সমললৈ যাওক

বাংলাদেশৰ স্বাধীনতা দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্বাধীনতা দিৱস
স্বাধীনতা দিৱস
স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকা। (পিছত সলনি কৰা হৈছে)
সম্পূৰ্ণ নাম স্বাধীনতা আৰু ৰাষ্ট্ৰীয় দিৱস
পালন কৰে বাংলাদেশ
প্ৰকাৰ জাতীয় বন্ধ
তাৰিখ ২৬ মাৰ্চ
উদযাপন পতাকা উত্তোলন, পেৰেড, বঁটা প্ৰদান অনুষ্ঠান, দেশপ্ৰেমমূলক গীত আৰু জাতীয় সংগীত গোৱা, ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ ভাষণ, মনোৰঞ্জন আৰু সাংস্কৃতিক অনুষ্ঠান।
পৰৱৰ্তী তাৰিখ পৰৱৰ্তী বছৰৰ একেই দিনত
অৱধি এদিনীয়া
সংঘটন বছৰেকীয়া
ঢাকাত থকা স্বাধীনতা স্তম্ভ

স্বাধীনতা দিৱস, (ইংৰাজী: Independence Day (Bangladesh) আনুষ্ঠানিকভাৱে ২৬ মাৰ্চ তাৰিখটো বাংলাদেশত স্বাধীনতা আৰু ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়। আঘা মহম্মদ ইয়াহ্যা খানৰ অপাৰেচন চাৰ্চলাইটৰ (Operation Searchlight) পিছত ১৯৭১ চনৰ ২৬ মাৰ্চৰ পুৱাৰ ভাগত পাকিস্তানে পৰাজয় বৰণ কৰে আৰু বাংলাদেশৰ নামৰে এখন নতুন স্বাধীন ৰাষ্ট্ৰ ঘোষণা কৰা হয়। এই দিনটোকে বাংলাদেশৰ চৰকাৰ আৰু জনগণে স্বাধীনতা দিৱস হিচাপে পালন কৰি আহিছে।

১৯৭০ চনত ৰাষ্ট্ৰপতি য়াহ্যা খানৰ সামৰিক চৰকাৰৰ অধীনত অনুষ্ঠিত হোৱা পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত আৱামি লীগে—শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত—পূব পাকিস্তানৰ ৰাষ্ট্ৰীয় আৰু প্ৰাদেশিক দুয়োখন বিধানসভাতে সংখ্যাগৰিষ্ঠতা লাভ কৰে।  জুলফিকাৰ আলী ভুট্টোৱে য়াহ্যা খানৰ সৈতে ষড়যন্ত্ৰ কৰি শ্বেখ মুজিবৰ হাতত ক্ষমতা গতাই দিবলৈ অস্বীকাৰ কৰি তেওঁলোকৰ স্থিতি সলনি কৰে।[1]১৯৭০ চনত বাংলাদেশত হোৱা ভোলা ঘূৰ্ণীবতাহত ( Bhola Cyclone) ৫ লাখৰো অধিক লোকৰ মৃত্যু হৈছিল যদিও পাকিস্তান চৰকাৰে দিয়া দুৰ্বল সঁহাৰিৰ বাবে পূৰ্বে ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে একাধিক বিদ্ৰোহৰ নেতৃত্ব দিয়া বিশিষ্ট ৰাজনৈতিক ব্যক্তি আব্দুল হামিদ খান ভাষানীয়ে ১৯৭০ চনৰ ২৩ নৱেম্বৰত পূব পাকিস্তানৰ এক বৃহৎ ৰাজহুৱা সমাৱেশত পূব পাকিস্তানৰ স্বাধীনতা ঘোষণা কৰিছিল আৰু তেওঁ আছিল পূব-পাকিস্তানৰ স্বাধীনতা ঘোষণা প্ৰথমজন বাঙালী ব্যক্তি যদিও সেয়া আনুষ্ঠানিকভাৱে স্বীকৃতিপ্ৰাপ্ত নহ'ল ।[2][3] দুয়োপক্ষৰ মাজত আলোচনা আৰম্ভ হয় যদিও আগৰতলা ষড়যন্ত্ৰমূলক গোচৰৰ বাবে শাসকীয় পশ্চিম পাকিস্তানৰ নেতৃত্বই শ্বেখ মুজিবুৰ ৰহমানক বিশ্বাস কৰা নাছিল। যেতিয়া পশ্চিম পাকিস্তান চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ নহ’ব বুলি স্পষ্ট হৈ পৰিল, তেতিয়া বহু পূব-পাকিস্তানৰ বাংলাভাষী মুছলমান আৰু হিন্দুৱে স্বাধীনতাৰ বাবে সংগ্ৰাম আৰম্ভ কৰিলে। ১৯৭১ চনৰ ৭ মাৰ্চত শ্বেখ মুজিবুৰ ৰহমানে ৰামনা ৰেচকোৰ্চত এটি বিখ্যাত ভাষণ দিয়ে, য'ত তেওঁ অসহযোগ আন্দোলনৰ আহ্বান জনায়।[4]

