সমললৈ যাওক

বানডেজা পাইছা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বানডেজা পাইছা

কলম্বিয়াৰ মেডেলিনৰ ৰেষ্টুৰেণ্ট চকোল'ছৰ বানডেজা পাইছা
প্ৰকাৰ দুপৰীয়া আৰু ৰাতিৰ আহাৰ
উৎপত্তিৰ স্থান কলম্বিয়া
অঞ্চল এণ্টিওকুয়া বিভাগ
উদ্ভাৱক গ্ৰাম্য অঞ্চলৰ লোক বা কেম্পেছিনো সকল
পৰিবেশনৰ উষ্ণতা কুহুমীয়া, গৰম
মুখ্য উপাদান পিণ্টো বিন (এবিধ মাহ), বগা ভাত, কিমা কৰা মাংস, চিচাৰন, ভজা কণী, কল (পাটাকোনেছ, টাজাডা), চৰিজো, আৰেপা, ব্লেক পুডিং (মৰ্চিলা), আমলেট আৰু মাজামোৰা
ভিন্ন প্ৰকাৰ বানডেজা ডি আৰিয়েৰো
কলম্বিয়াৰ এণ্টিওকুয়া বিভাগৰ পেনোল ডি গুয়াতাপেৰ বানডেজা পাইছা

বানডেজা পাইছা (Bandeja paisa) যাক বানডেজা ডি আৰিয়েৰো, বানডেজা মণ্টানেৰা আৰু বানডেজা এণ্টিওকুয়েনা নামেৰেও জনা যায়, কলম্বিয়ান খাদ্যৰ অন্যতম প্ৰতিনিধিত্বমূলক আহাৰ। বিশেষকৈ এণ্টিওকুয়া বিভাগ আৰু পাইছা অঞ্চলৰ লগতে কলম্বিয়ান কফি খেতিয়কসকলৰ অঞ্চলবোৰত (কালডাছ, কুইণ্ডিও, ৰিছাৰাল্ডা, টলিমা আৰু ভাল ডি কাওকা বিভাগ) এই খাদ্য অতি জনপ্ৰিয়। পাইছা শব্দটোৱে পাইছা অঞ্চলৰ এজন ব্যক্তিক বুজায় আৰু বানডেজা শব্দটো স্পেনিছ ভাষাত 'থাল' বা 'প্লেটাৰ'ৰ বাবে ব্যৱহাৰ কৰা হয়।

এই খাদ্যৰ মূল বৈশিষ্ট্য হ’ল পৰম্পৰাগত বানডেজা পাইছাত থকা প্ৰচুৰ পৰিমাণৰ আৰু বৈচিত্ৰময় খাদ্য সামগ্ৰী: গাহৰিৰ মাংসৰ সৈতে ৰন্ধা ৰঙা বিন, বগা ভাত, কাৰ্নে মলিডা (কিমা কৰা মাংস), চিচাৰন (গাহৰিৰ পেটৰ অংশৰ ভজা), ভজা কণী, পকা কল (plátano maduro), চৰিজো, আৰেপা, হোগাও চচ, ব্লেক পুডিং (মৰ্চিলা), আমলেট আৰু নেমু।[1] ইয়াক এখন ডাঙৰ থাল বা ট্ৰেত পৰিবেশন কৰা হয়।[2]

উৎপত্তি

[সম্পাদনা কৰক]

বানডেজা পাইছাৰ উৎপত্তি শতিকাজুৰি কলম্বিয়াত বাস কৰা বিভিন্ন সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত হৈছিল, যাৰ ভিতৰত কলম্বিয়াৰ থলুৱা জনজাতিৰ লগতে ঔপনিৱেশিক স্পেনিছ আৰু আফ্ৰিকীয়সকল অন্যতম। উনবিংশ শতিকাত ফৰাচী আৰু ব্ৰিটিছ ঔপনিৱেশিকসকলেও নিজৰ সৈতে তেওঁলোকৰ ৰন্ধনশৈলী লৈ আহিছিল।[3]

পাইছা প্লেটাৰ বা বানডেজা পাইছাৰ বৰ্তমানৰ ৰূপ আৰু উপস্থাপনশৈলী তুলনামূলকভাৱে শেহতীয়া। ১৯৫০ চনৰ আগৰ কোনো খাদ্য সম্পৰ্কীয় লেখাত এই খাদ্যবিধৰ কোনো উল্লেখ পোৱা নাযায়। সম্ভৱতঃ ই স্থানীয় ৰেষ্টুৰেণ্টসমূহে কৃষকসকলৰ সৰল আহাৰক দিয়া এক নতুন ৰূপ। ইয়াৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ভিতৰত অন্যতম হ’ল আমেৰিকাৰ থলুৱা আৰু ইউৰোপীয় উপাদানৰ সংমিশ্ৰণ, যিটো লেটিন আমেৰিকাৰ খাদ্যশৈলীৰ অন্যান্য মিশ্ৰিত খাদ্য যেনে ভেনিজুৱেলাৰ 'পাবেলন ক্ৰিঅ'লো' বা কষ্টা ৰিকাৰ 'গালো পিণ্টো'ত দেখা পোৱা যায়।

