সমললৈ যাওক

বাঘেশ্বৰী মন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাঘেশ্বৰী মন্দিৰ

বাঘেশ্বৰী মন্দিৰ, বঙাইগাওঁ
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা বঙাইগাওঁ
এলেকা বঙাইগাওঁ
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ-দেৱী বাঘেশ্বৰী
প্ৰধান উৎসৱ শিৱপূজা, তৰোৱালপূজা
মন্দিৰৰ সংখ্যা
পৌৰাণিক স্মৃতিচিহ্ন

বাঘেশ্বৰী মন্দিৰ বঙাইগাঁও চহৰত অৱস্থিত। পাৰ্বতীৰ আন এটা নাম বাঘেশ্বৰী। ইয়াত পাৰ্বতীৰ তৰোৱালখন পৰা বাবে তৰোৱাল পূজা কৰা হয়। মন্দিৰটো শক্তিপীঠ মন্দিৰ হোৱা বাবে ইয়াত কোনো মূৰ্তি পূজা কৰা নহয়।[1][2]

অৱস্থিতি

[সম্পাদনা কৰক]

বাঘেশ্বৰী মন্দিৰ অসমৰ বঙাইগাঁও চহৰ অঞ্চলৰ কেন্দ্ৰীয় আৰু পুৰণি মন্দিৰ। বঙাইগাঁও চহৰৰ সমীপত থকা বীৰঝৰা পাহাৰত এই মন্দিৰ অৱস্থিত৷ মন্দিৰটো বীৰঝৰা চাহ বাগিচাই আগুৰি আছে৷[3]

মা পাৰ্বতীৰ অন্যতম পুৰণি ৫১ নং শক্তি পীঠৰ বাবে মা বাঘেশ্বৰী মন্দিৰ উচৰ্গা কৰা হৈছে। হিন্দু পৌৰাণিক কাহিনী অনুসৰি ‘দক্ষ যজ্ঞ’ৰ ঠিক পিছতেই দেৱী দুৰ্গাৰ শৰীৰ ভগৱান বিষ্ণুৱে কাটি পেলোৱাৰ সময়ত দুৰ্গাৰ ত্ৰিশূলপাত এই ঠাইতেই পৰিল। এই মন্দিৰটো অসমৰ আটাইতকৈ বেছি দৰ্শনাৰ্থী অহা স্থান হিচাপে গণ্য কৰা হয়৷ বিশেষকৈ দুৰ্গা মহাঅষ্টমীৰ সময়ত ভক্ত-দৰ্শনাৰ্থীৰ অধিক ভীৰ পৰিলক্ষিত হয়৷ [3]

প্ৰথমে মন্দিৰটো পাহাৰত আছিল আৰু তাত পূজা অৰ্চনা কৰা হৈছিল। কিন্তু পাহাৰত পূজাৰীসকলৰ উঠা-নমা কৰাত অসুবিধা হোৱা কাৰণে পংকজ চৌধুৰীৰৰ[উদ্ধৃতিৰ প্ৰয়োজন] দেউতাকক আলোচনা কৰি মন্দিৰৰ নামত মাটি অলপ দিবলে কয় তাৰ পিছত সেই মাটি খিনিত নতুনকৈ মন্দিৰটো ১৩৭৭ চনত ১১ বহাগত স্থাপন কৰা হয়। তাৰ পিছতে তহল পাঠক নামৰ মানুহজনক পূজাৰী বুলি জনা যায়।[উদ্ধৃতিৰ প্ৰয়োজন]

বাঘেশ্বৰী পাহাৰত শিলৰ গুহা এটাৰ ভিতৰত ভগৱান শিৱৰো এটা প্ৰাচীন মন্দিৰ আছে- যাক বাঘেশ্বৰ মন্দিৰ বুলি কোৱা হয়৷ ইয়াৰ দুয়োকাষে আন দুটা মন্দিৰ অৰ্থাৎ বাঘেশ্বৰী দেৱীৰ মন্দিৰ আৰু বাবা তাৰক নাথৰ মন্দিৰ আছে। [3]

ছবি-ভঁৰাল

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "सदियों से आस्था का केंद्र रहा है नेपालगंज का बागेश्वरी मंदिर" (hindi ভাষাত). Hindustan. https://www.livehindustan.com/uttar-pradesh/bahraich/story-bageshwari-temple-of-nepalganj-has-been-the-center-of-faith-for-centuries-3984641.html আহৰণ কৰা হৈছে: 2022-05-31.
  2. Tribune, The Assam (2021-01-25). "Historic Bagheswari Devalaya Of Adabari In Dire Straits" (en ভাষাত). assamtribune.com. https://assamtribune.com/untitled-148/ আহৰণ কৰা হৈছে: 2022-05-31.
  3. 1 2 3 "বাঘেশ্বৰী মন্দিৰ". অসম চৰকাৰ. Archived from the original on 22 April 2025. https://web.archive.org/web/20250422154422/https://bongaigaon.assam.gov.in/tourist-place-detail/275 আহৰণ কৰা হৈছে: 9 November 2025.