পাকিস্তান চৰকাৰী কতৃপক্ষই বিশেষকৈ পশ্চিম পাকিস্তানী জোৱান সকলে বাংলা সশস্ত্ৰ বাহিনীৰ বিষয়া,এন.চি.অ. আৰু কিছুমান বিশেষ তালিকাভুক্ত কৰ্মীক গোটাই লৈছিল আৰু তেওঁলোকৰ মাজৰ বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰা লোকৰ সংখ্যা বাঢ়ি গৈছিল। ২৫ মাৰ্চৰ নিশা পাকিস্তান সেনাই অপাৰেচন চাৰ্চলাইট আৰম্ভ কৰে,[5] ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে পশ্চিম পাকিস্তান শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত আৱামি লীগলৈ ৰাজনৈতিক ক্ষমতা হস্তান্তৰ কৰিবলৈ সাজু নহয়।[6]

১৯৭১ চনৰ ২৬ মাৰ্চত শ্বেখ মুজিবুৰ ৰহমানে বাংলাদেশৰ স্বাধীনতা ঘোষণা কৰে।[7][8][9]তাৰ পিছত প্ৰথমে এম.এ হান্নান আৰু তাৰ পিছত মেজৰ জিয়াউৰ ৰহমানে ১৯৭১ চনৰ ২৭ মাৰ্চত ৰেডিঅ' ষ্টেচনত শ্বেখ মুজিবুৰ ৰহমানৰ হৈ স্বাধীনতা ঘোষণা পঢ়ি শুনাইছিল। [10]

মেজৰ জিয়াউৰ ৰহমানে (তেওঁ ছেক্টৰ ১ আৰু পিছলৈ ছেক্টৰ ১১ৰ বি.ডি.এফ ছেক্টৰ কমাণ্ডাৰ আছিল) চট্টগ্ৰামত এটা স্বতন্ত্ৰ জেড ফৰ্চ ব্ৰিগেড গঢ়ি তুলি [11] গেৰিলা সংগ্ৰাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল ।[4] ইয়াৰ পিছত বাংলাদেশৰ জনসাধাৰণে পাকিস্তান সেনা আৰু অৰ্ধসামৰিক ৰাজাকাৰকে (Razakars) ধৰি তেওঁলোকৰ সহযোগীসকলৰ বিৰুদ্ধে ৯ মাহৰ গেৰিলা যুদ্ধত অংশগ্ৰহণ কৰে। ইয়াৰ ফলত বাংলাদেশৰ স্বাধীনতা যুদ্ধ আৰু বাংলাদেশৰ গণহত্যাত আৱামী লীগ আৰু ভাৰতীয় সূত্ৰ অনুসৰি প্ৰায় ৩০ লাখ বাংলাদেশীৰ মৃত্যু হয়।[12] পিছলৈ ভাৰতৰ সামৰিক সহায়ত বি.ডি.এফে ১৯৭১ চনৰ ১৬ ডিচেম্বৰত পাকিস্তান সেনাক পৰাস্ত কৰে, পাকিস্তানে আত্মসমৰ্পণ কৰে আৰু যুদ্ধৰ অন্ত পৰে ।.[13]

উদ্‌যাপন

[সম্পাদনা কৰক]
উদযাপনৰ সময়ত আলোকিত ঢাকাৰ ৰাষ্ট্ৰীয় সংসদ ভৱন

স্বাধীনতা দিৱস সাধাৰণতে বাংলাদেশৰ ইতিহাস আৰু পৰম্পৰাক উদযাপন কৰা পেৰেড, ৰাজনৈতিক ভাষণ, মেলা, কনচাৰ্ট, অনুষ্ঠান, আৰু অন্যান্য বিভিন্ন ৰাজহুৱা আৰু ব্যক্তিগত অনুষ্ঠানৰ আয়োজন কৰা হয় । স্বাধীনতা দিৱসৰ সন্মানত টিভি আৰু ৰেডিঅ’ ষ্টেচনসমূহে বিশেষ অনুষ্ঠান আৰু দেশপ্ৰেমমূলক গীত সম্প্ৰচাৰ কৰে। ৰাতিপুৱা একত্ৰিশটা বন্দুকেৰে জাতীয় শ্বহীদক সন্মান জনোৱা হয় ।[14] মূল ৰাস্তাবোৰ ৰাষ্ট্ৰীয় পতাকাৰে সজাই তোলা হয় । বিভিন্ন ৰাজনৈতিক দল আৰু আৰ্থ-সামাজিক সংগঠনে ঢাকাৰ ওচৰৰ ছাভাৰত থকা ৰাষ্ট্ৰীয় শ্বহীদ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জনোৱাকে ধৰি এই দিনটো উপযুক্তভাৱে উদযাপন কৰিবলৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে।[14]

২০২১ চনত পাকিস্তানৰ পৰা বাংলাদেশৰ স্বাধীনতা লাভৰ সোণালী জয়ন্তী পালন কৰা হয়।[15]

স্বাধীনতা বঁটা

[সম্পাদনা কৰক]

