বাধ্যতামূলক পৰজীৱী
বাধ্যতামূলক পৰজীৱী (ইংৰাজী: Obligate parasite) বা হ’ল’পৰজীৱী হৈছে এনে এটা পৰজীৱী, যিয়ে আশ্ৰয় লোৱা উদ্ভিদক শোষণ নকৰাকৈ নিজৰ জীৱনচক্ৰ সম্পূৰ্ণ কৰিব নোৱাৰে। যদি কোনো বাধ্যতামূলক পৰজীৱীয়ে আশ্ৰয়-বৃক্ষ লাভ কৰিব নোৱাৰে তেন্তে ই বংশবৃদ্ধি কৰিব নোৱাৰিব। এইটো এটা ফেকল্টেটিভ পৰজীৱীৰ বিপৰীত, যি পৰজীৱী হিচাপে জীয়াই থাকিব পাৰে কিন্তু নিজৰ জীৱনচক্ৰ অব্যাহত ৰাখিবলৈ নিজৰ আন উদ্ভিদৰ ওপৰত নিৰ্ভৰ নকৰে। বাধ্যতামূলক পৰজীৱীয়ে নিজৰ আশ্ৰয়-বৃক্ষক শোষণ কৰিবলৈ বিভিন্ন ধৰণৰ পৰজীৱী কৌশল বিকশিত কৰিছে।
পৰজীৱীৰ পুষ্টি আৰু প্ৰজনন প্ৰয়োজনীয়তাৰ সৈতে সামঞ্জস্যপূৰ্ণ হোৱালৈকে বৃক্ষৰ স্বাস্থ্য অক্ষুণ্ণ থকাটো সুবিধাজনক, কিন্তু পৰজীৱীয়ে এডাল আশ্ৰয় উদ্ভিদৰ পৰা আন এডাললৈ সংক্ৰমিত হ’লে পূৰ্বৰ আশ্ৰয়বৃক্ষৰ মৃত্যু ঘটে।[1]
প্ৰজাতি
[সম্পাদনা কৰক]বিভিন্ন ধৰণৰ জীৱৰ মাজত বাধ্যতামূলক পৰজীৱী লক্ষণ লক্ষ্য কৰা হয়, যেনে ভাইৰাস, বেক্টেৰিয়া, ভেঁকুৰ, উদ্ভিদ আৰু প্ৰাণী।[2] নিজৰ বিকাশ কৰাৰ কাৰণে পৰজীৱীবোৰে অন্তত এটি পৰজীৱীয় স্তৰৰ মাজেৰে যাবলগীয়া হয়, যিটো সিহঁতৰ জীৱনচক্ৰ সম্পূৰ্ণ কৰাৰ বাবে গুৰুত্বপূৰ্ণ।
ভাইৰাছক জীৱন্ত প্ৰাণী বুলি ধৰা হওক বা নহওক, ইহঁতে জীৱ কোষৰ উপাদান নহ’লে পুনৰুৎপাদন প্ৰক্ৰিয়া সম্পন্ন কৰিব নোৱাৰে। সেইকাৰণে, ইহঁতক বাধ্যতামূলক অন্তঃকোষীয় পৰজীৱী হিচাপে গণ্য কৰাটো যথোপযুক্ত আৰু প্ৰথাগত।
ভেস্পিডে পৰিয়ালৰ মাজত, ভেস্পুলা অষ্ট্ৰিয়াকা এটি বাধ্যতামূলক পুনৰুৎপাদী পৰজীৱীৰ উদাহৰণ, ইয়াৰ সাধাৰণ পোষক হল ভেস্পুলা অ্যাকাডিকা।[3] আৰু বম্বাস গণৰ মাজত বি.বোহেমিকাচ্ হ’ল বি.লোকুৰাম, বি.ক্ৰিপ্টাৰাম এবং বি.টেৰেষ্ট্ৰিচৰ একোটা বাধ্যতামূলক পৰজীৱী।
গৃহস্থ-পৰজীৱীৰ পাৰস্পৰিক ক্ৰিয়া
[সম্পাদনা কৰক]জীৱন-চক্ৰ
