সমললৈ যাওক

বাটুৰিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাটুৰিন
Батурин
চহৰ
বাটুৰিন দুৰ্গ-দুৰ্গনগৰ
বাটুৰিন দুৰ্গ-দুৰ্গনগৰ
বাটুৰিনৰ পতাকা
বাটুৰিনৰ আনুষ্ঠানিক মোহৰ
Map
স্থানাংক: 51°21′N 32°53′E / 51.35°N 32.883°E / 51.35; 32.883স্থানাংক: 51°21′N 32°53′E / 51.35°N 32.883°E / 51.35; 32.883
দেশ ইউক্ৰেইন
অব্লাষ্ট চেৰ্নিহিভ অব্লাষ্ট
ৰেয়ন নিজিন ৰায়ন
হ্ৰোমাদা বাটুৰিন আৰবান হ্ৰোমাদা
কালি
 • মুঠ
৭০০ বৰ্গকিমি (৩০০ বৰ্গমাইল)
জনসংখ্যা
 (2022)
 • মুঠ
২,৪০৬

বাটুৰিন (ইংৰাজী: Baturyn) উত্তৰ ইউক্ৰেইনৰ চেৰ্নিহিভ অ’ব্লাষ্টৰ এখন ঐতিহাসিক চহৰ। ই নিজিন ৰাইঅ’নত ছেইম নদীৰ পাৰত অৱস্থিত। বাটুৰিন নগৰ হ্ৰমাডাৰ প্ৰশাসনিক কেন্দ্ৰও ইয়াত অৱস্থিত।[1]

বাটুৰিন চহৰখন বিশেষভাৱে কছাক হেটমেনেটৰ ৰাজধানী হিচাপে পৰিচিত। ১৬৯৯–১৭০৮ আৰু পুনৰ ১৭৫০–১৭৬৪ চনলৈ বাটুৰিন হেটমেনেটৰ ৰাজধানী আছিল। এই ঐতিহাসিক গুৰুত্বৰ বাবেই ইয়াত “হেটমেনৰ ৰাজধানী” নামৰ ঐতিহাসিক আৰু সাংস্কৃতিক সংৰক্ষিত অঞ্চল আছে।

আৰম্ভণিৰ ইতিহাস

[সম্পাদনা কৰক]

বাটুৰিনৰ স্থানত ৯ম–১০ম শতিকাৰ এটা প্ৰাচীন জনবসতিৰ লগতে ১১শ–১৩শ শতিকাৰ এটা সুৰক্ষিত পাহাৰীয়া দুৰ্গৰ অৱশেষ পোৱা গৈছে।[2] ১২৩৯ চনত মংগোলসকলৰ আক্ৰমণৰ ফলত এই সুৰক্ষিত জনবসতিটো ধ্বংসপ্ৰাপ্ত হয়।[2] ১৪শ শতিকাত চেৰ্নিহিভ অঞ্চল গ্ৰেণ্ড ডাচি অৱ লিথুৱানিয়াৰ অধীনত আছিল। কিন্তু ১৫০০–১৫০৩ চনৰ মস্কোভি–লিথুৱানিয়া যুদ্ধৰ পৰিণতিত অঞ্চলটো মস্কোভিৰ হাতলৈ যায়। ১৬১৮ চনত ই পুনৰ পোলিছ–লিথুৱানিয়ান কমনৱেলথৰ অন্তৰ্ভুক্ত হয়।[3] বাটুৰিন নগৰ প্ৰতিষ্ঠা কৰা ভূমিখণ্ড আলেক্সান্দাৰ পিয়াছেচিনস্কিক প্ৰদান কৰা হৈছিল। ৰজাৰ অনুমতি লাভ কৰি পিয়াছেচিনস্কিৰ অধীনত কৰ্মৰত মাতভেই ষ্টাখুৰস্কিয়ে ১৬২৫ চনত বাটুৰিন নগৰ আৰু ইয়াৰ দুৰ্গ নিৰ্মাণ কৰে।[4] ১৬৩৩ চনত সংঘটিত স্মোলেনস্ক যুদ্ধৰ সময়ত ৰাছিয়াৰ সৈন্যই বাটুৰিনৰ দুৰ্গ দখল কৰে আৰু পিছত ইয়াক জ্বলাই ধ্বংস কৰে।[5]

