সমললৈ যাওক

বাঢৈ়য়াঢালা ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাঢৈ়য়াঢালা ৰাষ্ট্ৰীয় উদ্যান
অৱস্থান চিটাগং, বাংলাদেশ
মাটিকালি ২৯৩৩.৬১ হেক্টৰ
প্ৰতিস্থা ৬ এপ্ৰিল ২০১০; ১৫ বছৰ আগত (2010-04-06)

বাঢৈ়য়াঢালা ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Baroiyadhala National Park) আই ইউ চি এনৰ দ্বিতীয় শ্ৰেণীৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বাংলাদেশৰ প্ৰকৃতি সংৰক্ষিত বনাঞ্চল।[1] এই উদ্যানখন ঢাকা-চিটাগং ঘাইপথৰ পূব স্থানৰ চিটাগং জিলাৰ সীতাকুণ্ড উপজিলাত অৱস্থিত।[1] ই বাংলাদেশত নোহোৱা হৈ যোৱা উদ্ভিদ আৰু প্ৰাণীৰ বাবে গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী কৰিডৰৰ ব্যৱস্থা কৰে। খোয়াচোৰা জলপ্ৰপাত বাঢৈ়য়াঢালা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আছে৷

২০১০ চনৰ ৬ এপ্ৰিলত বাংলাদেশ চৰকাৰে এই উদ্যানখন আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে।[1][2] ইয়াৰ আয়তন ২৯৩৩.৬১ হেক্টৰ।[2] এই উদ্যানৰ প্ৰাণীসমূহৰ ভিতৰত আছে মূল ভূখণ্ডৰ বনছাগলী, সুগৰী পহু, লতামাকৰি‍, অসমীয়া বান্দৰ, চীনা বনৰৌ, ডঁৰিক আদি বিভিন্ন প্ৰাণী।

চিত্ৰশালা

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "National Parks". bforest.gov.bd. http://bforest.gov.bd/site/page/7304f3af-8d7b-4fcd-a237-41b5be4de286/%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8। আহৰণ কৰা হৈছে: 8 June 2020. 
  2. 2.0 2.1 "Biodievsrity Flora_NCS". bforest.portal.gov.bd. Archived from the original on 1 November 2019. https://web.archive.org/web/20191101055104/http://bforest.portal.gov.bd/sites/default/files/files/bforest.portal.gov.bd/notices/c3379d22_ee62_4dec_9e29_75171074d885/5.%20Biodievsrity%20Flora_NCS.pdf। আহৰণ কৰা হৈছে: 8 June 2020.