সমললৈ যাওক

বাদল সৰকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাদল সৰকাৰ

২০১০ চনত বাদল সৰকাৰ
জন্ম সুধীন্দ্ৰনাথ সৰকাৰ
১৫ জুলাই, ১৯২৫
কলকাতা, বেঙ্গল প্ৰেসিডেন্সি, ব্ৰিটিশ ভাৰত
মৃত্যু ১৩ মে', ২০১১ (৮৫ বছৰ)
কলকাতা, পশ্চিমবঙ্গ, ভাৰত
বাসগৃহ মাণিকতলা, কলকাতা
পেচা নাট্যকাৰ, পৰিচালক
সক্ৰিয় হৈ থকা সময় ১৯৪৫ - ২০১১
উল্লেখযোগ্য কৰ্ম এবং ইন্দ্ৰজিৎ (১৯৬৩)
পাগলা ঘোড়া (১৯৬৭)
উচ্চতা ৫'৫"
বঁটা, সন্মান, পুৰস্কাৰ আদি সঙ্গীত নাটক অকাডেমী পুৰস্কাৰ (১৯৬৬)
পদ্মশ্ৰী (১৯৭২)
সঙ্গীত নাটক অকাডেমী ফেল'শ্বিপ (১৯৯৭)

বাদল সৰকাৰ (ইংৰাজী: Badal Sarkar; ১৫ জুলাই, ১৯২৫ – ১৩ মে', ২০১১) এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঙালী নাট্য ব্যক্তিত্ব। তেওঁ থাৰ্ড থিয়েটাৰ নামক এক ভিন্ন ধাৰাৰ নাটকৰ প্ৰবক্তা হিচাপে‍ পৰিচিত। সত্তৰৰ দশকৰ নক্সাল আন্দোলনৰ সময়ত তেওঁ প্ৰতিষ্ঠান বিৰোধী নাট ৰচনাৰ বাবে পৰিচিত হৈছিল, বাদল চৰকাৰৰ প্ৰথম কাম আছিল মঞ্চৰ বাহিৰৰ সাধাৰণ ৰাইজৰ মাজত নাটক বিয়পাই দিয়া। ১৯৭৬ চনত তেওঁৰ নিজা নাট্যদল শতাব্দী গঠন হয়। ভাৰতত আধুনিক নাট্যকাৰ হিচাপে হাবিব তনবীৰ, বিজয় তেণ্ডুলকাৰ, মোহন ৰাকেশ আৰু গিৰীশ কাৰ্ণাডৰ সমান্তৰালকৈ বংগত বাদল সৰকাৰৰ নাম উচ্চাৰিত হয়।[1]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

বাদল সৰকাৰৰ জন্ম ১৯২৫ চনত কলকাতাত। স্কুলীয়া আৰু কলেজীয়া জীৱনত তেওঁৰ নাম আছিল সুধীন্দ্ৰনাথ সৰকাৰ। কিন্তু পাছলৈ বাদল সৰকাৰ নামেৰে পৰিচিত হ’ল। স্কটিছ চাৰ্চ কলেজৰপৰা বিজ্ঞান শাখাত স্নাতক হোৱাৰ পাছত শিৱপুৰ বেংগল ইঞ্জিনিয়াৰিং কলেজত নামভৰ্তি কৰে। পেছাত তেওঁ আছিল এজন টাউন প্লেনাৰ। শিৱপুৰ বেংগল ইঞ্জিনিয়াৰিং কলেজত তেওঁৰ সহপাঠী আছিল সাহিত্যিক নাৰায়ণ সান্যাল।[2] চিভিল ইঞ্জিনিয়াৰিং পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ভাৰত আৰু বিভিন্ন দেশত টাউন প্লেনাৰ হিচাপে তেওঁ কাম কৰিছিল। ইংলেণ্ড আৰু নাইজেৰিয়ালৈ পেছাগত কামত গৈছিল৷ সাহিত্য আৰু নাটকৰ প্ৰতি থকা আগ্ৰহৰ বাবে তেওঁ বৃদ্ধ বয়সত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ তুলনামূলক সাহিত্য শ্ৰেণীত নামভৰ্তি কৰিছিল৷ ১৯৯২ চনত তাৰ পৰাই এই বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷

নাটকৰ জগত

[সম্পাদনা কৰক]

পঞ্চাশৰ দশকৰ আৰম্ভণিতে তেওঁৰ নাট্য জীৱন আৰম্ভ হৈছিল। প্ৰাথমিক জীৱনত অপেছাদাৰী থিয়েটাৰত অভিনয় কৰাৰ পাছত তেওঁ ‘শতাব্দী’ নামৰ এক নতুন নাট্যগোষ্ঠী এটা গঢ়ি তুলিছিল। কলকাতাৰ কাৰ্জন পাৰ্কত এই গোটৰ হৈ নিয়মিতভাৱে বাদল সৰকাৰে থাৰ্ড থিয়েটাৰত অভিনয় কৰিছিল। নাটক ৰচনাত তেওঁ মূলতঃ এবচাৰ্ড নাট্যদৰ্শনৰদ্বাৰা প্ৰভাবিত হৈছিল। ‘এবং ইন্দ্ৰজিৎ’ তেওঁৰদ্বাৰা ৰচিত সৰ্বাধিক জনপ্ৰিয় নাটক। কেৱল নাটকেই নহয়, বহু বিদেশী গল্পৰ অনুসৰণত তেওঁ বাংলা গল্পও ৰচনা কৰিছিল। বাংলা থিয়েটাৰেৰ ইতিহাসত অন্যধাৰাৰ শিল্পী হিচাপে‍ তেওঁ আজিও স্মৰণীয়।

কৰ্কট ৰোগত আক্ৰান্ত হৈ ২০১১ চনৰ ১৩ মে’ত কলকাতাত তেওঁৰ মৃত্যু হয়। যদিও তেওঁৰ নাটক বহু চৰ্চিত আৰু অভিনীত হৈ আহিছে‍, তথাপি জীৱনৰ শেষৰ দুটা দশক তেওঁ লোকচকুৰপৰা প্ৰায় আঁতৰি আছিল।[3]

১৯৬৮ চনত সংগীত নাটক অকাডেমী বঁটা আৰু ১৯৭২ চনত পদ্মশ্ৰী লাভ কৰে৷ ১৯৯৭ চনত ভাৰত চৰকাৰে সংগীত নাটক অকাডেমী ফেল'শ্বিপৰ পৰা সংস্থাটোৰ সৰ্বোচ্চ বঁটা "ৰত্ন সদস্য" প্ৰদান কৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ৰানা দাস (১৪ মে ২০১৭). "বাংলায় ‘থাৰ্ড থিয়েটাৰ’ ও বাদল সৰকাৰ". Archived from the original on 2017-02-22. https://web.archive.org/web/20170222204711/http://www.kolkata24x7.com/badal-sarkar-and-third-theatre.html আহৰণ কৰা হৈছে: 2025-08-17.
  2. বিশ্বাস, পিনাক (2020-09-03). "এক নাট্যকাৰেৰ কিস্যা।" (en-GB ভাষাত). https://4numberplatform.com/?p=501.
  3. "থাৰ্ড থিয়েটাৰেৰ জনক বাদল সৰকাৰ স্মৰণে ৰিফট-এৰ শোক সভা". ১৪ মে ২০১৭. http://khulnanews.com/district-news/khulna/4944-2011-05-14-08-52-32.html.[সংযোগবিহীন উৎস]সাঁচ:অকাৰ্যকৰ সংযোগ