১৬৪৮–১৬৫৭ চনৰ খমেলনিটস্কি বিদ্ৰোহৰ সময়ত কছাক বাহিনীয়ে ৰাষ্ট্ৰমণ্ডলৰ (Polish–Lithuanian Commonwealth) পৰা চহৰখনৰ নিয়ন্ত্ৰণ কাঢ়ি লয়। সেই সময়ত তেওঁলোকে দুৰ্গটো দখল কৰাৰ লগতে পোলেণ্ডৰ অভিজাতসকলক হত্যা কৰে। [6] ১৬৪৮ চনত বাটুৰিনক কছাকসকলৰ এটা আঞ্চলিক কেন্দ্ৰ (সোতনিয়া)লৈ ৰূপান্তৰ কৰা হয়। প্ৰথমে ইয়াত ষ্টাৰ’ডুব কছাক ৰেজিমেণ্ট আৰু পিছত নিজিন ৰেজিমেণ্টৰ মুখ্য কাৰ্যালয় স্থাপন কৰা হৈছিল। পেৰেয়াছ্লাভ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত, ১৬৫৪ চনৰ ৭ ফেব্ৰুৱাৰীত বাটুৰিনৰ বাসিন্দাসকলে জাৰৰ প্ৰতি আনুগত্যৰ শপত গ্ৰহণ কৰে। ইয়াৰ পিছত চহৰখন তদানীন্তন হেটমান ইভান জোলোটাৰেংকোৰ হাতত অৰ্পণ কৰা হয়।[6] কিন্তু সেই একেটা বছৰতে চহৰখন অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জ্বলি ধ্বংস হয়। ১৬৫৫ চনৰ জুলাই মাহত জোলোটাৰেংকোৱে জাৰৰ ওচৰত অনুৰোধ জনায় যে জ্বলি ধ্বংস হোৱা বাটুৰিনৰ বিনিময়ত তেওঁক আন দুখন চহৰ ব’ৰ্জনা আৰু হ্লুখিভ প্ৰদান কৰা হওক।[6]

কছাক ৰাজধানী

[সম্পাদনা কৰক]

চহৰখন সময়ৰ লগে লগে পুনৰ গঢ় লৈ উঠিছিল। ১৬৬৩ চনত বাটুৰিনত হেটমেন ইভান ব্ৰিউখোভেটস্কি-য়ে ৰাছিয়াৰ সৈতে এখন চুক্তি স্বাক্ষৰ কৰে, যাৰ ফলত ৰাছিয়াৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি পায়।[7] ১৬৬৮ চনত বাটুৰিনৰ কছাকসকলে মস্কোবিৰোধী বিদ্ৰোহত সমৰ্থন আগবঢ়ায়। কিন্তু বিদ্ৰোহ দমন কৰাৰ পাছত আন বহু চহৰৰ দৰে বাটুৰিনক জ্বলাই ধ্বংস কৰা নহ’ল।[8] এই কাৰণেই নতুন হেটমেন ডেমিয়ান ম্নোহ’ৰিশ্নিৰ নেতৃত্বত কছাক নেতাসকলে বাটুৰিনক নতুন ক্ষমতাৰ কেন্দ্ৰ হিচাপে নিৰ্বাচন কৰে আৰু ক্ষমতাৰ কেন্দ্ৰ হাদিয়াচৰপৰা বাটুৰিনলৈ স্থানান্তৰ কৰে। ১৬৭০ চনৰপৰা মস্কোভীয় ষ্ট্ৰেল্ৎসি সৈন্যদল ইয়াত মোতায়েন কৰা হৈছিল।[9] কছাক হেটমেনেট—অৰ্থাৎ বাওঁপাৰৰ ইউক্ৰেইনত থকা এখন স্বায়ত্তশাসিত কছাক গণৰাজ্যৰ ৰাজধানী ১৬৬৯ চনৰপৰা ১৭০৮ চনলৈ আৰু পুনৰ ১৭৫০ চনৰপৰা ১৭৬৪ চনলৈ বাটুৰিনত অৱস্থিত আছিল।

