বাটি
বাটি | |
| প্ৰকাৰ | ব্ৰেড |
|---|---|
| উৎপত্তিৰ স্থান | ৰাজস্থান, ভাৰত |
| অঞ্চল | ৰাজস্থান, খাৰ্গন, মধ্য প্ৰদেশ |
| মুখ্য উপাদান | ঘিঁ, মাখন, আটা, পানী |
| ভিন্ন প্ৰকাৰ | বিহাৰ |
বাটি ৰাজস্থানৰ বেছিভাগ অঞ্চলত,[1] আৰু ভাৰতৰ মধ্যপ্ৰদেশ[2] আৰু গুজৰাট ৰাজ্যৰ কিছুমান অঞ্চলত ৰন্ধা কঠিন, চেপেটা পিঠা। ইয়াৰ দীৰ্ঘকালীন সময়লৈ ভালে থাকে আৰু উচ্চ পুষ্টিকৰ পৰিমাণৰ বাবে[3] আৰু মৰুভূমি অঞ্চলত ইয়াক প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজনীয় পানীৰ পৰিমাণ বৰ কম বাবে ইয়াক সেই অঞ্চলত মূল্যৱান বুলি গণ্য কৰা হয়। বাটি সাধাৰণতে দালিৰ লগত খোৱা হয়, সেয়েহে দালি-বাটি বুলিও কোৱা হয়। কিছুমান অঞ্চলত বিশেষকৈ মধ্যপ্ৰদেশত ইয়াক ভৰ্তা নামৰ পোৰা বেঙেনা পিটিকাৰ সৈতেও পৰিৱেশন কৰা হয়। পূব উত্তৰ প্ৰদেশ (বাৰানসী) আৰু পশ্চিম বিহাৰত জনপ্ৰিয় লিট্টি (ৰন্ধন)ৰ সৈতেও বাটিৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। লিটি আলু, টমেটো আৰু ৰোষ্টেড অবাৰ্জিনৰ লগত খায়।
বাটি হয় সাধাৰণ হ’ব পাৰে নহয় বিভিন্ন ধৰণৰ পূৰ ভৰোৱা হ’ব পাৰে, য’ত পিয়াঁজ, পটল, চাটুগুড়ি আদিও থাকে। বাফলা এক প্ৰকাৰৰ তুলনামূলকভাৱে অধিক কোমল বাটি। বাফলা আৰু বাটি সদায় গৰম দালিৰ লগত বিশুদ্ধ ঘিউ আৰু চাটনিৰ সৈতে খাব লাগে।
সাধাৰণতে বাটি আৰু দালিৰ লগত পৰিবেশন কৰা চৰ্মা হৈছে জনপ্ৰিয় সুস্বাদু খাদ্য। ইয়াক মোটাকৈ পিহি ঘেঁহু গুড়ি কৰি ঘিউ আৰু চেনি দি সিজোৱা হয়। পৰম্পৰাগতভাৱে ইয়াক ঘেঁহুৰ আটাৰ বাটি বা বাকী থকা ৰটি ঘিউ আৰু গুৰত গুড়ি কৰি তৈয়াৰ কৰা হয়, ইচ্ছা কৰিলে শুকান ফল আৰু মিঠাইৰ সৈতে মিহলি কৰা হয়। ইয়াক অকলে বা দালিৰ লগত খাব পাৰি।
ডাল বাটি চুৰ্মা
[সম্পাদনা কৰক]
ডাল-বাটি-চুৰ্মা তিনি বিধ খাদ্য আৰু সম্পূৰ্ণ খাদ্যৰ জনপ্ৰিয় সংমিশ্ৰণ।[3] ডাল বাটি হৈছে ৰাজস্থানীয় জনপ্ৰিয় খাদ্য য'ত মূলতঃ ৰহৰ দালি [4] আৰু বাটি অৰ্থাৎ সৰু ঘেঁহুৰ ৰুটিৰ লডাৰে গঠিত। বাটি বিশুদ্ধ ঘিউত ডুবাই পৰম্পৰাগত মাটিৰ পাত্ৰত গৰমে গৰমে পৰিবেশন কৰা হয়।[5] ডাল এটা সৰু বাল্টি আকৃতিৰ পাত্ৰত ওপৰত ৰঙা জলকীয়া দিয়া তাড়কা, টেঙা নহৰুৰ চাটনি বা বেচন (বুটৰ গুড়ি)ৰ সৈতে পৰিবেশন কৰা হয়।[6]

পৰম্পৰাগতভাৱে বাটি মোটাকৈ বেলি লৈ তাৰ ওপৰত ঘিউ ঢালি প্ৰস্তুত কৰা হয়। ৰাজস্থানৰ ধৰ্মীয় অনুষ্ঠান, বিবাহ অনুষ্ঠান আৰু জন্মদিনৰ পাৰ্টি আদি সকলো উৎসৱতে ইয়াক সাধাৰণতে পৰিবেশন কৰা হয়।[3]
ডাল বাটি থালি
[সম্পাদনা কৰক]
