ | বাংলা | ঢাকা |
| ১৯৯৯ | নেমেসিস | অল্টাৰনেটিভ ৰক | বাংলা | ঢাকা |
| ২০০০ | লালন | ৰক | বাংলা | ঢাকা |
| ২০০১ | ষ্টেণ্টৰিয়ান | হাৰ্ড ৰক, হেভি মেটাল | বাংলা | ঢাকা |
| ২০০১ | ভাইব | হেভি মেটাল | বাংলা | ঢাকা |
| ২০০১ | সতনিক | ব্লেক মেটাল | ইংৰাজী | ঢাকা |
| ২০০২ | আৰ্বোভাইৰাছ | পৰীক্ষামূলক সংগীত, বিকল্প ৰক, নু মেটাল | বাংলা | ঢাকা |
| ২০০৪ | চিভিয়ৰ ডিমেনচিয়া | ডেথ মেটাল | ইংৰাজী | ঢাকা |
| ২০০৪ | ফিউনাৰেল এণ্ঠেম | পাওয়াৰ মেটাল | বাংলা | ঢাকা |
| ২০০৫ | শহৰতলী | থিয়েটাৰিকেল ৰক | বাংলা | ঢাকা |
| ২০০৬ | ডি-ইলুমিনেচন | চিম্ফণিক ৰক, সাইকেডেলিক ৰক | বাংলা | ঢাকা |
| ২০০৬ | মেকানিক্স | হেভি মেটাল | বাংলা | ঢাকা |
| ২০০৬ | পাৱাৰচাৰ্জ | থ্ৰেছ মেটাল | বাংলা | ঢাকা |
| ২০০৭ | শূন্য | পপ/ৰক | বাংলা | ঢাকা |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "বাংলা সাহিত্যেৰ মধ্যযুগ Copied from SATT ACADEMY. Visit us at: https://sattacademy.com". https://sattacademy.com/job-solution/%E0%A6%AC%E0%A6%BE%E0%A6%82%E0%A6%B2%E0%A6%BE-%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%87%E0%A6%B0-%E0%A6%AE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%AF%E0%A7%81%E0%A6%97-%E0%A7%A7%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%A7%E0%A7%AE%E0%A7%A6%E0%A7%A6-%E0%A6%96%E0%A7%8D%E0%A6%B0%E0%A6%BF। আহৰণ কৰা হৈছে: 12 November 2025.
- ↑ 2.0 2.1 "মধ্যযুগে বাংলা সাহিত্যে কি ধৰণেৰ গান ৰচনা হয়েছিল?". https://bignet.in/blog/4622/what-kind-of-songs-were-composed-in-bengali-literature-in-the-middle-ages-in-bengali। আহৰণ কৰা হৈছে: 12 November 2025.
- ↑ বাঙালীৰ সংস্কৃতি ও শিল্পকলা-বাংলাদেশ ও বিশ্বপৰিচয় পাঠ্যবই-৮ম শ্ৰেণী
- ↑ 4.0 4.1 "বাংলা সাহিত্যেৰ মধ্যযুগ". https://www.w3classroom.com/2022/12/blog-post_98.html। আহৰণ কৰা হৈছে: 12 November 2025.