বাঘ হাজৰিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


বাঘ হাজৰিকা
জন্ম অসমগড়গাঁৱৰ ওচৰৰ ঢেকেৰীগাঁও
শৰাইঘাটৰ ৰণত বাঘ হাজৰিকাই ব্যৱহাৰ কৰা অস্ত্ৰ, উৎস-[3]

বাঘ হাজৰিকাৰ জন্ম হৈছিল অসমগড়গাঁৱৰ ওচৰৰ ঢেকেৰীগাঁওত। আচল নাম আছিল ইছমাইল ছিদ্দিক। এদিন এটা বাঘ তেওঁ গাঁৱলৈ সোমাই অহাত তেওঁ উকা হাতেৰেই বাঘটো হত্যা কৰে৷ এই বাতৰি আহোম ৰজা চক্ৰধ্বজ সিংহৰ কাণত পৰে আৰু ৰজাই তেওঁক প্ৰতিভা দেখুৱাবলৈ ৰাজসভালৈ নিমন্ত্ৰণ কৰে৷ ৰজাই তেওঁৰ বীৰত্ব দেখি প্ৰশংসা কৰে আৰু তেওঁক এহেজাৰজন পাইকৰ তলত হাজৰিকা পদবী দিয়ে। তেতিয়াৰ পৰাই ইছমাইল ছিদ্দিকৰ নাম বাঘ হাজৰিকা হয়৷[1]


শৰাইঘাটৰ যুদ্ধত নৌকা-চালনাত পাৰ্গত বাঘ হাজৰিকা লাচিত বৰফুকনৰ সহচৰ আছিল। তেওঁ সাহসীকতাৰে শৰাইঘাটৰ যুদ্ধত মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল৷[2]

কিংবদন্তি[সম্পাদনা কৰক]

শৰাইঘাটৰ ৰণৰ সময়ত লাচিত বৰফুকনকোঁঠ আছিল ব্ৰহ্মপুত্ৰৰ দক্ষিণত, আৰু ৰামসিংহৰ উত্তৰত, কামান দক্ষিণলৈ তাক কৰি, যুদ্ধ পাচদিনা পুৱা। লাচিত বিষাদত, কাৰণ, মোগলৰ কামানে বহুত অসমীয়া সৈন্যৰ জীৱন ল'ব। বাঘে ক'লে, ইয়াক সমাধান কৰাৰ দায়িত্ব মোৰ। ৰাতিয়েই বাঘে, নিজৰ সহযোদ্ধাসকলৰ লগত লুইত সাঁতুৰি মোগলৰ খাৰ বাৰুদত পানি ধালি আহিল। পাচদিনা কামান নুফুটিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. [1]Bimal J. Dev, Dilip Kumar Lahiri. Assam Muslims: politics & cohesion. Mittal Publications, 1985.
  2. [2] The Battle of Saraighat.