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বাংলাদেশী নাগৰিক বা বাংলাদেশৰ সংগঠনক স্বাধীনতা বঁটা বাংলাদেশ চৰকাৰে প্ৰদান কৰে।.[16][17] ১৯৭৭ চনত প্ৰতিষ্ঠা হোৱা এই বাৰ্ষিক বঁটা স্বাধীনতা যুদ্ধ, ভাষা আন্দোলন, শিক্ষা, সাহিত্য, সাংবাদিকতা, জনসেৱা, বিজ্ঞান-প্ৰযুক্তি, চিকিৎসা বিজ্ঞান, সমাজ বিজ্ঞান, সংগীত, খেল আৰু ক্ৰীড়া, সূক্ষ্ম কলা, গ্ৰাম্য উন্নয়ন আৰু অন্যান্য ক্ষেত্ৰত যথেষ্ট অৱদানৰ বাবে প্ৰদান কৰা হয়।[18]

লগতে চাওক

[সম্পাদনা কৰক]

স্বাধীনতা পুৰস্কাৰ

  1. ↑ "Bangladesh Awami League" (en ভাষাত). Banglapedia. http://en.banglapedia.org/index.php?title=Bangladesh_Awami_League। আহৰণ কৰা হৈছে: 16 April 2017.
  2. ↑ "Maulana Bhashani was the first to declare 'Independence' of East Pakistan - Sindh Courier". 29 September 2022. https://sindhcourier.com/maulana-bhashani-was-the-first-to-declare-independence-of-east-pakistan/.
  3. ↑ https://www.daily-sun.com/post/780477#:~:text=On%20that%20fateful%20day%2C%20Bhashani,government%20based%20in%20West%20Pakistan Archived 2026-01-12 at the Wayback Machine.
  4. 1 2 "Declaration of Independence" (en ভাষাত). Banglapedia. http://en.banglapedia.org/index.php?title=Declaration_of_Independence। আহৰণ কৰা হৈছে: 16 April 2017.
  5. ↑ "The emergence of Bangladesh" (en ভাষাত). The Daily Star. 21 March 2017. http://www.thedailystar.net/law-our-rights/the-emergence-bangladesh-1378975.
  6. ↑ "Operation Searchlight". Banglapedia. http://en.banglapedia.org/index.php?title=Operation_Searchlight। আহৰণ কৰা হৈছে: 14 July 2019.
  7. ↑ "Bangabandhu Shadhinota Ghoshonar Telegraphic Barta". BDNews24. Archived from the original on 5 April 2018. https://web.archive.org/web/20180405024844/https://opinion.bdnews24.com/bangla/archives/46455.
  8. ↑ "আৰ্কাইভ কপি". bdnews24.com. Archived from the original on 29 March 2010. https://web.archive.org/web/20100329134219/http://arts.bdnews24.com/?p=2769.
  9. ↑ "The Sheikh Mujib Declaration of Independence of Bangladesh". http://cbgr1971.org/files/Mar261971DecOfIndep/FinalDeclarationBSMR.pdf। আহৰণ কৰা হৈছে: 5 April 2018.
  10. ↑ "March 27, 1971: Zia makes radio announcement on independence on be half of Sheikh Mujib" (en ভাষাত). The Daily Star. 26 March 2018. https://www.thedailystar.net/frontpage/zia-makes-radio-announcement-independence-1554046.
  11. ↑ "Radio Interview". YouTube. 10 December 2007. https://www.youtube.com/watch?v=XtAUbEfi58E। আহৰণ কৰা হৈছে: 27 July 2015.
  12. ↑ "Bangladesh remembers martyrs on 46th Independence Day" (en-US ভাষাত). Canindia News. http://www.canindia.com/bangladesh-remembers-martyrs-on-46th-independence-day/.
  13. ↑ Ziauddin Choudhury (16 December 2007). "Remembering December 16, 1971". The Daily Star. https://www.thedailystar.net/news-detail-15612.
  14. 1 2 "Bangladesh Air Force, 15 individuals win Independence Award 2017". bdnews24.com. http://bdnews24.com/bangladesh/2017/02/16/bangladesh-air-force-15-individuals-win-independence-award-2017.
  15. ↑ "Bangladesh set to celebrate Independence Day Friday UNB" (en ভাষাত). Dhaka Tribune. 25 March 2021. https://www.dhakatribune.com/bangladesh/2021/03/25/bangladesh-set-to-celebrate-independence-day-friday.
  16. ↑ "Bangladesh Air Force, 15 individuals win Independence Award 2017". bdnews24.com. http://bdnews24.com/bangladesh/2017/02/16/bangladesh-air-force-15-individuals-win-independence-award-2017.
  17. ↑ "Air Force, 15 personalities get Independence Award" (en-US ভাষাত). Dhaka Tribune. 23 March 2017. http://www.dhakatribune.com/bangladesh/2017/03/23/air-force-15-personalities-get-independence-award/.
  18. ↑ "National Awards" (en ভাষাত). Banglapedia. http://en.banglapedia.org/index.php?title=National_Awards। আহৰণ কৰা হৈছে: 16 April 2017.