[সম্পাদনা কৰক]পৰজীৱী জীৱনচক্ৰত অন্ততঃ এডাল আশ্ৰয় স্থান গৃহস্থৰ শোষণ জড়িত হৈ থাকে। এটা প্ৰজাতিক সংক্ৰমিত কৰা পৰজীৱীৰ প্ৰত্যক্ষ জীৱনচক্ৰ থাকে বুলি কোৱা হয়।[4] উদাহৰণস্বৰূপে, হুকৱৰ্ম প্ৰজাতি Necator americanus। এটাতকৈ অধিক গৃহস্থক সংক্ৰমিত কৰা পৰজীৱীৰ জীৱনচক্ৰ জটিল বা পৰোক্ষ বুলি কোৱা হয়।[4] যেনে- মেলেৰিয়া প্লাজমোডিয়াম।
মধ্যৱৰ্তী বা চূড়ান্ত গৃহস্থ
[সম্পাদনা কৰক]মধ্যৱৰ্তী বা গৌণ গৃহস্থক পৰজীৱীয়ে কম সময়ৰ বাবেহে শোষণ কৰে। চূড়ান্ত বা প্ৰাথমিক গৃহস্থক পৰজীৱীয়ে শোষণ কৰে আৰু ই একমাত্ৰ স্থান য’ত পৰজীৱীয়ে পৰিপক্বতা লাভ কৰিবলৈ সক্ষম হয় আৰু সম্ভৱ হ’লে যৌন প্ৰজনন কৰিব পাৰে। উদাহৰণস্বৰূপে, ৰিবেইৰ'ইয়া অণ্ডাট্ৰেই ৰেমশ্বৰ্ণ শামুকক ইয়াৰ প্ৰথম মধ্যৱৰ্তী গৃহস্থ হিচাপে, উভচৰ আৰু মাছক দ্বিতীয় মধ্যৱৰ্তী গৃহস্থ হিচাপে আৰু চৰাইক নিৰ্দিষ্ট গৃহস্থ হিচাপে ব্যৱহাৰ কৰে।[5]
পৰজীৱী স্থায়িত্ব
[সম্পাদনা কৰক]বাধ্যতামূলক পৰজীৱীয়ে নিজৰ সকলো সময় পৰজীৱী হিচাপে আচৰণ কৰি কটাবই লাগিব বুলি ক’ব নোৱাৰি। যেতিয়া কোনো পৰজীৱী স্থায়ী হয়, তেতিয়া কোনো আক্ৰান্ত ব্যক্তি বা আশ্ৰয়স্থানৰ ওপৰত কেইবাটাও প্ৰজন্মৰ সৃষ্টি হয়। ওকণী ইয়াৰ প্ৰধান উদাহৰণ। অস্থায়ী পৰজীৱী হ’ল এনে জীৱ যাৰ পৰজীৱী জীৱন ধৰণ বিকাশৰ কেইটামান বা আনকি এটা পৰ্যায়ত সীমাবদ্ধ থাকে।[2] ইয়াৰ উদাহৰণ হ’ল en:Trombiculidae নামৰ এবিধ শস্যকীটৰ পলুৰ পৰ্যায়, আনহাতে ইয়াৰ প্ৰাপ্তবয়স্ক পৰ্যায় অ-পৰজীৱী।
গৃহস্থৰ ওপৰত অৱস্থান
[সম্পাদনা কৰক]পৰজীৱী পোষক এক্টোপেৰাচাইটৰ বাহিৰত বাস কৰিব পাৰে। যেনে এটি চিকৰা। বিকল্পভাবে, পৰজীৱী পোষক এণ্ডোপেৰাচাইটৰ মাজতো থাকিব পাৰে। যেনে ফ্লুক(en:Trematoda) যিটো বাধ্যতামূলক পৰজীৱীয়ে পোনপটীয়াকৈ গৃহস্থৰ ভিতৰত বা তাৰ ওপৰত নাথাকে, বৰঞ্চ দূৰৈত কাম কৰে – যেনে, কোকিল, যাৰ কণী ফুটি পোৱালি হয় আৰু অ-আত্মীয়ই ইয়াক ডাঙৰ কৰে – ইয়াক ব্ৰুড পৰজীৱী (en:Brood parasitism) বুলি জনা যায়।
আক্ৰমণৰ কৌশল