১৮ শতিকাত বাটুৰিন

হেতমান ইভান মাজেপাৰৰ(১৬৮৭–১৭০৮) শাসনকালত এই অঞ্চলটো যথেষ্ট সমৃদ্ধিশালী হৈ উঠিছিল। এই সময়ছোৱাত বাটুৰিনৰ আকাৰ আৰু জনসংখ্যা দুয়োটাই বৃদ্ধি পাই ২০,০০০ৰো অধিক লোক ইয়াত বসবাস কৰিছিল। বাটুৰিনত ৪০টা গীৰ্জা আৰু প্ৰাৰ্থনাগৃহৰ লগতে দুটা মঠ আছিল। হেতমানাতৰ দুটা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান—সাধাৰণ সামৰিক সচিবালয় আৰু সাধাৰণ সামৰিক আদালত বাটুৰিনতে অৱস্থিত আছিল। সাধাৰণ সচিবালয়ৰ কাষতে কুৰিন সচিবালয় আছিল, যিয়ে প্ৰশাসনিক আৰু ন্যায়িক সেৱাৰ বাবে কৰ্মচাৰী প্ৰস্তুত কৰিছিল। মাজেপাই বাটুৰিনৰ ওচৰৰ হনচাৰিভকাত নিজৰ মুখ্য কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিবলৈ এটা সুৰক্ষিত ৰাজপ্ৰাসাদো নিৰ্মাণ কৰিছিল।[10]

১৭০৮ চনত জাপোৰিঝিয়ান কছাকসকল মহান উত্তৰ যুদ্ধত জড়িত হৈ পৰে। হেতমান মাজেপাই উপলব্ধি কৰিছিল যে ৰাছিয়ানসকলে তেওঁক ক্ষমতাৰপৰা আঁতৰোৱাৰ পৰিকল্পনা কৰিছে। সেয়ে তেওঁ ৰাছিয়ান সাম্ৰাজ্যৰ সৈতে যুদ্ধত লিপ্ত হৈ থকা ছুইডেনৰ পক্ষলৈ নিজৰ আনুগত্য সলনি কৰে আৰু ইউক্ৰেইনৰ স্বাধীনতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ আৰম্ভ কৰে। ১৭০৮ চনৰ ১৩ নৱেম্বৰত আলেকজেণ্ডাৰ মেনশ্বিকভৰ নেতৃত্বত এটা ৰাছিয়ান সেনাই বাটুৰিন আক্ৰমণ কৰি চহৰখন লুণ্ঠন কৰে আৰু সম্পূৰ্ণৰূপে ধ্বংস কৰে। এই আক্ৰমণৰ সময়ত চহৰখনৰ বাসিন্দাসকলকো ব্যাপকভাৱে হত্যা কৰা হয়। বাটুৰিনৰ দুৰ্গৰ অধিনায়ক দ্মিত্ৰো চেচেলকো ৰাছিয়ানসকলে চক্ৰত বান্ধি অতি নিষ্ঠুৰভাৱে মৃত্যুদণ্ড দিয়ে। ইতিহাসবিদ ছেৰহি পাভলেনকোৰ অনুমান অনুসৰি, মেনশ্বিকভৰ সেনাই প্ৰায় ৬,০০০ৰপৰা ৭,৫০০জন অসামৰিক লোক আৰু ৫,০০০ৰপৰা ৬,৫০০জন সামৰিক লোকক হত্যা কৰিছিল।[11] ১৭০৮ চনত বাটুৰিনৰ জনসংখ্যা প্ৰায় ২০,০০০ আছিল; কিন্তু ১৭২৬ চনলৈ চহৰখন প্ৰায় জনশূন্য নগৰত পৰিণত হয়। ইয়াৰ পিছত হেতমানাতৰ ৰাজধানী হ্লুখিভলৈ স্থানান্তৰ কৰা হয়। [12]

ৰাছিয়ান সাম্ৰাজ্যত

[সম্পাদনা কৰক]
বাটুৰিনৰ নব্য পেলাডিয়ান শৈলীৰ ৰাজপ্ৰাসাদটো স্থপতি আন্দ্ৰেই ক্ভাছভে নক্সা কৰিছিল আৰু পিছত চাৰ্লছ কেমেৰনে ইয়াক পুনৰ নিৰ্মাণ কৰিছিল।

