বাণভট্ট
| আস্থান কবি বাণভট্ট | |
|---|---|
| জন্ম | প্ৰতিকুটা, পুষ্যভূতি সাম্ৰাজ্য (বৰ্তমানৰ বিহাৰ, ভাৰত) |
| পেচা | কবি, সাহিত্যিক |
| সন্তান | ভূষণভট্ট (পুত্ৰ) |
| আত্মীয়-স্বজন | ময়ূৰভট্ট (ভগ্নীপতি) |
বাণভট্ট (সংস্কৃত: बाणभट्ट) সপ্তম শতিকাৰ এগৰাকী সংস্কৃত গদ্য সাহিত্যিক আৰু কবি আছিল। তেওঁ সম্ৰাট হৰ্ষবৰ্দ্ধনৰ কন্যাকুব্জ ৰাজসভাৰ ‘আস্থা কবি’ আছিল। বাণভট্টৰ প্ৰধান কৃতি হ’ল সম্ৰাট হৰ্ষবৰ্দ্ধনৰ জীৱনী হৰ্ষচৰিত আৰু বিশ্বসাহিত্যৰ প্ৰাচীনতম উপন্যাসসমূহৰ অন্যতম কাদম্বৰী। কাদম্বৰী উপন্যাসখন বাণভট্টে পূৰ্ণ কৰিবলৈ নোৱৰা বাবে তেওঁৰ পুত্ৰ ভূষণভট্টে সমাপ্ত কৰিছিল। এই দুটা কৃতিহে সংস্কৃত সাহিত্যৰ উৎকৃষ্ট পাঠ্য হিচাপে স্বীকৃত।[1]
বাণভট্ট সম্পৰ্কে ‘‘Banochhistam Jagatsarvam’’ বুলি কোৱা হয়, অৰ্থাৎ বাণে এই বিশ্বৰ সকলো বিষয় বৰ্ণনা কৰি গৈছে, একো অৱশিষ্ট ৰখা নাই।
জীৱনী
[সম্পাদনা কৰক]তেওঁৰ বংশ-উৎপত্তি আৰু প্ৰাৰম্ভিক জীৱন সম্পৰ্কে বিস্তৃত তথ্য কদম্বৰী আৰু হৰ্ষচৰিতত পোৱা যায়। হৰ্ষচৰিতক ভাৰতীয় সাহিত্যৰ প্ৰথম ঐতিহাসিক জীৱনী হিচাপে গণ্য কৰা হয়। এই গ্ৰন্থত প্ৰাচীন ভাৰতৰ গ্ৰাম্য-জীৱনৰ এক জীৱন্ত ছবি পোৱা যায়।[2]
বাণভট্টৰ জন্ম চিত্ৰভানু আৰু ৰাজাদেৱীৰ গৰ্ভত প্ৰতিকুটা নামৰ গাঁৱত হৈছিল। তেওঁ কনৌজ ব্ৰাহ্মণ পৰিয়ালৰ সন্তান আছিল।[3][4]
তেওঁৰ মাক অতি সোনকালেই মৃত্যুবৰণ কৰা প্ৰসংগত পিতৃ চিত্ৰভানুৱে পুনৰ বিবাহ কৰিছিল আৰু সেই মাকৰফালৰপৰা তেওঁৰ দুজন ভ্ৰাতৃ আছিল। পিতৃৰ মৃত্যুৰ সময়ত বাণৰ বয়স আছিল ১৪ বছৰ। তাৰ পিছত তেওঁসেই ভাইসকলৰ সৈতে বহু বছৰ বৰ্ণময় জীৱন অতিবাহিত কৰি পুনৰ নিজ গৈ গাঁৱলৈ উভতি গৈছিল।
এদিন গৰমৰ দিনত সম্ৰাট হৰ্ষবৰ্দ্ধনৰ আত্মীয় কৃষ্ণৰপৰা এখন চিঠি পোৱাত তেওঁ সম্ৰাট হৰ্ষবৰ্দ্ধনৰ সৈতে সাক্ষাৎ কৰিবলৈ মানিতৰালৈ ওলায়। তাত সম্ৰাট হৰ্ষৰ শিবিৰত তেওঁক প্ৰথমে অভিনয়মূলক খং দেখুৱাই স্বাগতম জনোৱা হৈছিল, আৰু পিছত সম্ৰাটে তেওঁৰ ওপৰত বিশেষ মৰম দেখুৱাইছিল।
সাহিত্য
[সম্পাদনা কৰক]বাণভট্টৰ সাহিত্যিক ব্যক্তিত্ব অৰ্থ-বহুল, অলংকাৰ-মণ্ডিত আৰু কল্পনাময় গদ্যশৈলীৰ বাবে বিশেষকৈ খ্যাত। তেওঁৰ ৰচনাত দেখা যায় দীঘল সমাস-বিন্যাস, সুন্দৰ উপমা-উৎপ্ৰেক্ষা, বৰ্ণনাত্মক শ্লেষ আৰু পৰিসংখ্যাৰ সুকৌশলী প্ৰয়োগ। বাণভট্টে বাহ্য প্ৰকৃতি, ৰাজদৰবাৰৰ আৰু নগৰ-জীৱনৰ দৃশ্যাবলী চিত্ৰাংকনৰ লগে লগেই মানুহৰ আৱেগ, মানসিক সংঘাত আৰু জীৱন-দৰ্শনো অভিনৱ ভংগীৰে প্ৰকাশ কৰিছে। তেওঁৰ ভাষাৰ লয়-ছন্দ, শব্দৰ নিপুণ বাছনি আৰু বাক্যগঠনৰ জটিলতা পাঠকৰ মনত স্বাভাৱিকভাৱে সাহিত্যিক ৰস সঞ্চাৰ কৰে। ‘‘শুকনাসোপদেশ’’ আখ্যায়িকাত জীৱনদৰ্শন, ৰাজনীতি, নৈতিকতা আৰু বৌদ্ধিক তৰ্কৰ সংমিশ্ৰণে বাণভট্টৰ দৃষ্টিভংগী অধিক উজ্জ্বল। সমগ্ৰতে, বাণভট্টৰ গদ্য ভাৰতীয় সংস্কৃত সাহিত্যৰ অলংকাৰশাস্ত্ৰিক ঐতিহ্যৰ এক দীপ্যমান নিদৰ্শন।
কৃতিসমূহ
[সম্পাদনা কৰক]- Caṇḍikāśataka
- Pārvatīpariṇaya (নাটক)