[সম্পাদনা কৰক]সংবেদনশীল গৃহস্থত আক্ৰমণ স্থাপন কৰিবলৈ বাধ্যতামূলক পৰজীৱীয়ে গৃহস্থত প্ৰৱেশ কৰাৰ আগতে, সময়ত আৰু পিছত প্ৰতিৰক্ষাৰ পৰা আঁতৰি থাকিব লাগিব।[6] বাধ্যতামূলক পৰজীৱীৰ প্ৰকাৰৰ বিস্তৃত পৰিসৰৰ বাবে সাধাৰণ আক্ৰমণৰ কৌশল চিনাক্ত কৰাটো অসম্ভৱ। আন্তঃকোষীয় পৰজীৱীয়ে কোষ আক্ৰমণ কৰি কোষীয় সংকেত পথক ওফৰাই পেলাবলৈ বিভিন্ন কৌশল ব্যৱহাৰ কৰে। বেছিভাগ বেক্টেৰিয়া আৰু ভাইৰাছে নিষ্ক্ৰিয় গ্ৰহণৰ সন্মুখীন হয়, য’ত ইহঁতে গ্ৰহণৰ বাবে গৃহস্থ কোষৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু এপিকম্প্লেক্সানসকলে সক্ৰিয় প্ৰৱেশত লিপ্ত হয়।[7] বাধ্যতামূলকমূলক বোৰল পৰজীৱী, পলিষ্টেচ এট্ৰিমেণ্ডিবুলাৰিচ্, নিজৰ ৰাসায়নিক বৈশিষ্ট্যৰ ৰূপান্তৰ ঘটাই পোষকৰ ৰূপ ধাৰণ কৰি সিহঁতৰ দলত অনুপ্ৰৱেশ কৰে।[8] ইয়াৰ ফলত গৃহস্থ বৰলে পৰজীৱীটোক নিজৰ বুলি ভাবি লৈ ঠগ খায়।
গৃহস্থৰ প্ৰতিৰক্ষাৰ পৰা পলায়ন
[সম্পাদনা কৰক]কেইবাটাও বাধ্যতামূলক আন্তঃকোষীয় পৰজীৱীয়ে নিজৰ গৃহস্থৰ কোষীয় প্ৰতিৰক্ষা এৰাই চলাৰ ব্যৱস্থা বিকশিত কৰিছে, য’ত সুকীয়া কোষীয় বিভাগত জীয়াই থকাৰ ক্ষমতাও অন্তৰ্ভুক্ত।[9] ৰোগকাৰক জীৱাণুৰ প্ৰতিলিপিকৰণ আৰু বিস্তাৰ হ্ৰাস কৰাৰ প্ৰয়াসত গৃহস্থই ব্যৱহাৰ কৰা এটা ব্যৱস্থা হ’ল এপ’প্টোছিছ (প্ৰগ্ৰেমড চেল ডেথ)। কিছুমান বাধ্যতামূলক পৰজীৱীয়ে এই পৰিঘটনাক দমন কৰাৰ উপায় উদ্ভাৱন কৰিছে, যেনে টক্সিপ্লাজমা গণ্ডি, যদিও ইয়াৰ ব্যৱস্থা এতিয়াও সম্পূৰ্ণৰূপে বুজা হোৱা নাই।[10]
গৃহস্থৰ আচৰণৰ কাৰচাজি
[সম্পাদনা কৰক]বাধ্যতামূলক পৰজীৱীৰ সংক্ৰমণৰ পিছত গৃহস্থৰ আচৰণৰ পৰিৱৰ্তন অতি সাধাৰণ।[11] আক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত পৰ্যবেক্ষণ কৰা অস্বাভাৱিক আচৰণ লক্ষ্য কৰা হয় আৰু যদি ইয়াৰ জটিলতাই প্ৰকাশ কৰে যে এই আচৰণে পৰজীৱীৰ সংক্ৰমণত উপকৃত কৰিব, তেন্তে ইয়াক অভিযোজিত কাৰচাজিৰ উদাহৰণ বুলি কোৱা হয়।[12] কিন্তু আচৰণৰ পৰিৱৰ্তন পৰজীৱীৰ সংক্ৰমণৰ অনুকূল নিৰ্বাচিত প্ৰক্ৰিয়াৰ ফল বুলি প্ৰমাণ কৰাত অসুবিধা আছে।