বাই গুৱাং
| বাই গুৱাং | |
|---|---|
১৯৪৯ চনৰ বাই গুৱাং | |
| জন্ম | শ্বি য়ংফেন (史永芬) ২৭ জুন, ১৯২১ ঝুওঝৌ, তেতিয়াৰ চীন গণৰাজ্য (১৯১২–১৯৪৯) |
| মৃত্যু | ২৭ আগষ্ট, ১৯৯৯ (৭৮ বছৰ) কুৱালালামপুৰ, মালয়েছিয়া |
| সমাধিস্থল | নিৰ্বাণা মেম’ৰিয়েল পাৰ্ক, চেমেনিয়হ, মালয়েছিয়া |
| ৰাষ্ট্ৰীয়তা | চীনা |
| পেচা | অভিনেত্ৰী, গায়িকা |
| সক্ৰিয় হৈ থকা সময় | ১৯৪৩–১৯৫৯ |
| দাম্পত্যসঙ্গী | য়ান লিয়াংলং (বি. ১৯৬৯) |
শ্বি য়ংফেন (চীনা: 史永芬; ২৭ জুন ১৯২১ – ২৭ আগষ্ট ১৯৯৯), পেছাগতভাৱে তেওঁ বাই গুৱাং (白光; অৰ্থ ‘বগা পোহৰ’) নামেৰে জনাজাত। তেওঁ এগৰাকী প্ৰসিদ্ধ চীনা অভিনেত্ৰী আৰু গায়িকা আছিল। ১৯৪০ চনৰ ভিতৰত চীনৰ সাতজন মহান কণ্ঠশিল্পীৰ ভিতৰত তেওঁ অন্যতম আছিল।[1]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]শ্বি য়ংফেনে ১৯২১ চনত হেবেইৰ ঝুওঝৌত জন্মগ্ৰহণ কৰিছিল।[2] তেওঁৰ পিতৃ জেনেৰেল শ্বাং জেনৰ অধীনস্থ এজন কোৱাৰ্টাৰমাষ্টাৰ আছিল। যৌৱনকালত তেওঁ বেইপিং চেলুন নাট্যদলত অভিনয় শিক্ষা গ্ৰহণ কৰিছিল আৰু কাও ইউৰ ‘‘ছানৰাইজ’’ নাটকখনত অভিনয় কৰিছিল।[3]
১৯৩৭ চনত তেওঁ টকিঅ’ বিশ্ববিদ্যালয়ৰ সংগীত বিভাগত অধ্যয়ন আৰম্ভ কৰি দ্বিতীয় বিশ্বযুদ্ধলৈকে (১৯৪২) শিক্ষালাভ কৰিছে। নাট্যবিদ্যালয়ৰ পিছত তেওঁৰ উদ্দেশ্য আছিল চলচ্চিত্ৰ অভিনেত্ৰী হ’ব। চিনেমাৰ প্ৰজেক্টৰৰ পোহৰৰ দৰে ডাঙৰ পৰ্দাত জ্বলজ্বলে হ’বৰ ইচ্ছা কৰাৰ বাবে “বাই গুৱাং” নামটো গ্ৰহণ কৰে।
কেৰিয়াৰ
[সম্পাদনা কৰক]যেতিয়া চীনদেশত সাধাৰণতে পাতল আৰু উচ্চ কণ্ঠ খ্যাতিৰ মানদণ্ড আছিল, তেতিয়া বাই গুৱাংৰ গভীৰ কণ্ঠই তাক ‘‘নিম্ন কণ্ঠৰ ৰাণী’’ (低音歌后) হিচাপে জনপ্ৰিয় কৰিছিল।[4] তেওঁৰ জনপ্ৰিয় গীতসমূহৰ ভিতৰত Autumn Evening (秋夜), Without You (如果沒有你), The Pretender (假正經), Revisiting Old Dreams (魂縈舊夢), আৰু Waiting For You (等著你回來) উল্লেখযোগ্য।
১৯৪০ চনত তেওঁ যোছিকো ইয়ামাগুচিৰ সৈতে ‘‘Three Girls Revitalizing Asia’’ (興亜三人娘) নামৰ জাপানী প্ৰচাৰ সঙ্গীত গোষ্ঠীত অংশগ্ৰহণ কৰে, য’ত তেওঁলোকে জাপান–চীন–মানচুকুওৰ সংহতিসম্পৰ্কীয় গীত পৰিৱেশন কৰিছিল।
বাই ১৯৪৩ চনত চলচ্চিত্ৰ জগতলৈ প্ৰৱেশ কৰে।[5] তেওঁ বহুতো চলচ্চিত্ৰত মোহনীয়, ফ্লাৰ্টেশাছ বা ভিলেনৰ চৰিত্ৰত অভিনয় কৰিছিল।
