সমললৈ যাওক

বাজিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাজিন

মাজত বাজিন, লগত ষ্ট্যু আৰু সিজোৱা কণীৰ সৈতে পৰিবেশন কৰা হৈছে।
অন্য নাম বাজিন (Bazeen)
মুখ্য উপাদান বাৰ্লি, পানী আৰু নিমখ

বাজিন (Bazin, বিকল্পভাৱে Bazeen লিখা হয় আৰু লিবিয়ান তামাঝাইট ভাষাত উচু বুলি কোৱা হয়) হৈছে লিবিয়াৰ খাদ্যৰ অন্তৰ্গত একপ্ৰকাৰ ৰুটি; যি বাৰ্লি, পানী আৰু নিমখেৰে প্ৰস্তুত কৰা হয়।[1] পানীত বাৰ্লিৰ আটা সিজাই আৰু তাৰ পিছত মাগ্ৰাফ নামৰ এই কামৰ বাবে বিশেষভাৱে নিৰ্মিত এডাল লাঠীৰে কোবাই এটা মণ্ড (dough) তৈয়াৰ কৰি বাজিন প্ৰস্তুত কৰা হয়।[2] মণ্ডটো তাৰ পিছত এখন কেৰাহীত থৈ কঠিন হ'বলৈ দিয়া হ'ব পাৰে,[3] যাৰ পিছত ইয়াক বেক কৰা হয় বা ভাপত দিয়া হয়।[টোকা 1] নিমখে বাজিন কঠিন কৰাত সহায় কৰে। বাজিনৰ গাঁথনি পেষ্টৰ দৰে আৰু কঠিন হ'ব পাৰে।[টোকা 2] ইয়াক গোটেই ঘেঁহুৰ আটা, অলিভ অইল আৰু জলকীয়া ব্যৱহাৰ কৰিও প্ৰস্তুত কৰিব পাৰি।[3][6]

বাজিন সাধাৰণতে বিলাহী চচ, কণী, আলু আৰু ভেড়াৰ মাংসৰ সৈতে পৰিবেশন কৰা হয়। এই প্ৰস্তুত প্ৰণালীত মণ্ডটোক পিৰামিড বা গম্বুজৰ আকৃতি দিয়া হয়, যাৰ পিছত ইয়াৰ ওপৰত বা চাৰিওফালে বিলাহী ভিত্তিক চুপ বা মাংস আৰু আলুৰ ষ্ট্যু ঢালি দিয়া হয় আৰু সিজোৱা কণীৰে সজাই তোলা হয়।[2][3] গৰম চুপৰ ভিতৰত এটা কেঁচা কণীও দি দিয়া হ'ব পাৰে।[3] বাজিন সিজোৱা কোমোৰা আৰু বিলাহী চচৰ মিশ্ৰণৰ সৈতেও খাব পাৰি।[টোকা 3]

খাদ্য গ্ৰহণ কৰাৰ সময়ত বাজিন "মোহাৰি আঙুলিৰে খোৱা হ'ব পাৰে।"[6] ই সাধাৰণতে সোঁ হাতেৰে খোৱা হয় আৰু সামূহিকভাৱে উপভোগ কৰা হ'ব পাৰে।[3] বাজিনক লিবিয়াৰ এক পৰম্পৰাগত খাদ্য আৰু ৰাষ্ট্ৰীয় খাদ্য হিচাপে বৰ্ণনা কৰা হৈছে।[3][6]

ভেড়ামাংস (পছন্দ অনুসৰি কান্ধ বা ভৰিৰ অংশ) কটা পিয়াঁজ, হালধি, নিমখ, জলকীয়া গুড়ি, হেলবা (মেথি), মিঠা পাপ্ৰিকা, ক'লা জলকীয়া আৰু বিলাহী পেষ্টৰ সৈতে ভাজি বাজিন চচ প্ৰস্তুত কৰা হয়। ইয়াত বৰ মাহ, দালি আৰু আলুও যোগ কৰিব পাৰি। চচ, কণী, আলু আৰু মাংসখিনি মণ্ডৰ গম্বুজটোৰ চাৰিওফালে সজাই দিয়া হয়। খাদ্যবিধ সাধাৰণতে নেমু আৰু সতেজ বা আচাৰ কৰা জলকীয়াৰ সৈতে পৰিবেশন কৰা হয়।