[13] এই পৰিৱৰ্তনসমূহ কেৱল সংক্ৰমণৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।[14] বেছিভাগ আচৰণৰ পৰিৱৰ্তনে গৃহস্থ বা পৰজীৱীৰ কোনোটোৱেই ফিটনেছ বৃদ্ধি কৰে বুলি প্ৰমাণিত হোৱা নাই।[11] এই আচৰণৰ উদাহৰণ হ’ল টক্সিপ্লাজমা গণ্ডি সংক্ৰমণৰ পিছত এন্দুৰৰ মেকুৰীৰ প্ৰস্ৰাৱৰ প্ৰতি আকৰ্ষণ।[15] কিন্তু কেতিয়াবা “জনপ্ৰিয় মাধ্যম আৰু বৈজ্ঞানিক সাহিত্য’’ত গৃহস্থৰ আচৰণৰ কাৰচাজি বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা “নৃতাত্ত্বিক ৰূপকে ধৰি বৈজ্ঞানিক উপমা’’ক “আকৰ্ষণকাৰী, যদিও বিভ্ৰান্তিকৰ’’ বুলি বৰ্ণনা কৰা হৈছে।[16]
বৰ্ধিত ফেন’টাইপ
[সম্পাদনা কৰক]কিছুমান ক্ষেত্ৰত আমি জীৱ এটাত পৰ্যবেক্ষণ কৰা আচৰণ ইয়াৰ জিনৰ প্ৰকাশৰ বাবে নহয়, বৰঞ্চ ইয়াক সংক্ৰমিত কৰা পৰজীৱীৰ জিনৰ বাবেহে হয়। এই আচৰণ এটা বৰ্ধিত ফেন'টাইপ।[12]
গৃহস্থৰ আচৰণত কাৰচাজিৰ বিৱৰ্তন
[সম্পাদনা কৰক]পৰজীৱীয়ে গৃহস্থৰ আচৰণত কাৰচাজিৰ আৱিৰ্ভাৱৰ বাবে তিনিটা মূল বিৱৰ্তনৰ পথ প্ৰস্তাৱ কৰা হৈছে। প্ৰথমটো হৈছে পৰজীৱী চালিত কাৰচাজিৰ পৰিস্থিতি, আনহাতে দ্বিতীয় আৰু তৃতীয়টো হৈছে গৃহস্থ চালিত কাৰচাজিৰ পৰিস্থিতি।
- মেনিপুলেচন চেন্সু ষ্ট্ৰিক্টো (পৰজীৱী গৃহস্থই প্ৰদৰ্শন কৰা বৰ্ধিত ফেন’টাইপ-ঘৃণনীয় আচৰণ পৰজীৱীৰ জিনৰ প্ৰকাশৰ ফলত) এই ক্ষমতা এই বৈশিষ্ট্য থকা পূৰ্বপুৰুষৰ পৰজীৱীৰ প্ৰাকৃতিক নিৰ্বাচনৰ উৎপাদন হ’ব পাৰে।[17]
- মাফিয়াৰ দৰে কৌশল- অমান্যতাৰ প্ৰতিশোধ (যেনে গ্ৰেট স্পটৰড কুক্কু (Great spotted cuckoo) আৰু মেগপাই) বাহৰ পৰা কোকিলৰ কণী উলিয়াই দিয়া মেগপাইবোৰে কোকিলৰ চিকাৰৰ হাৰ বহু বেছি হাৰত ভোগে।[17]
- ক্ষতিপূৰণমূলক সঁহাৰিৰ শোষণে গৃহস্থৰ ক্ষতিপূৰণমূলক সঁহাৰিৰ প্ৰৰোচনা কৰে কাৰণ এইবোৰ পৰজীৱীৰ সংক্ৰমণৰ পথৰ সৈতে অন্ততঃ আংশিকভাৱে মিলিব পাৰে। যেনে- যৌন সংক্ৰমিত বহিঃপৰজীৱী ক্ৰাইছ’ম’লবিয়া লেবিড’মেৰেই, মিল্কউইড লিফ বিটল(Milkweed leaf beetle)এ গৃহস্থ লেবিড’মেৰা ক্লিভিকোলিছক পৰজীৱী কৰি তোলে।[18]