১৭৫০ ৰ দশকত বাটুৰিন চহৰখন পুনৰ নিৰ্মাণ কৰা হয় আৰু ১৭৫০ৰপৰা ১৭৬৪ চনলৈ হেটমান কিৰিল গ্ৰিগৰিয়েভিচ ৰাজুমভস্কিৰ ৰাজধানী হিচাপে পৰিগণিত হয়। স্থপতি আন্দ্ৰেই ক্ভাছভে ৰাজুমভস্কিৰ ৰাজপ্ৰাসাদটো বাৰোক স্থাপত্যশৈলীত নিৰ্মাণ কৰিছিল। পাছত ১৭৯৯–১৮০৩ চনৰ ভিতৰত চাৰ্লছ কেমেৰনে ইয়াক নব্য-ধ্ৰুপদী স্থাপত্যশৈলীত পুনৰ নিৰ্মাণ কৰে। প্ৰখ্যাত কছাক ভাছিল কোচুবেইৰ বাসভৱনটোও বাটুৰিনত অৱস্থিত। প্ৰায় ৫০ বছৰ আগতে নিৰ্মাণ কৰা এই ভৱনটো বৰ্তমান তেওঁৰ নামত নামকৰণ কৰা এখন উদ্যানৰ মাজত আছে। যদিও দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যুদ্ধৰ ফলত ভৱনটো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল, ছোভিয়েট যুগত ইয়াক পুনৰ মেৰামতি কৰা হয়।

১৮০৩ চনত হেটমান ৰাজুমভস্কিৰ মৃত্যুৰ পাছত বাটুৰিনে ইয়াৰ অধিকাংশ ৰাজনৈতিক গুৰুত্ব হেৰুৱায়। ১৭৫৬ চনত চহৰখনত ১২খন তাঁতশাল থকা এটা বস্ত্ৰ উদ্যোগ স্থাপন কৰা হৈছিল। অতি কম সময়ৰ ভিতৰতে এই উদ্যোগটো বৃদ্ধি পাই ৭৬খন তাঁতশাললৈ পৰিণত হয়। ৰাছিয়াৰ সম্ৰাজ্ঞী কেথেৰিন দ্বিতীয়ায়ে (শাসনকাল ১৭৬২–১৭৯৬) ইউক্ৰেইনৰ কছাক ৰাষ্ট্ৰ বিলুপ্ত কৰি ইয়াৰ ভূ-খণ্ডসমূহ ৰাছিয়ান সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰাৰ পাছতো বাটুৰিনত বস্ত্ৰ উৎপাদন অব্যাহত থাকে। বিশেষকৈ কাৰ্পেটৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰাত এই উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৮৪৩ চনত বিখ্যাত ইউক্ৰেইনীয় কবি আৰু শিল্পী তাৰাছ শ্বেভচেংকো বাটুৰিনত কিছুদিন থাকিছিল। সেই সময়ছোৱাত তেওঁ চহৰখনৰ বহুতো ঐতিহাসিক আৰু স্থাপত্যিক নিদৰ্শনৰ ছবি আঁকে। ১৮৬০ চনত বাটুৰিনৰ জনসংখ্যা আছিল ৩,৫৬৩ জন। ১৮৮০ চনলৈ এই সংখ্যা বৃদ্ধি পাই ৬,৫৮০ জন হয়।[13] ঊনবিংশ শতিকাৰ শেষভাগত বাটুৰিনত প্ৰতি বছৰে তিনিখনকৈ বাণিজ্যিক মেলা অনুষ্ঠিত হৈছিল।[13]

আধুনিক যুগ

[সম্পাদনা কৰক]

১৯২৩ চনত বাটুৰিনে চহৰৰ মৰ্যাদা হেৰুৱাই ২০০৮ চনতহে পুনৰ লাভ কৰে। ১৯২৪ চনত বাটুৰিনত পেট্ৰ' প্ৰ'ক'প'ভিচৰ নামেৰে মৌপালনৰ সংগ্ৰহালয় স্থাপন কৰা হয়।[14]

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান দখলদাৰীসকলে বাটুৰিনত ইহুদী বলপূৰ্বক শ্ৰম বেটেলিয়ন চলাইছিল। [15]

১৯৯৩ চনৰ জুন মাহত ইউক্ৰেইনৰ চৰকাৰে বাটুৰিনক ইউক্ৰেইনৰ ইতিহাস আৰু সংস্কৃতিৰ এক ৰাষ্ট্ৰীয় ঐতিহাসিক-সাংস্কৃতিক ক্ষেত্ৰৰ কেন্দ্ৰ হিচাপে ঘোষণা কৰে। ২০০২ চনৰ আগষ্ট মাহত ৰাষ্ট্ৰপতি ভিক্টৰ ইউশ্চেংকোৰ উদ্যোগত বাটুৰিনক ইয়াৰ পূৰ্বৰ গৌৰৱলৈ ঘূৰাই অনাৰ উদ্দেশ্যেৰে এখন চৰকাৰী কাৰ্যসূচী অনুমোদন কৰা হয়।