বাজিন প্ৰস্তুত কৰাৰ পুৰণি পদ্ধতিটো হ'ল মণ্ডটোক হাতৰ তলুৱা সমান পিঠা কৰি কিডিৰ নামৰ বিশেষ তামৰ পাত্ৰত পানীত দি ৰন্ধা। বাৰ্লিৰ পিঠাবোৰ কঠিন হৈ উঠিলে সেইবোৰ পাত্ৰটোতে এখন ডাঙৰ, চেপেটা, কাঠৰ হেতাৰে ভাঙি মিশ্ৰণ কৰি এটা ডাঙৰ টুকুৰা কৰা হয়। আজিকালি প্ৰায়ে ব্লেন্ডাৰ ব্যৱহাৰ কৰা হয়, বা মণ্ডটো পুডিংৰ দৰে লগে লগে পানীত ৰন্ধা হয়।

  1. "...আৰু বাজিন, যিটো ভাপত দিয়া ঘেঁহু বা বাৰ্লি আৰু ষ্ট্যু কৰা শাক-পাচলি আৰু মাংসৰ চচ দি তৈয়াৰ কৰা হয়।"[4]
  2. "বাজিন হৈছে লিিবিয়াৰ এক বিশেষত্ব - পানী, নিমখ আৰু বাৰ্লিৰে নিৰ্মিত কঠিন, পেষ্টৰ দৰে খাদ্য আৰু যিসকলৰ পাচন শক্তি যথেষ্ট শক্তিশালী তেওঁলোকৰ বাহিৰে আনক ইয়াৰ পৰামৰ্শ দিয়া নহয়।"[5]
  3. "লিবিয়াত উৎপাদিত কোমোৰা বহুলভাৱে সিজোৱা পাচলি হিচাপে ব্যৱহাৰ কৰা হয় আৰু ইয়াক 'কোচকোচ' আৰু 'বাজিন'ৰ দৰে ৰাষ্ট্ৰীয় খাদ্যৰ সৈতে বিলাহী চচ দি পৰিবেশন কৰা হয়।"[7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Rozario, P. (2004). Libya. Countries of the world. Gareth Stevens Pub.. পৃষ্ঠা. 40. ISBN 978-0-8368-3111-5. https://archive.org/details/libyaroza00roza.
  2. 1 2 Davidson, A.; Jaine, T.; Davidson, J.; Saberi, H. (2006). The Oxford Companion to Food. Oxford Companions. OUP Oxford. পৃষ্ঠা. 1356. ISBN 978-0-19-101825-1. https://books.google.com/books?id=pZ-1AQAAQBAJ&pg=PT1356.
  3. 1 2 3 4 5 6 Long, L.M. (2015). Ethnic American Food Today: A Cultural Encyclopedia. Rowman & Littlefield Publishers. পৃষ্ঠা. 376. ISBN 978-1-4422-2731-6. https://books.google.com/books?id=DBzYCQAAQBAJ&pg=PA376.
  4. Grolier Educational Staff (1992). New Book of Knowledge 1992. Grolier. পৃষ্ঠা. 188. ISBN 0717205231. https://books.google.com/books?id=ZY8Id8eL3sYC&q=%22bazin%22.
  5. McLachlan, Anne; McLachlan, Keith Stanley (1997). Tunisia Handbook with Libya. Footprint Handbooks. পৃষ্ঠা. 438. ISBN 9780844248677. https://books.google.com/books?id=hbouAQAAIAAJ&q=%22bazin%22 আহৰণ কৰা হৈছে: 26 March 2016.
  6. 1 2 3 Blady, K. (2000). Jewish Communities in Exotic Places. Jason Aronson, Incorporated. পৃষ্ঠা. 327. ISBN 978-1-4616-2908-5. https://books.google.com/books?id=T0g2RsZI1yMC&pg=PA327.
  7. "The Libyan Journal of Agriculture". Volume 4. Faculty of Agriculture, University of Alfateh. 1977. পৃষ্ঠাসমূহ: 199. https://books.google.com/books?id=fB9HAAAAYAAJ&q=%22bazin%22 আহৰণ কৰা হৈছে: 26 March 2016.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]