ইয়াৰ পৰা অনুমান কৰা হৈছে যে বৰ্ধিত ফেন'টাইপ আচৰণ অভিযোজিত নহয়, কিন্তু এক্সাপ্টেটিভ।[19] পৰজীৱী জীৱৰ বাবে ইহঁতৰ উপকাৰ হ’ব পাৰে যদিও এই উপকাৰৰ উদ্দেশ্যেৰে ইহঁতৰ জন্ম হোৱা নাছিল।[18]
ব্ৰুড পৰজীৱীত পৰজীৱীৰ অনুকৰণ
[সম্পাদনা কৰক]কাওবাৰ্ড জাতীয় চৰাই আৰু কোকিলৰ পোৱালিবোৰ ফুকাবলৈ হ’লে আন পেচেৰিন (en:Passerine)জাতীয় চৰাইৰ বাহ আৰু পিতৃ-মাতৃৰ যত্নৰ প্ৰয়োজন হয়। এইবোৰক ব্ৰুড পেৰাচাইট বুলি জনা যায়। পৰজীৱী চৰাই প্ৰজাতিটোৰ কণীৰ আকাৰ আৰু ৰং গৃহস্থ প্ৰজাতিৰ কণীৰ আৰ্হি আৰু ৰঙৰ দৰেই, যাৰ ফলত সেই চৰাইবোৰে কণীক উপেক্ষা নকৰে।[20] কিছুমান প্ৰজাতিৰ পোৱালিয়ে গৃহস্থৰ পোৱালিৰ চাৰিটালৈকে কৰা শব্দ অনুকৰণ কৰা দ্ৰুতভাবে মাত মাতি গৃহস্থৰ আচৰণত হেঁচা প্ৰয়োগ কৰিবলৈ সক্ষম হয়।[21] গৃহস্থ প্ৰজাতিৰ অনুকৰণ পেপাৰ ৱাচ্প প্ৰজাতি Polistes semenowi আৰু Polistes sulcifer আৰু বাম্বলবি প্ৰজাতি Bombus bohemicus ত দেখা যায়, পৰজীৱীয়ে নিজৰ কুটিকুলাৰ হাইড্ৰ’কাৰ্বন, প্ৰজাতি- আৰু কলনী-নিৰ্দিষ্ট চিনাক্তকৰণ ৰাসায়নিক পদাৰ্থৰ অনুপাত সলনি কৰি দখল কৰা গৃহস্থ প্ৰজাতিৰ সৈতে মিল খায়।[22][23][8]
কেইবাটাও পখিলা প্ৰজাতিয়েও পোৱালিৰ পৰজীৱী আচৰণ প্ৰদৰ্শন কৰিব। উদাহৰণস্বৰূপে নিফাণ্ডা ফুস্কা নামৰ পখিলাটোৱে কুটিকুলাৰ হাইড্ৰ’কাৰ্বন (CHC) মুক্ত কৰি গৃহস্থ পিঁপৰা চি.জাপনিকাছক প্ৰতাৰণা কৰি নিজৰ বাহত পলুটোক নিজৰ বুলি গ্ৰহণ কৰিব। তাৰ পিছত পিঁপৰাটোৱে পখিলাৰ পলুটোক ডাঙৰ কৰি তুলিব, ইয়াক মুখৰ পৰা মুখলৈ পোনপটীয়াকৈ খাদ্য দিব, যেতিয়ালৈকে ই পিউপেট নহয়।[24]
