বাউক (পৌৰাণিক কাহিনী)
বাউক (চাৰ্বিয়ান: Баук, চাৰ্বিয়ান উচ্চাৰণ: bauk) হৈছে চাৰ্বিয়ান লোককথাৰ অন্তৰ্গত এটা জন্তুসদৃশ কাল্পনিক জীৱ।[1] বাউকে অন্ধকাৰ ঠাই, গাঁত বা পৰিত্যক্ত ঘৰসমূহত লুকাই থাকে আৰু সুযোগ পালে চিকাৰ কৰাৰ চেষ্টা কৰে; কিন্তু ই পোহৰ আৰু শব্দৰ পৰা ভয় কৰে।[1] ই দপদপাই খোজ কাঢ়ে আৰু আৰু ইয়াৰ মাতৰ শব্দ হৈছে বাউ।[1]
বাউকৰ বৰ্ণনা অনুসৰি, একাংশ গৱেষকৰ মতে, ই আচলতে ভালুকৰ সৈতে সংযোগিত, যি ইতিমধ্যে চাৰ্বিয়াৰ কিছুমান অঞ্চলৰ পৰা বিলুপ্ত হৈছে আৰু কেৱল কিংবদন্তি হিচাপে পৰিচিত।[1] "বাউক" শব্দটো মূলতে এটি স্নেহসূচক শব্দ হিচাপে ব্যৱহৃত হৈছিল।[1]
জনপ্ৰিয় সংস্কৃতিত
[সম্পাদনা কৰক]বাউক শব্দটো জে.আৰ.আৰ. টল্কিনৰ ৰচনাৰ গবলিন শব্দৰ চাৰ্বিয়ান অনুবাদ হিচাপে ব্যৱহাৰ কৰা হৈছে, প্ৰথম অনুবাদ কৰিছিল মেৰী আৰু মিলন মিলিচিকে। [2] ই এ ছং অৱ আগত এণ্ড ফায়াৰ কিতাপ শৃংখলাত Impৰ চাৰ্বিয়ান অনুবাদ হিচাপে, আৰু হেৰী পটাৰ কিতাপ শৃংখলাত বগাৰ্টৰ ক্ৰোৱেচিয়ান অনুবাদ হিচাপে ব্যৱহৃত হৈছে।
২০২৪ চনৰ The Witcher IV ভিডিঅ' গেমৰ ছিনেমেটিক ট্ৰেইলাৰত, মুখ্য চৰিত্ৰটো এটি বাউকৰ সৈতে যুদ্ধ কৰি থকা দেখা যায়।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 Kulišić, Špiro (1970). "Баук". In Kulišić, Špiro; Petrović, Petar Ž.; Pantelić, Nikola (Serbian ভাষাত). প্ৰকাশক Belgrade: Nolit. পৃষ্ঠা. 20.
- ↑ Tolkien, J. R. R. (1986) (Serbian ভাষাত). Hobit. প্ৰকাশক Belgrade: Nolit. পৃষ্ঠা. 65. COBISS.SR 31269383. ISBN 86-19-00897-8.
- ↑ The Witcher 4 Lore You Need To Know (in English). IGN. December 13, 2024.