সমললৈ যাওক

বাংলাদেশৰ সংগীত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বাংলাদেশৰ সংগীত (বঙালী: বাংলাদেশেব় সঙ্গীত) হ'ল সুদূৰ অতীতৰপৰাই বাংলাদেশত প্ৰচলিত হৈ অহা সংগীত। সুদূৰ অতীতৰপৰাই বাংলাদেশত সংগীতৰ ব্যাপক প্ৰচলন আছিল। সাধাৰণতে সংগীতক বিশ্লেষণ কৰিলে‍ পোৱা যায়: সংগীত = ছন্দ + সুৰ অৰ্থাৎ সুৰত উচ্চাৰিত ছন্দযুক্ত বাক্যক গীত বা সংগীত বোলা হয়।

প্ৰাচীন বংগত সংগীত

[সম্পাদনা কৰক]

প্ৰাচীন বংগত সাধাৰণ মানুহে‍ চিঠি লিখিছিল পদ্যাকাৰে। কিন্তু উচ্চাৰণ কৰাৰ সময়ত সুৰ দি উচ্চাৰণ কৰিছিল। তেতিয়াৰপৰাই সঙ্গীতৰ প্ৰচলন আৰম্ভ হয়। তেতিয়াৰ বৌদ্ধ সমাজত চৰ্যাপদে এক বিশেষ ঠাই দখল কৰি‍ আছিল। বৌদ্ধ ধৰ্মপ্ৰচাৰসকলে‍ সেয়া গানৰ সুৰত উচ্চাৰণ কৰিছিল। ফলস্বৰূপে পাঠকৰ মন জয় কৰা সহজ হৈছিল তেনে‍ এটি পদ্য হল:

“কা আ তৰুবৰ পাঞ্চ বি ডাল চঞ্চল চী এ পইঠা বি কাল”

তেতিয়াৰ হিন্দু সমাজতো দেৱীপূজাত গান গাই সাধাৰণ মানুহে‍ দেৱীপূজা কৰিছিল।

মধ্যযুগত সংগীত

[সম্পাদনা কৰক]

বাংলা সাহিত্যৰ ইতিহাসত ১২০০ চনৰপৰা ১৮০০ চনলৈকে এই সময়ছোৱা মধ্যযুগ হিচাপে চিহ্নিত কৰা হয়।[1] মধ্যযুগত এই দেশত সংগীত চৰ্চা উচ্চ মানৰ আছিল। মধ্যযুগৰ প্ৰধান গীতসমূহ হ'ল - বৈষ্ণৱ পদাৱলী, শাক্ত পদাৱলী, মঙ্গলকাব্য, ৰামায়ণ আৰু মহাভাৰত ভিত্তিক গীত ধৰ্মীয় গীত আৰু লোকগীত।[2] সেই সময়ত হিন্দু দেৱীসকলৰ বাবে কীৰ্তন ৰচনা কৰা হৈছিল। ইয়াৰ উপৰি ৰচিত হৈছিল বৈষ্ণৱ পদাৱলি। মূলতঃ কৃষ্ণ আৰু ৰাধাৰ কাহিনীক কেন্দ্ৰ কৰি এইবোৰ ৰচনা কৰা হৈছিল। এই বৈষ্ণৱ পদাৱলীৰসমূহৰ বিখ্যাত স্ৰষ্টাসকলৰ ভিতৰত বিদ্যাপতি, চণ্ডীদাস, জ্ঞানদাস, গোবিন্দ দাস আদি উল্লেখযোগ্য।[3] ১৩৫০ চনৰ পাছত বাংলা কবিতাৰ দুটা মূল ধাৰা দেখা যায়; তাৰে এটা হ’ল কাহিনীকাব্য আৰু আনটো গীতিকাব্য।[4] প্ৰথম ধাৰাটোৰ আখ্যান গাঁথনিত সংগীতময়তা লক্ষণীয় আৰু দ্বিতীয় ধাৰাটোত মূল লক্ষণসমূহ হ’ল সংগীতধৰ্মিতা আৰু আৱেগিকতা।[4]