এই অনুকৰণ দুটা প্ৰক্ৰিয়াৰ দ্বাৰা বিকশিত হৈছে বুলি প্ৰস্তাৱ কৰা হৈছে: হয় ব্ৰুড পৰজীৱীৰ বিৰুদ্ধে গৃহস্থৰ প্ৰতিৰক্ষাৰ প্ৰতি সহবিৱৰ্তনশীল প্ৰতিক্ৰিয়া হিচাপে বা পূৰ্বতে থকা গৃহস্থৰ ব্যৱস্থাৰ কৌশল পৰিৱৰ্তন কৰা।[25] পিতৃ-মাতৃৰ সম্পদৰ বাবে পৰজীৱী আৰু গৃহস্থৰ পোৱালিৰ মাজত প্ৰতিযোগিতাৰ ফলত সংকেতৰ দিশসমূহৰ অতিৰঞ্জিত হ’ব পাৰে, যিয়ে গৃহস্থ পিতৃ-মাতৃক অতি ফলপ্ৰসূভাৱে শোষণ কৰে।[26] পৰজীৱী পোৱালিবোৰে গৃহস্থ পোৱালিতকৈ অতিৰঞ্জিত সংকেতৰ বাবে অধিক শক্তিশালী নিৰ্বাচন অনুভৱ কৰাৰ সম্ভাৱনা থাকে, কাৰণ ইহঁত বাহৰ আন পোৱালিবোৰৰ সৈতে সম্পৰ্কহীন আৰু সেয়েহে নিৰ্বাচনৰ অধীনত অধিক স্বাৰ্থপৰ আচৰণ কৰে।[27]
বাধ্যতামূলক পৰজীৱীত্বৰ বিৱৰ্তন
[সম্পাদনা কৰক]বিৱৰ্তনশীল জীৱবিজ্ঞানৰ বৰ্তমানৰ তত্ত্বই ইংগিত দিয়ে যে গৃহস্থ-পৰজীৱীৰ সম্পৰ্ক গুৰুতৰ ৰোগৰ ভাৰসাম্য অৱস্থাৰ দিশে বিকশিত হ'ব পাৰে।[28] এইটো গতানুগতিক বিশ্বাসৰ পৰা পৃথক যে কমেন্সেলিজম হৈছে গৃহস্থ আৰু পৰজীৱী উভয়ৰে বাবে আদৰ্শ ভাৰসাম্য।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Combes, Claude (1997). "Fitness of parasites: Pathology and selection". International Journal for Parasitology (Elsevier BV) খণ্ড 27 (1): 1–10. doi:10.1016/s0020-7519(96)00168-3. ISSN 0020-7519. PMID 9076524.
- ↑ 2.0 2.1 Balashov, Yu. S. (2011). "Parasitism and ecological parasitology". Entomological Review খণ্ড 91 (9): 1216–1223. doi:10.1134/S001387381109017X. ISSN 0013-8738. http://link.springer.com/10.1134/S001387381109017X.
- ↑ Schmidt, J.O; Reed, H.C; Akre, R.D (1984). "Venoms of a Parasitic and Two Nonparasitic Species of Yellowjackets (Hymenoptera: Vespidae)". Journal of the Kansas Entomological Society খণ্ড 57 (2): 316–322.
- ↑ 4.0 4.1 May, Robert M.; Anderson, Roy M. (1979). "Population biology of infectious diseases: Part II". Nature (Springer Science and Business Media LLC) খণ্ড 280 (5722): 455–461. doi:10.1038/280455a0. ISSN 0028-0836. PMID 460424.