২০০৯ চনৰ ২২ জানুৱাৰীত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভিক্টৰ ইউশ্চেংকোৱে আনুষ্ঠানিকভাৱে ‘হেটমানস্ কেপিটেল’ (Hetmans' Capital) স্মাৰক কমপ্লেক্সটো উদ্বোধন কৰে। এই কমপ্লেক্সৰ অন্তৰ্গত আছিল সদ্য সংস্কাৰ কৰা ৰাজুমভস্কি প্ৰাসাদ। [16]

২০২০ চনৰ ১৮ জুলাইলৈকে বাটুৰিন বাখমাচ ৰাইঅ’ন (Bakhmach Raion)-ৰ অন্তৰ্গত আছিল। ইউক্ৰেইনৰ প্ৰশাসনিক সংস্কাৰৰ অংশ হিচাপে ২০২০ চনৰ জুলাই মাহত বাখমাচ ৰাইঅ’ন বিলুপ্ত কৰা হয়। এই সংস্কাৰৰ ফলত চেৰ্নিহিভ অব্লাষ্টৰ ৰাইঅ’নৰ সংখ্যা পাঁচটালৈ হ্ৰাস পায়। বাখমাচ ৰাইঅ’নৰ এলেকা নিজিন ৰাইঅ’ন ৰ সৈতে একত্ৰিত কৰা হয়। [17][18]

কাইৰিলো ৰজুমোভস্কি প্ৰাসাদ

[সম্পাদনা কৰক]

কিৰিলো ৰজুমোভস্কিৰ হেটমান প্ৰাসাদ বাটুৰিনৰ (চেৰ্নিহিভ অঞ্চল, ইউক্ৰেইন) প্ৰধান আকৰ্ষণ আৰু কেন্দ্ৰীয় স্থাপত্য-চিহ্ন। ইউক্ৰেইনৰ হেটমান হিচাপে নিৰ্বাচিত হোৱাৰ কিছুদিন পাছতে কিৰিলো ৰজুমোভস্কিয়ে হেটমানেট (ইউক্ৰেইনৰ কছাক ৰাষ্ট্ৰ)ৰ ৰাজধানী হ্লুখিভৰপৰা বাটুৰিনলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লয়। বাটুৰিনক পুনৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰি ৰজুমোভস্কিয়ে চহৰখন পুনৰ নিৰ্মাণ কৰে আৰু ইয়াত এক চমু সাংস্কৃতিক-অৰ্থনৈতিক নৱ-জাগৰণৰ সূচনা কৰে। তেওঁ কাৰ্পেট, পশমী কাপোৰ, ৰেচম, মমবাতি, ইটা আৰু কক্‌ল-ষ্টোভৰ টাইলছ উৎপাদনৰ ব্যৱস্থা কৰে। লগতে তেওঁ এটা ঘোঁৰাৰ প্ৰজনন পাম, এখন পেৰিছ স্কুল আৰু এখন চিকিৎসালয় স্থাপন কৰে। হেটমানে বাটুৰিনত এখন বিশ্ববিদ্যালয় স্থাপনৰ পৰিকল্পনাও কৰিছিল। [19]

তেওঁ ইউক্ৰেইনৰ বাবে অধিক স্বায়ত্তশাসন লাভ কৰাৰ চেষ্টা কৰাত ৰাছিয়ান সাম্ৰাজ্যৰ শাসকগোষ্ঠীৰ অসন্তোষৰ সৃষ্টি হয়। ফলত ১৭৬৪ চনত তেওঁক ইউক্ৰেইনৰ হেটমানৰ পদৰপৰা অপসাৰণ কৰা হয়। ১৭৯৪ চনতহে তেওঁ পুনৰ বাটুৰিনলৈ উভতি আহে আৰু তাত এক বিশাল প্ৰাসাদ তথা উদ্যান-সমন্বিত স্থাপত্য-সমষ্টি নিৰ্মাণৰ সিদ্ধান্ত লয়। এই উদ্দেশ্যে তেওঁ স্কটিছ স্থপতি চাৰ্লছ কেমেৰনক আমন্ত্ৰণ কৰে। কেমেৰনৰ স্থাপত্য-নক্সা ৰাছিয়াৰ সম্ৰাজ্ঞী কেথেৰিন দ্বিতীয়ৰো বিশেষভাৱে পছন্দৰ আছিল। [20]