- Bana (1898). The Parvati Parinaya of Banabhatta, with Sanskrit Commentary, English Notes and Tr., by T.R. Ratnam Aiyar. Madras. https://books.google.com/books?id=vLMCMwEACAAJ.
- Bana (tr. G. Layne), Bāṇabhaṭṭa Kādambarī. A Classic Sanskrit Story of Magical Transformations
- হৰ্ষচৰিত – সম্ৰাট হৰ্ষবৰ্দ্ধনৰ জীৱনী। বাণভট্টৰ প্ৰথম সৃষ্টি বুলি গণ্য কৰা হয় আৰু সংস্কৃত ভাষাত ঐতিহাসিক কাব্যধাৰাৰ সূচনা বুলিও ধৰা হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Amaresh Datta (1988). Encyclopaedia of Indian Literature: devraj to jyoti. Sahitya Akademi. পৃষ্ঠা. 1339–. ISBN 978-81-260-1194-0. https://books.google.com/books?id=zB4n3MVozbUC&pg=PA1339.
- ↑ Sreedharan, E, "A Manual of Historical Research Methodology." Trivandrum, Centre for South Indian Studies, 2007, আই.এচ.বি.এন. 978-81-905928-0-2 [1]
- ↑ Singh, Upinder (en ভাষাত). History Of Ancient And Early Medieval India From The Stone Age To The 12th Century. Penguin Books Limited. পৃষ্ঠা. 110. https://archive.org/details/history-of-ancient-and-early-medeival-india-from-the-stone-age-to-the-12th-century-pdfdrive/page/n110/mode/1up?q=Shandilya.
- ↑ J. Krishnamoorthy. Makers of Indian literature. Sahitya Akademi. https://sahitya-akademi.gov.in/pdf/Banabhatta.pdf.
- The Harsacharita of Bana. Translated by E. B. Cowell and F. W. Thomas. London: Royal Asiatic Society, 1897, 4–34.
জীৱনীসংক্ৰান্ত গ্ৰন্থ
[সম্পাদনা কৰক]- Sakharam Vasudeo Dixit (1963). Bāṇabhaṭṭa: His Life & Literature. A.S. Dixit. https://archive.org/details/in.ernet.dli.2015.312730.
- Neeta Sharma (1968). Banabhatta: a literary study. Munshiram Manoharlal. https://archive.org/details/dli.bengal.10689.12206.
- K. Krishnamoorthy (1982). Banabhatta. Sahitya Akademi. ISBN 978-81-7201-674-6. https://books.google.com/books?id=LZXldPqbIkUC.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| বাণভট্ট প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
| শব্দৰ অৰ্থ ৱিকিঅভিধানত | |
| চিত্ৰ আৰু মিডিয়া কমন্সত | |
| মাধ্যম আৰু কাৰ্যক্ৰম ৱিকিবিশ্ববিদ্যালয়ত | |
| বা-বাতৰি ৱিকিসংবাদত | |
| উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত | |
| কিতাপ, লিখনি আদি ৱিকিউৎসত | |
| পাঠ্যপুথি ৱিকিগ্ৰন্থত | |
- বাণভট্ট-ৰ সাহিত্যকৰ্ম আৰু ৰচনাৱলী - গুটেনবাৰ্গ প্ৰকল্প
- Works by or about বাণভট্ট at Internet Archive
- Banabhatta (1897). The Harsa-carita of Bana (online text). E. B. Cowell, F. W. Thomas (trans.). London : Royal Asiatic Society. https://archive.org/stream/harsacaritaofban00banaiala#page/n7/mode/2up.