সমললৈ যাওক

বাণীশ্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাণীশ্ৰী
জন্ম ৰত্না কুমাৰী [1]
নেলোৰ, মাদ্ৰাচ ৰাজ্য, ভাৰত
অন্য নাম কলাভিনেত্ৰী
পেচা
  • অভিনেত্ৰী
  • ৰাজনীতিক
সক্ৰিয় হৈ থকা সময় ১৯৬৪-১৯৮০
১৯৮৯-২০০৪
দাম্পত্যসঙ্গী ডা. কৰুণাকৰন (বি. ১৯৭৮)[2]
বঁটা, সন্মান, পুৰস্কাৰ আদি ফিল্মফেয়াৰ বঁটা
নন্দী বঁটা


বাণীশ্ৰী (জন্ম:ৰত্না কুমাৰী; ইংৰাজী: Vanisri ) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ তেলেগু, তামিল আৰু কানাড়া ছবিৰ কামৰ বাবে পৰিচিত।[3][4] ৪০ বছৰীয়া চলচ্চিত্ৰীয় জীৱনত তেওঁ তিনিটা ফিল্মফেয়াৰ বঁটা দক্ষিণ, নন্দী বঁটা আৰু তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছে।

চলচ্চিত্ৰীয় জীৱন

[সম্পাদনা কৰক]

১৯৬২ চনত মুক্তি পোৱা তেলেগু ছবি ভীষ্মৰ জৰিয়তে বানীয়ে অভিষেক ঘটায়। কে বালাচন্দৰে ৰচনা কৰা সুখ দুখালু (১৯৬৮) আৰু মাৰাপুৰাণি কথা (১৯৬৭) নামৰ এখন ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰি তেওঁ দৃষ্টি আকৰ্ষণ কৰে। বাণীশ্ৰীয়ে কৃষ্ণবেণী, প্ৰেম নগৰ, দশহৰা বুল্লোড়ু, আৰাধনা, জীৱিত চক্ৰম, ৰংগুলা ৰত্নম, শ্ৰীকৃষ্ণ তুলাভৰাম, ভক্ত কান্নপ্পা, আৰু বব্বিলী ৰাজা আদি ছুপাৰ হিট ছবিত অভিনয় কৰিছে।[5]

ইদ্দাৰু আম্মায়িলু (১৯৭২) (১৯৬৯ চনৰ কানাড়া ছবি কপ্পু বিলুপুৰ তেলেগু পুনৰ্নিৰ্মাণ), গংগা মংগা (১৯৭৩ চনৰ হিন্দী ছবি সীতা আৰু গীতাৰ পুনৰ্নিৰ্মাণ), জীৱন জ্যোতি (১৯৭৫), আৰু চিলিপি কৃষ্ণুডু (১৯৭৮) ছবিত দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল। স্মিতা পাটিল সহ অভিনীত শ্যাম বেনেগালৰ একমাত্ৰ তেলেগু ছবি অনুগ্ৰহমত (১৯৭৭) তেওঁ অভিনয় কৰাৰ উপৰিও বিত্তীয় সাহায্য আগবঢ়াইছিল।

অভিনেতা এম জি আৰৰ সৈতে বাণীশ্ৰীয়ে তিনিখন ছবিত অভিনয় কৰিছিল: কান্নান এন কাধলান (১৯৬৮), থালাইভান (১৯৭০), আৰু ওৰুক্কু উঝাইপ্পাভান (১৯৭৬)।[6]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]