কেমেৰন আছিল ছাৰ্স্কোয়ে চেলো, পাভলভস্ক আদিৰ ৰাজপ্ৰাসাদৰ মুখ্য স্থপতি। ইউক্ৰেইনত চাৰ্লছ কেমেৰনৰ একমাত্ৰ সৃষ্টি হৈছে বাটুৰিনৰ কে ৰ’জুমোভস্কিৰ এই পেলেচ আৰু পাৰ্ক এনচেম্বল।

১৭৯৯–১৮০৩ চনৰ ভিতৰত তেওঁৰ নক্সা অনুসৰি এই ঐতিহাসিক স্থাপত্য-সমষ্টিটোৰ নিৰ্মাণ সম্পন্ন কৰা হয়। ইয়াৰ ভিতৰত আছিল ধ্ৰুপদী স্থাপত্যশৈলীত নিৰ্মিত তিনিমহলীয়া ৰাজপ্ৰাসাদ, প্ৰাসাদটোৰ দুয়োফালে অৱস্থিত দুটা আনুষংগিক ভৱন আৰু এই সমগ্ৰ স্থাপত্যসমষ্টিক আগুৰি থকা এক বিশাল উদ্যান।

১৮০৩ চনত কে ৰ’জুমোভস্কিৰ মৃত্যুৰ পাছত সকলো সলনি হৈ যায়। সজ্জাৰ কাম-বন্ধ হৈ গ’ল, ৰাজপ্ৰাসাদটো পৰিত্যক্ত হৈ পৰিল। ১৮২৪ চনৰ জুয়ে ইয়াৰ কাৰ্যতঃ সকলো অভ্যন্তৰীণ সজ্জা ধ্বংস কৰি পেলালে।

১৯০৮ চনত চতুৰ্দশ সৰ্বৰাছিয়ান প্ৰত্নতাত্ত্বিক সন্মিলনত এই ৰাজপ্ৰাসাদ পুনৰুদ্ধাৰৰ বিষয়টো উত্থাপন কৰা হৈছিল।

১৯১১ চনৰপৰা এই ৰাজপ্ৰাসাদটো ৰাছিয়াৰ স্থাপত্য আৰু প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ আৰু সুৰক্ষা সমিতিৰ তত্ত্বাৱধানত আছিল। কে. ৰজুমোভস্কিৰ প্ৰপৌত্ৰ কামিল লভোভিচ ৰজুমোভস্কিয়ে ১৯০৯ চনত বাটুৰিন ভ্ৰমণ কৰে। তেওঁ ৰাজপ্ৰাসাদটো পুনৰুদ্ধাৰৰ বাবে ধন দান কৰে আৰু তাত এখন লোকশিল্প সংগ্ৰহালয় স্থাপন কৰাৰ ইচ্ছা প্ৰকাশ কৰে। পিটাৰ্ছবাৰ্গৰ স্থপতি অলেকজেণ্ডাৰ বিলোগ্ৰুডে পুনৰুদ্ধাৰৰ নক্সা প্ৰস্তুত কৰে আৰু ১৯১৩ চনলৈকে পুনৰুদ্ধাৰৰ কামৰ তদাৰক কৰে।

ইয়াৰ পিছত সংঘটিত হোৱা কৰুণ ঘটনাসমূহ, বিশেষকৈ প্ৰথম বিশ্বযুদ্ধ আৰু ১৯১৭ চনৰ বলছেভিক বিপ্লৱৰ ফলত ৰাজপ্ৰাসাদটোৰ পুনৰুদ্ধাৰৰ কাম দীৰ্ঘ সময়ৰ বাবে স্থগিত হৈ পৰে। ১৯২৩ চনত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত ভৱনটো যথেষ্ট ক্ষতিগ্ৰস্ত হয়। ২০শ শতিকাৰ আৰম্ভণিতে দুয়োটা আনুষংগিক ভৱন সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰাজপ্ৰাসাদটোৰ সন্মুখভাগৰ দেৱাল আৰু অলংকৰণমূলক উপাদানসমূহ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়। ২০শ শতিকাৰ দ্বিতীয়াৰ্ধত ৰাজপ্ৰাসাদটো পুনৰুদ্ধাৰৰ বাবে কেইবাটাও প্ৰচেষ্টা চলোৱা হৈছিল। এই প্ৰচেষ্টাসমূহে ৰাজপ্ৰাসাদটোৰ অৱস্থা কোনো মতে সংৰক্ষণ কৰাত সহায় কৰিছিল যদিও, ইয়াৰে এটাও সম্পূৰ্ণৰূপে সফল নহ’ল।