মধ্যযুগীয় মুছলমান সমাজত সংগীত

[সম্পাদনা কৰক]

বাংলা ভাষাৰ প্ৰথম মুছলমান কবি শাহ মুহম্মদ সগীৰৰ ‘ইউছুফ-জোলেখা’ বা দৌলত উজিৰ বাহৰাম খানৰ ‘লায়লি-মজনু’ ইত্যাদিৰ গল্পকাহিনী গাঁৱ‍ে গাঁৱ‍ে পালা আকাৰে গীত হিচাপে পৰিৱেশন কৰা হৈছিল অথবা পুঁথি পাঠৰ আসৰ হৈছিল; তেতিয়াৰ যুগত এইবোৰেই ইছলামি গান হিচাপে‍ পৰিচিত আছিল।[2] গানৰ সুৰত পুঁথিসমূহ পাঠ কৰা হৈছিল। পুঁথিসমূহ আৰৱী উপন্যাস আৰু পাৰস্যত পোৱা বিভিন্ন আখ্যানৰপৰা লোৱা হৈছিল। তেনে কেইখনমান পুঁথি হ'ল -

  • ইউছুফ-জোলেখা
  • লায়লা-মজনু
  • জংগনামা
  • চয়ফুল মুল্ক বদিউজ্জামান ইত্যাদি।

তদুপৰি সেই যুগত বাদ্যযন্ত্ৰ অবিহনে সৃষ্টিকৰ্তাৰ প্ৰতি একপ্ৰকাৰৰ প্ৰশংসা কৰি গীত বা স্তুতি গোৱা হৈছিল, যিটো গজল বুলি জনা গৈছিল।

মধ্যযুগীয় হিন্দু সমাজত সংগীত

[সম্পাদনা কৰক]

মধ্যযুগীয় হিন্দু সমাজত সংগীতৰ প্ৰচলন আছিল আটাইতকৈ বেছি। হিন্দুসকলে পূজাৰ সময়ত দেৱতাক উদ্দেশ্যি গীত গাইছিল। সেই সময়ৰ হিন্দু সমাজত কীৰ্তন গোৱা হৈছিল। ইয়াৰ উপৰি আছিল বৈষ্ণৱ পদাৱলি।

আধুনিক যুগত সংগীত

[সম্পাদনা কৰক]

আধুনিক যুগত বাংলাদেশৰ সংগীতক বহু ভাগত বিভক্ত কৰা হৈছে:

লোকসংগীত বাংলাদেশৰ সংগীতৰ অন্যতম প্ৰধান ধাৰা। এই গীতত গ্ৰাম্য বংগবাসীৰ জীৱন, তেওঁলোকৰ আনন্দ-দুখৰ প্ৰতিফলন ঘটিছে। ইয়াৰ বহু ভাগ আছে। ই এখন দেশ বা দেশৰ যিকোনো অঞ্চলৰ সংস্কৃতিক আলোকপাত কৰে। বাংলাদেশৰ লোকগীতসমূহ হ'ল ভাৱাইয়া,ভাটিয়লী,মুৰ্শিদি,গম্ভীৰা,বাৰম্যাসা,বাউলসঙ্গীত, নিৰ্বাণ সঙ্গীত ইত্যাদি। বাংলাদেশেৰ জাতীয় সঙ্গীত আমাৰ সোনাৰ বাংলা গীতটিৰ সুৰ লোৱা হৈছে‍ এটি‍ বাউলগানৰ সুৰৰপৰা লোৱা।

আধুনিক গীত

[সম্পাদনা কৰক]

আধুনিক গীত হৈছে আধুনিক বাদ্যযন্ত্ৰ যেনে গীটাৰ, পিয়ানো, হাৰমনিয়াম, বাঁহী, ঢোল, ভায়লিন আদিৰ সহযোগত গোৱা গীত। এই গীতবোৰ বহু ধৰণৰ:

আধুনিক গীতৰ কেইজনমান শিল্পী হ'ল-

ধাৰা গায়ক
বেণ্ড সংগীতজেমছ
পপ মিউজিকৰুণা লাইলা,ফিৰোজ চাই,ফকিৰ আলমগীৰ,আজম খান

বেণ্ড মিউজিক

[সম্পাদনা কৰক]

