সমললৈ যাওক

বাংলা দুৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Morenia petersi
মৰেনিয়া পেটাৰচিৰ চিত্ৰণ
সংৰক্ষণ স্থিতি
CITES Appendix II (CITES)[2]
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
অধিজগৎ: সংকোষকেন্দ্ৰী
ৰাজ্য: প্ৰাণী
পৰ্ব: পৃষ্ঠদণ্ডী
শ্ৰেণী: Reptile
পৰিয়াল: Tortoise
উপবৰ্গ: Cryptodira
পৰিয়াল: Geoemydidae
গণ: Morenia
প্ৰজাতি: M. petersi
দ্বৈৰাশিক নামকৰণ
Morenia petersi
(Anderson, 1879)
সমাৰ্থক[3]
  • Batagur (Morenia) petersi
    Anderson, 1879
  • Morenia petersi
    Boulenger, 1889

বাংলা দুৰা[4] (ইংৰাজী: Indian eyed turtle বা Bengal eyed turtle[4]; বৈ‍জ্ঞানিক নাম - Morenia petersi) জিঅ’ইমিডিডে পৰিয়ালৰ এবিধ কাছ৷

ভৌগোলিক পৰিসৰ

[সম্পাদনা কৰক]

বাংলা দুৰা বা মৰেনিয়া পেটাৰচি (Morenia petersi) উত্তৰ-পূব ভাৰতত (বিহাৰৰ পশ্চিমলৈকে) আৰু বাংলাদেশত পোৱা যায়।

ব্যুৎপত্তিবিজ্ঞান

[সম্পাদনা কৰক]

এই নিৰ্দিষ্ট নামটো অৰ্থাৎ পেটাৰচি (petersi), জাৰ্মান হাৰ্পেট'লজিষ্ট উইলহেম পিটাৰ্ছ (১৮১৫–১৮৮৩)ৰ সন্মানত থোৱা হৈছিল।[5]

এম.পেটাৰচি মৰেনিয়া অচেলাটাৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত। থুঁতৰিটো বহুত বেছি জোঙা আৰু তুলনামূলকভাৱে দীঘল। বুকুত থকা মূৰৰ হাড়ৰ কেপেয়া জোৰা পেটত থকা মূৰৰ হাড়ৰ কেপেয়া জোৰাতকৈ চুটি নহয়। শৰীৰৰ চাৰিওফালে থকা কঠিন আৱৰণ ক'লা। প্ৰতিটো ৰাজহাড়ৰ জোৰাত এটা সংকীৰ্ণ হালধীয়া ৰঙৰ মধ্যম ৰেখা থাকে। শেষৰ চাৰিটা ৰাজহাড়ৰ জোৰাত ৰৈখিক ঘোঁৰাৰ নালৰ নিচিনা চিন থাকে আৰু দুয়োটা মূৰ আগলৈ নিৰ্দেশিত হয়। সকলো বুকুৰ কামিহাড়ত এটা চকুৰ নিচিনা চকৰ থাকে যিটো যথেষ্ট নিম্নভাৱে ৰখা হয় আৰু এটা সংকীৰ্ণ হালধীয়া ৰেখাৰে গঠিত হয়, যাৰ ওপৰত একে ৰঙৰ কিছুমান অনিয়মিত বৰ্তনী ৰেখা আছে। নুচাল আৰু প্ৰতিটো প্ৰান্তীয় অংশত এটা সংকীৰ্ণ, উলম্ব হালধীয়া ৰঙৰ মধ্য ৰে‍খা থাকে। প্লাষ্ট্ৰন হালধীয়া ৰঙৰ। মূৰৰ প্ৰতিটো ফালে তিনিটা হালধীয়া ৰেখা থাকে, তলৰটো নাকৰ ফুটাৰ তলৰ পৰা মুখৰ কোণলৈকে বিস্তৃত।[6] মতাবোৰৰ শৰীৰৰ চাৰিওফালে থকা কঠিন আৱৰণ ৫ ইঞ্চি (প্ৰায় ১২ চে.মি.) পৰ্যন্ত দীঘল হ'ব পাৰে; মাইকীবোৰৰ এই খোলাৰ দৈৰ্ঘ্য ৮ ইঞ্চি (প্ৰায় ২০ চে.মি.) পৰ্যন্ত হ'ব পাৰে।[6] প্ৰকাৰ স্থানীয়তা: হুজুৰাপুৰ (যশোৰ জিলা), ফৰিদপুৰ আৰু ঢাকা, বাংলাদেশ৷

এম.পেটাৰচিৰ সংগম শীতকালত হয় আৰু ইয়াৰ পাছত এপ্ৰিল–মে’ মাহত বাহ সাজে৷ এবাহ কণী ৩৪.৬–৩৫ মিলিমিটাৰ x ২২ মিলিমিটাৰ (১.৪ ইঞ্চি x ০.৯ ইঞ্চি) আকাৰৰ দুটা কণীৰে গঠিত।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Ahmed, M.F.; Singh, S. (2021). Morenia petersi. 2021. doi:10.2305/IUCN.UK.2021-1.RLTS.T13874A544248.en.
  2. "Appendices | CITES". cites.org. https://cites.org/eng/app/appendices.php আহৰণ কৰা হৈছে: 2022-01-14.
  3. সাঁচ:EMBL species. www.reptile-database.org.
  4. 1 2 আহমেদ, মহম্মদ ফিৰোজ; দাস, অভিজিৎ আৰু দত্ত, সুশীল কুমাৰ (২০০৮). উত্তৰ-পূব ভাৰতৰ উভচৰ আৰু সৰীসৃপ সচিত্ৰ ক্ষেত্ৰ নিৰ্দেশিকা. আৰণ্যক, গুৱাহাটী - ২৮, অসম. পৃষ্ঠা. ১০৭. ISBN ৯৭৮-৮১-৯০৩৬৬৯-৩-৯.
  5. Beolens, Bo; Watkins, Michael; Grayson, Michael (2011). The Eponym Dictionary of Reptiles. Baltimore: Johns Hopkins University Press. xiii + 296 pp. আই.এচ.বি.এন. 978-1-4214-0135-5. (Morenia petersi, pp. 204-205).
  6. 1 2 Boulenger GA (1890). The Fauna of British India, Including Ceylon and Burma. Reptilia and Batrachia. London: Secretary of State for India in Council. (Taylor and Francis, printers). xviii + 541 pp. ("Morenia petersii [sic]", p. 36).