২০০২ চনত তেতিয়াৰ ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী ভিক্টৰ ইউশ্চেংকোৰ উদ্যোগত ‘হেটমেনৰ ৰাজধানী’ৰ কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ বাবে সমন্বিত কাৰ্যসূচী প্ৰস্তুত কৰা হয়। এই কাৰ্যসূচীৰ ৰূপায়ণ ২০০৩ চনত আৰম্ভ হয়। ২০০৫ চনত ইউক্ৰেইনৰ দাতব্য ব্যক্তিসকলে পুনৰুদ্ধাৰৰ বাবে ধন আগবঢ়োৱাৰ পিছত কামৰ পৰিসৰ যথেষ্ট বৃদ্ধি পায়। ২০০৫–২০০৬ চনত ৰাজপ্ৰাসাদ আৰু ইয়াৰ দুটা আনুষংগিক ভৱনৰ পুনৰুদ্ধাৰৰ কাম সম্পন্ন কৰা হয়।

২০০৭–২০০৮ চনত ৰাষ্ট্ৰীয় বাজেটৰপৰাও এই কামৰ বাবে যথেষ্ট পৰিমাণৰ ধন ব্যয় কৰা হয়। ২০০৮ চনত ব্যাপক পুনৰুদ্ধাৰৰ কাম সম্পন্ন কৰা হয় আৰু প্ৰথমবাৰৰ বাবে ৰাজপ্ৰাসাদটোৱে ইয়াৰ মূল ৰূপ পুনৰ লাভ কৰে। ২০০৯ চনৰ ২২ আগষ্টত ৰাজপ্ৰাসাদটো জনসাধাৰণৰ বাবে মুকলি কৰা হয়। ৰাজপ্ৰাসাদটোৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানলৈ কিৰিলো ৰজুমোভস্কিৰ বংশধৰ গ্ৰেগৰ ৰজুমোভস্কিক পৰিয়ালসহ আমন্ত্ৰণ জনোৱা হয়। তেওঁ সেই অনুষ্ঠানত এক অমূল্য ঐতিহ্যবাহী সম্পদ হেটমেন কিৰিলো ৰজুমোভস্কিৰ তৰোৱাল উপহাৰ হিচাপে প্ৰদান কৰে।

আকৰ্ষণীয় হেটমেন ৰাজপ্ৰাসাদটো ইয়াৰ সমগ্ৰ সৌন্দৰ্যৰে বিশ্বৰ অন্যতম বিখ্যাত ৰাজপ্ৰাসাদৰ সৈতে ফেৰ মাৰিব পাৰে। পুনৰুদ্ধাৰকাৰীসকলে ৰাজপ্ৰাসাদটোৰ প্ৰকৃত ঐতিহাসিক গৰিমা পুনৰ সৃষ্টিত সফল হয় আৰু সেই সময়ৰ অন্যতম শ্ৰেষ্ঠ স্থপতি চাৰ্লছ কেমেৰনৰ মূল স্থাপত্য-ধাৰণাক সংৰক্ষণ কৰে। তেওঁলোকে দেৱালৰ অলংকৰণ আৰু কাৰুকাৰ্য পুনৰ নিৰ্মাণ কৰাৰ লগতে অভ্যন্তৰীণ অংশসমূহত ইউক্ৰেইনৰ হেটমেনসকলৰ চিত্ৰ, বিশেষভাৱে নিৰ্মিত ঝাড়বাতি, ৰাজপ্ৰাসাদৰ মজিয়া আৰু শিল্পসম্মত পাৰ্কে সজাই তোলে।