উপস্থাপন আৰু ভিন্নতা

[সম্পাদনা কৰক]

পৰিবেশন কৰা খাদ্যৰ আধিক্যৰ বাবে পৰম্পৰাগতভাৱে বানডেজা পাইছা এখন ডাঙৰ আৰু ডিম্বাকৃতিৰ ট্ৰেত পৰিবেশন কৰা হয়। ইয়াৰ সহযোগী খাদ্য হিচাপে গাখীৰ আৰু গুড়ি কৰা পানেলা (এবিধ চেনি বা গুৰ) মিহলি কৰা 'মাজামোৰা' (মাকৈৰ পৰা তৈয়াৰী পানীয়, যি 'এটল'ৰ দৰে) দিয়া হয়।

দেশখনৰ বিভিন্ন প্ৰান্তত উপাদানসমূহ যোগ বা বিয়োগ কৰি এই খাদ্যৰ কেইবাটাও ৰূপ দেখা পোৱা যায়, যিবোৰক প্ৰকৃত অৰ্থত বানডেজা পাইছা বুলি ক’ব নোৱাৰি। এণ্টিওকুয়া বিভাগৰ কিছুমান ৰেষ্টুৰেণ্টত "বৰ্ধিত" বানডেজা পাইছা আগবঢ়োৱা হয়, যাক "সাতবিধ মাংসৰ থাল" বুলিও জনা যায়। ইয়াত আগতে উল্লেখ কৰা উপাদানসমূহৰ উপৰি গ্ৰীল কৰা ষ্টেক, গ্ৰীল কৰা গাহৰিৰ মাংস আৰু কলিজা থাকে। বগোটাত এই খাদ্যৰ এটা স্বাস্থ্যসন্মত ৰূপ অতি জনপ্ৰিয়, য’ত গাহৰিৰ মাংসৰ সলনি গ্ৰীল কৰা কুকুৰা চৰাইৰ বুকুৰ মঙহ ব্যৱহাৰ কৰা হয় আৰু মৰ্চিলা (ব্লেক পুডিং) বা চৰিজোৰ সলনি ভিয়েনা চচেজ ব্যৱহাৰ কৰা হয়।[4]

কলম্বিয়াৰ ৰাষ্ট্ৰীয় খাদ্য

[সম্পাদনা কৰক]
বিভিন্ন কলম্বিয়ান খাদ্যৰ সৈতে এখন বানডেজা পাইছাৰ থাল।

২০০৫ চনত কলম্বিয়া চৰকাৰে বানডেজা পাইছাক ৰাষ্ট্ৰীয় খাদ্য হিচাপে ঘোষণা কৰাৰ পৰিকল্পনা কৰিছিল। পাইছা অঞ্চলৰ বাহিৰৰ লোকসকলক বাদ দিয়াৰ পৰা হাত সাৰিবলৈ ইয়াৰ নাম সলাই বানডেজা মণ্টানেৰা ("পাহাৰীয়া থাল") কৰাৰ কথা ভবা হৈছিল। বহুতো লোকে এই নামকৰণৰ বিৰোধিতা কৰি যুক্তি দিছিল যে কলম্বিয়াৰ জনসংখ্যাৰ মাত্ৰ এটা সৰু অংশইহে ইয়াক নিয়মিতভাৱে গ্ৰহণ কৰে আৰু ই কলম্বিয়াৰ কেৱল এটা মাত্ৰ অঞ্চলৰ পৰা (এণ্টিওকুয়া) উৎপত্তি হৈছে।[5] অৱশ্যে, পৰামৰ্শ দিয়া আনটো বিকল্প খাদ্য 'চানকচো' কোনো স্বকীয় কলম্বিয়ান খাদ্য নহয়, কাৰণ কিউবা, ভেনিজুৱেলা, কেনেৰী দ্বীপপুঞ্জ, পুৱেৰ্টো ৰিকো, ডমিনিকান ৰিপাব্লিক আৰু পানামাৰ দৰে বহু দেশত ই পৰিচিত আৰু জনপ্ৰিয়।[6] চানকচোৰ আন্তঃৰাষ্ট্ৰীয় সৰ্বব্যাপীতাৰ বাবে কলম্বিয়ান 'আজিয়াকো'ক প্ৰায়ে কলম্বিয়াৰ আটাইতকৈ নিশ্চিত খাদ্য হিচাপে গণ্য কৰা হয়।

তথাপিও, কলম্বিয়াৰ বাণিজ্যিক পৰ্যটন উদ্যোগে চৰকাৰী অনুমোদন অবিহনেই বিজ্ঞাপন, মেনু আৰু ব্ৰচাৰত বানডেজা পাইছাক কলম্বিয়াৰ আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ খাদ্য হিচাপে ব্যৱহাৰ কৰি আগবাঢ়ি গৈছে।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

ৰেচিপি বা প্ৰস্তুত প্ৰণালী

[সম্পাদনা কৰক]