বাক (দেৱী)
বাক (সংস্কৃত: वाच्, vāc) হৈছে এক বৈদিক দেৱী, যি ঐশ্বৰিক বাণীৰ সাকাৰ ৰূপ। অনুপ্ৰাণিত কবি আৰু দূৰদৰ্শীসকলৰ মাজত প্ৰৱেশ কৰে। তেওঁক ভালপোৱাসকলক অভিব্যক্তি আৰু শক্তি প্ৰদান কৰে; তেওঁক "বেদৰ মাতৃ" আৰু মনৰ বৈদিক অৱতাৰ প্ৰজাপতিৰ পত্নী বুলি কোৱা হয়।[1] ঐতেৰেয় আৰণ্যকত ইন্দ্ৰৰ সৈতেও তেওঁৰ সম্পৰ্ক গঁথা হৈছে।[2] আন ঠাইত, যেনে পদ্মপুৰাণত তেওঁক দৃষ্টিৰ (কাশ্যপ) পত্নী, ভাৱনাৰ মাতৃ আৰু সংগীতজ্ঞৰ (গন্ধৰ্ব) মিত্ৰ বুলি উল্লেখ কৰা হৈছে।[2]
পৰৱৰ্তী বৈদিক সাহিত্য আৰু হিন্দু পৰম্পৰাৰ উত্তৰ-বৈদিক গ্ৰন্থত তেওঁক দেৱী সৰস্বতীৰ সৈতে চিনাক্ত কৰা হৈছে। হিন্দু ধৰ্মত সৰস্বতী এক উল্লেখযোগ্য আৰু পূজনীয় দেৱী হৈ আছে।[3] ইয়াৰ বাবেই দেৱী সৰস্বতীক দেৱী বাচেশ্বৰী বুলিও জনা যায়।
টমাছ মেকএভিলিয়ে তেওঁৰ মহান কৃতি “মেগনাম অপাছ দ্য শ্বেপ অৱ এন্সিয়েণ্ট থ'ট”ৰ 'পৰিশিষ্ট-E: দৰ্শন আৰু ব্যাকৰণ'ত দেৱী বাক আৰু তেওঁৰ ঐশ্বৰিক পৰিসৰৰ বৰ্ণনা কৰিছে।[4]
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ Holdrege, Barbara A. (2012-02-01) (en ভাষাত). Veda and Torah: Transcending the Textuality of Scripture. SUNY Press. ISBN 978-1-4384-0695-4. https://books.google.com/books?id=YlvikndgEmIC&q=Vac+Prajapati&pg=PA48.
- ↑ The Myths and Gods of India, Alain Daniélou, pages 260-261
- ↑ David Kinsley (1987). Hindu Goddesses: Visions of the Divine Feminine in the Hindu Religious Tradition. Motilal Banarsidass. পৃষ্ঠা. 55, 222. ISBN 978-81-208-0394-7. https://books.google.com/books?id=hgTOZEyrVtIC&pg=PA222.
- ↑ Thomas C. McEvilley (2001). Thomas C. Mcevilley The Shape Of Ancient Thought Comparative Studies In Greek And Indian Philosophies ( 2001, Allworth Press) Libgen.lc. http://archive.org/details/thomas-c.-mcevilley-the-shape-of-ancient-thought-comparative-studies-in-greek-an.
অধিক পঠন
[সম্পাদনা কৰক]- Dictionary of Hindu Lore and Legend (আই.এচ.বি.এন. 0500510881) by Anna Dhallapiccola
- Hindu Goddesses: Vision of the Divine Feminine in the Hindu Religious Traditions (আই.এচ.বি.এন. 8120803795) by David Kinsley
- Nicholas Kazanas, Vedic Vāc and Greek logos as creative power: a critical study (2009)