নৃত্য সভাগৃহসমূহক ১৯শ শতিকাৰ পৰিৱেশৰ সৈতে সামঞ্জস্য ৰাখি পূৰ্বৰ গৰিমা আৰু আড়ম্বৰ অক্ষুণ্ণ থকাকৈ পুনৰ নিৰ্মাণ কৰা হৈছে। পুৰণি গ্ৰেণ্ড পিয়ানোত পৰিৱেশন কৰা ধ্ৰুপদী সংগীতে দৰ্শনাৰ্থীসকলৰ ভ্ৰমণক অধিক মনোমোহা কৰি তোলে। বৰ্তমান কিৰিলো ৰজুমোভস্কিৰ ৰাজপ্ৰাসাদ বিভিন্ন ধৰণৰ সংগীতানুষ্ঠান, নাট্য প্ৰদৰ্শন আৰু বিবাহ অনুষ্ঠানৰ বাবে এক আকৰ্ষণীয় আৰু উল্লেখযোগ্য স্থান হিচাপে পৰিগণিত হৈছে।

আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক

[সম্পাদনা কৰক]

Baturyn is twinned with:

  • যুক্তৰাজ্য Cobham, United Kingdom (since 11 March 2025)

চিত্ৰসমূহ

[সম্পাদনা কৰক]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  • (in Ukrainian) (1972) Історія міст і сіл Української РСР – Чернігівська область (History of Towns and Villages of the Ukrainian SSR – Chernihiv Oblast), Kiev.
  1. ↑ "Батуринська громада" (Ukrainian ভাষাত). Портал об'єднаних громад України. https://gromada.info/gromada/baturynska/.
  2. 1 2 Krokosz 2013, পৃষ্ঠা. 15.
  3. ↑ Krokosz 2013, পৃষ্ঠা. 15-16.
  4. ↑ Krokosz 2013, পৃষ্ঠা. 16.
  5. ↑ Krokosz 2013, পৃষ্ঠা. 17.
  6. 1 2 3 Krokosz 2013, পৃষ্ঠা. 18.
  7. ↑ Krokosz 2013, পৃষ্ঠা. 19.
  8. ↑ Krokosz 2013, পৃষ্ঠা. 19-20.
  9. ↑ Krokosz 2013, পৃষ্ঠা. 20.
  10. ↑ Krokosz 2013, পৃষ্ঠা. 26-27.
  11. ↑ Павленко С. Загибель Батурина. К. 2007 p. 252
  12. ↑ Krokosz 2013, পৃষ্ঠা. 37.
  13. 1 2 (pl ভাষাত) Słownik geograficzny Królestwa Polskiego i innych krajów słowiańskich, Tom I. প্ৰকাশক Warszawa. 1880. পৃষ্ঠা. 118.
  14. ↑ Енциклопедія українознавства. Словникова частина (ЕУ-II). 1. 1993. পৃষ্ঠা. 96-101.
  15. ↑ "Jüdisches Arbeitsbataillon Baturin" (de ভাষাত). Bundesarchiv.de. https://www.bundesarchiv.de/zwangsarbeit/haftstaetten/index.php?action=2.2&tab=7&id=100002172। আহৰণ কৰা হৈছে: 24 November 2023.
  16. ↑ Revival of Baturyn important step in restoring national dignity, says president Archived January 31, 2009, at the Wayback Machine Interfax-Ukraine (22-01-2009)
  17. ↑ "Про утворення та ліквідацію районів. Постанова Верховної Ради України № 807-ІХ." (uk ভাষাত). 2020-07-18. http://www.golos.com.ua/article/333466.
  18. ↑ "Нові райони: карти + склад" (Ukrainian ভাষাত). Міністерство розвитку громад та територій України. 17 July 2020. https://www.minregion.gov.ua/press/news/novi-rajony-karty-sklad/.
  19. ↑ "Baturyn". www.encyclopediaofukraine.com. https://www.encyclopediaofukraine.com/display.asp?linkpath=pages%5CB%5CA%5CBaturyn.htm। আহৰণ কৰা হৈছে: 2023-10-30.
  20. ↑ Jordan. "Ruthenia - Diversity, Richness Of Our Cultures & Languages | Ruthenia" (en-US ভাষাত). https://ruthenia.info/txt/vesna/krypyakevych/1_4.html। আহৰণ কৰা হৈছে: 2023-10-30.

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • Krokosz, Paweł (2013). "Baturyn – idea hetmańskiej stolicy". Krakowskie Pismo Kresowe খণ্ড 5: 13–63. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]