যুদ্ধৰ পিছত তেওঁ হংকংলৈ গুচি যায় আৰু গ্ৰেট ৱাল পিকচাৰ্ছত যুক্ত হয়। ১৯৪৯ চনৰ তেওঁৰ চলচ্চিত্ৰ ‘‘A Forgotten Woman’’ (蕩婦心) তেতিয়াৰ গৱৰ্ণৰ আলেকজেণ্ডাৰ গ্ৰেন্থামৰো চৰ্চাৰ বিষয় হৈছিল। ১৯৫০ চনৰ পিছত তেওঁ অভিনয় এৰি টকিঅ'লৈ যায় আৰু ১৯৫৩ চনত গিঞ্জা জিলাত এটা নাইটক্লাব মুকলি কৰে।
১৯৬৯ চনত তেওঁ কুৱালালামপুৰলৈ স্থানান্তৰিত হয় আৰু নিজকৈ ২০ বছৰ কনিষ্ঠ অনুৰাগী য়ান লিয়াংলং (顏良龍)ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[6] ১৯৭৯ চনত টাইৱানৰ কাওহছিউং চহৰত তেওঁৰ অনুষ্ঠান বহুল প্ৰশংসা পায়। ১৯৯৫ চনত হংকঙৰ এক টেলিভিছন অনুষ্ঠানত তেওঁৰ শেষ ৰাজহুৱা উপস্থিতি হয়।
মৃত্যু
[সম্পাদনা কৰক]

১৯৯৯ চনৰ ২৭ আগষ্টত কুৱালালামপুৰৰ দমনছাৰা হাইটছ অঞ্চলস্থিত গৃহত তেওঁ ক’লন কেঞ্চাৰজনিত কাৰণে মৃত্যু বৰণ কৰে। তেওঁৰ সমাধি নিৰ্বাণা মেম’ৰিয়েল পাৰ্ক চেমেনিয়হত অৱস্থিত।[7][8]
চলচ্চিত্ৰ তালিকা
[সম্পাদনা কৰক]- Love Peas of the South (紅豆生南國) (১৯৪৩)
- The Fire of Love (戀之火) (১৯৪৫)
- Sinister House 13 (十三號凶宅) (১৯৪৭)
- Spy Ring 626 (六二六間諜網) (১৯৪৮)
- Blood Stained Begonia (血染海棠紅) (১৯৪৯)
- A Forgotten Woman (蕩婦心) (১৯৪৯)
- Songs in the Rainy Nights (雨夜歌聲) (১৯৫০)
- A Strange Woman (一代妖姬) (১৯৫০)
- Hours Passed the Wedding (結婚廿四小時) (১৯৫০)
- Smiling Rose (玫瑰花開) (১৯৫১)
- Tears of a Songstress (歌女紅菱艷) (১৯৫৩)
- Fresh Peony (鮮牡丹) (১৯৫৬)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 魏君子 (2019-05-01) (zh ভাষাত). 光影裏的浪花:香港電影脈絡回憶. 中華書局(香港)有限公司. https://books.google.com/books?id=BnzLDwAAQBAJ&pg=PA55.
- ↑ 尤静波; 李罡 (2015-09-01) (zh ভাষাত). 中国流行音乐简史. Beijing Book Co. Inc.. https://books.google.com/books?id=ZucEEAAAQBAJ&pg=PT190.
- ↑ "上海老歌星人物譜:一代妖姬 白光". 2018-12-26. https://kknews.cc/news/8qzqnye.html.
- ↑ Baidu Encyclopedia. "白光" (Archived 2007).
- ↑ Music Sogua (Archived 2007).
- ↑ "darling,我来看你了.痴情郎情人节墓前探爱妻". https://www.sinchew.com.my/....[সংযোগবিহীন উৎস]
- ↑ 謝其章 (2010) (zh ভাষাত). 都門讀書記往. https://books.google.com/....
- ↑ 吴剑 (2010) (zh ভাষাত). 何日君再来. https://books.google.com/....
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- বাই গুৱাং সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।

ৱিকিমিডিয়া কমন্সত Bai Guang সম্পৰ্কীয় মিডিয়া ফাইল আছে।