- ↑ Goodman, Brett A.; Johnson, Pieter T. J. (2011-05-25). "Disease and the Extended Phenotype: Parasites Control Host Performance and Survival through Induced Changes in Body Plan". PLOS ONE খণ্ড 6 (5): e20193. doi:10.1371/journal.pone.0020193. ISSN 1932-6203. PMID 21633498.
- ↑ Hall, B. F.; Joiner, K. A. (1991). "Strategies of obligate intracellular parasites for evading host defences". Immunology Today খণ্ড 12 (3): A22–7. doi:10.1016/S0167-5699(05)80007-6. PMID 2069674.
- ↑ Sibley, L. D. (2004-04-09). "Intracellular Parasite Invasion Strategies". Science খণ্ড 304 (5668): 248–253. doi:10.1126/science.1094717. ISSN 0036-8075. PMID 15073368. https://www.science.org/doi/10.1126/science.1094717.
- ↑ 8.0 8.1 Cervo, Rita (2006). "Polistes wasps and their social parasites: an overview". Annales Zoologici Fennici (Finnish Zoological and Botanical Publishing Board) খণ্ড 43 (5/6): 531–549. ISSN 0003-455X. http://www.sekj.org/PDF/anzf43/anzf43-531.pdf.
- ↑ Hackstadt, Ted (1998). "The diverse habitats of obligate intracellular parasites". Current Opinion in Microbiology (Elsevier BV) খণ্ড 1 (1): 82–87. doi:10.1016/s1369-5274(98)80146-x. ISSN 1369-5274. PMID 10066459.
- ↑ Laliberté, J.; Carruthers, V. B. (2008). "Host cell manipulation by the human pathogen Toxoplasma gondii". Cellular and Molecular Life Sciences খণ্ড 65 (12): 1900–1915. doi:10.1007/s00018-008-7556-x. ISSN 1420-682X. PMID 18327664.
- ↑ 11.0 11.1 Poulin, Robert (1995). ""Adaptive" changes in the behaviour of parasitized animals: A critical review". International Journal for Parasitology (Elsevier BV) খণ্ড 25 (12): 1371–1383. doi:10.1016/0020-7519(95)00100-x. ISSN 0020-7519. PMID 8719948.
- ↑ 12.0 12.1 Hughes, David (2013-01-01). "Pathways to understanding the extended phenotype of parasites in their hosts". Journal of Experimental Biology (The Company of Biologists) খণ্ড 216 (1): 142–147. doi:10.1242/jeb.077461. ISSN 1477-9145. PMID 23225877. https://jeb.biologists.org/content/jexbio/216/1/142.full.pdf.
- ↑ Combes, Claude (1991). "Ethological Aspects of Parasite Transmission". The American Naturalist খণ্ড 138 (4): 866–880. doi:10.1086/285257. ISSN 0003-0147. https://www.journals.uchicago.edu/doi/10.1086/285257.
- ↑ McNair, DM; Timmons, EH (1977). "Effects of Aspiculuris tetraptera and Syphacia obvelata on exploratory behaviour of an inbred mouse strain". Laboratory Animal Science খণ্ড 27 (1): 38–42. ISSN 0023-6764. PMID 557704.
- ↑ Berdoy, M.; Webster, J. P.; Macdonald, D. W. (2000-08-07). "Fatal attraction in rats infected with Toxoplasma gondii". Proceedings of the Royal Society of London. Series B: Biological Sciences খণ্ড 267 (1452): 1591–1594. doi:10.1098/rspb.2000.1182. ISSN 0962-8452. PMID 11007336.
- ↑ Doherty, Jean-François (2020-10-14). "When fiction becomes fact: exaggerating host manipulation by parasites". Proceedings of the Royal Society B: Biological Sciences খণ্ড 287 (1936): 20201081. doi:10.1098/rspb.2020.1081. PMID 33049168.
- ↑ 17.0 17.1 Adamo, S. A. (2012). "The strings of the puppet master: How parasites change host behaviour". In Hughes, D.P.. Host Manipulation by Parasites. OUP Oxford. পৃষ্ঠা. 36–51. ISBN 978-0-19-964224-3.