জনপ্ৰিয় ৰক ব্যাণ্ড
প্ৰতিষ্ঠিতনামধৰণভাষাশহৰ
১৯৭০চ'লছ্পপ/ৰকবাংলাচট্টগ্ৰাম
১৯৭০উচ্চাৰণপপ/ৰকবাংলাঢাকা
১৯৭২স্পন্দনপপ/ৰকবাংলাঢাকা
১৯৭৬ফীডবেকৰকবাংলাঢাকা
১৯৭৮মাইলছপপ/ৰকবাংলাঢাকা
১৯৮০নগৰ বাউলহাৰ্ড ৰক, সাইকেডেলিক ৰকবাংলাচট্টগ্ৰাম
১৯৮০ডিফাৰেণ্ট টাচপপ ৰকবাংলাখুলনা
১৯৮৪ওয়াৰফেজহাৰ্ড ৰক, হেভি মেটালবাংলাঢাকা
১৯৮৫ৰকষ্ট্ৰেটাহেভি মেটাল সঙ্গীতবাংলাঢাকা
১৯৮৬নোভাৰক সঙ্গীত, হাৰ্ড ৰক, সাইকেডেলিক ৰকবাংলাঢাকা
১৯৯১লাভ ৰান্‌স ব্লাইণ্ড (এলআৰবি)অল্টাৰনেটিভ ৰকবাংলাচট্টগ্ৰাম
১৯৯১আৰ্কপপ ৰকবাংলাচট্টগ্ৰাম
১৯৯৩ক্ৰিপটিক ফেইটপ্ৰগেচিভ মেটালবাংলাঢাকা
১৯৯৬শিৰোনামহীনলোকসংগীত, বিকল্প ৰক, চাইকেডেলিক ৰকবাংলাঢাকা
১৯৯৬দলছুটৰকবাংলাঢাকা
১৯৯৮অৰ্থহীনৰক, হেভি মেটালবাংলাঢাকা
১৯৯৮ব্লেকৰক সংগীত, বিকল্প ৰক, গ্ৰাঞ্জবাংলাঢাকা
১৯৯৮পইজন গ্ৰীণথ্ৰেছ/পাৱাৰ মেটালইংৰাজীঢাকা
১৯৯৯আৰ্টসেলপ্ৰগেচিভ মেটাল, প্ৰগেচিভ ৰকবাংলাঢাকা
১৯৯৯স্কেয়াৰক্ৰ'ৰোথ্ৰাশ মেটাল, মেটাল কোৰবাংলাঢাকা
১৯৯৯নেমেসিসঅল্টাৰনেটিভ ৰকবাংলাঢাকা
২০০০লালনৰকবাংলাঢাকা
২০০১ষ্টেণ্টৰিয়ানহাৰ্ড ৰক, হেভি মেটালবাংলাঢাকা
২০০১ভাইবহেভি মেটালবাংলাঢাকা
২০০১সতনিকব্লেক মেটালইংৰাজীঢাকা
২০০২আৰ্বোভাইৰাছপৰীক্ষামূলক সংগীত, বিকল্প ৰক, নু মেটালবাংলাঢাকা
২০০৪চিভিয়ৰ ডিমেনচিয়াডেথ মেটালইংৰাজীঢাকা
২০০৪ফিউনাৰেল এণ্ঠেমপাওয়াৰ মেটালবাংলাঢাকা
২০০৫শহৰতলীথিয়েটাৰিকেল ৰকবাংলাঢাকা
২০০৬ডি-ইলুমিনেচনচিম্ফণিক ৰক, সাইকেডেলিক ৰকবাংলাঢাকা
২০০৬মেকানিক্সহেভি মেটালবাংলাঢাকা
২০০৬পাৱাৰচাৰ্জথ্ৰেছ মেটালবাংলাঢাকা
২০০৭শূন্যপপ/ৰকবাংলাঢাকা

তথ্যসূত্ৰ

[সম্পাদনা কৰক]