বাটি অবিহনে ৰাজস্থানী থালি আধৰুৱা। বাটিৰ লগত বেচন গট্টে, বুণ্ডি ৰাইতাও পৰিবেশন কৰা হয়। নহৰুৰৰ চাটনি, পাপড়, কাধি আৰু আমৰ আচাৰ দিয়া হয়।[3]
মধ্যপ্ৰদেশত ডাল-বাটি অন্যান্য খাদ্যৰ সৈতেও পৰিৱেশন কৰা হয়, যেনে- বেঙেনা পিটিকা (পৰিষ্কাৰ জুইত ৰন্ধা আৰু কেঁচা মছলাৰ সৈতে গুড়ি কৰা অ’বাৰ্জিন) বা ভজা আলু। কাধি (বেচন (বুটৰ গুড়ি) আৰু গৰু গাখীৰৰ ঘিউৰ সৈতে ৰন্ধা)ও ডাল-বাটিৰ লগত খাব পাৰি কাৰণ ই এটা তৰল উপাদান যোগ কৰি গোটেই সংমিশ্ৰণত পানীৰ পৰিমাণ বজাই ৰাখে।
বেচন (গ্ৰাম আটা) আৰু মছলাৰে তৈয়াৰী গট্টে কি চাবজী পশ্চিম মধ্যপ্ৰদেশ আৰু ৰাজস্থানতো খোৱা হয়। ই অলপ মছলাযুক্ত, গোটেই থালিটোত টেঙা উপাদান এটা যোগ কৰে।
আমৰ আচাৰ আৰু সেউজীয়া চাটনি (ধনীয়া, নেমু, টমেটো, শিলৰ নিমখ, জিৰা আৰু সাগৰীয় নিমখেৰে তৈয়াৰী) থালিৰ অবিচ্ছেদ্য অংগ। পশ্চিম মধ্যপ্ৰদেশত মালৱাৰ ফালে মিঠা চাউলো ৰান্ধি থালিত পৰিবেশন কৰা হয়। কেশৰ, চেনি আৰু লৱণ দি ভাতখিনি ৰান্ধি লোৱা হয়।
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Rajasthani Cookbook by Tarla Dala, p. 102
- ↑ "7 Must Have Dishes From Madhya Pradesh You Just Cannot Miss" (en ভাষাত). HolidayIQ. Archived from the original on 2018-10-18. https://web.archive.org/web/20181018122644/http://www.holidayiq.com/blog/7-must-have-dishes-from-madhya-pradesh-you-just-cannot-miss-1982.html। আহৰণ কৰা হৈছে: 2019-01-08.
- ↑ 3.0 3.1 3.2 3.3 "Dal Bati Churma Party Menu Recipes" (en-US ভাষাত). Enhance Your Palate. 2019-09-21. https://www.enhanceyourpalate.com/dal-bati-churma-holiday-party-menu-ideas/। আহৰণ কৰা হৈছে: 2019-10-05.
- ↑ "Rajasthani Panchmel Dal - Five Lentil Soup" (en-US ভাষাত). Enhance Your Palate. 2016-09-30. https://www.enhanceyourpalate.com/panchmel-rajasthani-dal-lentil-soup/। আহৰণ কৰা হৈছে: 2019-10-05.
- ↑ "Rajasthani Bati (Unleavened Bread) for Dal-Bati-Churma" (en-US ভাষাত). Enhance Your Palate. 2016-09-30. https://www.enhanceyourpalate.com/bati/। আহৰণ কৰা হৈছে: 2019-10-05.
- ↑ "Dal-Bati-Churma: A Rajasthani Delight". indiacanteen.tastyfix.com. Archived from the original on 12 November 2016. https://web.archive.org/web/20161112191303/http://indiacanteen.tastyfix.com/dal-bati-churma-a-rajasthani-delight/। আহৰণ কৰা হৈছে: 23 September 2015.