- ↑ 18.0 18.1 Abbot, Patrick; Dill, Larry M. (2001). "Sexually transmitted parasites and sexual selection in the milkweed leaf beetle, Labidomera clivicollis". Oikos খণ্ড 92 (1): 91–100. doi:10.1034/j.1600-0706.2001.920111.x. ISSN 0030-1299. http://www.sfu.ca/biology/faculty/dill/publications/abbot.pdf.
- ↑ Gould, Stephen Jay; Vrba, Elisabeth S. (1982). "Exaptation—a Missing Term in the Science of Form". Paleobiology (Cambridge University Press (CUP)) খণ্ড 8 (1): 4–15. doi:10.1017/s0094837300004310. ISSN 0094-8373.
- ↑ May, Robert M.; Robinson, Scott K. (1985). "Population Dynamics of Avian Brood Parasitism". The American Naturalist খণ্ড 126 (4): 475–494. doi:10.1086/284433. ISSN 0003-0147.
- ↑ KILNER, R.M.; DAVIES, N.B. (1999). "How selfish is a cuckoo chick?". Animal Behaviour (Elsevier BV) খণ্ড 58 (4): 797–808. doi:10.1006/anbe.1999.1197. ISSN 0003-3472.
- ↑ "How the social parasitic bumblebee Bombus bohemicus sneaks into power of reproduction". Behavioral Ecology and Sociobiology খণ্ড 66 (3): 475–486. 2012. doi:10.1007/s00265-011-1294-z.
- ↑ Sledge, Matthew F.; Dani, Francesca R.; Cervo, Rita; Dapporto, Leonardo; Turillazzi, Stefano (2001-11-07). "Recognition of social parasites as nest-mates: adoption of colony-specific host cuticular odours by the paper wasp parasite Polistes sulcifer". Proceedings of the Royal Society of London. Series B: Biological Sciences খণ্ড 268 (1482): 2253–2260. doi:10.1098/rspb.2001.1799. ISSN 0962-8452. PMID 11674873.
- ↑ Hojo, Masaru K; Wada-Katsumata, Ayako; Akino, Toshiharu; Yamaguchi, Susumu; Ozaki, Mamiko; Yamaoka, Ryohei (2009-02-07). "Chemical disguise as particular caste of host ants in the ant inquiline parasite Niphanda fusca (Lepidoptera: Lycaenidae)". Proceedings of the Royal Society B: Biological Sciences খণ্ড 276 (1656): 551–558. doi:10.1098/rspb.2008.1064. ISSN 0962-8452. PMID 18842547.
- ↑ Langmore, N. E.; Spottiswoode, C. N. (2012-06-07). "Visual Trickery". In Hughes, David P.. Host Manipulation by Parasites. Oxford University Press. পৃষ্ঠা. 36–51. ISBN 978-0-19-964223-6.
- ↑ Hauber, Mark E.; Kilner, Rebecca M. (2007-01-22). "Coevolution, communication, and host chick mimicry in parasitic finches: who mimics whom?". Behavioral Ecology and Sociobiology খণ্ড 61 (4): 497–503. doi:10.1007/s00265-006-0291-0. ISSN 0340-5443. http://link.springer.com/10.1007/s00265-006-0291-0.
- ↑ Lichtenstein, Gabriela (2001). "Low success of shiny cowbird chicks parasitizing rufous-bellied thrushes: chick–chick competition or parental discrimination?". Animal Behaviour (Elsevier BV) খণ্ড 61 (2): 401–413. doi:10.1006/anbe.2000.1595. ISSN 0003-3472.
- ↑ Ewald, Paul W. (1983). "Host-Parasite Relations, Vectors, and the Evolution of Disease Severity". Annual Review of Ecology and Systematics (Annual Reviews) খণ্ড 14: 465–485. doi:10.1146/annurev.es.14.110183.002341. ISSN 0066-4162.